হীৰা নিনামা আৰু কল্পনা ৰাৱলৰ বয়স ৩৫ বছৰ। দুয়োগৰাকীৰ ঘৰ ১৫ কিলোমিটাৰ ব্যৱধানত হ’লেও একান্ত মনোকামনাই দুয়োকে একে শাৰীতে ৰাখিছে,  সেয়া হৈছে এটি পুত্ৰসন্তানৰ পোৱাৰ ইচ্ছা। ‘কন্যা সন্তান পৰিয়ালৰ কিনো কামত আহে?’ বাঞ্চৱাৰা জিলাৰ সেওনা গাঁৱত হীৰাক লগ পাওঁতে তাই মোক এই প্ৰশ্ন কৰিছিল। ‘উত্তৰাধিকাৰী এজন পোৱাটো ভাল, অন্ততঃ পুত্ৰ সন্তান এটা,’ ৰাজস্থানৰ একেখন জিলাৰে ৱাকা গাঁৱৰ কল্পনাই কয়।

২০১২ৰ পৰা এতিয়ালৈ হীৰাই মাজে-সময়ে কৃষি শ্ৰমিক হিচাপে আৰু গৃহিণী হিচাপে কাম কৰি আহিছে। তাৰ মাজতে তাই ছজনী ছোৱালী জন্ম দিছে। তাইৰ সৰুজনী ছোৱালী পানীকেচুৱা অৱস্থাতে আছে। ‘মোৰ সন্তানটো (শেষৰটো) কন্যাসন্তান বুলি মোক জনোৱা হোৱা নাছিল। কিন্তু যেতিয়া মোৰ শাহু আইয়ে কন্দা শুনিলো, মোৰ চকুৰ লোতক বাগৰি আহিল। মই মোৰ স্বামীতকৈও বেছিকৈ হিয়া ঢাকুৰি কান্দিছিলোঁ।’ তাই সিদিনাৰ ঘটনাটো বৰ্ণনা কৰিলে।

‘মোৰ দ্বিতীয়জনী কন্যা সন্তানৰ পিছত মই বাবাজীৰ শৰণাপন্ন হ’লো। তেওঁ নাৰিকল এটা লৈ মন্ত্ৰ মাতে। তাৰপিছত তেওঁ সেইটো ভাঙে আৰু পানী ওলায়। কিন্তু তেওঁ কয় যে মোৰ মাতকৈ মই বেছি অভিশপ্ত,’ পাঁচজনী জীয়ৰীৰ আটাইতকৈ সৰু হীৰাই হুমুনিয়াহ কাঢ়ি কয়।

ভিল আদিবাসী সম্প্ৰদায়ৰ হীৰাৰ ১,২৩৭ জন বসতিৰ সেওনা গাঁৱত ঘৰ। এনেদৰে ইটোৰ পিছত সিটো প্ৰসৱৰ পিছত বাচি থকা নিৰক্ষৰ হীৰাৰ দৰে আন বহু মহিলাৰ এনেদৰে স্বাস্থ্যৰ গুৰুতৰ ক্ষতিসাধন হয়। হীৰাক ৩৫ তকৈ বেছি বয়সীয়া যেন লাগে। তাইৰ নিশকতীয়া দেহটো বিষত জৰ্জৰ, আৱেগিকভাৱেও তাই বিধ্বস্ত।

Niranjana Joshi, the ANM at the health sub centre administers the first ever vaccines to Hira Ninama’s fifth daughter
PHOTO • Puja Awasthi
Hira Ninama with her 40-day old daughter at the Health sub centre at Sewna
PHOTO • Puja Awasthi

সেওনা উপস্বাস্থ্য কেন্দ্ৰত এএনএম নিৰঞ্জনা জোশীয়ে হীৰা নিনামাৰ ষষ্ঠজনী জীয়ৰীক প্ৰথম ছিটা দিছে

ৰাজ্যখনৰ প্ৰসূতিজনিত মৃত্যুৰ হাৰ  ২০১১-১৩ত আৰু ২০১৪-১৬ত দেশখনৰ সামগ্ৰিক হাৰ ২২ শতাংশ হোৱাৰ বিপৰীতে মাত্ৰ ১৮.৩ শতাংশ আছিল। এয়া ‘ভাৰতত ২০১৪-১৬ত প্ৰসূতিজনিত মৃত্যুৰ হাৰৰ বিশেষ বুলেটিন ’ত ২০১৮ৰ মে’ মাহত প্ৰকাশিত (পঞ্জীয়ক প্ৰধান) তথ্য। অৰ্থাৎ প্ৰতি ১ লাখ শিশুৰ জন্মৰ বিপৰীতে ভাৰতত ১৩০ গৰাকী মহিলাৰ মৃত্যু হয় যদিও ৰাজস্থানত এই সংখ্যা ১৯৯ গৰাকী।

অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনত মহিলাৰ অংশগ্ৰহণৰ আৰু অৰ্থনৈতিক সমলত তেওঁলোকৰ  নিয়ন্ত্ৰণৰ সামৰ্থৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা  ইউএনডিপি-ৰ লিংগ সবলীকৰণ সূচাংকতো ৰাজ্যখনৰ স্থান তেনেই শোচনীয়। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ ২০০৯ৰ এক প্ৰতিবেদন মতে ৰাজস্থানে ইউএনডিপিৰ লিংগ উন্নয়ন সূচাংক য’ত স্বাস্থ্য, শিক্ষা আৰু অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰত পুৰুষ-মহিলাৰ তুলনা কৰা হয়, সেই ক্ষেত্ৰতো ‘নিৰন্তৰ নিম্ন প্ৰদৰ্শন’ দেখুৱাই আহিছে।

হীৰাই এই কথা মানি ল’বলৈ টান পায় যে তাই তাইৰ সন্তানৰ লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত তাই দায়ী নহয়। সেওনা উপ-স্বাস্থ্যকেন্দ্ৰৰ এএনএম নাৰ্ছ-এ কয়। কৃষি আৰু গৃহনিৰ্মাণ খণ্ডৰ শ্ৰমিকৰ কাম কৰা পতি খেমাৰ শাৰীৰিক আৰু মৌখিক অত্যাচাৰক তাই ভাগ্যৰ দোষ বুলিয়েই মানি লৈছে। তাইৰ জীয়ৰীকেইজনীক যে খেমাই অৱহেলা কৰাৰ কথাটোও হীৰাই মানি লয়।

ভীল সম্প্ৰদায়ৰ তিনি-চতুৰ্থাংশ জনবসতিৰ বাঞ্চৱাৰা হৈছে হীৰা আৰু কল্পনাৰ গৃহৰাজ্য। তাতে পুৰুষ-মহিলাৰ অনুপাত ১০০০ পুৰুষে প্ৰতি ৯৮০ মহিলা। এয়া ৰাজ্যখনৰ ১০০০ পুৰুষৰ বিপৰীতে ৯২৮ গৰাকী মহিলাৰ গঢ় অনুপাততকৈ (২০১১ৰ লোকপিয়ল অনুসৰি) বহুখিনি বেছি, কিন্তু ৰাজস্থানৰ গঢ় ৬৬.১১ শতাংশ সাক্ষৰতাৰ হাৰৰ তুলনাত ৰাজ্যখনৰ আধাতকৈ অলপ বেছি জনসংখ্যাহে (৫৬.৩৩ শতাংশ) সাক্ষৰ। ৰাজ্যখনৰ ১০ গৰাকীৰ ভিতৰত ৭ গৰাকীয়ে অলপ-অচৰপ শিক্ষা অৰ্জন কৰিছে য’তনেকি বাঞ্চৱাৰাত এই সংখ্যা হ্ৰাস পাই ১০ গৰাকীৰ ভিতৰত ৪ গৰাকী হৈছে।

Kalpana Rawal (blue saree) is leading a women’s group in her village to promote women’s health
PHOTO • Puja Awasthi
Kalpana Rawal (blue saree) is leading a women’s group in her village to promote women’s health
PHOTO • Puja Awasthi

কল্পনা ৰাৱাল (পিন্ধনত নীলা শাৰী)-এ মহিলাৰ স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ এটা গোটক নেতৃত্ব দিয়ে, কিন্তু শিক্ষা আৰু সজাগতাই সদায় মহিলাৰ সুস্বাস্থ্য নিশ্চিত নকৰে

সময় বাগৰাৰ লগে লগে বদ্ধমূল ধাৰণাবোৰক কল্পনাৰ দৰে মহিলাসকলে প্ৰত্যাহ্বান জনাবলৈ আৰম্ভ কৰিছে। ৰাৱাল সম্প্ৰদায়ৰ কল্পনা (ৰাজস্থানৰ অনুসূচীত জাতি হিচাপে তালিকাভূক্ত)-এ ৮ম মান শ্ৰেণীলৈ পঢ়া-শুনা কৰিছে। কল্পনাই বাঞ্চৱাৰা জিলাৰ ঘালকিয়া পঞ্চায়তৰ অন্তৰ্গত ১,৩৯৭ জনবসতিৰ ৱাকা গাঁৱত বাস কৰে। কল্পনা তেজো পৰিবাৰ (স্থানীয় বাগাড়ী ভাষাত ‘স্বাস্থ্যৱান পৰিয়াল’) নামে সংস্থাটোৰ শেহতীয়াকৈ গঠিত স্থানীয় শাখাটোৰ মুৰব্বী। ২৫ জনীয়া গোটটোৱে তেওঁলোকৰ সম্প্ৰদায়ৰ মাজত প্ৰসূতিজনিত সজাগতা সৃষ্টিৰ কাম কৰে। দিল্লীৰ গৱেষণা সংস্থা প্ৰিয়া (পাৰ্টিচিপেটৰি ৰিচাৰ্ছ ইন এছিয়া)ৰ উদ্যোগত ২০১৮ৰ ডিচেম্বৰত ‘অপনা স্বাস্থ্য, অপনি পেহেল’ (আমাৰ স্বাস্থ্য, আমাৰ পদক্ষেপ) স্থাপন কৰা হৈছিল। সংস্থাটোৱে প্ৰসূতিৰ স্বাস্থ্যৰ তথ্য প্ৰচাৰ আৰু শিশু তথা কিশোৰ-কিশোৰীৰ স্বাস্থ্য বিকাশৰ আৰু পঞ্চায়ত সবলীকৰণৰ কাম কৰে।

তেজো পৰিবাৰ-ৰ কাম কেতবোৰ অধ্যয়নৰ দ্বাৰা সঁচা প্ৰমাণিত হৈছে য’ত কোৱা হৈছে যে মহিলাৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব কমকৈ দিয়া হয়। প্ৰিয়া (PRIA)ৰ দ্বাৰা ২০১৮ৰ মাৰ্চত দুটা খণ্ড (বাঞ্চৱাৰা আৰু গোবিন্দগড়)ৰ ১৮০৮ গৰাকী মহিলাৰ ওপৰত কৰা এক অধ্যয়ন অনুসৰি বাঞ্চৱাৰাৰ ১০ গৰাকী মহিলাৰ ভিতৰত ৭ গৰাকীয়ে প্ৰসূতি আৰু শিশুৰ স্বাস্থ্যৰ বিষয়ত পৰামৰ্শ লোৱাত আগ্ৰহী নহয়। একেদৰে এক তৃতীয়াংশ মহিলাৰ জৰুৰীকালীন স্বাস্থ্যসেৱাৰ বাবে ধন নাই। আকৌ ৫ গৰাকীৰ ভিতৰত ৩ গৰাকীৰো অধিক মহিলাৰ স্বাস্থ্য আৰু পুষ্টিৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো নিয়ন্ত্ৰণ নাই।

‘আমাৰ মানুহবোৰ অ’ত-ত’ত সিঁচৰিত হৈ আছে। আমি ঘৰে ঘৰে গৈ কণ্ডম বিতৰণ কৰিছোঁ, বন্ধ্যাকৰণৰ বাবে আহ্বান জনাইছোঁ, সংক্ৰমণ ৰোধ কৰাৰ উজু পদ্ধতিৰ বিষয়ে কৈছো...’ তেজো পৰিবাৰৰ কামৰ বিষয়ে কল্পনাই বাখ্যা কৰি কয়। এতিয়া এনে সংস্থাৰ সদস্য বাঞ্চৱাৰা আৰু গোবিন্দগড় খণ্ডৰ ১৮ খন গাওঁ পঞ্চায়তত সক্ৰিয়। গঢ়ে এনে সংস্থাৰ সদস্য সংখ্যা ২০ জন, সকলোৱেই স্বেচ্ছাসৱী।

‘এমজিএনৰেগা সহায়ক’ হিচাপে কাম কৰা কল্পনাই (আঁচনিখনৰ অধীনত মানুহক কামৰ বাবে পঞ্জীয়ন কৰোৱা কামত নিযুক্ত) কয় যে মহিলাই নীৰৱে যাতনা ভোগে। ‘ৰাতি দেৰি হ’লে এম্বুলেঞ্চ এখনো তেওঁলোকে মাতিবলৈ সংকোচ কৰে। স্বাস্থ্যকেন্দ্ৰলৈ (প্ৰায় তিনি কিলোমিটাৰ দুৰত ঘালকিয়াত থকা) যোৱাৰ পৰিৱৰ্তে তেওঁলোকে গাঁৱতেই দৰৱৰ দোকান দিয়া চাৰ্টিফিকেট নথকা চিকিৎসা অনুশীলনকাৰীৰ কাষ চাপে,’ তেওঁ কয়।

Kalpana Rawal’s and her husband Gorak Nath
PHOTO • Puja Awasthi
Members of the Tajo Parivar believe they can overcome tradition barriers to health seeking behaviour
PHOTO • Puja Awasthi

বাওঁফালেঃ ‘সন্তানহীন হোৱাটো মোৰ পত্নিৰ দোষ নহয়,’ কল্পনাৰ পতি গোৰখ নাথে কয়। সোঁফালেঃ ৱাকা গাঁৱত তেজো পৰিবাৰৰ সদস্যসকল

কিন্তু শিক্ষা আৰু সজাগতাই সকলো সময়তে মহিলাৰ সুস্বাস্থ্য নিশ্চিত কৰিব নোৱাৰে। কল্পনাৰ নিজৰ অভিজ্ঞতাই তাৰ প্ৰমাণ। মানুহৰ দৃষ্টিভংগী সলনি কৰা কামটোত স্তৰ ভালেকেইটা, তদুপৰি কামটো কঠিন। বিয়াৰ ২০ বছৰ হোৱাৰ পিছতো কল্পনা আৰু গোৰখ নাথ(তেওঁ নিজেও এগৰাকী এমজিএনৰেগা সহায়ক) নিঃসন্তান হৈ থকাৰ কাৰণে গোৰখ নাথৰ পৰিয়ালৰ মাজত তিনি বিঘা পৈতৃক খেতিমাটিৰ ভাগ পোৱাৰ যোগ্যতাক লৈ হাই-কাজিয়া লাগি থাকে।

কল্পনা আৰু তাইৰ গিৰিয়েকে নিঃসন্তান হোৱাৰ কাৰণ বিচাৰি বিভিন্ন পৰীক্ষা কৰাইছে। পৰীক্ষাত কল্পনাৰ কোনোধৰণৰ শাৰিৰীক জটিলতা নাই বুলি দেখুৱাইছে যদিও গোৰখ নাথৰ শুক্ৰাণুৰ সংখ্যা কম থকা বুলি দেখুৱাইছে। তথাপি এই কথাই তাইক পতিয়ন নিয়াব পৰা নাই যে গিৰীকেয়ে দ্বিতীয় বিবাহ পাতিলে সন্তান নহ’ব। ‘মোৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰালে মই কিয় আপত্তি কৰিব লাগে? ঘৰখনৰ উত্তৰাধিকাৰী এজন পোৱাটো ভালহে, অন্ততঃ ল’ৰা সন্তান এটা,’ তাই কান্ধ জোকাৰি কথাখিনি ক’লে।

গোৰখ নাথে কথাটো অন্যধৰণে ভাবে। ‘মই জানো সন্তানহীন হোৱাটো মোৰ পত্নিৰ দোষ নহয়,’ তেওঁ কয়। ‘মই কেতিয়াও পুনৰ্বিবাহৰ কথা ভবা নাই। তাই জোৰ কৰিলেও মই গুৰুত্ব নিদিও। আমাৰ পৰিয়ালৰ আৰু সমাজৰ মানুহে ভাবে যে সন্তান জন্ম দিয়াৰ দায়িত্ব কেৱল মহিলাৰ। কিন্তু মই জানো যে দুয়োপক্ষ সমান হ’ব লাগিব।’

যাহওঁক, সজাগতা সৃষ্টি আৰু দৃষ্টিভংগী সলনি কৰাৰ দায়িত্ব কেৱল মহিলাৰে বুলি তেওঁ ভাবে। ‘এনেধৰণৰ সমস্যাৰ ওপৰত (যেনে সন্তান জন্ম দিয়া আদি) পুৰুষে কথা পাতিবলৈ সংকোচ বোধ কৰে,’ তেওঁ কয়। ‘এই কাম মহিলাই কৰাই ভাল।’

কল্পনাই জানে যে কেৱল সম্প্ৰদায়টোৱে নিজে সামগ্ৰিকভাবে এনে দৃষ্টিভংগী সলনি কৰিব পাৰিব। ‘আমি নিজেই নিজক নেতৃত্ব দিব লাগিব,’ তাই কয়।

অনুবাদঃ পংকজ দাস

Puja Awasthi

پوجا اوستھی ایک فری لانس پرنٹ اور آن لائن جرنلسٹ ہیں، اور ایک ابھرتی ہوئی فوٹو گرافر جو لکھنؤ میں مقیم ہیں۔ انھیں یوگا کرنا، سفر کرنا اور ہاتھ سے بنی ہوئی تمام چیزیں پسند ہیں۔

کے ذریعہ دیگر اسٹوریز Puja Awasthi
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das