“আমাক এনেকৈ তিল তিলকৈ মৰাতকৈ নেদেখাজনে সকলোকে একেলগে মাৰি নিব পাৰিলেহেঁতেন,” ২৬ মে’ৰ প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত অহা প্ৰৱল ঢৌৱে সুন্দৰবনৰ মৌচুনী দ্বীপ থানবান কৰি পেলোৱাত গৃহহাৰা কৃষক আজহাৰ খানে দুখেৰে কয়।
বংগ উপকূলত সিদিনাৰ প্ৰৱল জোৱাৰ-ভাটা আৰু চক্ৰবাতে মুড়িগংগা নদীত প্ৰচণ্ড উজান আনে। সেই ঢৌ আনদিনাতকৈ ১-২ মিটাৰ ওপৰলৈ উঠিছিল। নদীৰ পানীয়ে মথাউৰি ভাঙে আৰু দাঁতিকাষৰীয়া অঞ্চলবোৰ ডুবাই পেলোৱাত ঘৰ-বাৰী, খেতি-বাতিৰ প্ৰচুৰ ক্ষতিসাধন হয়।
২৬ মে’ৰ দিনা বেলি ভাতি দিয়াৰ ঠিক আগে আগে ওড়িশাৰ বালাশোৰৰ কাষত, মৌচুনীৰ দক্ষিণ-পশ্চিম দিশে প্ৰায় ৬৫ সামূদ্ৰিক মাইল দূৰত ইয়াছ ঘূৰ্ণীবতাহৰ স্থলাগম ঘটে। তাৰ লগে লগে প্ৰৱল ধুমুহাৰ সৃষ্টি হয়। এই প্ৰচণ্ড চক্ৰবাতীয় ধুমুহাই ঘণ্টাত ১৩০-১৪০ কিলোমিটাৰ বেগত গতি কৰিছিল।
“আমি ধুমুহা অহা দেখিছিলো আৰু ভাবিছিলো যে আমাৰ ঘৰৰ বস্তু-বাহিনী নিবলৈ সময় পাম। কিন্তু তেনেতে গাঁৱৰ ভিতৰলৈ হোৰাহোৰে পানী সোমাই আহিল,” বাঘদাঙা মৌজা(গাওঁ)ৰ মাজুৰা বিবিয়ে কয়। মৌচুনীৰ পশ্চিমে মুড়িগংগা নদীৰ মথাউৰিৰ কাষত তেওঁৰ ঘৰ। “আমি প্ৰাণৰ মমতাত দৌৰিলো, কিন্তু আমাৰ বস্তু-বাহিনী বচাব নোৱাৰিলো। আমাৰ বহুতেই প্ৰাণ বচাবলৈ গছৰ ওপৰত উঠিল।”
বাঘদাঙা, বালিয়াৰা, কুসুমতালা আৰু মৌচুনী- এই চাৰিখন গাঁৱলৈ নাও আৰু ফেৰি নেৰেনেপেৰা বৰষুণৰ বাবে তিনিদিন ধৰি বন্ধ আছিল। ২৯ মে’ৰ দিনা ৰাতিপুৱা মই মৌচুনী পাওতে দ্বীপটোৰ প্ৰায়ভাগ অঞ্চলেই জলমগ্ন হৈ আছিল।
মোৰ খেতিমাটিখিনি লুণীয়া পানীয়ে বুৰাই পেলালে, বাঘদাঙাৰ আশ্ৰয় শিবিৰত লগ পাওঁতে অভিলাস চৰ্দাৰে মোক কয়। “আমি খেতিয়কবোৰে জীৱিকা হেৰুৱাইছো,” তেওঁ কয়। “অহা তিনি বছৰলৈ মই সেই মাটিখিনিত একো কৰিব নোৱাৰিম। আকৌ সাৰুৱা হৈ উঠিবলৈ মাটিখিনিক সাত বছৰ পৰ্যন্ত লাগিব পাৰে।”
পশ্চিমবংগৰ দক্ষিণ ২৪ পাৰগানা জিলাৰ নদী আৰু সাগৰে আৱৰি থকা মৌচুনী দ্বীপত ইয়াছৰ তাণ্ডৱ কোনো নতুন কথা নহয়, তাত চলি অহা ধাৰাবাহিক দুৰ্যোগৰ এয়া এক শেহতীয়া ঘটনাক্ৰমহে।
এবছৰ আগতে, ২০২০ৰ ২০ মে’ত আমফান ঘূৰ্ণীবতাহে সুন্দৰবন তচনচ কৰিছিল। তাৰ আগেয়ে ২০১৯ত বুলবুল আৰু ২০০৯ৰ আইলাই বদ্বীপটো বিধ্বস্ত কৰিছিল। আইলাই মৌচুনী দ্বীপৰ প্ৰায় ৩০-৩৫ শতাংশ ভূমি প্লাৱিত কৰাত মাটিত লৱণ পৰিমাণ বাঢ়ি দক্ষিণ উপকূলৰ অধিকাংশ মাটিয়েই কৃষিৰ অনুপযোগী হৈ পৰে।
বিশেষজ্ঞসকলৰ লক্ষ্য কৰিছে যে গোলকীয়া উষ্ণতা বঢ়াৰ লক্ষণ কেৱল সাগৰপৃষ্ঠৰ উষ্ণতা বঢ়াই নহয়, বংগ উপত্যকাৰ ঘূৰ্ণীবতাহৰ প্ৰাৱল্য বৃদ্ধি কৰা উপকূলীয় অঞ্চলৰ পৃষ্ঠভাগৰ উষ্ণতা বঢ়াটোও ইয়াৰ এক লক্ষণ। এই প্ৰাৱল্য এনেকৈ বাঢ়িল যে বছৰটোৰ মে’, অক্টোবৰ আৰু নৱেম্বৰ মাহত ই প্ৰৱল ঘূৰ্ণীবতাহৰ ৰূপ ল’লে, এয়া ভাৰতীয় বতৰবিজ্ঞান বিভাগ (আইএমডি)ৰ ২০০৬ৰ এক অধ্যয়নৰ তথ্য।
ইয়াছৰ অহাৰ আগেয়ে দ্বীপটোৰ ৬০০০ একৰ ভূমিৰ প্ৰায় ৭০ শতাংশ ভূমি কৃষিৰ উপযোগী আছিল, বাঘদাঙাত পাঁচ একৰ মাটি থকা সৰল দাসে কয়। “এতিয়া ৭০-৮০ একৰ মাটিতহে পানী নুঠাকৈ আছে।”
দ্বীপটোৰ ২২,০০০ জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল) প্ৰায় সকলোকে ঘূৰ্ণীবতাহে জুৰুলা কৰিছে, খেতিৰ লগতে বাঘদাঙাৰ সমবায় বিদ্যালয় এখনত কাম কৰা দাসে কয়। “দ্বীপটোৰ প্ৰায় ৪০০ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু ২,০০০ ঘৰ বানত জহি-খহি গৈছে।” গৰু-ছাগলী মৰিছে, মাছ পোহা পুখুৰীবোৰ তল গৈছে।
ঘূৰ্ণীবতাহৰ পিছত খোৱাপানীৰ একমাত্ৰ উৎস দমকলবোৰ বিচাৰি পোৱা টান হৈ পৰিছে। “প্ৰায়বোৰ দমকলেই এতিয়া পানীৰ তলত। খোৱাপানী আনিবলৈ একমাত্ৰ উৎস হিচাপে থকা পাঁচ কিলোমিটাৰ দূৰৰ দমকলটোলৈ একঁকাল পানী কাটি যাবলগীয়া হৈছে,” জয়নালে কয়।
মৌচুনীৰ বাসিন্দাই এনে দুৰ্যোগৰ সৈতে মিলি চলিবলৈ শিকিব লাগিব, সুন্দৰবন আৰু তাৰে জনজীৱনকেন্দ্ৰীক তিনিমহীয়া আলোচনী শুধু সুন্দৰবন চৰ্চাৰ সম্পাদক তথা সংৰক্ষণবিদ জ্যোতিন্দ্ৰনাৰায়ন লাহিড়ীয়ে কয়। “বানপানীত টিকিবপৰা ঘৰকে ধৰি বিভিন্ন নতুন কৌশল আয়ত্ব কৰি জীয়াই থাকিবলৈ তেওঁলোকে শিকিব লাগিব।”
মৌচুনীৰ দৰে দুৰ্যোগপ্ৰৱণ এলেকাৰ মানুহে চৰকাৰী সাহায্যৰ ওপৰত নিৰ্ভৰ নকৰে, লাহিড়ীয়ে কয়। “তেওঁলোকে জাগি শুই বাচি থাকে।”
পশ্চিমবংগ চৰকাৰৰ সমীক্ষা অনুযায়ী সমগ্ৰ ৰাজ্যজুৰি অতিকমেও ৯৬,৬৫০ হেক্টৰ (২৩৮,৮৩০ একৰ) শস্যপথাৰ বানপানীত বুৰ গৈছে। মৌচুনীত, খেতিয়েই য’ত ঘাই জীৱিকা, উৰ্বৰা খেতিমাটিৰ সিংহভাগেই লুণীয়া পানীত বুৰ যোৱাত এতিয়া জীৱন-জীৱিকা অতিকৈ শোচনীয় হৈ পৰাটো ধুৰূপ।
ইয়াছ ঘূৰ্ণীবতাহে এৰি যোৱা ধ্বংসস্তুপৰ মাজত আকৌ জীৱন গঢ়িবলৈ দ্বীপৰ বাসিন্দাবোৰ উপস্থিত হৈছে কি নাই, তাৰ মাজতে বতৰবিজ্ঞান কেন্দ্ৰই ১১ জুনত বংগ উপত্যকাৰ উত্তৰাঞ্চলত প্ৰৱল ধুমুহাৰ আগজাননী দিছে, যাৰ ফলত সুন্দৰবনত প্ৰচুৰ বৃষ্টিপাত হ’ব পাৰে।
বাঘদাঙাত বিবিজান বিবি ভয়ত বিতত হোৱাৰ আন এটা কাৰণো আছে। “পানী কমিলে গোখ্ৰা (ফেটিসাপ)বোৰ ঘৰবোৰত সোমোৱা কৰিব। বৰ ভয় খাই আছো।”
অনুবাদ: পংকজ দাস