গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম , অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে

দৃশ্যমান কাম, অদৃশ্য নাৰী

তেওঁ পাহাৰৰ ওখ ঢালটোৰ পৰা নামি আহি আছিল, মূৰত ডাঙৰ বোজা, ইমানেই ডাঙৰ যে তেওঁৰ মুখখন দেখা নগৈছিল। এয়াই দৃশ্যমান কাম, অদৃশ্য নাৰী। ওড়িশাৰ মলকানগিৰিত দিনহাজিৰা কৰা এই ভূমিহীন মহিলাগৰাকীৰ এয়া প্ৰাত্যহিক জীৱন। পানী ধৰা, খৰি লুৰুকি অনা আৰু পশুখাদ্য সংগ্ৰহ কৰা। এই তিনিটা কামত মহিলাসকলৰ জীৱনৰ এক-তৃতীয়াংশ অতিবাহিত হয়। দেশৰ কিছুমান ঠাইত মহিলাসকলে দিনে সাত ঘণ্টা কেৱল তেওঁলোকৰ পৰিয়ালৰ বাবে পানী আৰু খৰি সংগ্ৰহ কৰাত অতিবাহিত কৰে। জন্তুৰ বাবে পশুখাদ্য সংগ্ৰহ কৰিবলৈও সময়ৰ প্ৰয়োজন হয়। গ্ৰামীণ ভাৰতৰ লক্ষাধিক মহিলাই এই বস্তুবোৰ সংগ্ৰহ কৰিবলৈ প্ৰতিদিনে কেইবা কিলোমিটাৰো খোজ কাঢ়ে।

মূৰত কঢ়িওৱা বোজা অতি গধুৰ। মলকানগিৰিৰ পাহাৰৰ ঢাপত বগাই থকা এই জনজাতীয় মহিলাগৰাকীৰ মূৰত প্ৰায় ৩০ কিলোগ্ৰাম ওজনৰ কাঠ খৰি আছে। আৰু খোজ কাঢ়ি পাৰ হ’বলৈ তেওঁৰ তিনি কিলোমিটাৰ বাকী আছে। বহুতো মহিলাই তেওঁলোকৰ ঘৰলৈ পানী আনিবলৈ একে পৰিমাণৰ দূৰত্ব বা ততোধিক দূৰত্ব ভ্ৰমণ কৰে।

ভিডিঅ ' চাওক: 'তেওঁ নিজৰ মূৰত কঢ়িয়াই অনা বোজাটো তেওঁৰ শৰীৰতকৈ বহুত ডাঙৰ'

মধ্য প্ৰদেশৰ ঝাবুৱাত কাঠৰ টুকুৰাৰ ওপৰত থিয় হৈ থকা এই মহিলাগৰাকীয়ে আৰ-বেৰ নোহোৱা কুঁৱাৰ পৰা পানী তুলি আছে। কাঠবোৰ কুঁৱাৰ মুখত ৰখা হয় যাতে বোকা আৰু ধুলি ইয়াৰ ভিতৰলৈ সোমাই নাযায়। সেইবোৰ আনকি একেলগে বান্ধিও থোৱা নাই। যদি তেওঁ ভাৰসাম্য হেৰুৱায়, তেওঁ এই বিশ ফুট গভীৰ কুঁৱাটোত পিচলি পৰিব। যদি তেওঁ পিচলি কুঁৱাৰ পাৰত পৰে, তেওঁৰ ভৰিবোৰ এই কাঠবোৰৰ মাজত পিষ্ট হ'ব পাৰে।

বনধ্বংসৰ বাবে বা পানীৰ অভাৱ হোৱা এলেকাত মহিলাসকলে অধিক পৰিশ্ৰম কৰিবলগীয়া হয়। এই দৈনন্দিন কামবোৰৰ বাবে আৰু অধিক দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয়। এনে পৰিস্থিতিত, এই মহিলাসকলে একেবাৰতে এটা ডাঙৰ বোজা দাঙিবলৈ চেষ্টা কৰে।

এইবোৰ যিকোনো সময়তো অতিশয় কঠিন কাম। যিহেতু গাওঁখনৰ যুটীয়া বা উমৈহতীয়া ভূমি লাখ লাখ লোকৰ বাবে অগম্য হৈ পৰিছে, সমস্যাবোৰ আৰু অধিক জটিল হৈ পৰিছে। দেশৰ বেছিভাগ ৰাজ্যতে গাওঁবোৰৰ উমৈহতীয়া স্থানবোৰ দ্ৰুতগতিত ব্যক্তিগতকৰণ কৰা হৈছে। ই দৰিদ্ৰ লোকসকলৰ, বিশেষকৈ কৃষি শ্ৰমিকসকলৰ ক্ষতি কৰিছে। বহু শতিকা ধৰি তেওঁলোকে এই ঠাইবোৰৰ পৰা বহুখিনি লাভান্বিত হৈ আহিছে। এতিয়া এই ঠাইবোৰ হেৰুওৱাৰ অৰ্থ হৈছে, অন্যান্য সামগ্ৰীৰ লগতে, পুখুৰী আৰু পথ, চৰণীয়া পথ, খৰি, পশুখাদ্য আৰু পানীৰ উৎস হেৰুওৱা। অৰ্থাৎ গছ-লতা আৰু শস্য নোহোৱা হোৱাৰ ফলত তেওঁলোকে ফলবোৰো হেৰুৱাব।

PHOTO • P. Sainath
PHOTO • P. Sainath
PHOTO • P. Sainath

উমৈহতীয়া সম্পদৰ ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণে দৰিদ্ৰ পুৰুষ আৰু মহিলাসকলক একেধৰণে প্ৰভাৱিত কৰিছে। কিন্তু মহিলাসকলৰ ওপৰত আটাইতকৈ বৃহৎ প্ৰভাৱ পৰিছে, কিয়নো এই ঠাইবোৰৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ সংগ্ৰহ কৰে। দলিত আৰু ভূমিহীন শ্ৰমিকৰ আন পিছপৰা গোটবোৰ আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। হাৰিয়ানা আদিৰ দৰে ৰাজ্যত উচ্চ জাতিৰ নেতৃত্বাধীন পঞ্চায়তবোৰে এনে উমৈহতীয়া ভূমি কাৰখানা, হোটেল, মদৰ ভাটি, বিলাসী ফাৰ্মহাউচ আৰু আৱাসিক কলনীবোৰ লীজত দিছে।

ট্ৰেক্টৰৰ দৰে যন্ত্ৰবোৰ এতিয়া কৃষিক্ষেত্ৰত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত ভূমি মালিকসকলক শ্ৰমিকৰ প্ৰয়োজন কম হয়। গতিকে মালিকসকলে অনুভৱ কৰে যে তেওঁলোকে এতিয়া সাধাৰণ ভূমি বিক্ৰী কৰিব পাৰে যিবোৰ এসময়ত গাঁৱৰ দৰিদ্ৰ শ্ৰমিকসকলৰ বাবে থকা আৰু বসতি স্থাপনৰ বাবে ব্যৱহাৰ কৰা হৈছিল। প্ৰায়ে দেখা গৈছে যে যেতিয়া দৰিদ্ৰ লোকসকলে এই উমৈহতীয়া ভূমি বিক্ৰীৰ বিৰোধিতা কৰে, গাওঁখনৰ জমিদাৰসকলে জাতি-ভিত্তিক আৰু অৰ্থনৈতিক ভিত্তিত তেওঁলোকক বহিষ্কাৰ কৰে। উমৈহীয়া ভূমি হেৰুওৱা আৰু বহিষ্কাৰ কৰাৰ ফলস্বৰূপে বহু ঠাইত মহিলাসকলৰ বাবে শৌচাগাৰৰ ঠাইও নোহোৱা হৈছে। এই সকলো মহিলাৰ বাবে এয়া এক ডাঙৰ সমস্যা হৈ পৰিছে।

খৰি, খাদ্য আৰু পানী- এই তিনিটা সংগ্ৰহ কৰা কামেৰেই লাখ লাখ পৰিয়াল চলে। কিন্তু এই কাম কৰি অহা মহিলাসকলে তাৰবাবে বহুতেই কষ্ট স্বীকাৰ কৰিবগীয়া হয়।

PHOTO • P. Sainath

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

پی سائی ناتھ ’پیپلز آرکائیو آف رورل انڈیا‘ کے بانی ایڈیٹر ہیں۔ وہ کئی دہائیوں تک دیہی ہندوستان کے رپورٹر رہے اور Everybody Loves a Good Drought اور The Last Heroes: Foot Soldiers of Indian Freedom کے مصنف ہیں۔

کے ذریعہ دیگر اسٹوریز پی۔ سائی ناتھ
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

کے ذریعہ دیگر اسٹوریز Manoranjan Majumder