‘অ’, তেওঁ আমাৰ ‘অতিথিশালা’টো চাবলৈ আহিছে,’ ৰাণীয়ে তাইৰ ৰুমমেট লাৱণ্যক ক’লে। আমাৰ সাক্ষাতৰ কাৰণ জানিব পাৰি দুয়োয়ে স্বস্তিৰ নিশ্বাস এৰিছে।
আমি জানুৱাৰীৰ প্ৰথমভাগত মাদুৰাইৰ টি. কাল্লুপট্টি ব্লকৰ কূৱালাপুৰম গাঁৱৰ সেই অতিথিশালাৰ বিষয়ে সোধপোচ কৰোঁতে মানুহৰ মাজত কোৱা-কুই লাগিল। দূৰত বাৰান্দা এখনত বহি থকা দুগৰাকী মহিলাৰ ফালে আঙুলিয়াই মতা মানুহবোৰক ফুচফুচাই কথা কোৱা শুনা গ’ল।
‘সেইটো সিটো মুৰত আছে, যাওঁ আহক,’ মহিলাগৰাকীয়ে গাওঁখনৰ এটা মুৰে আধা কিলোমিটাৰমান দূৰত থকা ঘৰটোলৈ বাট দেখুৱালে। দুটা আচুতীয়া কোঠালীৰে সেই ‘অতিথিশালা’টো দেখাত জৰাজীৰ্ণ যেনেই লাগিল। চৌহদত নিম গছ এডালৰ ডালবোৰত ওলমাই থোৱা পলিথিনৰ মোনাবোৰে কৌতূহল বঢ়াই তুলিলে।
সেই অতিথিশালাৰ ‘আলহী’ হৈছে ঋতুশ্ৰাৱ হোৱা মহিলা। অৱশ্যে তেওঁলোকে ইয়ালৈ আমন্ত্ৰণমৰ্মে বা স্বইচ্ছাই নাহে। তেওঁলোকক তাতে থাকিবলৈ বাধ্য কৰোৱা হয়। মাদুৰাই চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৰ ৩০০০ লোকৰ জনবসতিৰ এই গাওঁখনৰ মানুহৰ কঠোৰ নিয়ম এয়া। অতিথিশালাটোত আমি দুগৰাকী মহিলা পালো, ৰাণী আৰু লাৱণ্য (তেওঁলোকৰ আচল নাম নহয়)। তেওঁলোক দুজন ইয়াতে অহা পাঁচ দিনলৈ থাকিব লাগিব। আকৌ পুষ্পিতা হোৱা ছোৱালীক এই ঘৰটোত এমাহলৈ আৱদ্ধ কৰি ৰখা হয়। একেদৰে প্ৰসূতিৰ লগতে সন্তান জন্ম দিয়া মহিলাকো সন্তানসহিতে সম্পূৰ্ণ এমাহ ইয়াত ৰখা হয়।
‘আমি আমাৰ মোনাবোৰ কোঠালীতে আমাৰ সৈতে ৰাখো,’ ৰাণীয়ে কয়। সেই মোনাবোৰত পাত্ৰ থাকে, সেয়া মহিলাই ঋতুশ্ৰাৱৰ সময়ত ব্যৱহাৰ কৰে। খাদ্য ইয়াত ৰন্ধা নহয়। প্ৰায়ে চুবুৰীয়াই ৰন্ধা বা ঘৰৰ পৰা অনা খাদ্য এই পাত্ৰতে অনা হয়। শাৰীৰিক স্পৰ্শ নহ’বলৈ পাত্ৰবোৰ এনেদৰে নিম গছডালত ওলমাই থোৱা হয়। প্ৰতিজন ‘আলহী’ৰ বাবে পাত্ৰ বেলেগ বেলেগ। আনকি একে পৰিয়ালৰ হ’লেও পাত্ৰ বেলেগ বেলেগ হয়। কিন্তু কোঠা তাতে দুটাই। তাতেই সকলোৱে একেলগে থাকিবলগীয়া হয়।
কূৱালাপুৰমত ৰাণী আৰু লাৱণ্যৰ দৰে মহিলাই ঋতুশ্ৰাৱৰ সময়ত নিৰুপায় হৈ এই কোঠালী দুটাত থাকিবলগীয়া হয়। দুটা দশক আগতে গাঁৱৰ মানুহে পইচা তুলি এই কোঠালী দুটা নিৰ্মাণ কৰিছিল। দুয়োগৰাকী মহিলাৰ বয়স ২৩ আৰু দুয়োগৰাকীয়ে বিবাহিত। লাৱণ্যৰ দুটা সন্তান আছে আৰু ৰাণীৰ এটা। দুয়োৰে গিৰীয়েক কৃষিশ্ৰমিক।
‘এতিয়া আমি দুজনেই আছো, কিন্তু কেতিয়াবা আঠ-ন গৰাকী মহিলা ইয়াতে থাকে, কোঠালী দুটাত ভৰি থ’বলৈ ঠাই নাইকিয়া হয়,’ লাৱণ্যই কয়। এনেকুৱা সঘনে হৈ অহা কাৰণে গাঁৱৰ জ্যেষ্ঠসকলে আন এটা কোঠালী নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু যুৱকল্যাণ সংস্থা এটাই দান-বৰঙনি তুলি ২০১৯ৰ অক্টোবৰত নতুন কোঠা এটা নিৰ্মাণ কৰে।
যদিও তাতে এতিয়া মাত্ৰ দুটা কোঠা আছে, তথাপি ৰাণী আৰু লাৱণ্যই নতুন কোঠাটোতে আছে। সেইটো তুলনামূলকভাবে ডাঙৰ, পোহৰ আৰু বতাহো সোমায়। কিন্তু বিড়ম্বনাৰ কথা যে সেই পশ্চাদগামী চিন্তাধাৰাৰে ৰুদ্ধ হৈ থকা সেই কোঠালীটোতে লাৱণ্যই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্কুলীয়া দিনত পোৱা লেপটপ এটা আছে। ‘নহ’লে ইয়াত বহি বহি কেনেকৈ সময়বোৰ পাৰ কৰিম? লেপটপটোতে আমি গান শুনো, চিনেমা চাও। ঘৰলৈ গ’লে লেপটপটো লৈ যাম,’ তাই কয়।
‘অতিথিশালা’টোৰ আন এটা নাম হৈছে মুট্টুথুৰাই, মানে ‘কলুষিত’ মহিলাৰ বাবে নিৰ্ধাৰিত স্থান। ‘আমাৰ ল’ৰা-ছোৱালীৰ আগত আমি সেইটো অতিথিশালা বুলিয়েই কওঁ, যাতে সেয়া প্ৰকৃততে কি সেয়া সিহঁতে নজনাকৈ থাকে,’ ৰাণীয়ে বুজাই কয়। ‘মুট্টুথুৰাইত থাকিবলৈ যোৱাটো লাজৰ কথা, বিশেষকৈ ৰাজহুৱা বা মন্দিৰৰ উৎসৱ-পাৰ্ৱণ আদি থকা দিনবোৰত, যেতিয়া এনে পৰম্পৰাৰ সৈতে পৰিচয় নথকা আমাৰ আলহী আহে।’ মাদুৰাইত কূৱালাপুৰমকে ধৰি এনে পাঁচখন গাওঁ আছে য’ত ঋতুশ্ৰাৱৰ সময়ত মহিলাক একাষৰীয়াকৈ ৰখা হয়। আন চাৰিখন গাওঁ পুৰুপট্টি, গোবিন্দনাল্লুৰ, সাপ্তাৰ আলাগাপুৰি আৰু চিন্নাইয়াপুৰমে একে নিয়মেই অনুসৰণ কৰে।
আচুতীয়াকৈ ৰখা এই প্ৰথাৰ ফলত কেতিয়াবা মহিলা কলংকিতও হয়। বিশেষকৈ ছোৱালী নাইবা অবিবাহিত মহিলাই নিৰ্ধাৰিত সময়ত অতিথিশালালৈ নাহিলে গাঁৱত বুবুবাবা চলিবলৈ ধৰে। ‘মোৰ ঋতুচক্ৰৰ কথা সিহঁতে বুজি নাপায়, প্ৰত্যেক ৩০ দিনৰ মুৰে মুৰে মই মুট্টুথুৰাইলৈ নগ’লে সিহঁতে কয় যে মোক স্কুললৈ পঠিয়াব নালাগে,’ ৯ম মানৰ ছাত্ৰী ১৪ বছৰীয়া ভানুৱে (তাইৰ আচল নাম নহয়) কয়।
‘মই আচৰিত হোৱা নাই,’ ঋতুশ্ৰাৱক লৈ সমাজত প্ৰচলিত ভূল ধাৰণাবোৰৰ বিৰুদ্ধে সোচ্ছাৰ পুডুচেৰীৰ এগৰাকী নাৰীবাদী লেখিকা শালাই চেলৱামে কয়। মানুহে সদায় মহিলাক তলত ৰাখিব বিচাৰে, সদায়ে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে আচৰণ কৰে। সংস্কৃতিৰ নামত এনে আচৰণ হৈছে তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অচিলা মাথোন। নাৰীবাদী লেখিকা গ্ল’ৰিয়া ষ্টেইনেমে তেওঁৰ প্ৰসিদ্ধ প্ৰৱন্ধ এটাত (যদি পুৰুষৰ ঋতুশ্ৰাৱ হ’লহেঁতেন) এইবুলি প্ৰশ্ন কৰিছে, ‘পুৰুষৰ যদি ঋতুশ্ৰাৱ হ’লহেঁতেন, গোটেই পৰিস্থিতি বেলেগ নহ’লহেঁতেন নে?’
কূৱালাপুৰম আৰু সাপ্তাৰ আলাগাপুৰিত লগ পোৱা প্ৰায়ভাগ মহিলাই চেলৱামে কোৱা কথাষাৰিয়েই কয় যে বৈষম্যক সংস্কৃতিৰে আঁৰ কৰি ৰখা হৈছে। ৰাণী আৰু লাৱণ্য, দুয়োজনী ছোৱালীকে ১২ম মানতে পঢ়া সামৰি বিয়া হোৱাৰ বাবে বাধ্য কৰোৱা হৈছিল। ‘সন্তান প্ৰসৱৰ সময়ত জটিলতাৰ সৃষ্টি হৈছিল, চিজেৰিয়ান কৰিবলগীয়া হৈছিল। প্ৰসৱৰ পিছৰে পৰা মোৰ মাহেকীয়া অনিয়মীয়া আছিল, কিন্তু মুট্টুথুৰাইলৈ যোৱাত পলম হ’লেই মানুহে মোক সুধিবলৈ লয় যে মই আকৌ গৰ্ভধাৰণ কৰিছো নেকি। সিহঁতে মোৰ সমস্যা বুজি নাপায়,’ ৰাণীয়ে কয়।
ৰাণী, লাৱণ্য বা আন কোনো মহিলাই নাজানে, এই পৰম্পৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল। কিন্তু লাৱণ্যই কয়, ‘আমাৰ মা, আইতা আৰু আজোআইতাকো একেদৰেই একাষৰীয়া কৰি ৰখা হৈছিল। আমাৰ ক্ষেত্ৰতো একেই ঘটিছে।’
চেন্নাইৰ চিকিৎসা অনুশীলনকাৰী তথা দ্ৰাৱিড়ীয় চিন্তাধাৰাৰ ডাক্তৰ এঝিলান নাগানাথানে আচৰিত যেন লাগিলেও এক যুক্তিযুক্ত ব্যাখ্যা আগবঢ়ায়, ‘আমি চিকাৰ কৰি জীৱিকা নিৰ্বাহ কৰা দিনতে এই প্ৰথা আৰম্ভ হৈছিল।’ তেওঁ সেয়া বিশ্বাস কৰে।
‘বিটুক্কু থূৰম (ঘৰৰ পৰা দূৰত- ঋতুশ্ৰাৱ হোৱা মহিলাক ৰখা ঘৰৰ এটা নাম) বোলা তামিল শব্দটোৰ উৎপত্তি কাটুক্কু থুৰম (অৰণ্যৰ পৰা দূৰত) শব্দৰ পৰা আহিছে। ঋতুশ্ৰাৱৰ সময়ত মহিলাক নিৰাপদ স্থানত ৰখা হৈছিল যাতে তেজৰ গোন্ধ পাই (ঋতুশ্ৰাৱৰ পৰা, সন্তান প্ৰসৱৰ পৰা নাইবা বয়োঃসন্ধিৰ ফলত হোৱা) বনৰীয়া জীৱ-জন্তুৱে তেওঁলোকক আক্ৰমণ নকৰে। সেই পৰম্পৰাকেই পিছলৈ মহিলাক শোষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হ’ল।’
কূৱালাপুৰমৰ লোকসাহিত্যৰ যুক্তিযুক্ততা কম। গঞাই কয় যে মহাপুৰুষ সিদ্ধাৰলৈ আগবঢ়োৱা প্ৰাৰ্থনা আৰু প্ৰতিশ্ৰুতিৰ মাজত এই পাঁচোখন গাওঁ বান্ধ খাই আছে। ‘সিদ্ধাৰ এইখন গাঁৱতেই বাস কৰিছিল আৰু আমাৰ মাজতেই থাকিছিল, তেৰা আছিল ভগৱান আৰু শক্তিৱন্ত,’ কূৱালাপুৰমস্থিত সিদ্ধাৰৰ প্ৰতি উৎসৰ্গিত থাংগামুড়ি স্বামী মন্দিৰৰ প্ৰধান কাৰ্যবাহী ৬০ বৰ্ষীয় এম. মুথুৱে কয়। ‘আমি বিশ্বাস কৰো যে আমাৰ গাওঁখনকে ধৰি পুৰুপট্টি, গোবিন্দনাল্লুৰ, চাপ্তাৰ আলাগাপুৰি আৰু চিন্নাইয়াপুৰম, এই কেউখনেই সিদ্ধাৰৰ পত্নি আছিল। প্ৰতিশ্ৰুতি ভাঙিলেই গাওঁকেইখনলৈ দুৰ্যোগ নামি আহিব।’
কূৱালাপুৰমতে জীৱনটোৰ সৰহভাগ সময় কটোৱা ৭০ বৰ্ষীয় চি. ৰাসুৱে কোনো ধৰণৰ বৈষম্যৰ নথকা বুলিয়েই কয়। ‘এয়া আমাৰ সৰ্বশক্তিমানজনৰ প্ৰতি সশ্ৰদ্ধ উপাসনাহে। মহিলাসকলক মুৰৰ ওপৰত চালিসহিতে ফেন আৰু আহল-বহল ঠাইকে ধৰি সকলো সুবিধা দিয়া হয়।’
সেই সুবিধা ৰাসুৰ ভনীয়েক মুথুৰলিয়ে তেওঁৰ দিনবোৰত ‘উপভোগ’ কৰিবলৈ পোৱা নাছিল। ‘আমি কেৱল খেৰৰ চালি পাইছিলো। তাৰোপৰি বিদ্যুতৰ সংযোগো নাছিল। আজিকালিৰ ছোৱালীবোৰে ভালেই সুবিধা পাইছে, তথাপিও তেওঁলোকে অভিযোগ কৰে। কিন্তু আমি পৰম্পৰা মানি চলিবই লাগিব,’ তেওঁ জোৰ দি কয়। ‘নহ’লে আমি ধূলিৰ লগত মিহলি হৈ যাব লাগিব।’
গাঁৱৰ প্ৰায়ভাগ মহিলাই এই লোকবিশ্বাসকে মানি আহিছে। ঋতুশ্ৰাৱৰ কথা লুকুৱাই ৰখাৰ বাবে এগৰাকী মহিলাই নিতৌ সপোনত সাপ দেখিবলৈ লয়। তাইৰ মতে তাই মুট্টুথুৰাইলৈ নগৈ পৰম্পৰা ভংগ কৰাৰ বাবে ভগৱান ৰুষ্ট হৈছে।
এই সকলো কথাৰ মাজতে এটা কথা মনকে কৰা নহ’ল যে অতিথিশালাটোৰ ‘আৰাম’ৰ ভিতৰত শৌচাগাৰৰ সুবিধা নাই। ‘আমি নেপকিন সলাবলৈ নাইবা শৌচ কৰিবলৈ দূৰৰ পথাৰলৈ যাবলগীয়া হয়,’ ভানুৱে কয়। গাঁৱৰ স্কুললৈ যোৱা ছোৱালীবোৰে নেপকিন ব্যৱহাৰ কৰিবলৈ লৈছে (সিবোৰ সিহঁতে জ্বলাই পেলায় নাইবা পুৰি পেলায়, নাইবা গাঁৱৰ বাহিৰত পেলায়)। কিন্তু বয়সস্থ মহিলাই এতিয়াও কাপোৰেই ব্যৱহাৰ কৰে। সেই কাপোৰ পেলাই নিদি ধুই পুনৰাই ব্যৱহাৰ কৰে।
মুট্টুথুৰাইত থাকিবলৈ অহাসকলৰ বাবে অতিথিশালাৰ বাহিৰতে এটা পানীৰ নল আছে, সেই নলটো গাঁৱৰ আন মানুহে স্পৰ্শ নকৰে। ‘আমাৰ কাপোৰ-কানি আৰু কেঁথা-কম্বল আদি নোধোৱালৈকে আমি গাঁৱলৈ উভতি যাব নোৱাৰো,’ ৰাণীয়ে বুজাই কয়।
ছেদাপ্পাটি ব্লকৰ সাপ্তাৰ আলাগাপুৰি গাওঁখনত প্ৰায় ৬০০ মান জনবসতি। তাৰে মহিলাসকলে বিশ্বাস কৰে যে পৰম্পৰা মানি নচলিলে মহিলাসকলৰ ঋতুশ্ৰাৱ বন্ধ হৈ যাব। ৩২ বৰ্ষীয় কাৰ্পাগাম (তাইৰ আচল নাম নহয়)ৰ আচল ঘৰ চেন্নাইত। একাষৰীয়া কৰি ৰখাৰ এই প্ৰথা দেখি তাই হতভম্ব হৈ পৰিছিল। ‘কিন্তু মই বুজি পালো যে এয়া পৰম্পৰাৰে এক অংশ, আৰু অস্বীকাৰ কৰিব নোৱাৰি। মোৰ গিৰী আৰু মই এতিয়া তিৰুপ্পুৰত কাম কৰো আৰু বন্ধৰ দিনতহে ইয়ালৈ আহো।’ তাই নিজৰ ঘৰৰ চিৰিৰ তলৰ সৰু ঠাইটুকুৰা দেখুৱালে। ঋতুশ্ৰাৱৰ সময়ত তাই সেই ঠাইটুকুৰাতে থাকে।
সাপ্তাৰ আলাগাপুৰিৰ সেই সৰু , ভগা-ছিগা মুট্টুথুৰাইখন আওঁহতীয়া ঠাইত আছে। তাতে থকাতকৈ ঋতুশ্ৰাৱ হোৱা মহিলাই ৰাস্তাতে বাহৰ পাতি থাকিবলৈ পচন্দ কৰে। ‘মাত্ৰ বৰষুণৰ দিনৰ বাদে,’ ৪১ বৰ্ষীয় লাথায়ে (তাইৰ আচল নাম নহয়) কয়। বৰষুণৰ দিনত সিহঁত মুট্টুথুৰাইত আশ্ৰয় লয়।
তাৎপৰ্যৰ কথা এয়ে যে কূৱালাপুৰম আৰু সাপ্তাৰ আলাগাপুৰিৰ প্ৰায় প্ৰতিঘৰতে শৌচালয় আছে। সেয়া ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীনত প্ৰায় সাত বছৰমান আগতে নিৰ্মাণ কৰা হৈছিল। ডেকাচামে সেয়া ব্যৱহাৰ কৰে যদিও বয়সীয়ালসকলে পথাৰলৈ যাবলৈহে ভাল পায়। কিন্তু মুট্টুথুৰাইত দুয়োখন গাঁৱতে শৌচালয় নাই।
‘আনকি আমি ঋতুশ্ৰাৱৰ সময়ত তালৈ গৈ থকাৰ সময়ত মূল বাটেৰে যাব নোৱাৰো,’ অণুজীৱবিজ্ঞানৰ স্নাতক ২০ বছৰীয়া শালিনীয়ে (আচল নাম ব্যৱহাৰ কৰা হোৱা নাই) কয়। ‘আমি ঘুৰি-পকি জৰাজীৰ্ণ পথেৰে মুট্টুথুৰাইলৈ যাবলগীয়া হয়,’ শালিনীয়ে মাদুৰাইস্থিত তাই পঢ়া মহাবিদ্যালয়খনত কেতিয়াও ঋতুশ্ৰাৱৰ কথা আলোচনা নকৰে, কিজানি কথাৰ মাজতে সেই ‘গোপন কথা’টো ওলাই পৰে। ‘এয়া কোনো গৌৰৱৰ কথা নহয়, জানেনে?’ তাই কয়।
সাপ্তাৰ আলাগাপুৰিৰ এগৰাকী জৈৱিক খেতি কৰা খেতিয়ক ৪২ বৰ্ষীয় টি. চেলভাকানিয়ে এই অজাচাৰৰ বিষয়ে গাঁৱৰ মানুহৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিল। ‘আমি স্মাৰ্টফোন, লেপটপ আদি ব্যৱহাৰ কৰিবলৈ লৈছো, তথাপি ২০২০ত আমাৰ মহিলাক (ঋতুশ্ৰাৱৰ সময়ত) এতিয়াও একাষৰীয়াকৈ ৰাখো কিয়?’ তেওঁ সোধে। অৱশ্যে কাম নকৰিবলৈ তেওঁ কয়। ‘আনকি জিলা উপায়ুক্ত এজনেও এই নিয়ম মানি চলিব লাগে,’ লাথাই কয়। ‘ইয়াতে নিদানশালা আৰু চিকিৎসালয়ত কাম কৰা নাৰ্ছেও (আৰু আন শিক্ষিত আৰু চাকৰি কৰা মহিলায়ো) ঋতুশ্ৰাৱৰ সময়ত ঘৰৰ বাহিৰত থাকিবলগীয়া হয়,’ তেওঁ কয়। ‘আপোনাৰ পত্নিয়েও সেয়া মানিব লাগে, এয়া বিশ্বাসৰ কথা,’ তেওঁ চেলভাকানিক কয়।
মহিলাসকলে অতিথিশালাত পাঁচ দিন পৰ্যন্ত থাকিবলগীয়া হয়। আনহাতে পুষ্পিতা হোৱা ছোৱালীক ইয়াতে এমাহ ৰখা হয়, একেদৰে সন্তানসম্ভৱা আৰু প্ৰসূতিকো এমাহৰ বাবে নৱজাতকৰ সৈতে ইয়াতে ৰখা হয়
‘মাদুৰাই আৰু থেনি জিলাৰ অইন ঠাইতো এনে ‘অতিথিশালা’ দেখিবলৈ পাব। তেওঁলোকে বেলেগ বেলেগ মন্দিৰত পূজা কৰে, সেই পৰম্পৰাৰ যুক্তিযুক্ততাত বিশ্বাস কৰে,’ শালাই চেলভামে কয়। ‘আমি মানুহৰ সৈতে কথা পতাৰ চেষ্টা কৰিছো, কিন্তু ধৰ্মীয় বিশ্বাসৰ কথা কৈ সকলোৱে আমাৰ কথা শুনিব নোখোজে। এয়া ৰাজনৈতিক সদিচ্ছাৰ জৰিয়তেহে সলনি কৰা সম্ভৱ। কিন্তু তাৰ পৰিৱৰ্তে শাসনত থকাসকলে ভোটভিক্ষা কৰিবলৈ আহোতে অতিথিশালাবোৰত সা-সুবিধা বঢ়াই সেয়া আধুনিকীকৰণ কৰাৰ কথাহে কয়।’
চেলভামে ভাবে যে শাসনত থকাসকলে বিষয়টোত হস্তক্ষেপ কৰি অতিথিশালা বন্ধ কৰাব পাৰে। ‘এয়া বিশ্বাসৰ কথা হেতুকে তেনে কৰা টান কাম বুলি তেওঁলোকে কয়। কিন্তু এনে অস্পৃশ্যতাৰ অজাচাৰ কিমানদিনলৈ চলি থাকিবলৈ দিব পাৰিম? নিশ্চয়কৈ চৰকাৰে এই অজাচাৰ বন্ধ কৰাৰ বাবে সমালোচনাৰ সমুখীন হ’ব, কিন্তু এয়া বন্ধ কৰিবই লাগিব, মানুহে পাহৰি যাবলৈ বেছিদিন নালাগে।’
ঋতুশ্ৰাৱক লৈ প্ৰচলিত অজাচাৰ আৰু মাহেকীয়াক লৈ নিন্দা তামিলনাডুত একো নতুন কথা নহয়। পট্টুক্কট্টাই ব্লকৰ আনাইক্কাড়ু গাঁৱৰ চৈধ্য বছৰীয়া এছ. বিজয়াই এনে অজাচাৰৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। ২০১৮ৰ নৱেম্বৰত অহা গাজা ঘূৰ্ণীবতাহে থাঞ্জাভুৰ জিলা ছানি ধৰাৰ সময়তে এই অজাচাৰ মানিয়েই পুষ্পিতা হোৱা বিজয়াই ঘৰৰ কাষতে থকা খেৰী পজা এটাত থাকিবলগীয়া হৈছিল। (তাইৰ পৰিয়ালটো ঘাইঘৰত আছিল বাবে বাচি গ’ল, তাই নাবাচিল)।
‘এই অজাচাৰ তামিলনাডুৰ প্ৰায়বোৰ ঠাইতে আছে, মাত্ৰ ক’ৰবাত শিথিল, ক’ৰবাত কটকটীয়া,’ তথ্যচিত্ৰ নিৰ্মাতা গীতা ইলানগোভানে কয়। তেওঁ ২০১২ত প্ৰস্তুত কৰা তথ্যচিত্ৰ ‘মাধৱীদাই’খন ঋতুশ্ৰাৱক লৈ থকা অজাচাৰক কেন্দ্ৰ কৰি নিৰ্মিত। কিছুমান নগৰাঞ্চলত একাষৰীয়া কৰি ৰখাৰ নিয়ম বেলেগ বেলেগ, কিন্তু এতিয়াও প্ৰাসংগিক। ‘এগৰাকী আমোলাৰ পত্নিয়ে কোৱা শুনিছো যে তেওঁ জীয়ৰীক ঋতুশ্ৰাৱৰ সময়ত পাকঘৰত সোমাব নিদিয়ে আৰু সেই সময়খিনি ‘জিৰণী’ লোৱাৰ সময় বুলি কয়। আপুনি ভিন ভিন শব্দৰে সেয়া সজাই ক’ব পাৰে, মুঠৰ ওপৰত সেয়া বৈষম্যই।’
ইলানগোভানে কয় যে ঋতুশ্ৰাৱ-লজ্জা সকলো ধৰ্ম আৰু আৰ্থ-সামাজিক প্ৰেক্ষাপটত কম-বেছি পৰিমাণে আছেই। ‘মোৰ তথ্যচিত্ৰখনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা মহিলা এগৰাকীৰ সৈতে কথা পাতিছিলো, তাতেও তেওঁ নিজেই ঋতুশ্ৰাৱৰ সময়ত একাষৰীয়াকৈ আছিল। তাই যুক্তি দিছিল যে সেয়া তেওঁ নিজৰ খুচিমতে কৰিছে। সমাজৰ অভিজাত শ্ৰেণীৰ বাবে যিটো পচন্দ-অপচন্দৰ বিষয়, সেয়া পুৰুষপ্ৰধান শৃংখলাৰ মাজত সোমাই পৰা কণ্ঠহীন আৰু শক্তিহীন মহিলাৰ বাবে সামাজিক বান্ধোন।’
‘মানুহে মনত ৰখা উচিত যে শুচি হোৱাৰ এই পৰম্পৰা আচলতে ‘উচ্চ’ জাতৰ,’ ইলানগোভানে কয়। কিন্তু ই সমাজৰ সকলো শ্ৰেণীকে প্ৰভাৱিত কৰে। কূৱালাপুৰম আদিবাসী অধ্যূষিত এলেকা। চিত্ৰনিৰ্মাতাজনে কয় যে ‘তথ্যচিত্ৰখন পুৰুষ শ্ৰেণীক উদ্দেশ্যী নিৰ্মাণ কৰা হৈছিল। পুৰুষে এই সমস্যাবিধ বুজি পোৱাটো বিচাৰো। নীতিনিৰ্ধাৰকসকলৰ প্ৰায়ভাগেই পুৰুষ। আমি এই কথা নাপাতিলে, ঘৰৰ পৰা কথা-বতৰা আগ নাবাঢ়িলে, মই একো আশা দেখা নাই।’
তাৰোপৰি, ‘পানীৰ ভাল সুবিধা নোহোৱাকৈ মহিলাক একাষৰীয়া কৰি ৰাখিলে স্বাস্থ্যৰ প্ৰতিও সাংঘাতিক বিপদ মাতি অনা হয়,’ চেন্নাইৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডা. শাৰদা শক্তিৰাজনে কয়। ‘তিতা পেড বহুসময় পিন্ধি থাকিলে আৰু বিশুদ্ধ পানীৰ সুবিধা নাথাকিলে মূত্ৰনলী আৰু প্ৰজননাংগৰ সংক্ৰমণ ঘটিব পাৰে। এনে সংক্ৰমণে পিছলৈ মহিলাগৰাকীৰ প্ৰজননক্ষমতা নাইকিয়া কৰিব পাৰে। তদুপৰি দীৰ্ঘস্থায়ী স্বাস্থ্যজনিত সমস্যা যেনে শ্ৰোণিজনিত (মূত্ৰবাহী নলীৰ বহল শীৰ্ষাংশ) বিষ আদিৰ উদ্ভৱ হ’ব পাৰে। স্বাস্থ্যবিধি ভালদৰে অনুসৰণ নকৰিলে (পুৰণি কাপোৰ ব্যৱহাৰ কৰিলে) পৰিণতিস্বৰূপে হোৱা সংক্ৰমণেই জৰায়ুমুখৰ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে,’ তেওঁ কয়।
ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ কমিউনিটি মেডিচিন এণ্ড পাব্লিক হেলথ শীৰ্ষক জাৰ্নেলখনত ২০১৮ত প্ৰকাশিত এক
প্ৰতিবেদন
মতে কৰ্কট ৰোগাক্ৰান্ত মহিলাৰ ক্ষেত্ৰত জৰায়ুমুখৰ কৰ্কট ৰোগীৰ সংখ্যা দ্বিতীয় সৰ্বাধিক, বিশেষকৈ তামিলনাডুৰ গ্ৰামীণ অঞ্চলত।
কূৱালাপুৰমত ভানুই আন এটা কথাতহে গুৰুত্ব দিছে। ‘আপুনি এই পৰম্পৰা সলনি কৰিব নোৱাৰে, যিমানেই চেষ্টা নকৰক লাগিলে,’ নিজ বিবেচনাৰে ভানুৱে কয়। ‘আপুনি যদি কিবা এটা কৰিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি আমাক মুট্টুথুৰাইত এটা শৌচাগাৰ নিৰ্মাণ কৰি দিয়ক। ই আমাৰ জীৱন যাপন সহজ কৰি তুলিব।’
প্ৰচ্ছদ সচিত্ৰকৰণঃ
প্ৰিয়ংকা ব’ৰাৰ
এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]
অনুবাদঃ পংকজ দাস