আত্মহত্যাৰ ঘটনাৰ বাবে স্পৰ্শকাতৰ অঞ্চল ৰূপে পৰিগণিত মহাৰাষ্ট্ৰৰ ৱাৰা কাৱতা গাঁৱৰ অপৰ্না মালিকাৰৰ ঘৰত বৃহস্পতিবাৰে (২০১১ৰ ২০ ছেপ্টেম্বৰ) সন্ধিয়া ৮-২৭ বজাত মানুহৰ গুণগণনি উঠিছে।
অনুজ্জল পোহৰেৰে আলোকিত কোঠাৰ মজিয়াত ৭ বছৰীয়া ৰোহিনীয়ে লক্ষ্যহীনভাবে ইফালে-সিফালে খোজ কাঢ়িছে, তিনিটা মিনিট যেন অন্তহীন সময়! ৮-৩০ বজাত মাতৃ অপৰ্নাক কৌন বনেগা ক্ৰৌড়পতিত দেখা যাব, গাঁৱৰ প্ৰায় আধাখিনি মানুহ আহি ইটা আৰু মাটিৰে নিৰ্মাণ কৰা তিনিটা কোঠাৰ ঘৰটোত ভিৰ কৰিছে। টিভি থকা ঘৰৰ ভিতৰত এইখনো এখন ঘৰ। ফলাফল তেওঁলোকে সকলোৱে জানে। অন্ততঃ ২৭ বছৰীয়া বিধবা মহিলা কৃষক তথা দুই সন্তানৰ মাতৃ আৰু কপাহ খেতিয়ক গৰাকীয়ে তেওঁলোকৰ বাবে গৌৰৱ কঢিয়াই আনিছে। সেইবাবেই মহাৰাষ্ট্ৰৰ যাভাটমাল জিলাৰ এই ক্ষুদ্ৰ গাওঁখনে অপৰ্নাৰ লগত সহযোগ কৰি এই গৌৰৱময় মূহুৰ্তটো চাবলৈ অপেক্ষা কৰিছে। কেবিচি স্পেচিয়েল, দুচৰা মৌকা (দ্বিতীয়টো সুবিধা)ত পৰিচালক অমিতাভ বচ্চনৰ সমুখত বহি থকাৰ গৌৰৱময় মূহুৰ্তটো চাবলৈ গাওঁবাসী আহিছে।
টিভিটোৱে দিগদাৰী দি থকা বাবে ককাদেউতাক অৰুণ তাথেক ৰোহিনীয়ে ক’লে, ‘ছনিলৈ যোৱা!’ তেওঁ হাঁহি এটা মাৰি তাকে কৰিলে। সেই মূহুৰ্তত গভীৰ টোপনিত লালকাল হৈ থকা চাৰি বছৰীয়া সমৃদ্ধিৰ মুখত যেন এক প্ৰশান্তিৰ প্ৰচ্ছায়া। লগতে ঘৰৰ দেৱালত আঁৰি থোৱা ফটোৰ ফ্ৰেমৰ মাজেৰে যেন নীৰৱে চাই আছে সিহঁতৰ মৃত পিতৃ সঞ্জয়ে।
অপৰ্নাক নিৰুদ্বেগ যেন দেখা গৈছে। ১০ ছেপ্তেম্বৰত ৰেকৰ্ডিং কৰাৰ পাচত, তেওঁ কয়, বিগ বি-য়ে ব্যক্তিগত উপহাৰ ৰূপে তেওঁলৈ এখন চেক্ প্ৰেৰণ কৰে। ‘তেওঁ কৈছিল যে মোক ৫০,০০০ টকা দিব। মই ১ লাখ টকাৰ চেকখন পাই আচৰিত হৈছিলো। মোৰ আবেগবিহ্বল হৈ পৰিছিলোঁ,’ এইদৰে অপৰ্নাই কয়।
নিজৰ ব্লগত অভিনেতাজনে লিখিলে, ‘এই সুন্দৰ কাৰ্যক্ৰমণিকাত ‘আহত হৃদয়’ৰ গৰাকীসকলৰ সৈতে সময় কটোৱাৰ পিছত ব্যক্ত কৰিবলগীয়া আন একো ভাষা মই বিচাৰি পোৱা নাই।’
এই অঞ্চলৰ ১০ গৰাকী বিধবা কৃষকৰ মাজৰ পৰা কে.বি.চি.য়ে অপৰ্নাক বাচি লৈছিল। কৃষক আন্দোলনক নেতৃত্ব দিয়া বিদৰ্ভ জন আন্দোলন সমিতিৰ কিশোৰ তিৱাৰীয়ে এই ১০ গৰাকীৰ নাম কে.বি.চি.ক দিছিল।
‘তেওঁলোকৰ কেইজনমান লোকে মোৰ সাক্ষাৎকাৰ ল’বলৈ ইয়ালৈ আহিছিল, উত্তৰ দিয়াৰ বাবে মোক এখন প্ৰশ্নকাকত দিয়া হৈছিল। অপৰ্নাই সেই কথাবোৰ সুঁৱৰিলে। বিবাহৰ ৮ টা বছৰত নিজৰ জীয়ৰীক কেতিয়াও হঁহা দেখা নাছিল বুলি অপৰ্নাৰ মাতৃ লীলাবাঈয়ে ফুচফুচাই ক’লে।
বিবাহৰ অৰ্থ হৈ পৰিল কাম, ঋণ আৰু হাই-কাজিয়া। তেতিয়া সময় আছিল ২০০৮ৰ আগস্ত মাহ। সঞ্জয়ে ওচৰৰে পটনবৰীত কীটনাশক সেৱন কৰিলে। তেতিয়া ৰোহিনীৰ বয়স আছিল মাত্ৰ চাৰি বছৰ আৰু সৰুজনীৰ মাত্ৰ ৯ মাহ হৈছিল। ‘সমাজৰ পৰা মই নিজক ৰক্ষা কৰিবলৈ এতিয়াও মংগলসূত্ৰ পৰিধান কৰো’ বুলি অপৰ্নাই কয়। ’
কিন্তু এয়া আনন্দৰ সময়। এতিয়া ৮-৩০ হৈছে। গম্ভীৰ কণ্ঠেৰে বচ্চনে দৰ্শকক উদ্দেশ্যী জনালে, অপৰ্নাক নিজৰ জীৱনটো আগুৱাই নিয়াৰ বাবে দ্বিতীয়বাৰৰ বাবে এটা সুবিধা দিব বিচাৰে।
প্ৰথমতে, বিগ বি-য়ে পূৰ্ণ প্ৰতিযোগী বিহাৰৰ সঞ্জয় কুমাৰক চাব। তেওঁ ‘খুব ভাল’ খেলিছে। অপৰ্নাৰ ঘৰত ঠাঁহ খাই থকা মানুহখিনি অধৈৰ্য হৈ পৰিছে।
নিশা ৮-৪৫ বাজিছে। বিপৰ্যয়! বিজুলীবাতি নুমাই গ’ল। ‘লোড শ্বেডিং!’ কোনোবা এটা শিশুৰ চিঞৰ ভাঁহি আহিল। ‘মনে মনে থাক, বেছি সময়ৰ বাবে নাযায়।’ এজন বয়সীয়া লোকে ক’লে। তেওঁৰ কথাই সত্য। ৮-৫০ বজাত বিজুলীবাতি জ্বলি উঠিল। কিন্তু বাণিজ্যিক বিৰতিয়ে আমনি কৰিলে। অপেক্ষাৰ যেন অন্ত নাই।




