‘ৰ’দে মোৰ পিঠি পুৰিছিল,’ গাজুৱাস গাঁৱৰ ঠিক ওচৰত এলানি খেজুৰ গছৰ সেৰেঙা ছায়াত মাটিত বহি থকা বজৰং গোস্বামীয়ে কয়। ‘উত্তাপৰ বাঢ়িবলৈ ধৰিছে, শস্য কমি আহিছে,’ বালিৰ স্তুপৰ ওপৰত থৈ দিয়া বাজৰাখিনিলৈ চাই তেওঁ কয়। ৰাজস্থানৰ চুৰু জিলাৰ তাৰানগৰ তহচিলত তেওঁ আৰু তেওঁৰ পত্নী ৰাজ কৌৰে আধি খেতি কৰা ২০ বিঘা মাটিৰ শুকান ঘাঁহ চোবাই চোবাই ওচৰতে থিয় হৈ আছে এটা মাত্ৰ উট।

‘মুৰৰ ওপৰত প্ৰখৰ ৰ’দ, ভৰিৰ তলত তপত বালি,’ তাৰানগৰৰ দক্ষিণাঞ্চলৰ সুজানগড় তহচিলৰ গীতা দেৱী নায়কে কয়। ভাগৱানী দেৱী চৌধুৰীৰ মালিকানাধীন খেতিপথাৰত ভূমিহীন বিধৱা গীতা দেৱীয়ে শ্ৰমিক হিচাপে কাম কৰে। গুডাৱাৰী গাঁৱত প্ৰায় ৫ বজাত দুয়োজনে দিনটোৰ কাম শেষ কৰিছে। ‘আজি-কালি গৰমেই গৰম,’ ভাগৱানী দেৱীয়ে কয়।

গ্ৰীষ্মত বালিময় মাটিয়ে তপত খোলাত ভজাৰ দৰে চেৰচেৰাই থাকে আৰু মে’ আৰু জুন মাহত ইয়াৰ বতাহ উত্তপ্ত চৌকাৰ দৰে হৈ পৰে- ৰাজস্থানৰ চুৰুত তাপমাত্ৰা বৃদ্ধি পোৱা আৰু দৈনন্দিন ইয়াৰ প্ৰকোপ চৰা সম্পৰ্কীয় আলোচনা নৈমিত্তিক ঘটনা। সেই মাহকেইটাত তাপমাত্ৰা সহজে ৪০ ডিগ্ৰী চেলছিয়াছলৈ উৰ্দ্ধগামী হয়। যোৱা মাহ, ২০২০ৰ মে’ মাহৰ দৰে উত্তাপ ৫০ ডিগ্ৰী চেলছিয়াছলৈ উৰ্দ্ধগামী হোৱা আৰু বিশ্বৰ ভিতৰত অভিলেখ হোৱা বুলি ২৬ মে’ৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

২০১৯ৰ জুনৰ প্ৰথমভাগত চুৰুত অৰ্থাৎ যোৱা বছৰ তাপমাত্ৰা ৫১ ডিগ্ৰী চেলছিয়াছলৈ উৰ্দ্ধগামী হৈছিল। ইয়াৰ আধা উত্তাপতে য’ত পানী উতলিব পাৰে, বহুতৰ মতে এয়া চৰম উত্তাপ। ‘মোৰ মনত থকা মতে ৩০ বছৰৰ আগতেও এদিন তাপমাত্ৰা ৫০ ডিগ্ৰীলৈ উৰ্দ্ধগামী হৈছিল।’ বিচনাত ইফালে-সিফালে বাগৰি থকা অৱসৰপ্ৰাপ্ত স্কুল শিক্ষক আৰু ভূস্বামী ৭৫ বছৰীয়া হৰদয়ালজী সিঙে কয়।

কিছু বছৰৰ পৰা ৬ মাহৰ পিছত অৰ্থাৎ ডিচেম্বৰৰ জানুৱাৰী মাহত চুৰুৰ তাপমাত্ৰা শূন্য ডিগ্ৰীৰ তললৈ নামে। ২০২০ৰ ফেব্ৰুৱাৰীৰ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে লাভ কৰা তথ্য মতে ৪.১ ডিগ্ৰী তাপমাত্ৰাৰে চুৰু হৈ পৰে ভাৰতৰ সমতল ভূমিৰ সৰ্বনিম্ন তাপমাত্ৰা।

Geeta Devi and Bhagwani Devi of of Sujangarh tehsil, Churu: ' Garmi hee garmi pade aaj kal' ('It’s heat and more heat nowadays')
PHOTO • Sharmila Joshi

সুজানগড় তহচিলৰ গীতা দেৱী আৰু ভাগৱানী দেৱীঃ ‘আজিকালি গৰমেও গৰম’

মাইনাছ ১ ডিগ্ৰীৰ পৰা ৫১ ডিগ্ৰীলৈ তাপমানক চৰম তাপমাত্ৰা বুলি জিলাখনৰ মানুহে ক’বলৈ খুজিছে। ২০১৯ৰ ৫০ ডিগ্ৰীৰো অধিক নাটকীয়া তাপমান অথবা ২০২০ৰ মে’ মাহৰ ৫০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাৰ প্ৰসাৰিত গ্ৰীষ্মৰ পৰিধিয়ে আন ঋতুক গ্ৰাস কৰিবলৈ ধৰিছে।

‘আগৰ দিনত এনেকুৱা তমোময় উত্তাপ খুব বেছি দুই এদিন থাকে।’ বহুতো লোকে সুপৰামৰ্শদাতা ৰপে সন্মান কৰা নিকটৱৰ্তী চিকাৰ জিলাৰ এছ. কে. চৰকাৰী কলেজৰ পূৰ্বৰ অধ্যক্ষ তথা চুৰু চহৰৰ বাসিন্দা অধ্যাপক এইচ. আৰ. ইছৰানে কয়। ‘এতিয়া এনেকুৱা অগ্নিময় উত্তাপ বহুত দিনলৈ থাকে। গোটেই গ্ৰীষ্মকাল দীঘলীয়া হৈ পৰিছে।’

২০১৯ৰ কথা সুৱঁৰি অমৃতা চৌধুৰীয়ে কয়, ‘আলকাতৰাত চেন্দেল লাগি ধৰে।’ বিপজ্জনক হৈ পৰা গ্ৰীষ্মকালক লৈ আন বহুতৰ দৰে চৌধুৰীও উদ্বিগ্ন। খলপা-খলপকৈ ৰং কৰা পোচাক তৈয়াৰ কৰা সুজনগড় চহৰত তেওঁ দিশা শেখাৱতী নামৰ এটা সংস্থা পৰিচালনা কৰে। তেওঁ কয়। ‘এই গৰম অঞ্চলটোত আগতকৈ গৰম বৃদ্ধি পাইছে।’

‘গ্ৰীষ্মকাল আগতৈ প্ৰায় ডেৰমাহ বৃদ্ধি পাইছে,’ গুডাৱাৰী গাঁৱৰ ভাগৱানী দেৱীয়ে কয়। তেওঁৰ দৰে আন বহুতেই কয় যে ইয়াৰ ঋতু সলনি হৈছে। বৰ্দ্ধিত গ্ৰীষ্মই চুৰু জিলাৰ শীতকালৰ সময়সীমা সংকুচিত কৰিছে- ইয়াৰ মাজতে কেইসপ্তাহমানৰ বাবে বৰ্ষাকাল হয়। ভাবিব নোৱৰাকৈ ঋতু সলনি হৈছে।

এইদৰেই বতৰৰ পৰিৱৰ্তন ক্ৰমাৎ ঘটিছে। কেৱল ৫১ ডিগ্ৰীৰ উত্তাপ হোৱা সেই সপ্তাহটো অথবা যোৱা মাহৰ ৫০ ডিগ্ৰী উত্তাপৰ কেইটামান দিনক লৈ সকলো উদ্বিগ্ন।

*****

২০১৯ৰ ১ জুনৰ পৰা ৩০ ছেপ্টেম্বৰৰ মাজৰ সময়ত চুৰুত ৩৬৯ মি.মি. বৰষুণ হৈছিল। বৰ্ষাকালীন মাহকেইটাত সাধাৰণতে হোৱা ৩১৪ মি.মি. বৃষ্টিপাততকৈ ই সামান্য বেছি। দেশৰ বৃহত্তৰ তথা সৰ্বাধিক অনাৰ্দ্ৰ ৰাজ্য ৰাজস্থানে ভাৰতৰ মুঠ মাটিকালিৰ ১৫.৪ শতাংশ আগুৰি আছে। এই ৰাজ্যৰ মাটি অনুৰ্বৰ আৰু অৰ্দ্ধ অনুৰ্বৰ। চৰকাৰী তথ্য মতে ৰাজস্থানত বছৰি গড় বৃষ্টিপাতৰ হাৰ হ’ল ৫৭৪ মি.মি.।

In the fields that Bajrang Goswami and his wife Raj Kaur cultivate as sharecroppers outside Gajuvas village in Taranagar tehsil
PHOTO • Sharmila Joshi
In the fields that Bajrang Goswami and his wife Raj Kaur cultivate as sharecroppers outside Gajuvas village in Taranagar tehsil
PHOTO • Sharmila Joshi
In the fields that Bajrang Goswami and his wife Raj Kaur cultivate as sharecroppers outside Gajuvas village in Taranagar tehsil
PHOTO • Sharmila Joshi

তাৰানগৰ তহচিলৰ গাজুৱাস গাঁৱৰ বাহিৰত আধিয়াৰ হিচাপে খেতি কৰা পথাৰত বজৰং গোস্বামী আৰু তেওঁৰ পত্নী ৰাজ কৌৰ

ৰাজস্থানৰ গ্ৰামাঞ্চলত বসবাস কৰা ৭ কোটি লোকৰ ভিতৰত প্ৰায় ৭৫ শতাংশৰ মূল জীৱিকা হ’ল কৃষিকাৰ্য আৰু পশুপালন। চুৰু জিলাত ২.৫ নিযুত লোকৰ ৭২ শতাংশ গ্ৰামাঞ্চলত বসবাস কৰে। তেওঁলোক বৃষ্টিনিৰ্ভৰ খেতিৰ সৈতে জড়িত।

সময় পাৰ হোৱাৰ লগে লগে বহুতেই বতৰৰ ওপৰত নিৰ্ভৰশীলতা কমাইছে। ‘১৯৯০ চনৰ পৰা ইয়াত গভীৰ নলীনাদ (৫০০-৬০০ ফুট গভীৰ) খান্দিবলৈ প্ৰচেষ্টা আৰম্ভ হৈছিল, কিন্তু এই প্ৰচেষ্টা পানীৰ (ভূ-তল) লৱণতাৰ বাবে সফল নহ’ল,’ অধ্যাপক ইছৰানে কয়। ‘কিছুদিনৰ বাবে একাংশ কৃষকে বছৰৰ দ্বিতীয়টো খেতি হিচাপে বাদাম উৎপাদন কৰিব (গভীৰ নলীনাদ ব্যৱহাৰ কৰি) পাৰিছিল।’ এয়া আছিল জিলাখনৰ ৬টা তহচিলৰ ৪৯৯ খন গাওঁ। ‘কিন্তু ইয়াৰ পিছত খেতিৰ পথাৰ অতিমাত্ৰা শুকাই যাবলৈ ধৰে আৰু অধিকাংশ নলীনাদ বন্ধ কৰি দিব লগা হয়, মাত্ৰ কেইটামান গাঁৱৰ গভীৰ নলীনাদ থাকিল।’

ৰাজস্থানৰ কৃষিকাৰ্যত ব্যৱহৃত সৰ্বমূঠ মাটিৰ প্ৰায় ৩৮ শতাংশ (৬২,৯৪,০০০ হেক্টৰ)ত জলসিঞ্চনৰ দ্বাৰা পানীযোগানৰ ব্যৱস্থা কৰিব পৰা হৈছিল। ৰাজস্থান ৰাজ্যিক কাৰ্যকৰী আঁচনি, বতৰ পৰিৱৰ্তন ( আৰ.এছ.এ.পি.চি.চি. , ২০১০)ৰ খচৰাত এই তথ্য উল্লেখিত। চুৰু জিলাৰ ক্ষেত্ৰত মাত্ৰ ৮ শতাংশ কৃষিকাৰ্যত ব্যৱহৃত মাটিত পানীযোগান ধৰা হৈছিল। এতিয়াও সম্পূৰ্ণ হ’বলৈ বাকী থকা চৌধুৰী কুম্ভৰাম উত্তোলক নাদৰ দ্বাৰা জিলাখনৰ কিছুমান গাওঁ আৰু কৃষিক্ষেত্ৰত পানীৰ ব্যৱস্থা কৰা হয় যদিও চুৰুৰ চাৰিবিধ মূল কৃষি, যেনে বাজৰা, মগুমাহ, মথ আৰু গাৱাৰ বিনৰ খেতি বৰষুণৰ ওপৰত নিৰ্ভৰশীল।

কিন্তু বিগত ২০ বছৰত বৰষুণৰ ধৰণ সলনি হ’বলৈ ধৰিছে। চুৰু জিলাৰ মানুহে দুটা ডাঙৰ পৰিৱৰ্তনৰ কথা কয়। বৰ্ষাকালীন মাহৰ সলনি হৈছে, আৰু বৰষুণ চেগাচোৰোকাকৈ হ’বলৈ ধৰিছে। কিছুমান ঠাইত প্ৰৱল বৃষ্টিপাত আৰু কিছুমান ঠাইত কিঞ্চিৎ বৃষ্টিপাত হয়।

আগতে প্ৰৱল ৰূপত হোৱা বৰষুণৰ দিনবোৰৰ স্মৃতি ৰোমন্থন কৰে প্ৰবীণ কৃষকসকলে। ‘আহাৰ মাহত আমি যেতিয়া আকাশত বিজুলী দেখো, তেতিয়া জানো যে বৰষুণ আহিব, তেতিয়া পথাৰত ততাতৈয়াকৈ ৰুটি তৈয়াৰ কৰি পথাৰৰ পামঘৰৰ ভিতৰত সোমাও।’ জাঠ সম্প্ৰদায়ৰ কৃষক ৫৯ বছৰীয়া গোৱৰ্দ্ধন সাহাৰানে কয়। গুজুৱাস গাঁৱত তেওঁৰ যুগ্ম পৰিয়ালৰ ১৮০ বিঘা (প্ৰায় ১২০ একৰ) কৃষিভূমি আছে। জাঠ আৰু চৌধুৰীসকল উভয়ে অন্যান্য পিছপৰা সম্প্ৰদায়ৰ (ও.বি.চি.), চুৰুৰ কৃষকসকলৰ ভিতৰত তেওঁলোক প্ৰভূত্বশীল। ‘আজিকালি কেতিয়াবা আকাশত বিজুলী দেখা যায়, আৰু বিজুলীৰ সামৰণি পৰে অনাবৃষ্টিৰে।’ সাহাৰনে কয়।

Bajrang Goswami and Raj Kaur (left) say their 'back has burnt with the heat', while older farmers like Govardhan Saharan (right) speak of the first rains of a different past
PHOTO • Sharmila Joshi
Bajrang Goswami and Raj Kaur (left) say their 'back has burnt with the heat', while older farmers like Govardhan Saharan (right) speak of the first rains of a different past
PHOTO • Sharmila Joshi

বজৰং গোস্বামী আৰু ৰাজ কৌৰ (বাওঁফালে)য়ে কয় যে ‘ৰ’দৰ তাপে তেওঁলোকৰ পিঠি পুৰি পেলায়,’ আৰু প্ৰবীণ খেতিয়ক গোৱৰ্দ্ধন সাহাৰানে (সোঁফালে) ভিন্ন অতীতৰ প্ৰথমজাক বৰষুণৰ স্মৃতি মনত পেলায়

‘আগতে আমি স্কুলত থাকোতে ক’লা ডাঁৱৰে উত্তৰফালে আকাশ ওন্দোলাই আনিলে আমি  বৰষুণ আহিব বুলি কওঁ আৰু প্ৰায় আধাঘণ্টাৰ ভিতৰত বৰষুণ দিবলৈ ধৰে।’ নিকটৱৰ্তী চিকাৰ জিলাৰ সাদিনসাৰ গাঁৱৰ ৮০ বছৰ  বয়সীয়া নাৰায়ন প্ৰসাদে কয়। ‘এতিয়া আকাশত ডাৱৰ দেখিলেও সেইবিলাক আঁতৰি যায়।’ তেওঁ পথাৰৰ বিচনা এখনত বহি থাকি কথাখিনি কৈ যায়। প্ৰসাদে তেওঁৰ ১৩ বিঘা খেতিপথাৰৰ মাজত এটা পকী টেংক তৈয়াৰ কৰিলে, বৰষুণৰ পানী জমা কৰিব বুলি তেওঁ ভাবিছিল (২০১৯ৰ নৱেম্বৰত মই যেতিয়া তেওঁক লগ পাইছিলো, এই টেংকটোত একো নাছিল।)

জুন মাহৰ শেষৰ ফালে বাৰিষাৰ প্ৰথমজাক বৰষুণ বাজৰাৰ বীজ সিঁচাৰ সময়ত অহাৰ পৰিৱৰ্তে কেইসপ্তাহমানৰ পিছত নিয়মীয়া বৰষুণ হয় আৰু প্ৰায় এমাহৰ আগতেই বৰষুণ বন্ধ হৈ যায়, অৰ্থাৎ আগস্তৰ শেষত, খেতিয়কসকলে কয়।

বৰষুণৰ সময়ৰ অনিশ্চয়তাৰ কাৰণে বাজৰা সিচাৰ আঁচনি-সময়সূচী নিৰ্ণয় কৰা কঠিন হৈ পৰিছে। ‘মোৰ ককাৰ দিনত তেওঁলোকে বতাহৰ গতি, চৰাইৰ মাত, গ্ৰহ-তৰাৰ অৱস্থানৰ পৰা গুটি সিচাঁৰ সময় নিৰ্ধাৰণ কৰিছিল,’ অমৃতা চৌধুৰীয়ে কয়।

‘আগৰ সেই অৱস্থাটো নিঃশেষ হ’ল,’ গোটেই পৰিৱৰ্তন প্ৰক্ৰিয়াটো সংক্ষেপতে লিখক-কৃষক দুলাৰাম সাহাৰনে এইদৰে কয়। তাৰানগৰ ব্লকৰ ভাৰাং গাঁৱৰ প্ৰায় ২০০ বিঘা মাটিত সাহাৰানৰ যৌথ পৰিয়ালে খেতি কৰে।

তাৰোপৰি বৰ্ষাকাল পলমকৈ আহি সোনকালে শেষ হ’বলৈ ধৰিছে, বৰষুণৰ প্ৰাৱল্য কমিছে, যদিওবা বাৰ্ষিক গঢ় বৰষুণৰ পৰিমাণ ঠিকে আছে। ‘এতিয়া বৰষুণৰ বল কমিছে,’ ধৰমপাল সাহাৰনে কয়। তেওঁ গাজুৱাসত ১২ বিঘা মাটিত খেতি কৰে। ‘কেতিয়া আহে,কেতিয়া নাহে, কোনেও একো ক’ব নোৱাৰে।’ বৰষুণ অনিয়মীয়া। ‘পথাৰত আনকি এটা ভাগত বৰষুণ দিয়ে, আনটোত নিদিয়ে,’ অমৃতাই কয়।

Left: Dharampal Saharan of Gajuvas village says, 'I am not sowing chana because there is no rain after September'. Right: Farmers in Sadinsar village speak of the changing weather – Raghubir Bagadiya (also a retired army captain), Narain Prasad (former high school lecturer) and Shishupal Narsara (retired school principal)
PHOTO • Sharmila Joshi
Left: Dharampal Saharan of Gajuvas village says, 'I am not sowing chana because there is no rain after September'. Right: Farmers in Sadinsar village speak of the changing weather – Raghubir Bagadiya (also a retired army captain), Narain Prasad (former high school lecturer) and Shishupal Narsara (retired school principal)
PHOTO • Sharmila Joshi

বাওঁফালেঃ গাজুৱাস গাঁৱৰ ধৰমপাল সাহাৰানে কয়, ‘ছেপ্টেম্বৰৰ পিছত বৰষুণ নোহোৱাৰ বাবে মই এইবাৰ বুটমাহ নিসিচিলো।’ সোঁফালেঃ পৰিৱৰ্তিত বতৰৰ কথা ক’লে সাদিনসাৰ গাঁৱৰ কৃষকসকলে- ৰজুৰীৰ বাগাদিয়া (অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন), নাৰায়ন প্ৰসাদ (হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক) আৰু শিশুপাল নৰসাৰা (বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ)

১৯৫১ৰ পৰা ২০০৭লৈ অতিমাত্ৰা বৃষ্টিপাতৰ উদাহৰণ আৰ.এছ.এ.পি.চি.চি.য়ে লিপিবদ্ধ কৰিছিল। কিন্তু পৰ্যবেক্ষণৰ পৰা এই সংস্থাই উল্লেখ কৰে যে ৰাজ্যখনৰ সামগ্ৰিক বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে আৰু ‘বতৰৰ পৰিৱৰ্তনৰ বাবে বাষ্পীভূত আৰ্দ্ৰতা বৃদ্ধি পাইছে।’

অক্টোবৰ মাহ আৰু জানুৱাৰী-ফেব্ৰুৱাৰী মাহত অলপ-অচৰপকৈ হোৱা কিনকিনিয়া বৰষুণৰ ওপৰত বৰ্ষাকালৰ পিছত চুৰুৰ কৃষকসকলে যথেষ্ট নিৰ্ভৰ কৰে, বৰ্ষা পৰৱৰ্তী এই সময়চোৱাত কৃষকসকলে বাদাম আৰু বাৰ্লিৰ দৰে ৰবিশস্যৰ খেতি কৰিছিল। এই কিনকিনিয়া বৰষুণবিলাক-‘পাকিস্তানৰ মাজেৰে সীমা অতিক্ৰম কৰি ইউৰোপ আৰু আমেৰিকাৰ পৰা চক্ৰবাৎ বৰষুণ আহিছিল’ এতিয়া প্ৰায় নোহোৱা হ’ল বুলি হৰদয়ালজীয়ে কয়।

তেনেকুৱা বৰষুণৰ পৰা বুটমাহৰ খেতিয়ে পানী পাইছিল। তাৰানগৰ দেশৰ ‘বুটমাহৰ খৰাহী’ বুলি জনাজাত আছিল। ইয়াৰ কৃষকৰ বাবে এয়া গৌৰৱ আছিল বুলি দুলাৰামে কয়। ‘বুটৰ উৎপাদন ইমানেই বেছি আছিল যে আমি চোতালত বুটমাহবিলাক দম কৰি থৈছিলো।’ এতিয়া সেই বুটৰ ভড়াল প্ৰায় উদং। ‘২০০৭ৰ প্ৰায় পিছত ছেপ্টেম্বৰৰ পৰা বৰষুণ নোহোৱাৰ বাবে মই নিজে বুটমাহৰ খেতি নকৰা হ’লো।’ ধৰমপালে কয়।

নৱেম্বৰত যেতিয়া তাপমান হ্ৰাস পাবলৈ ধৰে, তেতিয়া চুৰুৰ বুটমাহৰ খেতিৰ গজালি মেলে। কিন্তু দিন যোৱাৰ লগে লগে ইয়াৰ শীতকালৰো পৰিৱৰ্তন ঘটিছে।

*****

আৰ.এছ.এ.পি.চি.চি.ৰ প্ৰতিবেদন মতে জম্মু আৰু কাশ্মীৰৰ পিছত দেশৰ সৰ্বাধিক শীতপ্ৰৱাহ ৰাজস্থানত হ’বলৈ ধৰিছে। ১৯০১ৰ পৰা ১৯৯৯ (১৯৯৯ৰ পিছত পৰিসংখ্যা এতিয়াও নাই), প্ৰায় এটা শতিকাত ১৯৫ টা শীতপ্ৰৱাহ হৈছে। সৰ্বাধিক তাপমাত্ৰাৰে ৰাজস্থানত উত্তাপ বৃদ্ধিৰ প্ৰৱণতা এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে, লগতে ২০২০ৰ ফেব্ৰুৱাৰীত চুৰুৰ তাপমাত্ৰা ৪.১ লৈ নিম্নগামী হৈ ভাৰতৰ সমতলৰ সৰ্বনিম্ন তাপমাত্ৰাও চুৰুত পৰিলক্ষিত হৈছিল।

এতিয়াও চুৰুৰ বহুতো লোকে তেওঁলোকে আগতে পোৱা শীতকাল এতিয়া নাই বুলি ভাবে, ‘মই যেতিয়া সৰু আছিলো (প্ৰায় ৫০ বছৰৰ আগতে) নৱেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে আমি লেপ ল’বলগা হৈছিল। পুৱা ৪ বজাত পথাৰলৈ আহিবলগা হ’লে মই কম্বল এখন লৈ আহিছিলো।’ গাজুভা গাঁৱৰ গোৱৰ্দ্ধন সাহাৰানে কয়। খেজুৰ গছৰ মাজত চপাই থোৱা বাজৰাৰ মাজত বহি তেওঁ কয়, ‘এতিয়া নৱেম্বৰ মাহত এটা গেঞ্জী পিন্ধি আছো, তথাপি বেছি গৰম লাগিছে।’

Prof. Isran (left) of Churu town says: 'The entire summer has expanded'. Amrita Choudhary (right) of the Disha Shekhawati organisation in Sujangarh says, 'Even in this hot region, the heat is increasing'
PHOTO • Sharmila Joshi
Prof. Isran (left) of Churu town says: 'The entire summer has expanded'. Amrita Choudhary (right) of the Disha Shekhawati organisation in Sujangarh says, 'Even in this hot region, the heat is increasing'
PHOTO • Sharmila Joshi

চুৰু চহৰৰ অধ্যাপক ইছৰানে (বাওঁফালে) কয়ঃ ‘গোটেই গ্ৰীষ্মৰ কালচোৱা সম্প্ৰসাৰিত হৈছে,’ অমৃতা চৌধুৰী (সোঁফালে)- সুজনগড়ৰ তেওঁৰ দিশা শেখাৱতী নামৰ এটা সংস্থা আছে, তেওঁ কয়ঃ ‘এই উত্তপ্ত অঞ্চলত উত্তাপ বৃদ্ধি পাই আছে।‘

‘আগতে মোৰ এই সংস্থাটোৱে যেতিয়া মাৰ্চ মাহত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছিল, আমি ছুৱেটাৰ পিন্ধিবলগা হৈছিল,’ অমৃতা চৌধুৰীয়ে কয়। ‘এতিয়া ফেনৰ বতাহ ল’বলগা হয়। প্ৰতিবছৰে বতৰৰ পৰিস্থিতি সম্পৰ্কে পূৰ্বানুমান কৰা অসম্ভৱ হৈ পৰিছে।’

সুজানগড় চহৰৰ অংগনবাদী কৰ্মী সুশীলা পুৰোহিতে ৩-৫ বছৰীয়া ল’ৰা-ছোৱালীকেইটামানলৈ আঙুলিয়াই কয়, ‘সিহঁতক শীতৰ কাপোৰ পিন্ধোৱা হৈছে, কিন্তু এই নৱেম্বৰ মাহতো যথেষ্ট গৰম আছে। সিহঁতক কি পিন্ধিবলৈ ক’ম, আমি নিজেই নিশ্চিত নহয়।’

চুৰুৰ ৮৩ বছৰ বয়সীয়া মাধৱ শৰ্মা এজন  স্তম্ভলেখক আৰ লেখক, তেওঁ কয়, ‘কম্বল আৰু কোটৰ দিন উকলিছে।’

*****

প্ৰসাৰিত গ্ৰীষ্মই কম্বল-কোটৰ দিনবিলাক গ্ৰাস কৰিছে। ‘অতীতত বসন্তকালকে ধৰি আমি চাৰিটা ঋতু পাইছিলো,’ মাধৱীয়ে কয়। ‘এতিয়া এটা প্ৰধান ঋতু, সেইটো হ’ল গ্ৰীষ্ম। বছৰৰ প্ৰায় আঠ মাহ এই ঋতু দেখা যায়। দীৰ্ঘকালীন গ্ৰীষ্মৰ ই এক পৰিৱৰ্তন।’

‘আগতে মাৰ্চ মাহত ঠাণ্ডা লাগিছিল। এতিয়া ফেব্ৰুৱাৰীৰ প্ৰায় শেষৰ পৰাই গৰম আৰম্ভ হয়। আগষ্ট মাহতে শেষ হ’বলগা গৰম এতিয়া আক্টোবৰ বা তাৰ পিছতো থাকে।’ তাৰানগৰৰ কৃষিক্ষেত্ৰৰ সমাজকৰ্মী নিৰ্মল প্ৰজাপতিয়ে কয়।

গ্ৰীষ্মকাল বেছি দীঘল হোৱাৰ বাবে চুৰুৰ খেতি পথাৰৰ কামৰ সময়ৰো সলনি হৈছে বুলি প্ৰজাপতিয়ে কয়। কৃষক আৰু কৃষিশ্ৰমিকসকলে প্ৰচণ্ড উত্তাপৰ পৰা ৰক্ষা পাবলৈ একেবাৰে কাহিলিপুৱাতে পুৱা আৰু সূৰ্যাস্তৰ সময়ত কাম কৰে।

ইয়াৰ উপৰি এই প্ৰসাৰিত উত্তাপ নেৰানেপেৰা। কোনো কোনো লোকে আগৰ কথা মনত পেলাই কয়, বলুকাপ্ৰৱাহ প্ৰায় প্ৰতি সপ্তাহতে গাঁৱৰ মাজেৰে প্ৰৱাহিত হয় আৰু সকলোতে বালিৰ চামনি এৰি থৈ যায়। ৰেলৰ আলি বালিয়ে পুতি পেলায়, এঠাইৰ পৰা আন ঠাইলৈ বালিৰ দ’মবিলাক সলনি হৈ থাকে। চোতালত শুই থকা এজন কৃষককো বালিয়ে ঢাকি থৈ যাব পাৰে। ‘পশ্চিম দিশৰ পৰা অহা বতাহে বলুকাপ্ৰৱাহৰ সৃষ্টি কৰে।’ অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষক হৰদয়ালজীয়ে এনেদৰে ৰোমন্থন কৰে আগৰ কথা। ‘বালিয়ে আমাৰ ঘৰ পুতি পেলাব পাৰে। এতিয়া তেনে ধৰণৰ বালিৰ প্ৰৱাহ ইয়াত দেখা নাযায়।’

Left: The Chakravat drizzles have mostly disappeared, says Hardayalji Singh, retired teacher and landowner. Centre: Sushila Purohit, anganwadi worker in Sujangarh, says 'It is still hot in November. Right: Nirmal Prajapati, farm activist in Taranagar, says work hours have altered to adapt to the magnifying summer
PHOTO • Sharmila Joshi
Left: The Chakravat drizzles have mostly disappeared, says Hardayalji Singh, retired teacher and landowner. Centre: Sushila Purohit, anganwadi worker in Sujangarh, says 'It is still hot in November. Right: Nirmal Prajapati, farm activist in Taranagar, says work hours have altered to adapt to the magnifying summer
PHOTO • Sharmila Joshi
Left: The Chakravat drizzles have mostly disappeared, says Hardayalji Singh, retired teacher and landowner. Centre: Sushila Purohit, anganwadi worker in Sujangarh, says 'It is still hot in November. Right: Nirmal Prajapati, farm activist in Taranagar, says work hours have altered to adapt to the magnifying summer
PHOTO • Sharmila Joshi

বাওঁফালেঃ কিনকিনিয়া বৰষুণ প্ৰায় নোহোৱা হ’ল, অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৃষিভূমিৰ গৰাকী হৰদয়ালে কয়। মাজতঃ সুজানগড়ৰ অংগনবাদী কৰ্মী সুশীলা পুৰোহিতে কয়ঃ ‘নৱেম্বৰ মাহত এতিয়াও গৰম। সোঁফালেঃ তাৰানগৰৰ কৃষক সমাজকৰ্মী নিৰ্মল প্ৰজাপতিয়ে কয়, গ্ৰীষ্মৰ প্ৰসাৰৰ বাবে পথাৰত কাম কৰাৰ সময়ো সলনি হৈছে’

ধূলিৰ ধুমুহাবিলাক কেতিয়াবা ‘লু’ৰ লগত একাকাৰ হৈ পৰে। লু হৈছে শুকান, গৰম আৰু প্ৰচণ্ড বেগেৰে অহা বতাহ। সাধাৰণতে মে’ মাহ আৰু জুন মাহত গ্ৰীষ্মকালত একেবাৰে মাজভাগত এই বতাহ বলে, কেইবাঘণ্টা ধৰি ই থাকে। বলুকা প্ৰৱাহ আৰু লু যেতিয়া ৩০ বছৰৰ আগতে চুৰুত নিয়মীয়াকৈ বলিবলৈ আৰম্ভ কৰিছিল, ই তাপমাত্ৰা নিম্নগামী হোৱাত সহায় কৰিছিল। নিৰ্মলে কয়, ‘বালিৰ প্ৰৱাহৰ ফলত মিহি বালিৰ চামনি পৰিছিল, ই মাটিৰ উৰ্বৰা ক্ষমতা বৃদ্ধিত সহায় কৰিছিল।’ এতিয়া প্ৰচণ্ড উত্তাপৰ মাজত আৱদ্ধ হ’বলগা হৈছে। পাৰাস্তম্ভ ৪০ ডিগ্ৰী চেলছিয়াছতে আৰম্ভ হৈ ৰৈ যায়। ‘২০১৯ৰ এপ্ৰিলত ৫-৭ বছৰমানৰ পিছতে এবাৰ বালিৰ প্ৰৱাহ আহিছিল।’ তেওঁ মনত পেলাবলৈ চেষ্টা কৰে।

ৰুদ্ধ তাপে গ্ৰীষ্মকাল দীঘলীয়া কৰি ইয়াক যন্ত্ৰণাদায়ক কৰিছে। ‘ৰাজস্থানত আমি উত্তপ্ত গ্ৰীষ্মৰ সৈতে অভ্যস্ত। কিন্তু জীৱনত প্ৰথমবাৰৰ বাবে ইয়াৰ কৃষকসকলে উত্তাপৰ ফলত ভীতিবিহ্বল হৈ পৰিছে।’ তাৰানগৰৰ কৃষকৰ সমাজকৰ্মী তথা হৰদয়ালজীৰ পুত্ৰ উমৰাও সিঙে কয়।

****

তাপমাত্ৰা ৫০ ডিগ্ৰী চেলছিয়াছ বা ইয়াতকৈ বেছি ৰাজস্থানত ২০১৯ৰ জুনতেই প্ৰথম হোৱা নাই। ১৯৯৩ৰ জুনত চুৰুৰ তাপমাত্ৰা ৪৯.৮ ডিগ্ৰী চেলছিয়াছ হৈছিল। বতৰ বিজ্ঞান কেন্দ্ৰৰ জয়পুৰৰ ৰেকৰ্ডৰ পৰা জানিব পৰা গৈছে। ১৯৯৫ৰ মে’ মাহত বাৰ্মাৰত ইয়াক চেৰাই গৈ ০.১ ডিগ্ৰী বৃদ্ধি পালে। বহু আগতে, ১৯৩৪ৰ জুনত গংগানগৰে ৫০ ডিগ্ৰী স্পৰ্শ কৰিছিল আৰু ১৯৫৬ৰ মে’ মাহত আলৱাৰৰ তাপমাত্ৰাই ৫০.৬ ডিগ্ৰীৰ সীমা স্পৰ্শ কৰিছিল।

আন্তৰ্জাতিক শ্ৰমিক সংস্থা (আই.এল.অ’)ৰ ২০১৯ৰ এক টোকা মতে আৰৱ ৰাষ্ট্ৰৰ কিছুমান অঞ্চলত তাপমাত্ৰা ৫০ ডিগ্ৰী চেলছিয়াছ বা ততোধিক হোৱাকে ধৰি বিশ্বৰ আন আন ঠাইত তাপমাত্ৰা বৃদ্ধি পালেও সংবাদমাধ্যমৰ প্ৰতিবেদনত ২০১৯ৰ আগভাগত কোৱা হৈছিল যে চুৰু পৃথিৱীৰ অন্যতম উত্তপ্ত স্থান। উক্ত প্ৰতিবেদনত গোলকীয়া তাপমানৰ ক্ৰমবৰ্দ্ধিত ৰূপৰ কথা উল্লেখ কৰি ‘অধিক উত্তপ্ত পৃথিৱী পৰ্যবেক্ষণ ’ত কোৱা হৈছে যে ২০২৫ৰ পৰা ২০৮৫ৰ ভিতৰত ভাৰতৰ তাপমান ১.১ ডিগ্ৰীৰ ৰা সৰ্বোচ্চ ৩ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাব।

বতৰ পৰিৱৰ্তন সম্পৰ্কে গঠিত আন্তঃচৰকাৰী সমিতি তথা আন উৎসসমূহে প্ৰকাশ কৰা মতে ২১ শতিকাৰ শেষত পশ্চিম ৰাজস্থানৰ সমগ্ৰ মৰুভূমি অঞ্চল (১৯.৬১ নিযুত হেক্টৰ)ৰ দিনৰ তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগতে নিশাবিলাক গৰম হ’ব আৰু বৰষুণ হ্ৰাস পাব।

‘অধিক তাপমাত্ৰাৰ সৈতে ইযাৰ মানুহ অভ্যস্ত বুলি মন্তব্য কৰে চুৰু চহৰৰ ডা. সুনীল জান্দুৱে, ’৪৮ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হোৱাৰ পিছত এক ডিগ্ৰীকৈ তাপমাত্ৰাৰ বৃদ্ধি অৱশ্যে উদ্বেগৰ বিষয়।’ তেওঁ কয় যে মানুহৰ দেহত ৪৮ ডিগ্ৰীৰো অধিক তাপমাত্ৰাৰ ব্যাপক ক্ষতিকাৰক প্ৰভাৱ পৰে- ক্লান্তিবোধ, অনাৰ্দ্ৰতা, বৃক্কৰ পাথৰ (তাপৰ ফলত শৰীৰৰ ক্ৰিয়া বন্ধ হোৱা)ৰ উপৰি বমি কৰাৰ প্ৰৱণতা, মূৰ ঘুৰোৱা আদি বিভিন্ন ধৰণ সমস্যাৰ সৃষ্টি হয়। ইয়াৰ উপৰি জিলা প্ৰজনন আৰু শিশু স্বাস্থ্য বিষয়া ডা. জান্দুৱে কয় যে ২০১৯ৰ মে’-জুন মাহত এনেধৰণৰ শাৰীৰিক সমস্যা বৃদ্ধি হোৱা তেওঁ দেখা নাই। তদুপৰি সেই সময়চোৱাত তাপপ্ৰৱাহৰ বাবে কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য চুৰুত লাভ কৰা নাই বুলি তেওঁ কয়।

ভয়াৱহ তাপমানৰ বিপদৰ কথাও আই.এল.অ’ৰ প্ৰতিবেদনত কোৱা হৈছেঃ ‘বতৰ পৰিৱৰ্তনৰ ফলত হোৱা গোলকীয় তাপমাত্ৰাৰ বৃদ্ধি সাধাৰণতে দেহত তাপৰ চাপ সৃষ্টি কৰে- শৰীৰে সহ্য কৰিব পৰাতকৈ অধিক তাপমান দেহত পৰিলে শাৰীৰিক দুৰ্বলতা বৃদ্ধি পায়...। অত্যাধিক তাপৰ মাজত ওলাব লগা হ’লে হিটষ্ট্ৰোক হ’ব পাৰে। কেতিয়াবা ইয়াৰ পৰিণতি অধিক ভয়ানক হ’ব পাৰে।‘

Writer-farmer Dularam saharan (left) of Bharang village at the house of well-known veteran columnist Madhavji Sharma, in Churu town: 'Kambal and coat ka jamaana chala gaya'
PHOTO • Sharmila Joshi

চুৰু চহৰৰ প্ৰখ্যাত স্তম্ভলেখক মাধৱজী শৰ্মাৰ বাসভৱনত ভাৰাং গাঁৱৰ কৃষক তথা লেখক দুলাৰাম সাহাৰান (বাঁওফালে): ‘কম্বল আৰু কোট পিন্ধা দিনবিলাক নোহোৱা হ’ল’

উক্ত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দক্ষিণ এছিয়া আগন্তুক সময়ত অতিশয় ক্ষতিগ্ৰস্ত হ’ব আৰু তাপমান বৃদ্ধিৰ বলি হোৱা দেশবিলাকত দৰিদ্ৰতাৰ হাৰ বৃদ্ধি পাব, অনানুষ্ঠানিক নিয়োগ বৃদ্ধি পাব আৰু জীৱিকা নিৰ্ভৰ কৃষিত প্ৰভাৱ পেলাব।

ক্ষতিকাৰক সকলো প্ৰভাৱ খুব শীঘ্ৰে বা সহজে দেখা নাযাব- খুব নাটকীয়ভাৱে চিকিৎসালয়লৈ গৈ ভিৰ কৰিবলগা অৱস্থা দেখা নাযাব।

আন সমস্যাৰ লগত একাকাৰ হৈ তাপৰ চাপে ‘এক কাৰক হিচাপে কৃষিশ্ৰমিকসকলক গ্ৰামাঞ্চল এৰিবলৈ প্ৰণোদিত কৰিব... (আৰু) ২০০৫-২০১৫ৰ সময়খিনিত হোৱা শ্ৰমিক প্ৰব্ৰজনৰ সোঁতৰ লগত তাপমাত্ৰা বৃদ্ধিয়ে সৃষ্টি কৰা চাপৰ প্ৰভাৱ আছে। পূৰ্বৱৰ্তী ১০ বছৰৰ সময়চোৱাত এই প্ৰৱণতা পৰ্যবেক্ষণ কৰা হৈছে।’ আই.এল.অ’.ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ‘গ্ৰাম্য কৃষিশ্ৰমিক পৰিয়ালবিলাকে প্ৰব্ৰজনৰ সিদ্ধান্ত লোৱাৰ লগত বতৰ পৰিৱৰ্তন জডি়ত হৈ আছে (গুৰুত্ব প্ৰদান কৰা হৈছে)।’

চুৰু জিলাতো কৃষি উৎপাদন হ্ৰাস পোৱাৰ বাবে উপাৰ্জন হ্ৰাস পাইছে। বৰ্ষাৰ বৰষুণ ছেগা-চোৰোকাকৈ হোৱাও উৎপাদন হ্ৰাসৰ কাৰণ, এনে এলানি সমস্যাই প্ৰব্ৰজিত হ’বলৈ বাধ্য কৰাইছে। অতীতত, ‘আমাৰ মাটিত ৩,৭৫০ কিলোগ্ৰাম বাজৰা উৎপাদন কৰিছিলো। এতিয়া ৮০-১২০ কিলোগ্ৰামলৈ নিম্নগামী হৈছে। ভাৰাং গাঁৱত সম্ভৱ এতিয়া ৫০ শতাংশ পৰিয়ালে কৃষিকাৰ্য চলাই আছে, আনসকলে কৃষিকাৰ্য এৰি প্ৰব্ৰজিত হৈছে,’ দুলাৰাম সাহৰানে কয়।

গাজুৱাস গাঁৱত ধৰমপাল সাহৰানে কয় যে তেওঁৰ পথাৰতো শস্যৰ উৎপাদন বৰকৈ হ্ৰাস পাইছে। সেই কাৰণে কেইবছৰমানৰ পৰা তেওঁ জয়পুৰ বা গুজৰাটৰ কোনো চহৰলৈ গৈ বছৰত ৩-৪ মাহমান টেম্পো চালকৰ কাম কৰে।

অধ্যাপক ইছৰানেও লক্ষ্য কৰে যে চুৰুত কৃষিৰ উৎপাদন হ্ৰাস পোৱাৰ ফলত হোৱা উপাৰ্জনৰ ক্ষতিপূৰণ কৰিবলৈ বহুতো লোক উপসাগৰীয় দেশলৈ প্ৰব্ৰজিত হয় বা কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু পাঞ্জাৱৰ কাৰখানাত কাম কৰিবলৈ প্ৰব্ৰজন কৰে। (চৰকাৰী নীতিৰ ফলত গৰুৰ ব্যৱসায় ধ্বংসমুখী হোৱাও ইয়াৰ আন এক অধ্যায়।)

বৰ্দ্ধিত তাপমাত্ৰাৰ বাবে অহা ১০ বছৰত ‘৮ কোটি পূৰ্ণকালীন কৰ্মসংস্থানহীনতাৰ সমপৰিমাণৰ উৎপাদনহীনতা’ বিশ্বই পৰিলক্ষিত কৰিবলগা হ’ব বুলি আই.এল.অ’ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। একবিংশ শতিকাৰ শেষাৰ্ধৰ ফালে যদি গোলকীয় তাপমাত্ৰা ১.৫ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব পাৰে।

*****

চুৰুত কিয় জলবায়ু পৰিৱৰ্তন হৈছে?

অধ্যাপক ইছৰানে মাধৱ শৰ্মাৰ দৰে পাৰিপাৰ্শ্বিক প্ৰদূষণৰ কথা কয়। অৱৰুদ্ধ তাপে বতৰৰ গতিবিধি সলনি কৰে। ‘গোলকীয় তাপমাত্ৰাৰ বাবে উত্তাপ বৃদ্ধি পাইছে। তদুপৰি বৰ্দ্ধিত কংক্ৰিটৰ কাম-কাজ আন এক কাৰণ। বনাঞ্চল সংকুচিত হৈছে, যানবাহন বৃদ্ধি পাইছে।’ তাৰানগৰ তহচিলৰ অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ অধ্যক্ষ আৰু কৃষক ৰামস্বৰূপ সাহৰানে কয়।

'After around 48 degrees Celsius,” says Dr. Sunil Jandu (left) in Churu town, even to people used to very high heat, 'every rise by a degree matters a lot'. Ramswaroop Saharan of Bhaleri village attributes the growing heat to global warming
PHOTO • Sharmila Joshi
'After around 48 degrees Celsius,” says Dr. Sunil Jandu (left) in Churu town, even to people used to very high heat, 'every rise by a degree matters a lot'. Ramswaroop Saharan of Bhaleri village attributes the growing heat to global warming
PHOTO • Sharmila Joshi

‘তাপমাত্ৰা প্ৰায় ৪৮ ডিগ্ৰী চেলছিয়াছ হোৱাৰ পিছত তাপমাত্ৰাৰ প্ৰতি ডিগ্ৰী অতি গুৰুত্বপূৰ্ণ বিষয়’ যদিও ইয়াৰ মানুহে অত্যাধিক উত্তাপৰ সৈতে অভ্যস্ত বুলি কয় চুৰু চহৰত ডা. সুনীল জানুৱে। বৰ্দ্ধিত তাপমানৰ পৰা গোলকীয় উত্তাপ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ভালেৰি গাঁৱৰ ৰামস্বৰূপ সাহৰানে।

‘উদ্যোগ, কল-কাৰখানা বৃদ্ধি পাইছে, শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ ব্যৱহাৰ বাঢ়িছে, গাড়ীৰ ব্যৱহাৰো বাঢ়িছে, পৰিৱেশ প্ৰদূষিত হৈছে। এই সকলোবোৰে গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে।’ জয়পুৰত থাকি কাম কৰা জ্যেষ্ঠ সাংবাদিক নাৰায়ন বাৰেঠে কয়।

কিছুমান ক্ষেত্ৰত মৰুভূমিৰ ‘প্ৰৱেশ পথ’ বুলি কোৱা চুৰু হয়তো জলবায়ুৰ পৰিৱৰ্তনৰ বিস্তৃত গোলকীয় শৃংখল এক যোগসূত্ৰ। ১৯৭০ৰ পিছত সমগ্ৰ বিশ্বত সেউজগৃহ গেছৰ নিৰ্গমনৰ বৃদ্ধি সম্পৰ্কে জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কীয় ৰাজস্থান ৰাজ্যিক কৰ্ম আঁচনিত আলোচনা কৰা হৈছে। সেউজগৃহ গেছে সৃষ্টি কৰা পৰিৱৰ্তনসমূহক ব্যাপক হাৰত ইন্ধন যোগোৱা যিবোৰ কাৰকে ৰাজস্থানৰ উপৰি দেশৰ আন প্ৰান্ততো প্ৰভাৱ পেলাইছে, সেইবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। শক্তিখণ্ডৰ ব্যাপক কামকাজৰ পৰা, বৰ্দ্ধিত জৈৱ ইন্ধনৰ ব্যৱহাৰ, কৃষিক্ষেত্ৰৰ পৰা হোৱা নিৰ্গমন, উদ্যোগিক প্ৰক্ৰিয়াৰ বিকাশ আৰু ভূমিৰ ব্যৱহাৰ, ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন তথা অৰণ্যৰ বাবেও এনে কাৰকবোৰৰ উৎপত্তি হৈছে। এই সকলো বতৰ পৰিৱৰ্তনৰ জটিল কৰ্মকাণ্ডৰ চিৰ পৰিৱৰ্তিত যোগসূত্ৰ।

চুৰুৰ গাওঁবিলাকৰ মানুহে সেউজগৃহ গেছৰ কথা নকয়, কিন্তু তেওঁলোকে ইয়াৰ প্ৰভাৱৰ মাজেৰে জীয়াই আচে। ‘আগতে ফেন বা কুলাৰ নোহোৱাকৈ নোহোৱাকৈ আমি উত্তাপৰ মাজত থাকিব পাৰিছিলো। কিন্তু এতিয়া এইবিলাক নোহোৱাকৈ জীয়াই থাকিব নোৱাৰো,’ হৰদয়ালজীয়ে কয়।

অমৃতাই কয়, ‘দৰিদ্ৰ পৰিয়ালে ফেন আৰু কুলাৰ ক্ৰয় কৰিব নোৱাৰে। অসহ্য গৰমে ডায়েৰীয়া আৰু বমি হোৱা ৰোগৰ সৃষ্টি কৰিছে (আন ক্ষতিকাৰক প্ৰভাৱৰ উপৰি) আৰু চিকিৎসকৰ ওচৰলৈ যোৱা মানে তেওঁলোকৰ খৰছো বৃদ্ধি পোৱা।’

দিনটো পথাৰত কাম কৰি আবেলি সুজানগড়ৰ ঘৰলৈ যোৱা বাছত উঠাৰ আগতে ভাগৱানী দেৱীয়ে কয়, ‘প্ৰচণ্ড উত্তাপত কাম কৰা বৰ কষ্টকৰ। বমি ভাৱ আহে, মূৰ কামোৰণি হয়। তেনেকুৱা হ’লে আমি গছৰ ছায়াত জিৰণি লও, নেমুপানী খাও… আকৌ কাম আৰম্ভ কৰো।’

অকপট সহায়-সাৰথি আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঃ জয়পুৰৰ নাৰায়ন বােঠ, তাৰানগৰৰ নিৰ্মল প্ৰজাপতি আৰু উমৰাও সিং, সুজানগড়ৰ অমৃতা চৌধুৰী আৰু চুৰু চহৰৰ ডলীপ সাৰাৱাগলৈ।

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

Reporter : Sharmila Joshi

شرمیلا جوشی پیپلز آرکائیو آف رورل انڈیا کی سابق ایڈیٹوریل چیف ہیں، ساتھ ہی وہ ایک قلم کار، محقق اور عارضی ٹیچر بھی ہیں۔

کے ذریعہ دیگر اسٹوریز شرمیلا جوشی

پی سائی ناتھ ’پیپلز آرکائیو آف رورل انڈیا‘ کے بانی ایڈیٹر ہیں۔ وہ کئی دہائیوں تک دیہی ہندوستان کے رپورٹر رہے اور Everybody Loves a Good Drought اور The Last Heroes: Foot Soldiers of Indian Freedom کے مصنف ہیں۔

کے ذریعہ دیگر اسٹوریز پی۔ سائی ناتھ
Series Editors : P. Sainath

پی سائی ناتھ ’پیپلز آرکائیو آف رورل انڈیا‘ کے بانی ایڈیٹر ہیں۔ وہ کئی دہائیوں تک دیہی ہندوستان کے رپورٹر رہے اور Everybody Loves a Good Drought اور The Last Heroes: Foot Soldiers of Indian Freedom کے مصنف ہیں۔

کے ذریعہ دیگر اسٹوریز پی۔ سائی ناتھ
Series Editors : Sharmila Joshi

شرمیلا جوشی پیپلز آرکائیو آف رورل انڈیا کی سابق ایڈیٹوریل چیف ہیں، ساتھ ہی وہ ایک قلم کار، محقق اور عارضی ٹیچر بھی ہیں۔

کے ذریعہ دیگر اسٹوریز شرمیلا جوشی
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das