মহম্মদ গৌছিউদ্দিন আজীমৰ দোকানত ৰং-বিৰঙী কাগজ, বিয়াৰ নিমন্ত্ৰণী পত্ৰ আৰু পোষ্টাৰ আদি এডাল ৰছীত পিন মাৰি ওলমাই থোৱা আছে। সদায় পুৱা উকা কাগজৰ ওপৰত তেওঁ শুকান খাগৰিৰ কালাম (কলম) এটাৰে উৰ্দু ভাষাত আল্লাহ্ বুলি লিখে। এনেদৰেই তেওঁৰ দিনটো আৰম্ভ হয়। ‘মই ২৮ বছৰ ধৰি হস্তলিপিৰ কাম কৰি আহিছোঁ। ছৌডি আৰৱত থাকি মই এই কাম শিকিছিলোঁ। ১৯৯৬ত ভাৰতলৈ ঘুৰি আহি এইখন দোকান খোলো,’ তেওঁ কয়।
৪৪ বৰ্ষীয় আজীম হায়দৰাবাদত থাকে। চাৰমিনাৰৰ নিকটৱৰ্ত্তী চাট্টা বজাৰৰ তিনিমহলীয়া অট্টালিকা এটাত থকা জামাল মাৰ্কেটত তেওঁৰ দোকান। চহৰখনত সেইখন বজাৰ বহু পুৰণি বজাৰৰ মাজৰ এখন। বজাৰখন শতিকা পুৰণি খট্টাটি (উৰ্দু আৰু আৰৱী হস্তলিপি শিল্প) সাধনা কৰা ছপাশালৰ দোকানৰ বাবে জনাজাত।
দাক্ষিণাত্যত হস্তলিপি শিল্প অৰ্থাত খট্টাটি শিল্প কুটুব শ্বাহী সাম্ৰাজ্যৰ (১৫১৮-১৬৮৭) দিনৰে পৰা চলি আহিছে। বুৰঞ্জী মতে এই শিল্পৰ সাধকে (খট্টাট বা কাটিবচ বুলিও কয়) ধৰ্মগ্ৰন্থ কোৰানখন আৰৱী আৰু উৰ্দু ভাষাত খোদিত কৰিছিল। হাতে লিখা কেইখনমান কোৰাণ হায়দৰাবাদৰ ভিতৰে-বাহিৰে সংগ্ৰাহলয়ত আছে। কুটুব শ্বাহী শাসনকালত নিৰ্মিত কীৰ্তিস্তম্ভবোৰতো খট্টাটি ৰ নিদৰ্শন দেখা পোৱা যায়। আজিকালি মানুহে উৰ্দু হস্তলিপি শিল্পী বা খুচ খাট (ভাল হাতৰ আখৰ)ৰ কাম বিশেষ সকাম থাকিলেহে বিচাৰে আৰু পাকৈত হস্তলিপি শিল্পীৰ সন্ধানত চাট্টা বজাৰলৈ আহে। উৰ্দু বিদ্যালয় আৰু মাদ্ৰাছাবোৰেও লগ’ৰ কাৰণে ডিজাইন বনাবলৈ ইয়ালৈ আহে।
আজীমৰ চৌপাশটো ব্যস্ততাপূৰ্ণ। কাগজ জাপি থকা কৰ্মী, চিঞৰি-বাখৰ কৰি দৰদামত ব্যস্ত গ্ৰাহক, ছপাশালৰ যান্ত্ৰিক কোলাহলৰ মাজতে তেওঁ নীৰৱে নিজৰ কাম কৰি যায়। ‘মোক যদিওবা হস্তলিপি শিল্পৰ গুৰু বুলি মানুহে কয়, তথাপি মই নিজকে এই কলাৰ শিকাৰু বুলিয়েই ভাবো,’ তেওঁ কয়। ‘খট্টাটি মানেই হৈছে ব্যাকৰণ। প্ৰত্যেকটো ফণ্ট, প্ৰতিটো বৰ্ণ এটা নিয়মত লিখিব লাগে- উচ্চতা, পুতল, গভীৰতা আৰু প্ৰত্যেকটো বিন্দুৰ মাজৰ খালী ঠাই ইয়াত গুৰুত্বপূৰ্ণ। আপুনি ব্যাকৰণ ভুল নকৰাকৈ কেনেদৰে কলম পকাইছে, তাৰ ওপৰতে বৰ্ণৰ সৌন্দৰ্য নিৰ্ভৰ কৰে। নিপুণ হাতৰ সঞ্চালনেই এই শিল্পৰ সাৰ।’







