লক্ষ্মী টুৰু যেতিয়া গৈ হস্পিতেলত উপস্থিত হৈছিল, তেতিয়া ইতিমধ্যে কল্পনাৰ মৃত্যু হৈছিল। “সেইদিনা পুৱা তাইৰ বৰকৈ ভোক লাগিছিল। মই তাইৰ কাৰণে ভাত আনিবলৈ গ’লো, কিন্তু ঘূৰি আহোতে পলম হৈ গ’ল। সেই সময়ত খুব বৰষুণ দি আছিল,” লক্ষ্মীয়ে কথাবোৰ মনত পেলায়।
সময়টো আছিল ২০২০ৰ জুন মাহ, মূৰৰ বিষ আৰু নেৰানেপেৰা বমি হৈ থকাৰ বাবে তেওঁৰ ২৬ বছৰীয়া জীয়াৰী কল্পনাক চিকিৎসালয়ত ভৰ্তি কৰা হয়। লক্ষ্মীৰ মাজু ছোৱালী শিৱানী সেই সময়ত বায়েক কল্পনাৰ লগত চিকিৎসালয়তে আছিল।
২০১৭ চনৰ পৰা এখন বেচৰকাৰী ৰোগনিৰ্ণয় কেন্দ্ৰত কল্পনাৰ চিকিৎসা চলি আছিল, কিয়নো গংগাৰামপুৰত থকা চৰকাৰী উপ-সংমণ্ডলীয় চিকিৎসালয়, যাক স্থানীয়ভাৱে কালদীঘি হস্পিতেল বুলি জনা যায়, ইয়াৰ চিকিৎসকে পৰামৰ্শ দিলে যে এজন বেচৰকাৰী স্নায়ুৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল। ২০১৯ত দ্বিতীয়টো ল’ৰাসন্তান জন্ম দিয়াৰ পিছত কল্পনাৰ শাৰীৰিক অৱস্থাৰ তীব্ৰ অৱনতি ঘটে।
২০২০ৰ মাৰ্চত লকডাউন আৰম্ভ হোৱা বাবে ৰোগ নিৰ্ণয় কেন্দ্ৰলৈ প্ৰতিমাহে কলকাতাৰ পৰা অহা কল্পনাক চিকিৎসা কৰা চিকিৎসকজনো নিয়মীয়াকৈ আহিব নোৱৰা হ’ল। “আমি তেওঁলৈ বাট চাই থাকিলো আৰু তেওঁ অহাৰ তাৰিখ এটাৰ পাছত এটা পিচুৱাবলৈ ধৰিলে,” লক্ষ্মীয়ে কথাবোৰ মনত পেলালে। “আমি সেয়ে প্ৰেছক্ৰিপশ্যনত আগতে লিখি দিয়া ঔষধিবিলাককে বাৰে বাৰে আনি কল্পনাক খুৱালো।”
গংগাৰামপুৰ মহাবিদ্যালয়ৰ স্নাতক কলা বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰী হৈ থকাৰ সময়তে ২০১৪ চনত কল্পনাৰ বিয়া হৈ যায়। তাইৰ ২৯ বছৰীয়া স্বামী নাৰায়ন মাৰ্দিয়ে এখন গেলামালৰ দোকান দিয়ে আৰু পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰ জিলাৰ গংগাৰামপুৰ চহৰৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ দূৰৰ অনন্তপুৰ গাঁৱত তেওঁ মাজে মাজে দৰ্জীৰ কামো কৰে। কল্পনাৰ শাহু আৰু শহুৰ কৃষিশ্ৰমিক। কল্পনাৰ প্ৰথমটো সন্তান ল’ৰা হোৱাৰ পিছত কল্পনাৰ সৰুকালিৰে পৰা থকা মূৰৰ বিষ আৰম্ভ হ’ল আৰু শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰিলে।










