‘‘কন্দ্ৰা সামাইয়াহহে ঋণৰ কাৰণে হোৱা মানসিক উদ্বেগজনিত কাৰণত কীটনাশক দ্ৰব্য সেৱন কৰি মৃত্যুমুখত পৰে…,’’ এজাহাৰত এই বুলি উল্লেখ আছে।
এজাহাৰ (প্ৰথম তথ্য প্ৰতিবেদন) ১৭ ছেপ্টেম্বৰ, ২০১৭ তাৰিখে নৰসাপুৰৰ পৰা তিনি কিলোমিটাৰ দূৰৈৰ তাৰিগোপুল্লা আৰক্ষী থানাত দাখিল কৰা হৈছিল। নৰসাপুৰ গাঁৱত সামাইয়াহ আৰু তেওঁৰ পত্নী কন্দ্ৰা সাগৰিকাই বৰষুণৰ দ্বাৰা জলসিঞ্চিত ৬ একৰ মাটিত বিটি কপাহৰ খেতি কৰিছিল।
তেওঁলোকৰ ঋণৰ পৰিমাণ প্ৰায় ৫ লাখ টকা হৈছিল। এই ঋণ অধিকাংশভাৱে আত্মীয়ৰ পৰা বিভিন্ন সুতৰ হাৰত লোৱা হৈছিল। সামাইয়াহ আৰু সাগৰিকাৰ এক একৰতকৈও অধিক মাটি আছিল আৰু বাকীখিনি আত্মীয়ৰ পৰা লীজত লোৱা হৈছিল। সাগৰিকাই কয়, "কৃষকসকলে কৃষিৰ প্ৰতিটো ঋতুৰ পূৰ্বে ধাৰ ল'ব লাগে, যাৰ বাবে ঋণৰ পৰিমাণ বাঢ়ি যায়৷ খৰাঙেও লোকচানৰ বোজা আৰু বেছি গধুৰ কৰে।’’
নিজৰ মাটিত খেতি কৰিবলৈ চেষ্টা কৰাৰ পূৰ্বে দুয়োগৰাকীয়ে কপাহৰ পথাৰত কৃষি শ্ৰমিক হিচাপে কাম কৰিছিল। ২০১১ চনত বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত তেওঁলোক কিছু সময়ৰ বাবে হায়দৰাবাদত আছিল, তাত সামাইয়াহে গাড়ীৰ চালক হিচাপে কাম কৰিছিল। দেউতাকৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে সামাইয়াহে ২০১৩ চনত জনগাওঁ জিলাৰ তেওঁৰ নিজৰ গাওঁ নৰসাপুৰলৈ উভতি আহে।
২০১৭ চনৰ ছেপ্টেম্বৰ মাহত আত্মহত্যাৰ সময়ত সামাইয়াহৰ বয়স আছিল ২৯ বছৰ। সাগৰিকাৰ বয়স আছিল মাত্ৰ ২৩ বছৰ। তেওঁলোকৰ দুই সন্তান স্নেহিট্টা আৰু সাত্বিকৰ বয়স আছিল ক্ৰমে ৫ আৰু ৩ বছৰ। "ল'ৰা-ছোৱালীকেইটাই প্ৰায় প্ৰতিদিনে মোৰ স্বামীৰ সৈতে কটোৱা মুহূৰ্তবোৰ মনত পেলায়। মোৰ স্বামীৰ মৃত্যুৰ পিছত প্ৰথম বছৰটো মোৰ বাবে অতিশয় কঠিন হৈ পৰিছিল। আত্মীয়সকলে মোক ৰাজহুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাছিল। এতিয়া তেওঁলোকে মোৰ সংগ্ৰামবোৰ দেখিছে আৰু মোক মাতিবলৈ আৰম্ভ কৰিছে।"








