‘বহিৰাগতৰ প্ৰৱেশ নিষেধ’- চিয়াদেহি গাঁৱৰ মূল প্ৰৱেশপথতে বাহেৰে সজা বেৰিকেডত ওলমাই থোৱা প্লেকাৰ্ডখনত এনেদৰে লিখা আছে। ছত্তিশগড়ৰ ধামতাৰি জিলাৰ নাগ্ৰি ব্লকৰ গাওঁখন সাক্ষাৎ কৰিবলৈ যাওতে এই প্ৰতিবেদকে বেৰিকেডৰ কাষত থিয় দিয়ে। কেইজনমান স্থানীয় বাসিন্দাই দূৰত্ব বজাই ৰাখি দূৰৰ পৰাই কথা পাতিবলৈ আগবাঢি আহে।
‘মাৰাত্মক ক’ৰণাভাইৰাছৰ পৰা ৰক্ষা পাবলৈ গঞাই নিজেই এই বেৰিকেড পতাৰ সিদ্ধান্ত লৈছে,’ ওচৰৰে কাংকেৰ জিলাৰ এখন চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা ভাৰত ধ্ৰুৱই কয়। প্ৰায় ৯০০ লোকৰ জনবসতি থকা গোণ্ড আদিবাসী গাওঁ চিয়াদেহি ছত্তিশগড়ৰ ৰাজধানী চহৰ ৰায়পুৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত অৱস্থিত।
‘আমি ‘সামাজিক ব্যৱধান’ বজাই ৰাখিব বিচাৰো। এই তলাবন্ধৰ সময়ত বাহিৰৰ মানুহে আমাৰ গাঁৱলৈ অহাটো আমি নিবিচাৰো, বাহিৰলৈ ওলাই গৈ আমিও নিয়ম ভংগ কৰিব নিবিচাৰো। সেয়ে এই বেৰিকেড দিছো,’ একেখন গাঁৱৰে এজন উপান্ত কৃষক তথা শ্ৰমিক ৰাজেশ কুমাৰ নেতামে কয়।
‘সংস্পৰ্শলৈ নাহিবলৈ আমি ইয়ালৈ অহা সকলোকে বাধা দিছো। নিজ গাঁৱলৈ ঘূৰি যাবলৈ আমি তেওঁলোকক অনুৰোধ জনাইছো,’ কৃষি শ্ৰমিক সজিৰাম মাণ্ডৱিয়ে কয়। ‘আমাৰ কিছুমান ডেকাল’ৰাই মহাৰাষ্ট্ৰলৈ কৌশল বিকাশ কাৰ্যসূচীৰ অধীনত গৈছিল যদিও ফাকুৱাৰ আগতে ঘূৰি আহিছে,’ তেওঁ কয়। ‘তৎসত্বেও স্বাস্থ্য বিভাগৰ বিষয়াসকলে তেওঁলোকৰ সবিশেষ লিপিবদ্ধ কৰিছে।’
এতিয়া চিয়াদেহিলৈ ঘূৰি অহা আন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ কি হ’ব? তেওঁলোকক ঘৰলৈ সোমাবলৈ দিয়া হ’বনে? ‘হয়, দিয়া হ’ব,’ পঞ্চায়তৰ কৰ্মচাৰী মনোজ মেশ্ৰামে কয়। ‘কিন্তু চৰকাৰী নিৰ্দেশনা অনুসৰি তেওঁলোকে কোৱাৰেণ্টাইন কাল পাৰ কৰিব লাগিব।’
সি যি কি নহওক, চৰকাৰে ঘোষণা কৰা কোৱাৰেইণ্টাইনক লৈ সমগ্ৰ দেশজুৰি ৰাজ্য, জিলা প্ৰশাসন আৰু স্থানীয় বিষয়-ববীয়াৰ মাজত বিভ্ৰান্তি আৰু মতপাৰ্থক্য দেখা গৈছে।
চিয়াদেহিত ক’ৰণাভাইৰাছৰ পৰা সৃষ্ট ভাবুকিৰ তথ্য গঞাই ক’ৰপৰা পালে? ‘টিভি আৰু বাতৰিকাকতৰ পৰা, পাছলৈ প্ৰশাসনেও জনাইছিল,’ মেশ্ৰামে কয়। ‘আমি নিজকে সুৰক্ষিত কৰি ৰাখিলেহে আমাৰ পৰিয়াল তথা গাওঁখন সুৰক্ষিত হৈ থাকিব।’
তেওঁ আমাক জনায় যে তেওঁৰ আয় একেবাৰে নোহোৱা হৈ গৈছে যদিও ‘প্ৰথমতে আমি নিজকে এই ভাইৰাছৰ পৰা সুৰক্ষিত কৰিব লাগিব। এয়া অতিকৈ ডাঙৰ সমস্যা। তাৰপিছত আমি দিন হাজিৰা কৰিম।’
কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ‘সাহায্য’ৰ কথা তেওঁলোকে শুনিছে। কিন্তু দুই কি তিনিজন গঞাই একেলগে কৈ উঠিল, ‘আমি সেয়া নোপোৱালৈকে (সেইবিষয়ে) একো ক’ব নোৱাৰো।’
এজন গঞাই গছ এডালত উঠি তাঁৰ জোৰা দি আছিল। সেয়া ‘ঠাইটুকুৰা পোহৰ কৰি ৰখাৰ বাবে কৰা হৈছে, কিয়নো বেৰিকেডত ৰাতি ৯ বজালৈ পহৰা দি থকা হ’ব’ বুলি তেওঁলোকে বুজাই ক’লে।
চিয়াদেহিৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰৰ প্ৰায় ৫০০ জনবসতিৰ লহচুনবাহী গাঁৱতো আমি একেই বেৰিকেড দেখিবলৈ পাইছিলো। এইখনো গোণ্ড আদিবাসী অধ্যুষিত গাওঁ। বেৰিকেডত লগাই থোৱা পোষ্টাৰখনত লিখা আছিলঃ ‘১৪৪ ধাৰা বলবৎ কৰা হৈছে- ২১ দিনৰ বাবে প্ৰৱেশ নিষেধ।’ আন এখন পোষ্টাৰত লিখা আছিল, ‘বহিৰাগতৰ প্ৰৱেশ নিষেধ।’
‘আমি বাহিৰৰ মানুহ বিশেষকৈ নগৰ-চহৰৰ পৰা অহা লোকক সোমোৱাত বাধা দিছো,’ বেৰিকেডৰ ওচৰত থকা স্থানীয় কৃষি শ্ৰমিক ঘাচিৰাম ধ্ৰুৱই কয়। চহৰৰ মানুহ কিয়? কিয়নো ‘সিহঁতেই বাহিৰলৈ যায় আৰু সিহঁতৰ কাৰণেই এই ভাইৰাছ বিয়পিছে।’
সমগ্ৰ বাস্তাৰতে গাঁৱে গাঁৱে এনে বেৰিকেড পতা হৈছে।
কিন্তু ধামতাৰি-নাগ্ৰি পথত থকা খাড়াদাহ গাঁৱত কোনো বেৰিকেড নাই। তাতে আমি মেহটাৰিন কৰাম নামৰ মিটানিন (আন ঠাইত আশাকৰ্মী বুলি জনা যায়) স্বাস্থ্যকৰ্মীগৰাকীক লগ পালো। তেওঁ মেলেৰিয়া ৰোগ ধৰা পৰা অনুপা বাঈ মাণ্ডৱিৰ ঘৰৰ পৰা এইমাত্ৰ উভতিছে। মেহটাৰিনে মেলেৰিয়াৰ ঔষধ দি আহিছে।
‘আমাক ক’ৰণাভাইৰাছ মহামাৰীৰ বিষয়ে জনোৱা হৈছে,’ তেওঁ কয়। ‘মই ঘৰে ঘৰে গৈ সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনাই আহিছো। তদুপৰি নিয়মীয়াকৈ হাত ধুবলৈও কৈ আহিছো।’ সেয়া তেওঁ সভা আকাৰে কৈছে নেকি? ‘নাই। সভা পাতিলে মানুহে ইটোৱে সিটোৰ কাষতে বহিব...আমাৰ গাওঁখনৰ জনসংখ্যা তেনেই কম, মাত্ৰ ৩১ ঘৰ। সেয়ে মই ঘৰে ঘৰে গৈ সাক্ষাৎ কৰিলো।’
তেওঁ আৰু সহকৰ্মীসকল সামাজিক দূৰত্বৰ বিষয়টোক লৈ যথেষ্ট সচেতন। কুমহাড়া গাঁৱৰ অশোক মাৰ্কামৰ ঘৰত মৃতকৰ সৎকাৰ পৰ্ব আছিল। সেয়ে মই বনৰৌদ, কুমহাড়া আৰু মৰ্দাপটিৰ মিটানিনৰ সৈতে লগ লাগি তালৈ গৈ মৃতকৰ পৰিয়াল আৰু আত্মীয়ক পৰস্পৰৰ মাজত দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনালো। শোকসভা শেষ নোহোৱালৈ আমি গোটেই দিনটো তাতে থিয় দি থাকিলো।
এইখিনি সময়ত তেওঁ লোৱা সাৱধানতা? ‘আমি মুখখন স্কাৰ্ফ নাইবা টাৱেলেৰে ঢাকি লওঁ আৰু চাবোন নাইবা পনীয়া ডেটলেৰে হাত ধোও।’
কিন্তু তেওঁলোকৰ মাস্ক নাছিল, তেওঁ নিশ্চিত কৰি কয়।
মিটানিন বা আশাকৰ্মীসকলেই গ্ৰামীণ পৰ্যায়ত স্বাস্থ্যসেৱা ব্যৱস্থাৰ পদাতিক সেনানী। ডাক্তৰ বা অইন চিকিৎসা বিষয়াক কাচিৎহে দেখা পোৱা গ্ৰামাঞ্চলত তেওঁলোকেই অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইখিনি সময়ত এনেদৰে ব্যক্তিগত সুৰক্ষা কিট নোহোৱাকৈ কাম কৰা তেওঁলোকৰ জীৱন সংশয়ৰে ভৰি পৰিছে।
মেহটাৰিন মাৰ্কাম শংকিত নহয়, তেওঁ কয়, ‘ময়েই যদি ভয় খাও, কাম কোনে কৰিব? কোনোবা অসুখত পৰিলে মই সিহঁতৰ ওচৰলৈ যাবই লাগিব।’
অনুবাদঃ পংকজ দাস