“মোৰ ককাৰ ৩০০ টা উট আছিল। কিন্তু এতিয়া মোৰ ৪০ টাহে আছে। বাকীবোৰ ঢুকাল… সিহঁতক সাগৰলৈ যোৱাত বাধা দিয়া হৈছিল,” জেঠাভাই ৰাবাৰিয়ে কয়। খাম্ভালিয়া তালুকৰ বেহ গাঁৱত তেওঁ সাগৰীয় উট চৰায়। গুজৰাটৰ উপকূলীয় পৰিস্থিতিমণ্ডলত অভ্যস্ত হৈ পৰা খাৰাই বোলা বিপন্ন প্ৰজাতিৰ উট তেওঁ পালন কৰে। কচ্চ উপকূলৰ জলাহবনৰ অৰণ্যত এই উটবোৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি সাতুৰি ফুৰি খাদ্য বিচাৰি ফুৰে।
খাৰাই উটবোৰক ফকিৰানি জাট আৰু ভোপা ৰাবাৰি সম্প্ৰদায়ৰ লোকে ১৭ শতিকাৰ পৰাই দক্ষিণ সমূদ্ৰ উপকূলত খাৰাই উট পালন কৰি আহিছে। তাতেই এতিয়া সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যখন হৈছে। কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত এতিয়া পশু চৰাবলৈ দিয়া ১৯৯৫ৰ পৰা নিষেধ কৰাত উট আৰু উটপালকসকল তিষ্ঠি থকাত সমস্যা আহি পৰিছে।
এই উটবোৰক জলাহবন লাগে, জেঠাভাইয়ে কয়। জলাহবনৰ পাত-কলি আদি ইহঁতৰ খাদ্যৰ অৱশ্যকীয় অংশ। “সেই পাত-লতা খাবলৈ নিদিলে সিহঁত মৰি নাথাকিবনে বাৰু?” জেঠাভাইয়ে প্ৰশ্ন কৰে। কিন্তু পশুবোৰ সমূদ্ৰতীৰলৈ গ’লে “উদ্যানখনৰ কৰ্তৃপক্ষই আমাক জৰিমনা বিহে আৰু পশুধন জব্দ কৰি আবদ্ধ কৰি থয়।”
এই ভিডিঅ’টোত উটবোৰক আপুনি সাতুৰি ফুৰা দেখিব। উটৰখীয়াসকলে সিহঁতক জীয়াই ৰখাত কিমান কষ্ট কৰিবলগীয়া হৈছে, তাকেই উটৰখীয়াসকলে বৰ্ণনা কৰিছে।
তথ্যচিত্ৰ : উৰ্জা
প্ৰচ্ছদ আলোকচিত্ৰ : ঋতায়ন মুখাৰ্জী
পঢ়ি চাব পাৰে : অথাই সাগৰত জামনগৰৰ ‘সাতুৰিব জনা উট’
অনুবাদ: পংকজ দাস