নিশাটোৰ বাবে সাজু হৈ পৰিছে সাথী মণি, ঘৰটোৰ চৌপাশে তেওঁ এবাৰ চকু ফুৰালে আৰু বস্তুবিলাক চালে: এখন প্লাষ্টিকত দৰকাৰী কাগজ-পত্ৰ আৰু ভাল কাপোৰবিলাক মেৰিয়াই ঘৰৰ দেৱালত ওলমাই থোৱা আছে; মজিয়াৰ পৰা ২ ফুটমান ওখ পকী শ্লেবখনত ৰন্ধা-বঢ়াৰ বাচন-বৰ্তনবিলাক তুলি থোৱা আছে।
“ঘৰৰ ভিতৰত পানী সোমাল নেকি সেয়া চাবলৈ নিশা ২ বজাত বহুদিন টোপনিৰ পৰা উঠো। মই কেইবাটাও গাৰু আৰু কেইবাখনো বিচনা চাদৰ হেৰুৱাইছো, ক’লা দাগ লগা এই বস্তুবিলাক ধূলেও চাফা নহয়, মই সেয়ে পেলাই দিবলগা হৈছে,” গান্ধীনগৰৰ পোষ্ট এণ্ড টেলিগ্ৰাফ কলনিৰ বাসিন্দা ৬৫ বছৰীয়া সাথীয়ে ক”লে, এই কলনিটো কেৰালাৰ কোচিত থকা টেৱাৰা পেনান্দুৰ নলাৰ পাৰত আছে।
কোচিৰ উত্তৰফালৰ পেৰান্দুৰ পূঝাৰ পৰা দক্ষিণৰ টেৱাৰালৈ এই কৃত্ৰিম নলাটো প্ৰৱাহিত হৈছে। চহৰখনৰ জলাশয়ৰ লগত সংলগ্ন হোৱাৰ আগলৈকে ইযাৰ মুঠ দৈৰ্ঘ্য ৯.৮৪ কিলোমিটাৰ। কোচি চহৰৰ মাজেৰে প্ৰৱাহিত ১১ টা গুৰুত্বপূৰ্ণ জনপথৰ ভিতৰত এইটো নলাও আছিল। এৰ্নাকুলমৰ ওচৰে-পাজৰে হোৱা যান-বাহনৰ অত্যধিক ভিৰ কমাবলৈ ৰাজ্য চৰকাৰে এনে কেইটামান জলপথলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
যোৱা প্ৰায় তিনি দশকত কোচিৰ জনসংখ্যা দুগুণৰ সমান হৈ প্ৰায় ২.১ নিযুত হৈছে, আধা মিটাৰৰো কম গভীৰতাৰ টেৱাৰা-পেৰান্দুৰ নলাটো বৰ্তমান আৱৰ্জনাৰ বোজা কঢ়িওৱা নলালৈ পৰ্য্যৱসিত হৈছে। মহানগৰৰ নিৰ্মাণ কাৰ্য্য আৰু ইয়াৰ পানী প্ৰৱাহিত নোহোৱাৰ ফলত নলাটো দুঠাইত বন্ধ হৈ পৰিছে। চিকিৎসালয়, স্থানীয় বজাৰ, উদ্যোগক্ষেত্ৰ আৰু নলাৰ পাৰত থকা ঘৰবিলাকৰ জাবৰ-জোঁথৰ ইয়াত পেলোৱা হয়। আৱৰ্জনা, উদ্যোগৰ বৰ্জিত পদাৰ্থ আৰু বৰষুণৰ পানী প্ৰায় ৬৩২ টা নিৰ্গমন নলী আৰু ২১৬ টা পথৰ নৰ্দমাৰে ইয়াত পেলোৱা হয়। ইয়াৰ পাৰত জাবৰ দ’ম কৰি থোৱা হয়, নলাটোৰ প্ৰস্থ ঠায়ে ঠায়ে ৮ মিটাৰলৈকে সংকুচিত হৈছে।
এৰ্নাকুলম জংচনৰ ৰেল ষ্টেছনৰ পিছফালে নলাটোৰ পাৰত পিএণ্ডডি কলনিত আৰু বহুতৰ দৰে সাথীৰ ঘৰ আছে। ৰাজহুৱা স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ সংৰক্ষণ কৰা পতিত মাটিৰ প্ৰায় ২৫০ মিটাৰ ব্যাপ্ত এই কলনিটোৱে অধিকাৰ কৰিছে। ইয়াৰ বাসিন্দসকলে কয় যে ভাৰা ঘৰত থকাতকৈ এই পতিত ভূমিত অস্থায়ী ঘৰ নিৰ্মাণ কৰি থাকিলে ব্যয় কম হয়। সময় পাৰ হোৱাৰ লগে লগে বাসিন্দাসকলে খেৰ বা তিৰপালৰ ঘৰৰ ঠাইত দুই দশকৰ আগতে স্থানীয় পঞ্চায়ত কৰ্তৃপক্ষই দিয়া চিমেণ্টৰ ব্লক আৰু টিনপাতেৰে আধাপকী ঘৰ নিৰ্মাণ কৰি লৈছে।
“মই ইয়ালৈ যেতিয়া প্ৰথমতে আহিছিলো, ইয়াৰ পানী পৰিষ্কাৰ আছিল আৰু আমি কেতিয়াবা ভাল মাছ ধৰিব পাৰিছিলো। মানুহে কেতিয়াবা মাছ ধৰি বিক্ৰী কৰিছিল। আজিকালি মাছ নাই, মাত্ৰ আৱৰ্জনা নিৰ্গমনৰ নলীবিলাক আছে,” তেওঁ ঘৰৰ পিছফালে থকা নলাৰ লেতেৰা পানীলৈ আঙুলিয়াই সাথীয়ে কয়। সকলো পৰিয়ালৰ ৰান্ধনি আৰু শৌচালয়ৰ আৱৰ্জনা পোনে পোনে ইয়াত পেলোৱা হয়। “লেতেৰা পানী গছকাৰ পাছত প্ৰতিবাৰেই মোৰ ভৰিত চৰ্মৰোগ হয়,” তেওঁ কয়।
সাথীয়ে মানুহৰ ঘৰত কাম কৰে। “মই দুঘৰত কাম কৰি মাহে ৪,৫০০ টকা উপাৰ্জন কৰো। নলাত যেতিয়া পানী বেছি হৈ বানৰ সৃষ্টি হয়, মই ঘৰৰ পৰা ওলাব নোৱাৰো আৰু ক্ষতি কৰা দিনকেইটাৰ মজুৰি হেৰুৱাবলগীয়া হয়। তেতিয়া গোটেই দিনটো ঘৰ চাফা কৰিব লাগে। পুৰণি প্লাষ্টিক, জাবৰ-জোঁথৰ, আৰু আন আৱৰ্জনা ঘৰৰ পৰা উলিয়াই পেলাবলগীয়া হয়, ওচৰতে বাছ আস্থানৰ পেলনীয়া বস্তু আৰু গ্ৰীজ আদিও চাফা কৰিবলগা হয় - সকলো লেতেৰা বস্তু বানপানীয়ে লৈ আহে, ঘৰৰ ভিতৰত সোমায়,” তেওঁ কয়।
তেওঁৰ স্বামী ৬৯ ভছৰীয়া কে.এছ. মণিয়ে দিন মজুৰ হিচাপে কাম কৰে। তীৰ্থযাত্ৰাৰ সময়খিনিত ১৬০ কিলোমিটাৰ নিলগৰ পটনমথিট্টা জিলাত থকা সাবৰিমালা মন্দিৰৰ বাহিৰত চাহ-বিস্কুটৰ অস্থায়ী দোকান ভাৰাত লয়। দিন মজুৰিৰ পৰা মাহে ৩,০০০ টকা পায়, কিন্তু নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ তীৰ্থযাত্ৰাৰ সময়খিনিত কেইটামাহত তেওঁৰ মাহেকীয়া উপাৰ্জন ২০,০০০ টকাৰো বেছি হয়।
সম্প্ৰতি কেইবাবছৰ ধৰি মণি শয্যাশায়ী হৈ আছে। তেওঁ বহুমূত্ৰ ৰোগত আক্ৰান্ত, কেইবছৰমানৰ আগতে এক সংক্ৰমণ হোৱাৰ বাবে তেওঁৰ বাওঁ ভৰিখনৰ তলৰ অংশটো কাটি পেলাবলগীয়া হৈছিল। পৰিয়ালটোৱে মণিৰ হাঁপানি আৰু বহুমূত্ৰৰ চিকিৎসাৰ বাবে মাহে ২,০০০ টকা ঔষধত ব্যয় কৰিবলগীয়া হয়। “আমি দুয়োজনেই ৰাজ্য চৰকাৰে মাহে ১৪০০ টকাকৈ দিয়া বৃদ্ধপেঞ্চন পোৱাৰ যোগ্য। এতিয়া মণিয়ে চাৰি মাহ ধৰি পেঞ্চন পোৱা নাই। তেওঁৰ হাতখন কঁপে, সেয়ে চহীটো ভালকৈ কৰিব নোৱাৰে,” সাথীয়ে কয়। তেওঁৰ পেঞ্চনটোৱেই এতিয়া তেওঁৰ উপাৰ্জনৰ একমাত্ৰ উৎস - থকা ঠাইৰ পৰা দুই কিলোমিটাৰ নিলগত থকা ইউনিয়ন বেংকৰ শাখাত থকা একাউণ্টত মাহে মাহে সোমায়। এয়ে তেওঁৰ অৱস্থা।
কোচিৰ উত্তৰাঞ্চলৰ পাৰাভুৰত সাথীৰ ঘৰ আছিল। ৪৬ বছৰৰ আগতে মণিৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত সাথী পিএণ্ডডি কলনিত থাকিবলৈ লয়। ইয়াত থকাৰ কাৰণ সাথীয়ে ক’বলৈ ধৰে, “এই ঠাইত থাকিলে আমি চহৰখন ওচৰতে পাওঁ আৰু যাতায়তৰ খৰছো কম হয়।”
মণিৰ ভগ্নী ৬১ বছৰীয়া তুলসী কৃষ্ণন তেওঁলোকৰ প্ৰতিবেশী। “প্ৰায় ৫০ বছৰৰ আগতে আমি যেতিয়া প্ৰথম ইয়ালৈ আহো, তেতিয়া ইয়াত মাত্ৰ দুটা ঘৰ আছিল, বৰ্তমান ইয়াত ৮৫ টা ঘৰ আছে আৰু ৮১ টা পৰিয়াল বাস কৰে,” তেওঁ কয়। স্থানীয় নিৰ্বাচনৰ বাবে অলপতে কৰা এক জৰীপৰ পৰা বাসিন্দাসকলৰ সকলো তথ্য জনা যায়।
তুলসীৰ হাড় নিশকটীয়া হোৱা ৰোগ(অষ্টিঅ’পৰ’চিছ)ৰ বাবেও উঠিব নোৱাৰে আৰু খোজ কাঢ়িব নোৱাৰে। “বেছি বৰষুণ হ’লে পানীৰ মাজেৰে খোজ কাঢ়িগৈ ঘাই আলিত উঠা মোৰ বাবে কষ্টকৰ হয় (ওখ ঠাই)। সেয়ে মই আৰু মোৰ স্বামী - আমি দুয়ো আমাৰ জীয়াৰীৰ ঘৰলৈ গুছি আহিছিলো। কিন্তু সিহঁতৰ লগত কিমান দিন থাকিম?” তেওঁ কয়। পিএণ্ডডি কলনিৰ পৰা ১ কিলোমিটাৰ দূৰৰ গান্ধী নগৰত তেওঁৰ জীয়াৰী ৰেখা ছাজান থাকে।
বৃহত্তৰ কোচিন উন্নয়ন প্ৰাধিকৰণ নামৰ পৌৰসভাৰ অধীনত এই কলনিটো আছে। বাসিন্দাসকলৰ মতে পি আৰু টিয়ে পাৱাৰ বা বিজুলী আৰু টেলিকমিউনেকেশ্যন বা দূৰসংযোগ বুজায়: প্ৰায় ৫০ মিটাৰমান দূৰত ভাৰত সঞ্চাৰ নিগম লিমিটেড (বি.এছ.এন.এল.)ৰ ডিপোত আছে।
মৃত জী-জোৱাঁইৰ ঘৰটোত ৭২ বছৰীয়া আজিৰা থাকে। পথৰ ওচৰত তেওঁৰ এখন সৰু গেলামালৰ দোকান আছিল, কিন্তু চৰকাৰে এইখন ভাঙি পেলালে। তেওঁ এতিয়া ঘৰতে দুই-চাৰিবিধ সামগ্ৰী বিক্ৰী কৰি দৈনিক ২০০ টকামান উপাৰ্জন কৰে। “ইয়াৰ বহুতো মানুহে বস্তু ধাৰত ক্ৰয় কৰে, গতিকে ভালদৰে চলি থকা অসুবিধাজনক। মোৰ এখন ভৰি একাংগীত আক্ৰান্ত আৰু উশাহ লোৱাৰ সমস্যাও আছে, সেয়ে খোজ কাঢ়িবলৈ অসুবিধা হয় আৰু বিক্ৰীৰ বাবে সৰহকৈ বস্তু আনিব নোৱাৰো,” তেওঁ কয়।
দক্ষিণ পশ্চিম মৌচুমী বতৰ (জুনৰ পৰা ছেপ্টেম্বৰ)ত কেৰালাত কমেও ২৮৫৫ মি.মি. গড় বৃষ্টিপাত হয়। বাৰিষাৰ পানীয়ে বুৰাই পেলোৱাৰ পিছত কোচিৰ বাটপথ জাবৰ-জোঁথৰ , নৰ্দমাৰ বোকা আৰু প্লাষ্টিকেৰে ভৰি পৰে। পথ জলমগ্ন কৰা বৰষুণৰ পানীবিলাক আহি নলাত জমা হয় আৰু নলাৰ পানী উপচি পৰে - নলাত জমা হৈ থকা লেতেৰা ক’লা পানী আৰু জাবৰ (জাবৰবিলাক পিএণ্ডডি কলনিৰ বাসিন্দাসকলৰ ঘৰত সোমায়)। অতিমাত্ৰা বৃষ্টিপাত হ’লেই পানীৰ পৰিমাণ বাঢ়ি যায় আৰু নলী-নৰ্দমাৰ জাবৰ-জোঁথৰবোৰ পানীময় কৰে, কিন্তু ইয়াৰ পাৰত নতুন নতুন নিৰ্মাণকাৰ্য্য চলা আৰু চাপৰ দলংবিলাকৰ কাৰণে এই নলাৰ পানী জাবৰ-জোঁথৰৰ সৈতে বৈ যাব নোৱাৰে। আনহাতে জোৱাৰৰ সময়ত সাগৰৰ পানী ওফন্দি উঠাৰ বাবে নলাৰ প্ৰৱাহ বন্ধ হৈ পৰে।
আৱদ্ধ পানীত অপতৃণ বৃদ্ধি পায় আৰু পানীৰ সোঁত আৰু বেছি বন্ধ হৈ পৰে। তদুপৰি এনেধৰণৰ উদ্ভিদবিলাক মহ-মাখি সৃষ্টি হোৱাৰ ভাল স্থান হৈ পৰে। সাপ আৰু এন্দুৰবিলাক ইয়াত ঘূৰি ফুৰে, শৌচাগাৰ-স্নানাগাৰৰ পাইপেৰে সোমাই আহে। “মোৰ লোৰ আলমাৰীত এন্দুৰ সোমাই কাপোৰবিলাক নষ্ট কৰিছে,” সাথীয়ে কয়।
২০১৭ৰ জানুৱাৰীত কেৰালা জাহাজ পৰিবহন আৰু অভ্যন্তৰীণ জল পৰিবহন নিগমে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছিল যে নলাটো “পলস জমা হোৱা, সেতু চাপৰ হোৱা, বেদখল”ৰ বাবে অৱৰুদ্ধ হৈ পৰিছে। উক্ত সমীক্ষাত লগতে কোৱা হয় যে “পানী প্ৰৱাহিত হৈ থকাৰ বাবে আৰু এক উপযোগী পৰিবহনৰ জলপথৰূপে উন্নীত কৰাৰ হেতু নলাটো বহল কৰাটো জৰুৰী।”
সাথীৰ প্ৰতিবেশী মেৰী বিজয়নে এসময়ৰ কথা মনত পেলাই কয় যে তেওঁৰ ভায়েকহঁতে এই নলাত সাতুৰিছিল। তেওঁ আৰু স্বামী বিজয়নে দুয়ো ওচৰৰ ৰেল ষ্টেছনটোত কুলিৰ কাম কৰিছিল। এই কলনিত তেওঁলোক ৩০ বছৰ ধৰি আছে। বিয়াৰ পাছত তেওঁলোক কোচিৰ পৰা আহি ইয়াত থাকিবলৈ লয়। “আচলতে এই নলাটো পেৰান্দুৰ পুঝাৰ এখন উপনদী। মানুহে ইয়াত কাপোৰ ধুইছিল আৰু সাতুৰিছিল। ইয়াৰ পানী ইমান পৰিষ্কাৰ আছিল যে এটকীয়া মুদ্ৰা এটা পানীৰ তলত পৰি থাকিলেও দেখা গৈছিল। এতিয়া মৰাশ এটা পৰি থাকিলেও বিচাৰি পোৱা নাযাব,” বিৰক্তিভৰা কণ্ঠেৰে ৬২ বছৰীয়া মেৰীয়ে কয়।
আমি সাক্ষাৎ কৰাৰ সময়ত মেৰীয়ে ঘৰটোৰ মজিয়াত বহি লটাৰিৰ টিকট কিছুমান উলিয়াই হিচাপ কৰি আছিল। “ৰেলৱে জংচনৰ ওচৰত এইবিলাক বিক্ৰী কৰি মই দৈনিক ১০০ টকাৰ পৰা ২০০ টকা উপাৰ্জন কৰো,” তেওঁ কয়। আমাৰ লগত কথা পাতিবলৈ তেওঁ দুৱাৰৰ ওচৰলৈ আহে। কিন্তু মহামাৰী আৰম্ভ হোৱাৰ সময়ৰ পৰা লটাৰিৰ টিকট বিক্ৰী হ্ৰাস পালে।
“১০ কিলোমিটাৰ দূৰত থকা মুন্দামভেলীৰ এই কলনিৰ বাসিন্দাসকলক স্থায়ীভাৱে পুনৰ্বাসন দিবলৈ বহুত বছৰ ধৰি চৰকাৰে আঁচনি গ্ৰহণ কৰি আছে। আনকি ১০ বছৰ নোহোৱাৰে পৰা মই চৰকাৰৰ এই প্ৰস্তাৱৰ কথা শুনি আহিছো। মোৰ এতিয়া দুটা সন্তান আছে আৰু একোৱেই হোৱা নাই।” দিনহাজিৰা কৰা অজিত সুকুমাৰণে কয়। অজিতৰ পত্নী সোম্যাই মানুহৰ ঘৰত কাম কৰে। তেওঁ মাহে প্ৰায় ৬,০০০ টকা উপাৰ্জন কৰে। কিন্তু কেতিয়াবাহে তেওঁ মাহত ১৫ দিনৰ বেছি কাম পায়। তেওঁলোক দুয়ো পিতৃ-মাতৃ ক্ৰমে ৫৪ বছৰীয়া গীতা আৰু ৬০ বছৰীয়া কে সুব্ৰমণিয়মক আৰ্থিক সাহায্য কৰে। পিত-মাতৃ দুয়ো তেওঁলোকৰ কাষৰ কোঠাত থাকে।
“২০১৮ৰ ৩১ জুলাইত স্থানীয় নিৰ্বাচিত ৱাৰ্ড প্ৰতিনিধি পূৰ্ণিমা নাৰায়নে (গান্ধী নগৰ ৱাৰ্ডৰ পৰা তেওঁ ২০১৫ৰ পৰা ২০২০ৰ বাবে নিৰ্বাচিত হৈছিল) মুন্দাভেলিলৈ প্ৰতি পৰিয়ালৰ এজনকৈ সদস্যক লৈ যোৱাৰ বাবে এখন বাছ ভাৰা কৰিলে। এই যাতায়তৰ বাবে আমাৰ প্ৰত্যেকৰ পৰা তেওঁ ১০০ টকাকৈ সংগ্ৰহ কৰিছিল। সেই স্থানত তেওঁলোকে আধাৰশিলা স্থাপন কৰিলে আৰু পিনাৰাঈ বিজয়নে (কেৰালাৰ মুখ্যমন্ত্ৰী) আমাক প্ৰতিশ্ৰুতি দিলে যে ১০ মাহৰ ভিতৰত ঘৰৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হ’ব,” সাথীয়ে কয়।
তেতিয়াৰে পৰা এতিয়ালৈকে প্ৰায় তিনি বছৰ পাৰ হ’ল। কেতিয়াবা সাহায্য শিবিৰ অনুস্থান পতাটোৱেই চৰকাৰৰ পৰা পোৱা একমাত্ৰ সাহায্য। ২০১৯ত এৰ্নাকুলমত ২৩৭৫.৯ মিলিমিটাৰ বৃষ্টিপাত (দক্ষিণ-পশ্চিম মৌচুমী বতৰত হোৱা স্বাভাৱিক ২০৩৮ মি.মি.ৰ বৃষ্টিপাততকৈ ১৭ শতাংশ অধিক) হৈছিল আৰু ৮-১৫ আগষ্টৰ দিনকেইটাত বানপানী হৈছিল। নিম্নাঞ্চলৰ বাসভূমিত থকা হাজাৰ হাজাৰ লোকক ওখ ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। বৰষুণৰ ফলত টি.পি. নলাটো পানীৰে উপচি পৰিছিল। “মোৰ প্ৰতিবেশী এজনৰ সৈতে আমি মণিক কান্ধত লৈ সাহায্য শিবিৰলৈ গৈছিলো। সেয়া বৰ অসুবিধাজনক আছিল কাৰণ দুজন মানুহে সমানে সমানে আমাৰ ঘৰ আৰু ওখ দেৱাল (দূৰ সংযোগ বিভাগৰ দেৱাল)ৰ মাজৰ ঠেক ঠাইখিনিৰে খোজ কাঢ়ি যাব নোৱাৰি,” সাথীয়ে কয়।
২০২০ৰ স্থানীয় নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰাৰ্থীয়ে ১০ মাহৰ ভিতৰত স্থায়ী আৱাসগৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতিৰ কথা উত্থাপন কৰিলে। একে সময়তে বৃহত্তৰ কোচিন উন্নয়ন প্ৰাধিকৰণ (জি.চি.ডি.এ.)য়ে ভূমিহীন আৰু যিসকলে ঘৰ সম্পূৰ্ণকৈ নিৰ্মাণ কৰিব নোৱাৰে, তেওঁলোকৰ বাবে কেৰালা চৰকাৰৰ ‘জীৱন অভিযান’ প্ৰকল্পৰ অধীনত ঘৰ নিৰ্মান উদ্দেশ্যে মুণ্ডামভেলিত ৮৮ টা এপাৰ্টমেণ্ট নিৰ্মাণৰ পৰিকল্পনা কৰিলে। এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় নিৰ্মাণ সামগ্ৰী যোগানৰ দায়িত্ব অৰ্পণ কৰা কোম্পানীটো দেউলীয়া হৈ পৰে আৰু গৃহ নিৰ্মাণ তথা পৰিকল্পনাৰ সামৰণি পৰে। “এতিয়া এক নতুন প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু প্ৰাথমিক কাম আমি কৰিছো,” জি.চি.ডি.এ.-ৰ অধ্যক্ষ ভি ছালীমে কয়।
অৱশ্যে কলনিৰ বাসিন্দাসকল এই সম্পৰ্কে সন্দিগ্ধ। “আমাক চাবলৈ ইয়ালৈ কোনো অহা নাই। মুণ্ডাভেলিলৈ যোৱাৰ ঘটনা যেনেকৈ আমাৰ স্মৃতিৰ পৰা নোহোৱা হ’বলৈ ধৰিছে, তেনেকৈ বিষয়াসকলেও আমাক পাহৰিব,” তুলসীয়ে কয়।
অনুবাদ: পংকজ দাস