‘মোৰ মোনাত ৰাখি থোৱা কল খাই পেট প্ৰৱৰ্তাইছো,’ ২২ মাৰ্চৰ জনতা কাৰফিউৰ সময়ত কি কৰিছে বুলি মই সোধা প্ৰশ্নৰ প্ৰসংগত ফোনতে সুৰেন্দ্ৰ ৰামে মোক উত্তৰ দিছিল। সেইদিনা মুম্বাইৰ অধিকাংশ দোকান-ব্যৱসায়ীৰ প্ৰতিষ্ঠান বন্ধ আছিল, যিবোৰ মানুহ ভিতৰত আছিল, তেওঁলোক ভিতৰতে আবদ্ধ হৈ পৰিছিল, পাৰেলত থকা টাটা মেম’ৰিয়েল হাস্পতালৰ পদপথত চিকিৎসাধীন কৰ্কটৰোগী সুৰেন্দ্ৰ বহি আছিল।

সুৰেন্দ্ৰৰ বয়স ৩৭ বছৰ, তেওঁৰ মুখৰ কৰ্কট ৰোগ হৈছে।

দক্ষিণ-মধ্য মুম্বাইৰ চৰকাৰী পৃষ্ঠপোষকতাত আৰ্তজনৰ চিকিৎসাৰ বাবে প্ৰতিষ্ঠিত চিকিৎসালয়খনৰ বাহিৰৰ ৰাস্তাৰ ওপৰত থকা সুৰেন্দ্ৰ আৰু তেওঁৰ নিচিনা আন বহুতো ৰোগীৰ বাবে ‘আবদ্ধ’ হোৱাৰ নিয়ম নাই- সান্ধ্য আইন বলবৎ হোৱা দিনৰে পৰা প্ৰায় এটা সপ্তাহ ‘পদপথ’ তেওঁলোকৰ ‘ঘৰ’ হৈ পৰিছে। কৰ্কট ৰোগীলৈ এই চিকিৎসালয়খনে ৰেহাই মূল্যত চিকিৎসা সেৱা আগবঢ়াই আহিছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ দুখীয়া পৰিয়ালৰ মানুহ এই চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আহে।

‘মোৰ স্বাস্থ্যপৰীক্ষা কৰা হৈছে। চিকিৎসকে মোক পুনৰ চাৰি মাহৰ পাছত আহিবলৈ কৈছে।’ সুৰেন্দ্ৰই ক’লে। ৰেলৰ যাতায়ত বন্ধ কৰি দিয়াৰ বাবে তেওঁ বিহাৰৰ সমষ্টিপুৰত থকা পটিয়ালা গাঁৱৰ ঘৰলৈ ঘূৰি যাব নোৱাৰা হ’ল। ২৫ মাৰ্চৰ পৰা সমগ্ৰ দেশত সম্পূৰ্ণ তলাবন্ধ বলবৎ কৰাৰ ফলত সকলো ৰেলৰ চলাচল বন্ধ হৈ পৰিল। ‘এতিয়া সিহঁতে কৈছে ২১ দিনৰ বাবে সকলো বন্ধ হৈ থাকিব। মই কোনো বাতৰি পোৱা নাই। মোৰ ওচৰত থকা মানুহক সুধিব লাগিব। তেতিয়ালৈকে মই পদপথতে থাকিব লাগিব সম্ভৱ!’ সুৰেন্দ্ৰই ক’লে।

মই যেতিয়া সুৰেন্দ্ৰক ২০ মাৰ্চত লগ পাইছিলো, সেইদিনা কমলা ৰঙৰ প্লাষ্টিকৰ এখন পাৰি পথৰ কাষত বহি তেওঁ মুখৰ একাষেৰে কল খাই আছিল। নাকৰ বাওঁফালৰ ফুটাটোত এডাল পাইপ লগোৱা আছিল। ‘আহাৰ খালে মোৰ ডিঙিৰে পাৰ হৈ নাযায়। সেইকাৰণে পাইপৰ দৰকাৰ হয়,’ তেওঁ ক’লে। প্লাষ্টিকখনৰ ওপৰতে এটা ক’লা বেগ আছিল, সেই বেগটোত তেওঁৰ কাপোৰ-কানি আছিল। লগতে হাস্পতালৰ কাগজ-পত্ৰ, ঔষধ আৰু কেইটামান কল আছিল।

পদপথবোৰত আনকি দিনৰ ভাগতো ইফালে-সিফালে এন্দুৰ ঘূৰি ফুৰে। কিছুমান এন্দুৰ ৰোগীৰ কাষতে মৰি পৰি আছিল। নিশাৰ সময়বোৰ অতি বিভৎস হৈ পৰে। ডাঙৰ এন্দুৰ ৰোগীৰ কাষতে দৌৰাদৌৰি কৰি থাকে।

Left: Pills, ointments, gauze and bandage that belong to the cancer patients living on the footpath near the Tata Memorial Hospital. Right: Peels of bananas eaten by Surendra Ram, an oral cancer patient. Surendra survived on the fruit during the Janata Curfew on March 22
PHOTO • Aakanksha
Left: Pills, ointments, gauze and bandage that belong to the cancer patients living on the footpath near the Tata Memorial Hospital. Right: Peels of bananas eaten by Surendra Ram, an oral cancer patient. Surendra survived on the fruit during the Janata Curfew on March 22
PHOTO • Aakanksha

টাটা মেম’ৰিয়েল হাস্পতালৰ ওচৰত পদপথৰ ওপৰত থকা কৰ্কট ৰোগীৰ টেবলেট, মলম, গজ আৰু বেণ্ডেজ আদি। সোঁফালেঃ মুখৰ কৰ্কট ৰোগাক্ৰান্ত সুৰেন্দ্ৰ ৰামে খোৱা কলৰ বাকলি। ২২ মাৰ্চত ‘জনতা কাৰফিউ’ ঘোষণা কৰাৰ সময়খিনিত সুৰেন্দ্ৰই কেৱল কল খাই আছিল

আমি লগ পোৱা দিনলৈকে নিজক ৰক্ষা কৰিবলৈ সুৰেন্দ্ৰই এখন মাস্ক যোগাৰ কৰিব পৰা নাছিল। সেউজীয়া গামোচা এখনেৰে তেওঁ নিজৰ নাক-মুখ মেৰিয়াই ৰাখিছিল। ইয়াৰ পিছদিনা কোনোবাই সুৰেন্দ্ৰক এখন মাস্ক দিলে। তেওঁ সমূহীয়া স্নানাগাৰ ব্যৱহাৰ কৰে আৰু তাত থকা চাবোন ব্যৱহাৰ কৰে।

‘সিহঁতে মানুহবোৰক হাত ধুই নিৰাপদে থাকিবলৈ কৈছে, কিন্তু আমাৰ নিৰাপত্তাৰ বাবে সিহঁতে কিয় একো কৰা নাই?’ তেওঁ সোধে। ‘আমিও ৰোগী।’

বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ক’ভিড-19 সংক্ৰমণৰ বাবে খুব বেছি আশংকা থকা যিবোৰ মানুহক বৰ্গীকৰণ কৰিছে, সেই বৰ্গীকৰণত কৰ্কট ৰোগীকো অন্তৰ্ভূক্ত কৰা হৈছে। অথচ এনে কৰ্কট ৰোগীয়ে সামান্য আহাৰ, পানী বা স্বাস্থ্যৰক্ষাৰ নিয়ম অবিহনে পদপথৰ ওপৰত মুকলিত দিন কটাইছে, এইক্ষেত্ৰত সংক্ৰমণৰ আশংকা কেৱল কল্পনাহে কৰিব পাৰি।

তলাবন্ধৰ লক্ষ্য আছিল মানুহৰ মাজত থকা সংস্পৰ্শ ন্যূনতম কৰা আৰু মানুহক ঘৰৰ ভিতৰত সোমাই ৰখাটো নিশ্চিত কৰা। কিন্তু সুৰেন্দ্ৰৰ দৰে মানুহে মুম্বাইৰ এটা কোঠা ভাড়ালৈ ল’ব নোৱাৰে। ‘প্ৰতিবাৰতে মই ইয়ালৈ আহোতে হাহাকাৰ কৰো, থাকিবলৈ ক’ত ঠাই পাম?’ তেওঁ প্ৰশ্ন কৰে। মুম্বাইৰ বিভিন্ন ঠাইত থকা ধৰমশালাত কম খৰছত থাকিব পৰাৰ বিষয়ে তেওঁ নাজানে। ‘ইয়াত মই কোনো মানুহক চিনি নাপাও। মই কাক সুধিম?’ তেওঁ কয়।

টাটা মেম’ৰিয়েল হাস্পাতালত চিকিৎসা কৰিবলৈ এবছৰৰো বেছি সুৰেন্দ্ৰই অকলে মুম্বাইলৈ আহি আছে। পাঁচ বছৰীয়া আৰু দুবছৰীয়া সন্তান দুটাৰ সৈতে সুৰেন্দ্ৰৰ পত্নি গাঁৱলৈ ঘূৰি গ’ল। ‘মই কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে মোক বলপূৰ্বকভাৱে চাকৰিৰ পৰা আঁতৰাই নিদিয়া পৰ্যন্ত মই বাংগালুৰুৰ এখন ঔষধালয়ত কাম কৰি আছিলো,’ তেওঁ কয়। তেওঁ মাহে ১০,০০০ টকা দৰমহা পাইছিল, দৰমহাৰ অলপ পইছা নিজৰ বাবে খৰছ কৰি বাকীখিনি টকা গাঁৱত থকা পৰিয়াললৈ পঠিয়াই দিয়ে। এতিয়া কোনো উপাৰ্জন নথকাত সম্পৰ্কীয় মানুহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। ‘মোৰ টকা নাই, মোৰ খুলশালীয়ে মই মু্ম্বাইলৈ আহোতে টকা-পইছা দি সহায় কৰিছে।’

The footpath near the hospital has been home to Surendra. His check-up done, he can longer go back home to Potilia village in Bihar as trains were suspended for the 21-day nationwide lockdown from March 25. And he cannot afford to rent a room in Mumbai
PHOTO • Aakanksha

চিকিৎসালয়ৰ ওচৰৰ পদপথেই এতিয়া সুৰেন্দ্ৰৰ ঘৰ। তেওঁৰ স্বাস্থ্যপৰীক্ষা হৈ গৈছে। ২৫ মাৰ্চৰ পৰা সমগ্ৰ দেশত ২১ দিনৰ তলাবন্ধ বলবৎ কৰাৰ ফলত ৰেলৰ যাতায়ত বন্ধ হৈ পৰে, সেয়ে সুৰেন্দ্ৰই দীঘলীয়া সময়ৰ বাবে বিহাৰৰ পটিয়ালা গাঁৱৰ নিজৰ ঘূৰি যাব নোৱাৰা হৈ পৰিল। তদুপৰি সুৰেন্দ্ৰই মুম্বাইৰ নিচিনা ঠাইত কোঠালী ভাড়া ল’বলৈ টকাই নোজোৰে

হাস্পাতালত সুৰেন্দ্ৰক কোনোধৰণৰ মাচুল দিয়াৰ পৰা ৰেহাই দিয়া হৈছে। ‘কেম’থেৰাপি আৰু চিকিৎসাৰ অন্যান্য মাচুল হ্ৰাস কৰা হৈছে আন যি যাৱতীয় খৰছ থাকে, সেই সকলোখিনি চিকিৎসালয়ে ব্যয় কৰে। কিন্তু প্ৰতিটো দিন কটোৱা কষ্টকৰ,’ সুৰেন্দ্ৰই কয়।

চিকিৎসালয়খনৰ বাহিৰৰ পদপথত থকা ৰোগীসকলক পুৱা ৰুটি আৰু কল খাবলৈ দিয়া হয়। সন্ধিয়া সময়ত অলপ মছলা দিয়া ভাত খাবলৈ দিয়া হয়। কালি (২৯ মাৰ্চত) প্ৰথমবাৰৰ বাবে পুৱা সুৰেন্দ্ৰই গাখীৰ খাবলৈ পালে। স্বেচ্ছাসেৱকসকলে দিছিল।

সুৰেন্দ্ৰক পানী খাই থাকিবলৈ চিকিৎসকে পৰামৰ্শ দিছিল। ‘কিছুমানে আমাৰ কাৰণে আহাৰ লৈ আহে কিন্তু তেওঁলোকে পানী নাপায়, তলাবন্ধৰ কাৰণে পানী পাবলৈ টান হৈছে,’ তেওঁ কয়।

সুৰেন্দ্ৰ বহি থকাৰ পৰা অলপ দূৰত সঞ্জয় কুমাৰৰ পৰিয়ালটোৱে কঠোৰ সংগ্ৰাম কৰিবলগা হৈছে। ২০ মাৰ্চত মই যেতিয়া তেওঁলোকক লগ পাইছিলো, পদপথত এখন কঁথাৰ ওপৰত সঞ্জয় পৰি আছিল। চিমেণ্টৰ টুুকুৰা এটাৰ ওপৰত মূৰটো থৈছিল। ১৯ বছৰ বয়সীয়া (ওপৰৰ বেটুপাতৰ আলোকচিত্ৰত) ল’ৰাজনৰ হাড়ৰ কৰ্কট ৰোগ হৈছে। সোঁ ভৰিখন লৰচৰ কৰিব নোৱাৰে। সঞ্জয়ৰ জ্যেষ্ঠ ভাতৃ বিজয় আৰু বৌৱেক প্ৰেমলতা এমাহৰো বেছি দিন পদপথত তাৰ লগত আছে।

For two days, Satender (left) and Geeta Singh (right) from Solapur, lived on the footpath, where rats scurry around. Geeta has liver cancer, and her check-up on April 1 has been postponed
PHOTO • Aakanksha

সোলাপুৰৰ পৰা অহা সত্যেন্দৰ (বাওঁফালে) আৰু গীতা সিং (সোঁফালেঃ তাই যকৃতৰ কৰ্কট ৰোগাক্ৰান্ত) এন্দুৰৰ ৰম্যভূমি পদপথত আছে

কেইদিনমানৰ পিছত সঞ্জয়ে ফোনত মোক ক’লে ‘কাৰ্ফিউ (তলাবন্ধ) আমাৰ কাৰণে বৰ ভয়াৱহ হৈ পৰিছে, খোৱাবস্তু বিচাৰি পোৱা টান হৈছে। যিহেতু কোনো সহায় কৰা মানুহ নাই, ব্ৰেড-বিস্কুট খাই দিন কটাইছো।’

সঞ্জয় উঠিব নোৱাৰে বা সহজে খোজ কাঢ়িব নোৱাৰে। চিকিৎসালয়ৰ ওচৰত থকা ৰাজহুৱা স্নানাগাৰলৈ যোৱাও সঞ্জয়ৰ কাৰণে বৰ কষ্টকৰ হয়। ‘গাটো লৰাব নোৱাৰো কাৰণে মই গোটেই দিন ইয়াত পৰি থাকো। চিকিৎসালয়ৰ পৰা বেছি দূৰত থাকিব নোৱাৰো,’ তেওঁ কয়। খোজ কাঢ়িলেই তেওঁৰ সোঁ ভৰিখনৰ পৰা তেজ ওলায়। তিনিদিন আগতে চিকিৎসকে তেজ ওলোৱা অংশত প্লাষ্টাৰ লগাই দিছিল।

পৰিয়ালটো প্ৰথমবাৰৰ বাবে মুম্বাইলৈ আহিছে। ‘মোক কৈছিল যে মুম্বাইত ভাল সুবিধা আছে. কিন্তু পদপথত পৰি থকা আৰু এসাজ ভাত ভালকৈ খাবলৈ পোৱাৰ মাজতে সুবিধা সীমাবদ্ধ,’ বিজয়ে কয়। ৰেহাই মূল্যত দিয়া থকাৰ সুবিধা লোৱাৰ বাবেও তেওঁলোকৰ আৰ্থিক অৱস্থা নাই। তেওঁ কয় যে ধৰমশালাৰ বিষয়েও তেওঁ নাজানে।

‘স্বাস্থ্য পৰীক্ষা কৰাবলৈ প্ৰত্যেক দিনে আমি চিকিৎসকৰ বাবে ৰৈ থাকিব লাগে। ঘৰলৈও ঘূৰি যাব নোৱাৰো।’ মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ বাইহাৰ ব্লকত তেওঁলোকৰ ঘৰ।

দুই পুত্ৰ আৰু বোৱাৰী নিৰাপদে ঘূৰি আহিব বুলি ঘৰত পিতৃ-মাতৃয়ে অধীৰ অপেক্ষা কৰিছে। পৰিয়ালৰ উপাৰ্জনকাৰী একমাত্ৰ সদস্য বিজয়। নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰি মাহে ৭০০০ৰ পৰা ১০,০০০ টকা উপাৰ্জন কৰে। সঞ্জয়ৰ চিকিৎসাৰ বাবে মুম্বাইলৈ অহাৰ পিছত উপাৰ্জন বন্ধ হ’ল। লগত থকা জমা ধনেৰে পৰিয়ালটো চলি আছে।

‘দোকান আৰু হোটেলৰ পৰা অলপ খোৱাবস্তু কিনি আনো। পুৰি-ভাজি কিনি আনো, কিন্তু কিমানদিন এই খাদ্য খাই থাকিম? ইয়াত দাইল-ভাতৰ দাম বেছি, স্নানাগাৰ ব্যৱহাৰ কৰাৰ বাবেও আমি পইছা দিব লাগে, মুম্বাইত সকলো কামৰ বাবে পইছা ভৰিব লাগে। মই এটা দিন মজদুৰ,’ বিজয়ে কয়। এই এৰাব নোৱাৰা খৰছবোৰৰ বাবদ বিজয়ৰ হাতৰ পৰা প্ৰতিদিনে ১০০-২০০ টকা ওলাই যায়। ইয়াৰ উপৰি ঔষধ কিনিবলগা হ’লে অধিক টকাৰ দৰকাৰ হয়।

চিকিৎসালয়ৰ বাহিৰৰ পদপথত থকা ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক বহুতো সংগঠন আৰু ব্যক্তিয়ে নিয়মীয়ালৈ সহায় কৰে। তেওঁলোকক ৰুটি, কল-গাখীৰ আদি দিয়ে। কিন্তু তলাবন্ধৰ ফলত সেয়াও নোহোৱা হ’ল। ‘আমি ৰাতিৰ আহাৰ খাবলৈ পাওঁ, বিজয়ে ক’লে। জনতা কাৰফিউ আৰম্ভ হোৱাৰ দিনৰে পৰা এনেকুৱা হৈ আহিছে। কেইটুকুৰামান ব্ৰেড আৰু আগদিনা ৰৈ যোৱা সামান্য আঞ্জাৰে তেওঁলোকে দিনটো কটালে।

তলাবন্ধৰ এই দিনকেইটাত কোনোবা ৰোগীক পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ মাতি পঠিয়ায় আৰু সেই সময়তে বাহিৰৰ আহাৰ বিতৰণ চলি থাকে। ফলত তেওঁলোকে আহাৰ লোৱাৰ পৰা বঞ্চিত হয়। যোৱা সোমবাৰে কৰুণা দেৱীৰো তেনেকুৱা হ’ল। কৰুণা দেৱী স্তনৰ ক্ৰকট ৰোগত আক্ৰান্ত হৈছে। চিকিৎসালয়ৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত থকা ডাঙৰ ষ্টেশ্যনৰ ওচৰৰ এটা ধৰমশালাৰ কোঠা খালী হোৱাৰ বাবে তেওঁ কেইবাসপ্তাহ অপেক্ষা কৰি আছে। ধৰমশালাবিলাকত ৫০ টকাৰ পৰা ২০০ টকা পৰ্যন্ত পইছা লয়। বহুতো ৰোগীৰ বাবে এই ধন ব্যয় কৰা সম্ভৱ নহয়।

Left: Ajay , a Class 4 student from Jharkhand, arrived in Mumbai with his parents over two weeks ago. Ajay suffers from blood cancer. His father runs around for his reports and medicines while his mother takes care of him on the footpath. Right: People from poor families across India come to the  Tata Memorial Hospital because it provides subsidised treatment to cancer patients
PHOTO • Aakanksha
Left: Ajay , a Class 4 student from Jharkhand, arrived in Mumbai with his parents over two weeks ago. Ajay suffers from blood cancer. His father runs around for his reports and medicines while his mother takes care of him on the footpath. Right: People from poor families across India come to the  Tata Memorial Hospital because it provides subsidised treatment to cancer patients
PHOTO • Aakanksha

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ অজয়, দুই সপ্তাহ আগতে পিতৃ-মাতৃৰে সৈতে ঝাৰখণ্ডৰ পৰা মুম্বাইলৈ আহিছে। তেওঁৰ পিতৃ স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্ট আৰু ঔষধ লোৱাত ব্যস্ত, পদপথত তেওঁক মাতৃয়ে চোৱাচিতা কৰিছে। সোঁফালেঃ চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসাৰ বাবে দেশৰ বিভিন্ন ঠাইৰ পৰা চিকিৎসালয়লৈ অহা লোকসকল

২০ মাৰ্চত, স্বামী আৰু আন লোকসকলৰ সৈতে গীতা সিঙো পদপথত বহি আছে। কাষতে দুটা শিলৰ মাজত এটা মৰা এন্দুৰ পৰি আছে। ছমাহ পূৰ্বে গীতাক যকৃতৰ কৰ্কট ৰোগ হোৱা বুলি চিকিৎসকে কৈছিল। যোৱা চাৰিমাহ ধৰি তেওঁলোক মুম্বাইত আছে। মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ পৰা তেওঁলোক মুম্বাইলৈ আহিছে।

যোৱা এসপ্তাহৰ আগলৈকে তেওঁলোক উত্তৰ মুম্বাইৰ গ’ৰেগাঁৱত থকা সত্যেন্দৰ ভতিজা এটাৰ লগত আছিল, কিন্তু ক’ভিড-19ৰ ভয়ত ভতিজাকজনে তেওঁলোকক সেই ঠাই এৰি দিবলৈ ক’লে। ‘গীতাই ক’লে যে এদিনৰ মুৰে মুৰে চিকিৎসালয়লৈ যাব লাগে, আৰু গীতাই ভয় খাইছিল যদি তেওঁৰ ল’ৰাটোও সংক্ৰমিত হয়। সেই কাৰণে আমি ভতিজাজনৰ ঘৰ এৰি দিবলগা হ’ল,’ গীতাই ক’লে।

বহুত চেষ্টা কৰাৰ পিছত চিকিৎসালয়ৰ পৰা ৫০ কিলোমিটাৰ নিলগৰ থানে জিলাৰ ডম্বিভালিত থকা এজন দূৰ সম্পৰ্কীয় লোকৰ সৈতে সত্যেন্দৰে যোগাযোগ কৰিবলৈ সক্ষম হয়। তাৰপিছত গীতা আৰু তেওঁ তালৈ গুছি যায়। থকা-খোৱাৰ বাবদ সম্পৰ্কীয় লোকজনক পইছা দিয়ে।

ইয়াৰ পিছত ১ এপ্ৰিলত গীতাক পুনৰ চিকিৎসকে পৰীক্ষা কৰিব। ইয়াৰ পিছত এপ্ৰিলৰ প্ৰথমভাগত চিকিৎসকে গীতাক কেম’থেৰাপি দিব আৰু অস্ত্ৰোপচাৰ কৰিব। কিন্তু চিকিৎসকে জনালে ১ এপ্ৰিলত গীতাৰ স্বাস্থ্যপৰীক্ষা বাতিল কৰা হৈছে, আৰু ক’লে যে নিয়মীয়াকৈ ঔষধ খাই থাকিব লাগিব। ল’বলগীয়া সাৱধানতা সম্পৰ্কে ডাক্তৰে জনালে। ‘আমাৰ সন্তানটোৰ বাবে ঘৰলৈও ঘূৰি যাব নোৱাৰো। চিকিৎসালয়লৈও এতিয়া যাব নোৱাৰো। এতিয়া কোনো কাম কৰিব নোৱাৰা হৈ পৰিলো। ইয়াত আবদ্ধ হৈ পৰিলো,’ সত্যেন্দৰে ক’লে। গীতাৰ স্বাস্থ্যৰ অৱনতিৰ বাবে সত্যেন্দৰৰ উদ্বিগ্নতা বাঢ়িবলৈ ধৰিছে, ‘তাই সদায় বমি কৰিবলৈ ধৰিছে’।

তেওঁলোকৰ দুটা সন্তান আছে। এটাৰ ১২ বছৰ, আনটোৰ ১৬ বছৰ। দুয়োটা সত্যেন্দৰৰ জ্যেষ্ঠ ভাতৃৰ লগত সোলাপুৰত আছে। ‘আমি সোনকালে ঘূৰি আহিম বুলি কৈ আহিছিলো, কিন্তু সিহঁতৰ মুখ কেতিয়া দেখিবলৈ পাম নাজানো,’ গীতাই ক’লে। সত্যেন্দৰে যোৱা পাঁচ মাহৰ আগলৈকে এটা যন্ত্ৰচালিত তাঁতশালৰ কাৰখানাত কাম কৰি মাহে ৭০০০ টকা উপাৰ্জন কৰিছিল। টাটা মেম’ৰিয়েল হাস্পতালৰ ন্যাসে তেওঁলোকৰ চিকিৎসা ব্যয়ৰ আধা বহন কৰে। আন আধা অংশ নিজৰ জমা ধনৰ পৰা ব্যয় কৰিছে।

Left: Jamil Khan, who has oral cancer, moved to a distant relative's home in Nalasopara with his mother and siblings after the lockdown came into effect. They had lived on the street for seven months prior to that. Right: Cancer patients live out in the open opposite the hospital. With little food, water and sanitation, they are at a greater risk of contracting Covid-19
PHOTO • Aakanksha
Left: Jamil Khan, who has oral cancer, moved to a distant relative's home in Nalasopara with his mother and siblings after the lockdown came into effect. They had lived on the street for seven months prior to that. Right: Cancer patients live out in the open opposite the hospital. With little food, water and sanitation, they are at a greater risk of contracting Covid-19
PHOTO • Aakanksha

বাওঁফালেঃ জামিল খান, তেওঁ মুখৰ কৰ্কট ৰোগত আক্ৰান্ত। তলাবন্ধ আৰম্ভ হোৱা বাবে তেওঁ পৰিয়ালৰ সৈতে নালাসোপাৰাত থকা দূৰ সম্পৰ্কীয় এজনৰ ঘৰলৈ যায়। সাত মাহ ধৰি তেওঁলোক পদপথৰ ওপৰতে আছিল। সোঁফালেঃ ক’ভিড-19ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ প্ৰৱল আশংকা থকা স্বত্তেও চিকিৎসালয়ৰ সন্মুখৰ মুকলিত কৰ্কট ৰোগীসকল থাকিবলগা হৈছে

মুখৰ কৰ্কট ৰোগত আক্ৰান্ত জামিল খানে একেই আতংকত ভুগিছে। মাতৃ কামাৰজাহা, ভাতৃ শ্বাকিল আৰু ভনী নাছৰিনৰ সৈতে যোৱা সাতমাহ ধৰি তেওঁ চিকিৎসালয়ৰ সন্মুখৰ পদপথত আছে। উত্তৰ প্ৰদেশৰ বলোৰামপুৰ জিলাৰ গোন্দোৱা গাঁৱৰ পৰা তেওঁলোক ইয়ালৈ আহিছে। পৰিয়ালৰ বেছিখিনি সদস্যই কৃষিশ্ৰমিক হিচাপে কাম কৰে। যেতিয়া কাম পোৱা যায়, তেনে সময়ত দিনে ২০০ টকা মজুৰী উপাৰ্জন কৰে, আৰু খেতিৰ কাম নথকা সময়ত কাম বিচাৰি চহৰলৈ প্ৰব্ৰজন কৰে।

তলাবন্ধৰ পিছত হাস্পতালৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰৰ নালাসোপাৰাত থকা এঘৰ দূৰ সম্পৰ্কীয় লোকৰ ঘৰত তেওঁলোক থাকিবলৈ লয়। ‘তেওঁলোকে আমাক অলপ দিনৰ বাবে থাকিবলৈ দিছিল, কিন্তু কেতিয়াও ভবা নাছিলো যে ইমান দিনৰ বাবে...’

নালাসোপাৰাত থকা জামিলৰ সম্পৰ্কীয় লোকজনে এতিয়া অতিৰিক্ত চাৰিজন মানুহক লৈ হাহাকাৰ কৰিবলগীয়া হৈছে। ‘তেওঁলোকৰ নিজৰ পৰিয়ালৰ সদস্য পাঁচজন আৰু তাৰ লগত এতিয়া আমাৰ চাৰিজন। ইমান খোৱাবস্তু জমা কৰা অসম্ভৱ, সপ্তাহত আমাৰ ৫০০ টকা ঔষধৰ বাবে লাগে। আমাৰ টকা শেষ হ’বলৈ ধৰিছে,’ নাছৰিনে ক’লে। শনিবাৰে তেওঁলোকে অলপ ঔষধ ক্ৰয় কৰিব পাৰিলেহেঁতেন, কিন্তু ইয়াৰ পিছত কি কৰিব, সেই সম্পৰ্কে অনিশ্চিত। জামিলৰ মুখৰ বাওঁফালে থকা ঘাঁডোখৰ সঘনে চাফা কৰিব লাগে আৰু বেণ্ডেজ লগাব লাগে।

জামিলে মনতে ভাবে যে পদপথত থকাই ভাল, ‘অন্ততঃ চিকিৎসালয়খন ওচৰতে আছে। ঘাঁ ডোখৰৰ পৰা যদি তেজ ওলায় বা বিষ হয়, তেতিয়া লৰালৰিকৈ হাস্পতালত সোমাব পৰা হ’ব।’

‘ইয়াত (নালাসোপাৰাত) যদি মোৰ ভাইটোৰ কিবা হয়, কোনে দায়িত্ব ল’ব?’ নাছৰিনে প্ৰশ্ন কৰে। ‘তাৰ যদি কিবা হয়, কাৰ কি ক্ষতি হ’ব?’

টাটা মেম’ৰিয়েল হাস্পতালৰ জনসম্পৰ্কৰক্ষী গোটৰ নীলেশ গোয়েংকাই মোক ফোনত ক’লে, ‘জৰুৰী চিকিৎসাৰ যদি প্ৰয়োজন নাথাকে, তেনেকুৱা ৰোগীক আমি ঘৰলৈ পঠিওৱাৰ চেষ্টা কৰি আছো। আমি সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছো।’

চলিত বছৰৰ জানুৱাৰীত চিকিৎসালয়ৰ পৰা অলপ দূৰত থকা হিন্দমাতা ব্ৰীজ ফ্লাইঅ’ভাৰৰ তলত থকা কৰ্কট ৰোগীৰ অৱস্থা সম্পৰ্কে ‘মুম্বাই মিৰৰ’ সংবাদপত্ৰই এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত কিছুমান ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক অতি ক্ষীপ্ৰতাৰে ধৰমশালা কেইটামানলৈ প্ৰেৰণ কৰা হৈছিল। ফ্লাইঅ’ভাৰৰ তলত অস্থায়ী আশ্ৰয়গৃহ আৰু ভ্ৰাম্যমান শৌচাগাৰৰ ব্যৱস্থা কৰিবলৈ মুম্বাই পৌৰনিগমে কেতবোৰ নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ পিছত মই কথা পতা পদপথৰ আশ্ৰয়ী কৰ্কট ৰোগাক্ৰান্তসকলে সেই বিষয়ত একো এটা কথা নতুনকৈ শুনািবলৈ পোৱা নাই।

অনুবাদঃ পংকজ দাস

Aakanksha

آکانکشا (وہ صرف اپنے پہلے نام کا استعمال کرتی ہیں) پاری کی رپورٹر اور کنٹینٹ ایڈیٹر ہیں۔

کے ذریعہ دیگر اسٹوریز Aakanksha
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das