ৰামকুণ্ড নামৰ প্ৰাচীন স্নানঘাটটোৰ পাৰত প্ৰাৰ্থনা কৰাৰ দৰে ভংগীমাৰে তেওঁ থিয় হৈ থাকিল। ৰামকুণ্ড বোধকৰো গোদাবৰী নৈৰ আটাইতকৈ পৱিত্ৰ স্থান। তাৰপিছত তেওঁ অন্তৰ্বাস পিন্ধা অৱস্থাতে স্নান কৰিলে- এটা পানীটেংকীৰ পৱিত্ৰ জলধাৰত।

শক্তিশালী গোদাবৰী নৈৰ উত্পত্তিস্থলী মহাৰাষ্ট্ৰৰ জলসংকটলৈ স্বাগতম।

১৩৯ বছৰৰ ভিতৰত এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে ঐতিহাসিক ৰামকুণ্ড স্নান ঘাটৰ পানী শুকাই গৈছিল। তাৰে দুমাহ পিছৰেপৰা দৈনিক ৬০ ৰপৰা ৯০ খন টেংকীৰে পানী ঢালি কুণ্ডটো জীয়াই ৰখা হৈছে। এক কথাত মহাৰাষ্ট্ৰ চৰকাৰে এখন নৈত টেংকীৰে পানী ঢালি আছে। গোদাবৰী নৈখন নিজেই সংকটত পৰিছে, ঠায়ে ঠায়ে তৰাং হৈছে। সেয়া জীয়াই থকাৰ স্মৃতিকালত কেতিয়াও নোহোৱা-নোপোজা কথা। মে মাহত নৈখনৰ জলস্তৰ ইমানেই নামিছিল যে নাচিকৰ ত্ৰিম্বাকৰৰ (নৈৰ পানী মন্দিৰে পৱিত্ৰ কৰাৰ বাবে প্ৰায়ে ত্ৰিম্বাকেশ্বৰ বুলি কোৱা হয়) ব্ৰহ্মগিৰি পৰ্বতত থকা উত্স পৰ্যায়তে শিলগুটি দেখা হৈছিল। বৰ্ষাকালে কিছু সকাহ দিব বুলি মানুহবোৰে আশা পালি ৰৈছে।

PHOTO • P. Sainath

পানীটেংকী এটাৰপৰা নৈত পানী ঢালি দিয়া হৈছে। সোঁফালেঃ নৈৰ পৰিৱৰ্তে টেংকীৰ পানীৰে এজন তীৰ্থযাত্ৰীয়ে গা ধুইছে

"নৈখনৰ উত্সস্থলীতে থকা চহৰখনেই পানীৰ বাবে খৰাং বতৰত তিনিদনতে তললৈ নামি গৈ থাকিলগা হৈছে," ত্ৰিম্বাকত সততে দেখা পোৱা ধৰ্মীয় পৰ্যটনৰ অৰ্থনীতিৰ আৰ্হি দাঙি ধৰা ফটোগ্ৰাফাৰ বনাম পুৰোহিত কমলাকাৰ আকোলকৰে হাঁহি হাঁহি ক'লে। "ইয়াতে ২০ বছৰজোৰা নিৰ্বননীকৰণ হৈছে," আকোলকাৰে কয়। "আমাৰ সেউজীয়া চাদৰখন কেতিয়াবাই নাইকিয়া হৈছে। এতিয়া আছে অসংখ্য বাট-পথ, হোটেল, বৰ্ডিং হাউছ, বিকাশ, অসংখ্য কনষ্ট্ৰাকছন। চহৰখনতে ১০ হাজাৰ লোক আছে। দৰাচলতে তীৰ্থযাত্ৰী, বিক্ৰেতা আৰু পৰ্যটন অৰ্থনীতিৰ সৈতে জৰিত সকলোকে ধৰি চহৰখনৰ জনসংখ্যা ৫০ হাজাৰৰো অধিক হ'ব। এনেদৰে পানীৰ ওপৰত জোৰ পৰিছে। এটা সময় আছিল যেতিয়া দুটা দশক আগতে আমি চাৰিটা মাহলৈ বৰষুণ পাইছিলো, এতিয়া ডেৰমাহমানতে সেয়া শেষ হৈ থাকে।"

কেইকিলোমিটাৰমানৰ বাট বাই ৰামকুণ্ডৰ মুখ্য পুৰোহিত সতীশ শুক্লাক লগ পালো। তেওঁ ক'লে, "পৌৰ নিগমে আমাক শেষ কৰি দিলে।" কিছুবছৰ আগতে ভাৰতীয় জনতা দলৰ কৰ্পৰেটৰ হিচাপে কাম কৰা শুক্লা এতিয়া গোদাবৰী পঞ্চকটি পুৰোহিত সংঘৰ সচিব। গোদাবৰীৰ সৈতে জৰিত এইখন ৭০ বছৰীয়া পুৰণি সংস্থা। "কৰ্পৰেছনটোৱে সেই ঘাটটো পকী কৰি পেলালে। তেনে নকৰা হ'লে মই ভাল পালোহেঁতেন। শ শ বছৰে নোহোৱা ক্ষতি শেহতীয়া দুটা দশকতে হ'ল," শুক্লাই কয়। "চাৰিওফালে কৰা কংক্ৰিটৰ কামে নৈখন মাৰি পেলাইছে। পুৰণি জলাধাৰবোৰ মৰি গ'ল, আগৰ জুৰিবোৰ নাইকিয়া হ'ল। সিহতে কেতিয়াও আমাৰ সৈতে আলোচনা নকৰিলে। যি মন যায় তাকে কৰিলে। নৈখনৰ প্ৰাকৃতিক স্ৰোত নাইকিয় হ'ল। ভগৱান বৰুণে বৰষুণৰ বাবে পুৰোহিতসকলৰ প্ৰাৰ্থনা সদায় শুনি আহিছে। কিন্তু পৰিতাপৰ কথা, এতিয়া নুশুনা হ'ল।"

PHOTO • P. Sainath

ৰামকুণ্ডৰ পাৰত এজাক তীৰ্থভ্ৰমণকাৰী গোট খাইছে। সোঁফালেঃ সতীশ শুক্লা, গোদাবৰী পুৰোহিত এছছিয়েছনৰ সচিব

ভগবান বৰুণে তেওঁৰ নিজৰেই পুৰোহিতৰ কথা আওকাণ কৰিলে, কিন্তু চৰকাৰে নাচিকৰ কুম্ভ মেলাত নিজেই বৰষুণৰ দেবতাৰ ভাও লোৱাৰ সিদ্ধান্ত ল'লে। জলসিঞ্চন বিভাগৰ বিষয়াই কোৱামতে গোদাবৰীৰ ওপৰত থকা মূল বান্ধ গংগাপুৰ আৰু নৈখনৰ উপনৈ গৌতমী আৰু কাশ্যপীৰ পৰা মুঠ ১.৩ হাজাৰ মিলিয়ন ঘনফুট পানী (টিএমচি) কুম্ভমেলাৰ বাবে এৰি দিয়া হৈছিল। 'শ্বানী স্নান' অৰ্থাত ৰাজসিক স্নানৰ বাবে ২০১৫ বৰ্ষৰ আগস্ত-ছেপ্তেম্বৰ মাহত এৰি দিয়া পানীৰ ই এটা মাত্ৰ অংশহে আছিল। এইবাৰ জানুৱাৰীৰ সামৰণি অনুষ্ঠানতো ভালেখিনি পানী ব্যয় কৰা হ'ল। পৱিত্ৰ স্নানৰ ফলত সৃষ্টি হোৱা লেতেৰা পৰিৱেশ নিকা কৰিবলৈ আৰু অধিক পানী এৰি দিবলগীয়া হ'ল।

মুঠৰ ওপৰত ১.৩ টিএমচি পানী মাহকেইটাত মেলাকে আদি কৰি বিভিন্ন অনুষ্ঠানৰ বাবে এৰি দিয়া হৈছিল। নাচিক চহৰলৈ বছৰটোৰ বাবে আবণ্টিত মুঠ পানীৰ পৰিমাণ ৩.৭ টিএমচিৰ প্ৰায় আধা আছিল সেই পৰিমাণ। এই বিষয়ক লৈ অভিযোগ আদালতৰ দ্বাৰ পালে। মেলাত ভক্তৰ প্ৰাৰ্থনাই ইয়াৰ উত্তৰ হিচাপে শুনা গ'ল, কিন্তু ইয়াৰ মাজতে নামনিত বাস কৰা খেতিয়কৰ প্ৰাৰ্থনালৈ কোনোৱে কাণ নিদিলে। তেওঁলোক আছিল সেইসকল খেতিয়ক যাৰ জীৱিকা গংগাপুৰৰ পৰা নিৰ্দিষ্ট সময়ত এৰি দিয়া পানীৰ ওপৰতে নিৰ্ভৰশীল।

PHOTO • P. Sainath

কুম্ভ মেলাৰ বাবে পানীৰ খাল খন্দাই নিয়াৰ ফলত তেওঁৰ শস্য পথাৰত হোৱা ক্ষতিৰ কথা বুজাই থকাৰ সময়ত প্ৰশান্ত নিমচে

“আমি পানীৰ তিনিবাৰৰ সলনি এবাৰহে পাইছিলো। আপুনি ক'ব পাৰে এটা আৰু আধা, কিন্তু প্ৰথমখিনি বৰ সোনকালেই আহিল, কোনো জাননী নোহোৱাকৈ," প্ৰশান্ত নিমচেয়ে ক'লে। তেওঁৰ গাওঁ নন্দুৰগাওঁৱে গংগাপুৰ বান্ধৰ দক্ষিণ পাৰৰ খালৰপৰা পানী পায়। আঙুৰ, আঞ্জিৰকে ধৰি উদ্যানশস্যৰ খেতি কৰা নিমচেয়ে কোৱামতে তেওঁ কেনেবাকৈ ঘৰৰ মাটিতে সজা বিবাহ ভৱনটোৰ পৰা ভাল আয়ৰ বাট দেখুৱালে। নাচিক চহৰৰ মাজত সোমাই পৰা গাওঁখনত থকা ভৱনটোত তেঁওৰ গ্ৰাহক বাঢ়িছে। "মই বাচিলো, কিন্তু কেৱল খেতিৰ ওপৰতেই ভৰসা কৰাসকল ধ্বংস হ'ল।"

"আঙুৰৰ খেতি বিভিন্ন ধৰণে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে," নামনিৰ আন এজন খেতিয়ক বাসুদেৱ খাটেয়ে কয়। "খৰাং বতৰত পানীৰ অভাৱে শস্যৰ ওপৰত আঘাত হানে। আমি কোনোমতে আঙুৰৰ উত্পাদন কৰিব পাৰিলেও গুণাগুণ কমি যায়। মন কৰিব যে প্ৰতি একৰ মাটিত ১০০ দিনৰ হাজিৰা থাকে। ৪০ হাজাৰ একৰ মাটি পানীৰ অভাৱত ভোগা মানে তাতে শ্ৰমো অথলে যায়, আৰু ৩০ লাখ কৰ্মদিনৰ লোকচান।" পৰিণামস্বৰুপে কাম নাইকিয়া হোৱাৰ হতাশাই মাৰাথৱাড়াৰ হাজাৰ হাজাৰ ঘৰত হতাশাই হেঁচি ধৰে।

ৰাজ্যখনত বৰষুণ বিস্তৃত হ'বলৈ ধৰিছে। তথাপি, ভালেমান খেতিয়ক, শ্ৰমিক আৰু অইন লোকে জানে যে বৰ্ষাকালৰ কৃপাদৃষ্টি পৰিলেই সমস্যাটো সমাধান নহয়। "তেনে হ 'লে সকাহ পোৱা যাব ঠিকেই, কিন্তু দীৰ্ঘকালীন সংকট চলি আছে আৰু সেয়া নোহোৱা হৈ নাযায়," পুৰোহিত আকোলকাৰে কয়।

নাচিক জিলাৰ জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তা পি.বি. মিছালে সমস্যাটোক লৈ ভিন্ন মত পোষণ কৰে। "মহাৰাষ্ট্ৰত আমাৰ কোনো চিৰস্থায়ী নদী নাই," মিছালে কয়। "বিগত ২০ বছৰত ভূগৰ্ভস্থ জলস্তৰৰ লক্ষণীয় হাৰত অৱনমন ঘটিছে। কৃষিৰ বাবে অত্যাধিক পাম্পিং কৰাৰ ফলত। নাচিকৰ জনসংখ্যা উপঙা ৩ লাখমান লোকক ধৰি প্ৰায় ২০ লাখৰ ঘাই চুইছেগৈ। মাটিৰ ব্যৱহাৰৰ আৰ্হিবোৰ বহু সলনি হৈছে। চহৰখন আগুৰি থকা সেউজীয়া পথাৰবোৰ এতিয়া নিৰ্মাণকাৰ্যই নাইকিয়া কৰিছে।" বৃষ্টিপাতৰ পৰিমাণ অনিয়মীয়া হৈ পৰাটো তেওঁ নজৰত পৰাৰ সময়তে বৃষ্টিপাতৰ "ধৰ্মনিৰপেক্ষ হ্ৰাস" ঘটাৰ প্ৰমাণ থকা কোনোধৰণৰ তথ্য তেওঁ নাপালে। অধ্যাপক মাধৱ গাডগিলৰ দৰে পৰিৱেশ বিশেষজ্ঞৰ ভাষ্য মতে মহাৰাষ্ট্ৰৰ হেনো কোনো চিৰস্থায়ী নদী নাই। কিন্তু এইবোৰ "তাত্পৰ্যপুৰ্ণভাৱে ঋতুজনিত নৈলৈ ৰুপান্তৰ কৰা হৈছে।"

ইয়েই মহাৰাষ্ট্ৰৰ পানীৰ মহাসংকটত মানৱসৃষ্ট সংস্থাৰ ভূমিকাৰ কথালৈ আমাক লৈ যায়। পশ্চিম মহাৰাষ্ট্ৰৰ চাতাৰা জিলাৰ পুৰণি মহাবালেশ্বৰৰ কৃষ্ণাই নৈৰ উত্সত আমি দেখা সমস্যাৰ সৈতে ত্ৰিম্বাকেশ্বৰৰ পানীৰ সমস্যা ৰিজাব পাৰি। (তাতে মোৰ সৈতে মোৰ সহকৰ্মীয়ে মে মাহত নামনিৰ ফালে ভ্ৰমণ কৰিছিলোঃ নৈৰ উত্সবোৰ, শাসকৰ দুৰ্নীতিবোৰ।)

“মনত কৰিব যে নাচিক এক প্ৰমুখ উদ্যোগিক এলেকালৈ পৰ্যবসিত হৈছে। সেইহেতু অঞ্চলটৰ পানীৰ ভাগ-বতৰাৰ প্ৰণালীও সলনি হৈছে," আকোলকাৰে কয়। "প্ৰতিটো অঞ্চলতে এখন বিশাল অনিয়ন্ত্ৰিত পানীৰ বজাৰ গঢ় লৈ উঠিছে। আনকি খুব ভাল বৃষ্টিপাতেও খুব কমেই ইয়াৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। পৰ্যটন মানে হৈছে চহৰখন প্ৰতিটো খোজকে পকী কৰি পেলোৱা। তাতে পানী বৈ যোৱা বা উশাহ লোৱাৰ ঠায়ে নাই।”

PHOTO • P. Sainath

ত্ৰিম্বাকেশ্বৰ মন্দিৰৰ গংগাসাগৰৰ জলস্তৰ গোদাবৰী নৈৰ প্ৰথম জলাশয় হোৱা স্বত্বেও স্বাভাবিকতকৈ তলত আছে

ভালেমান সৰু সৰু জুৰি আদি ব্ৰহ্মগিৰি হৈ ত্ৰিম্বাকেশ্বৰৰ গংগাসাগৰ পুখুৰীত পৰে যদিও সেই জুৰিবোৰ শুকাই গৈছে, পৰ্বতখনত কেৱল জুৰিবোৰৰ বগা বগা চিনহে দেখা গৈছে। তাতে আমি কেৱল শুকাই যোৱা জুৰিবোৰ দেখিছিলো। এতিয়া বোধকৰো ৰাজ্যখনত বৰষুণ পৰাৰ লগে লগে সিবোৰে আকৌ প্ৰাণ পাই উঠিছে।

অবাধ নিৰ্বননীকৰণ, নৈবোৰত ব্যাপক বান্ধ, ঔদ্যোগিক আৰু ৰাজ্যজুৰি বিয়পি থকা জীৱনশৈলীসংক্ৰান্ত প্ৰকল্প যেনে ৰিজৰ্ট আদি গোটেই ৰাজ্যখনতে দেখা যায়। নৈৰ উত্সবোৰত নিষ্ঠুৰতাৰে কৰা পকীকৰণ, ভূগৰ্ভস্থ জলস্তৰৰপৰা বিশাল পৰিমাণে আৰু অনিয়ন্ত্ৰিত হাৰত পানীৰ নিষ্কাশনৰ উপৰিও দৰিদ্ৰ আৰু সু-অৱস্থাসম্পন্নসকলৰ মাজত পানীৰ অসমান বিতৰণ আদিও সততে ৰাজ্যখনত চকুত পৰে। এই আটাইবোৰে মহাৰাষ্ট্ৰৰ ভয়াৱহ জলসংকটক প্ৰশ্ৰয় দিছে। সেয়া কেতিয়াও বৰ্ষাকালে ধুই নিব নোৱাৰে, বৰষুণ পৰাৰ লগে লগে জলসংকটক লৈ সংবাদমাধ্যমে তত্পৰতাৰে কৰা কাভাৰেজৰ উত্সাহ-উদ্দীপনা শুকাই তলি উদং হৈ গ'লেও সেয়া নহয়।

ফটোবোৰঃ পি চাইনাথ

پی سائی ناتھ ’پیپلز آرکائیو آف رورل انڈیا‘ کے بانی ایڈیٹر ہیں۔ وہ کئی دہائیوں تک دیہی ہندوستان کے رپورٹر رہے اور Everybody Loves a Good Drought اور The Last Heroes: Foot Soldiers of Indian Freedom کے مصنف ہیں۔

کے ذریعہ دیگر اسٹوریز پی۔ سائی ناتھ