“তাই ঘণ্টাৰ পিছত ঘণ্টা ধৰি কান্দে, মাকক বিচাৰি আনিবলৈ কয়,” শিশুপাল নিষাদে তেওঁৰ সাত বছৰীয়া জীয়ৰী নব্যাৰ কথা কৈছে। “কিন্তু তাইক মই ক’ৰ পৰা ঘূৰাই আনিম? কেতিয়াবা মোৰ নিজৰে মগজু অচল হৈ পৰে। কিমান সপ্তাহ আমি ভালকৈ শোৱা নাই,” উত্তৰ প্ৰদেশৰ সিংতৌলি গাঁৱৰ ৩৮ বছৰ বয়সীয়া শ্ৰমিকজনে কয়।
শিশুপালৰ পত্নী মঞ্জু, অৰ্থাৎ নব্যাৰ মাকে ‘শিক্ষামিত্ৰ’ বা অৰ্ধশিক্ষক হিচাপে জালৌন জিলাৰ কুঠৌণ্ড ব্লকৰ সিংতৌলি প্ৰাথমিক বিদ্যালয়ত কাম কৰিছিল। উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ বাধ্যতামূলক দায়িত্ব নিৰ্বাহ কৰাৰ পিছত ক’ভিড-১৯ আক্ৰান্ত হৈ মৃত্যু হোৱা ১,৬২১ স্কুল শিক্ষকৰ তালিকাখনৰ ১,২৮২ নম্বৰত তেওঁৰ নাম আছে। অৱশ্যে মৃত্যুৰ আগলৈকে পাঁচজনীয়া পৰিয়ালটোৰ বাবে মঞ্জু নিষাদ কেৱল এটা নম্বৰ নাছিল।
তাই তিনিটা সন্তানৰ মাতৃ হোৱাৰ লগতে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। মাহেকত মাত্ৰ ১০,০০০ টকা পাইছিল, কোনো ধৰণৰ সুৰক্ষা অবিহনে ঠিকাভিত্তিক কামৰ বাবে শিক্ষামিত্ৰক দিয়া এই টকা তেনেই পুতৌজনক। তাকো ১৯ বছৰ ধৰি কাম কৰি অহা মঞ্জুৰ দৰে শিক্ষয়িত্ৰীৰ ক্ষেত্ৰতো। শিক্ষামিত্ৰই আচলতে পঢ়োৱা কামো কৰে, কিন্তু শিকন সহায়ক হিচাপে তেওঁলোকক বৰ্গীকৃত কৰা হৈছে।
শিশুপালে নিজে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ নিৰ্মাণক্ষেত্ৰত শ্ৰমিক হিচাপে দিনে ৩০০ টকাত কাম কৰিছিল, কিন্তু “কাম কৰি থকা এক্সপ্ৰেছৱেৰ অংশটো সম্পূৰ্ণ হোৱাৰ দুমাহ আগলৈকেহে কাম কৰিব পালো। তাৰ পিছত ওচৰত ক’তো নিৰ্মাণৰ কাম চলি থকা নাই। মোৰ পত্নীৰ উপাৰ্জনৰ ওপৰতে আমি যোৱা কেইমাহমান ধৰি নিৰ্ভৰ কৰি আহিছো।”
উত্তৰ প্ৰদেশত ১৫, ১৯, ২৬ আৰু ২৯ এপ্ৰিলত, চাৰিটা পৰ্য্যায়ত অনুষ্ঠিত হোৱা বিয়াগোম পঞ্চায়ত নিৰ্বাচনত হাজাৰ হাজাৰ শিক্ষকক নিৰ্বাচনৰ দায়িত্ব দিয়া হৈছিল। শিক্ষকসকলক প্ৰথমে এদিনৰ প্ৰশিক্ষণ দিয়া হৈছিল, তাৰপিছত দুদিনৰ ভোটকেন্দ্ৰৰ কাম। তাৰে এদিন প্ৰস্তুতিৰ আৰু আনটো দিন আচল ভোটদানৰ দিনা। পিছলৈ হাজাৰ হাজাৰ শিক্ষকক আকৌ ২ মে’ৰ দিনা ভোটগণনাৰ বাবে দায়িত্বত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। এই দায়িত্ববোৰ বাধ্যতামূলক আছিল আৰু ভোটগণনা স্থগিত ৰাখিবলৈ শিক্ষক সংন্থাই জনোৱা আবেদন উপেক্ষা কৰা হৈছিল।
উত্তৰ প্ৰদেশ শিক্ষক মহাসংঘ (শিক্ষকৰ সংস্থা)য়ে প্ৰস্তুত কৰা ১,৬২১ জনৰ মৃতকৰ তালিকাত ১৯৩ গৰাকী শিক্ষামিত্ৰ আছে। তাতে মঞ্জুকে ধৰি ৭২ গৰাকী মহিলা। ১৮ মে’ৰ দিনা উত্তৰ প্ৰদেশ প্ৰাথমিক শিক্ষা বিভাগে জাৰী কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে কৈছে যে নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী মতে দায়িত্ব নিৰ্বাহ কৰোঁতে মৃত্যু হোৱাসকলক ক্ষতিপূৰণ দিয়া হ’ব। আকৌ শিক্ষকৰ ক্ষেত্ৰত যিসকলৰ কৰ্তব্যস্থলত নাইবা ঘৰলৈ আহি থকা সময়ত মৃত্যু হৈছে, তেওঁলোকহে ক্ষতিপূৰণৰ যোগ্য। প্ৰেছ বিজ্ঞপ্তিখনত কোৱা হৈছেঃ “এই সময়চোৱাত যদি কোনো ব্যক্তিৰ যিকোনো কাৰণতে হওঁক, মৃত্যু হৈছে, তেওঁক ৰাজ্যিক নিৰ্বাচন আয়োগৰ অনুমোদন সাপেক্ষে ক্ষতিপূৰণৰ বাবে যোগ্য বুলি বিবেচনা কৰা হ’ব।”
সেই ব্যাখ্যাৰ আধাৰতে প্ৰেছ বিজ্ঞপ্তিখনত কোৱা হৈছেঃ “জিলা প্ৰশাসনে ৰাজ্যিক নিৰ্বাচন আয়োগ (এছ.ই.চি.)লৈ ৩ জন শিক্ষকৰ মৃত্যুৰ তথ্য দিছে।” প্ৰশিক্ষণ, ভোটদান, বা ভোটগণনা কেন্দ্ৰত আক্ৰান্ত হৈ ঘৰলৈ অহাৰ পিছত মৃত্যু হোৱা ১,৬১৮ শিক্ষক-শিক্ষয়িত্ৰী এনেদৰে তালিকাৰ বাহিৰ হৈ যাব। তদুপৰি ই ক’ৰনাভাইৰাছ সংক্ৰমণৰ প্ৰকৃতি আৰু ই কেনেদৰে মানুহ মাৰে আৰু তাৰ বাবে কিমান সময় লয়, এই সকলো কথা সম্পূৰ্ণৰূপে আওকাণ কৰিছে।
শিক্ষক মহাসংঘই তিৰস্কাৰ কৰি ইয়াৰ প্ৰত্যুত্তৰ দিছে, কৈছে যে কৰ্তৃপক্ষই তেওঁলোকৰ সম্পূৰ্ণ তালিকাখন চোৱা উচিত, “যাতে চৰকাৰে বাদ পৰি যোৱা ১,৬১৮ জনৰ কথা বিবচেনা কৰিব পাৰে যিটো তেওঁলোকে মাত্ৰ তিনিজন শিক্ষকৰ মৃত্যুৰ তথ্যৰে উলাই কৰিছে,” মহাসংঘৰ সচিব দীনেশ শৰ্মাই পাৰিক কয়।
২৬ এপ্ৰিলৰ দিনা হ’বলগীয়া প্ৰকৃত ভোটগণনাৰ এদিন আগেয়ে, অৰ্থাৎ ২৫ এপ্ৰিলৰ দিনা জালৌন জিলাৰ কান্দৌৰা ব্লকৰ ভোটকেন্দ্ৰৰ কৰ্তব্য নিৰ্বাহৰ বাবে মঞ্জু নিষাদ উপস্থিত আছিল। তাৰে কেইদিনমান আগেয়ে তেওঁ প্ৰশিক্ষণ শিবিৰ এটাত ভাগ লৈছিল। ২৫ এপ্ৰিলৰ ৰাতি তেওঁৰ গা খুবেই বেয়া হৈ পৰিছিল।
“চৰকাৰৰ অসাৱধানতাৰ বাবে এইবোৰ ঘটিছে। ঘৰলৈ উভতি যোৱাটোৱে ভাল হ’ব বুলি অনুভৱ কৰা কথাটো মোৰ পত্নীয়ে কেইজনমান ডাঙৰ বিষয়াৰ সৈতে যোগাযোগ কৰি ক’বলৈ চেষ্টা কৰিছিল যদিও প্ৰত্যুত্তৰত বিষয়াই কৈছিলঃ ‘আপুনি যদি এৰি যাব বিচাৰে, তেন্তে চাকৰিটোও এৰিব লাগিব,’ সেয়ে তেওঁ ডিউটি কৰি গ’ল,” শিশুপালে কয়।
২৬ এপ্ৰিলৰ দিনা তেওঁ ভোটদানৰ দায়িত্ব সামৰি ভাড়া গাড়ী এখনত ৰাতি দেৰিকৈ ঘৰ আহি পালে। “তাইৰ অসুস্থ অনুভৱ কৰিছিল আৰু গাত জ্বৰ আছিল,” তেওঁ কয়। পিছদিনা তাইৰ ক’ভিড-১৯ পজিটিভ ওলোৱাত, শিশুপালে মঞ্জুক এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ লৈ গ’ল। তাতে তেওঁক এৰাতিৰ বাবে ১০,০০০ টকাকৈ এসপ্তাহৰ বাবে চিকিৎসাধীন কৰিব লাগিব বুলি নাৰ্ছিং হোমৰ কৰ্তৃপক্ষই জনালে। ভাবকচোন, তেওঁ এমাহত যিমানখিনি আৰ্জে, সিমানখিনি এদিনত হস্পিতালখনত ভৰিব লাগিব। “তাকে দেখি তেওঁক মই চৰকাৰী হস্পিতালত এখনত ভৰ্ত্তি কৰালো,” শিশুপালে কয়।
ঘৰত তেওঁ নাথাকিলে ল’ৰা-ছোৱালীকেইটাই কি কৰিব, কি খাব সেই লৈহে মঞ্জু চিন্তাত পৰিছিল। ২ মে’, তেওঁ হস্পিতালত ভৰ্ত্তি হোৱাৰ পঞ্চমদিনা. যিটো দিনত তেওঁ ভোটগণনাৰ দায়িত্বত থাকিলেহেঁতেন, সিদিনাই তেওঁ ঢুকাই থাকিল।
“মোৰ মা তাৰে তিনিদিন পিছতে হৃদৰোগত আক্ৰান্ত হৈ ঢুকাল। তেওঁ বাৰে বাৰে কৈ আছিল, ‘মোৰ বোৱাৰীজনী নাথাকিলে মই জীয়াই থাকি কি কৰিম,’ শিশুপালে কয়।”
ল’ৰা-ছোৱালীকেইটা কেনেকৈ খুৱাব-পিন্ধাব, তাকে লৈ শিশুপাল এতিয়া চিন্তাত পৰিছে। নব্যাৰ দুজনী ভাই-ভনী আছে। এজনী মুস্কান, তাইৰ বয়স ১৩ বছৰ আৰু আনজন ৯ বছৰীয়া প্ৰেম। তেওঁলোক থকা ঘৰটোৰ মাহিলী ভাড়া ১,৫০০ টকা। কেনেকৈ চলিব তেওঁ একো ভাবি পোৱা নাই। “এতিয়া মই একো ধৰিব পৰা নাই। মোৰ মগজুৱে কাম নকৰা হৈছে- কেইমাহমান পিছত ময়ো বাচি নাথাকিম,” অসহায় হৈ পৰা শিশুপালে কয়।
*****
মানুহৰ দুৰ্দশাগ্ৰস্ত অৱস্থাৰ সমান্তৰালভাৱে এই পৰিস্থিতিয়ে শিক্ষামিত্ৰ ব্যৱস্থাৰ শোচনীয় স্বৰূপটোও উদঙাই দিছে। বিভিন্ন ৰাজ্যত থকা এই আঁচনিখন উত্তৰ প্ৰদেশত ২০০০-০১ চনত কাৰ্যকৰী কৰা হৈছিল। এই সহায়ক বৰ্গৰ শিক্ষকৰ ঠিকাভিত্তিক নিযুক্তি দৰাচলতে চৰকাৰী স্কুললৈ যোৱা দৰিদ্ৰ শিশুৰ শিক্ষাৰ নামত ব্যয় কমোৱাৰ এক পন্থা আছিল। ইয়াৰ আটাইতকৈ বেয়া দিশটো আছিল যে বজাৰত চাকৰি নথকা এনে পৰিস্থিতিত পৰি সেই পদতে উচ্চ ডিগ্ৰীধাৰী লোকেও নিয়মীয়া শিক্ষকৰ দৰমহাৰ কিয়দংশৰ বাবেই তেনে এটা চাকৰিত সোমাবলৈ বাধ্য হ’ল।
শিক্ষামিত্ৰ এজনৰ উচ্চতৰ মাধ্যমিক বা তাৰ সমপৰ্য্যায়ৰ অৰ্হতা থাকিব লাগে। অপৰ্য্যাপ্ত দৰমহাৰ কথা এই যুক্তিৰেই উচিত বুলি সাব্যস্ত কৰা হৈছিল যে পদটোৰ বাবে অৰ্হতাও তেনেই কম কৰা হৈছে। কিন্তু মঞ্জু নিষাদ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আছিল। তাইৰ দৰে হাজাৰ হাজাৰ শিক্ষামিত্ৰ সেই পদটো সাপেক্ষে অধিক অৰ্হতাসম্পন্ন আছিল, কিন্তু তেওঁলোকৰ হাতত আন উপায় নাছিল। “তেওঁলোকক নিঃসন্দেহে শোষণ কৰা হৈছে, খুবেই বেয়াকৈ। কিন্তু তেওঁলোকে কৰিবই বা কি, নহ’লেনো বি.এড. আৰু স্নাতকোত্তৰ ডিগ্ৰী, আনকি ডক্টৰেট ডিগ্ৰীধাৰীয়ে মাহে ১০,০০০ টকাত কাম কৰিলেহেঁতেন নে?” দীনেশ শৰ্মাই সোধে।
শিক্ষক আৰু আন কৰ্মচাৰীৰ মৃতকৰ তালিকাত ৭৫০ নম্বৰত থকা ৩৮ বছৰ বয়সীয়া জ্যোতি যাদৱে প্ৰয়াগৰাজ জিলাৰ সৌৰাও (সৌৰাভ বুলিও মুখে মুখে কয়)ৰ থাৰাৱাইৰ প্ৰথামিক বিদ্যালয়ত শিক্ষামিত্ৰ হিচাপে কাম কৰিছিল। তেওঁ বি.এড. ডিগ্ৰীধাৰী আছিল আৰু এই বছৰৰ জানুৱাৰী মাহত কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতাৰ পৰীক্ষা (চিটেট) পাছ কৰিছিল। কিন্তু মঞ্জু নিষাদৰ দৰে তেওঁৰো আয় মাহে ১০,০০০ টকা আছিল। তেওঁ সেই চাকৰি কৰা ১৫ বছৰ হৈছিল।
“প্ৰয়াগৰাজ চহৰৰ মতিলাল নেহৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত ১২ এপ্ৰিলৰ দিনা মোৰ পত্নীৰ নিৰ্বাচনৰ প্ৰশিক্ষণ আছিল,” তেওঁৰ স্বামী ৪২ বছৰীয়া সঞ্জীৱ কুমাৰ যাদৱে কয়। “মই তেওঁক তালৈ লৈ গৈছিলো আৰু এটা কোঠালিতে ভালেমান মানুহ ঠাহ খাই থকা দেখিছিলো। তাত ছেনিটাইজাৰ, মাস্ক কিম্বা সুৰক্ষাৰ ব্যৱস্থা বুলিবলৈ একোৱেই নাছিল।”
“ঘূৰি অহাৰ ঠিক পিছদিনাই তেওঁ অসুখত পৰিল। তেওঁ ডিউটিলৈ যাবলগীয়া আছিল হেতুকে ১৪ তাৰিখে (প্ৰয়াগৰাজত ১ এপ্ৰিলত আছিল) মই তেওঁৰ স্কুলৰ অধ্যক্ষক ফোন কৰি সুধিলো যে তেওঁ এনে অৱস্থাত কেনেকৈ ডিউটিলৈ যাব? তেওঁ ক’লে যে ‘উপায় নাই, ডিউটি কৰিবই লাগিব।’ সেয়ে মই তেওঁক বাইকতে লৈ গ’লো। ১৪ তাৰিখে ৰাতি ময়ো তাতে আছিল আৰু ১৫ তাৰিখে ডিউটি শেষ হোৱাত তেওঁক ঘৰলৈ লৈ আহিলো। তেওঁৰ ডিউটি পৰা নগৰৰ দাঁতিকাষৰীয়া অঞ্চলটো আমাৰ ঘৰৰ পৰা ১৫ কিলোমিটাৰ দূৰত আছিল।”
তাৰে পিছৰ দিনকেইটাত তেওঁৰ অৱস্থা অতি শোচনীয় হৈ পৰিল। “তেওঁক মই বেলেগ বেলেগ হস্পিতাললৈ লৈ গ’লো, কিন্তু কোনেও তেওঁক ভৰ্ত্তি নকৰালে। ২ মে’ৰ দিনা ৰাতি তেওঁ উশাহ লোৱাত কষ্ট পাবলৈ ধৰিলে। মই আকৌ হস্পিতাললৈ ততাতয়াকৈ তেওঁক লৈ গ’লো, কিন্তু তেওঁ আদবাটতে ঢুকাল।”
ক’ভিড-১৯ত তেওঁৰ মৃত্যুৱে পৰিয়ালটো থানবান কৰি পেলালে। সঞ্জীৱ কুমাৰ বাণিজ্য শাখাৰ স্নাতক আৰু যোগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে, কিন্তু তেওঁ নিবনুৱা। ২০১৭লৈ তেওঁ এটা টেলিকম কোম্পানীত, কোম্পানীটো বন্ধ নোহোৱালৈকে কাম কৰিছিল। তাৰপিছত থিতাপি লাগিব পৰা কাম এটা তেওঁ পোৱা নাই আৰু এনেদৰে পৰিয়ালৰ আয়ত তেনেই সামান্যহে যোগ দিব পাৰিছে। জ্যোতিয়েই উপাৰ্জনেৰেই পৰিয়ালটো চলাছিল, তেওঁ কয়।
সঞ্জীৱে এতিয়া তেওঁৰ ন বছৰীয়া পুত্ৰ যথাৰ্থক কেনেকৈ লালন-পালন কৰিব, তাকে লৈ চিন্তাত পৰিছে। তেওঁ দ্বিতীয় শ্ৰেণী উত্তীৰ্ণ হৈছেহে মাত্ৰ, এতিয়া তেওঁৰ বৃদ্ধ মাক-দেউতাকৰ লগত থাকে। “মোক চৰকাৰৰ পৰা সহায় লাগে,” এই কৈ তেওঁ চকুপানী টোকে।
“ৰাজ্যখনত এনে ১.৫ লাখ শিক্ষামিত্ৰ আছে যিয়ে এটা দশকৰ ভিতৰতে বেতনক্ৰমত নাটকীয় পৰিৱৰ্তন দেখিবলৈ পাইছে,” দীনেশ শৰ্মাই কয়। “তেওঁলোকৰ এই যাত্ৰা তেনেই দুৰ্ভাগ্যজনক। মায়াৱতী চৰকাৰৰ সময়ত তেওঁলোকক ২,২৫০ মান দৰমহাত প্ৰশিক্ষণ দিয়া হৈছিল। তাৰ পিছত আহিল অখিলেশ যাদৱৰ চৰকাৰ, তেওঁলোকক মাহে ৩৫০০০ টকা দৰমহা (যিটো পিছলৈ ৪০,০০০ পৰ্য্যন্ত হৈছিল) দিয়াটো থিৰাং কৰা হয়। কিন্তু সেই সময়ৰ অৰ্হতাক লৈ বিতৰ্ক চলি আছিল, বি.এড. থকা শিক্ষকসকলে ইয়াৰ বিৰোধিতা কৰিলে আৰু বিষয়টো উচ্চতম ন্যায়ালয়ৰ দ্বাৰ পালে।”
“ভাৰত চৰকাৰে নীতি সংশোধন কৰিব পাৰিলেহেঁতেন আৰু দশকজুৰি কাম কৰি থকা শিক্ষকৰ ক্ষেত্ৰত টেট (শিক্ষকৰ যোগ্যতা পৰীক্ষা) উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক নকৰিবও পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে তেনে নকৰিলে। সেয়ে তেওঁলোকৰ দৰমহা হঠাতে ৩,৫০০ টকালৈ নামিল, সেইদেখি হতাশাত ভুগি বহুতেই আত্মহত্যা কৰিলে। তাৰপিছত বৰ্তমানৰ চৰকাৰখনে দৰমহা ১০,০০০ টকা কৰিলে।”
প্ৰাথমিক শিক্ষা বিভাগে শিক্ষকৰ মৃত্যুত ক্ষতিপূৰণৰ বাবে কেৱল তিনিজন শিক্ষক বাচনিত তোলা বিবৃতিৰ লজ্জাই চৰকাৰক বিষয়টোৰ ওপৰত কথা ক’বলৈ বাধ্য কৰাইছে।
পাৰিৰ ১৮ মে’ৰ প্ৰতিবেদন অনুসৰি এলাহবাদ উচ্চ ন্যায়ালয়ে কৈছে যে পঞ্চায়ত নিৰ্বাচনত ভোটকেন্দ্ৰ বিষয়া হিচাপে দায়িত্ব নিৰ্বাহ কৰাৰ পিছত ক’ভিড-১৯ত মৃত্যু হোৱা শিক্ষক তথা অইন চৰকাৰী কৰ্মচাৰীৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে অতিকমেও ১ কোটি টকা এক্স-গ্ৰেচিয়া ক্ষতিপূৰণ হিচাপে দিবই লাগিব বুলি ৰায় দিছে।
২০ মে’ৰ দিনা, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে “বৰ্তমানৰ পৰিস্থিতি মোকাবিলা” কৰাৰ হেতু ৰাজ্যিক নিৰ্বাচন আয়োগৰ সৈতে তেওঁৰ চৰকাৰক সমন্বয় ৰক্ষা কৰি আগবাঢ়িবলৈ নিৰ্দেশ দিছে। তেওঁ কৈছে যে “বৰ্তমানৰ নিৰ্দেশাৱলীয়ে ক’ভিড-১৯ৰ যি প্ৰভাৱ সেয়া সামৰি ল’ব পৰা নাই..অনুকম্পাৰ ভিত্তিত নিৰ্দেশাৱলী সংশোধন কৰাৰ প্ৰয়োজন আছে।” ৰাজ্য চৰকাৰে “কৰ্মচাৰীলৈ সকলোধৰণৰ সহায়-সুবিধা আগবঢ়াবলৈ সাজু আছে, বিশেষকৈ নিৰ্বাচনৰ নাইবা আন কোনো দায়িত্ব নিৰ্বাহ কৰা এনে সময়ত,” তেওঁ কয়।
কিন্তু শিক্ষক মহাসংঘৰ দীনেশ শৰ্মাই কয়, “আমি এতিয়াও চৰকাৰ কিম্বা এছইচিৰ পৰা কোনো পোনপটীয়া সঁহাৰি পোৱা নাই। কিমান শিক্ষকক বিবেচনা কৰা হৈছে আৰু নিৰ্দেশাৱলীৰ কি সালসলনি কৰা হৈছে, সেই বিষয়ে আমি একো জানিবপৰা নাই।”
তাৰোপৰি এপ্ৰিলত পঞ্চায়ত নিৰ্বাচন পাতি চৰকাৰে নিজকে নিৰ্দোষী বুলি কৰা দাবীও শিক্ষক সন্থাই মানি লোৱা নাই। “এতিয়া মুখ্যমন্ত্ৰীজনে কৈছে যে তেওঁ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰণ কৰিছে। কিন্তু যেতিয়া উচ্চতম ন্যায়ালয়ে তলাবন্ধৰ নিৰ্দেশ দিছিল, তেতিয়া সেইখন চৰকাৰেই সেয়া নামানি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। তাৰোপৰি উচ্চতম ন্যায়ালয়ে কৈছিল যে এই প্ৰক্ৰিয়া এপ্ৰিলৰ ভিতৰতে শেষ কৰিব লাগিব, তেতিয়াই ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ উত্থান ঘটিছিল। চৰকাৰে পুনৰীক্ষণৰ বাবে আহ্বান জনাব পাৰিলেহেঁতেন, কিন্তু তেনে নকৰিলে।”
“আনকি উচ্চতম ন্যায়ালয়ে চৰকাৰক সুধিছিল যে ভোটগণনা ২ মে’ত নকৰি ১৫ দিন পিছুৱাব পৰা যাব নেকি। চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগে সন্মতি দিয়া নাছিল। তেওঁলোকে উচ্চ ন্যায়ালয়ৰ কথা কৈছে, কিন্তু ভোটগণনা স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰস্তাৱো নাকচ কৰি দিছিল।”
*****
“ভোটকেন্দ্ৰত থকা প্ৰিজাইডিং (অধিষ্ঠাতা) বিষয়াক মই সুধিছিলো যে মাকক ১৪ এপ্ৰিলৰ ৰাতি লৈ আহি ১৫ তাৰিখে ডিউটিৰ বাবে লৈ যাব পাৰিম নেকি? সিদিনা জিলাখনত ভোটদানৰ তাৰিখ আছিল,” প্ৰয়াগৰাজৰ পৰা (আগৰ এলাহবাদ) ফোনত মহম্মদ সোহেইলে পাৰিক কয়।
তেওঁৰ মাতৃ আলবেদা বানো (৪৪) প্ৰয়াগৰাজ জিলাৰ চাকা ব্লকৰ প্ৰাথমিক বিদ্যালয় বংগিৰ এগৰাকী শিক্ষয়িত্ৰী আছিল। তেওঁৰ ভোটকেন্দ্ৰৰ ডিউটি একেখন ব্লকতে আছিল। পঞ্চায়ত নিৰ্বাচনত বাধ্যতামূলক ডিউটি কৰি মৃত্যু হোৱা শিক্ষক-শিক্ষয়িত্ৰীৰ তালিকাত তেওঁৰ নাম ৭৩১ নম্বৰত আছে।
“প্ৰিজাইডিং বিষয়াজনে মোৰ অনুৰোধ নাকচ কৰি ক’লে যে তেওঁ তাতে ৰাতি থকাটো বাধ্যতামূলক। সেয়ে মোৰ মা ১৫ এপ্ৰিলৰ দিনাহে ঘৰলৈ উভতিল, দেউতাই ভোটকেন্দ্ৰৰ পৰা মাক লৈ আহিল। ঘৰলৈ অহাৰ তিনিদিন পিছতে মাৰ গা বেয়া হ’বলৈ ধৰিলে,” সোহেইলে কয়। তাৰপিছৰ তিনি দিনৰ শেষত তেওঁ হস্পিতালতে ঢুকাল।
মহম্মদ সোহেইলৰ বায়েক এজনী আছে যাৰ বিয়া হৈছে। তেওঁ গিৰীয়েকৰ লগত থাকে। আকৌ ভায়েক এটাও আছে, ৯ম শ্ৰেণীত পঢ়ি থকা ১৩ বছৰীয়া মহম্মদ টোফেইল। সোহেইলে ১২ম শ্ৰেণীৰ পঢ়়া সম্পূৰ্ণ কৰিছে আৰু কলেজত নামভৰ্ত্তিৰ আশা কৰিছে।
তেওঁৰ দেউতাক, ৫২ বছৰ বয়সীয়া চাৰাফুদ্দিনে কয় যে তেওঁ “তলাবন্ধৰ ঠিক আগতে সৰুকৈ মেডিকেল ষ্ট’ৰ এখন খুলিছিল,” এতিয়া তাতে গ্ৰাহকৰ সংখ্যা তেনেই কম। “এদিনত মোৰ কোনোমতে ১০০ টকা উপাৰ্জন হয়। আমি আলবেদাৰ ১০,০০০ টকাৰ দৰমহাৰ ওপৰতে নিৰ্ভৰ কৰি চলিছিলো।”
“শিক্ষামিত্ৰসকলক যেতিয়া ৩৫,০০০ টকা দি শিক্ষক হিচাপে পদোন্নতি কৰা হৈছিল, তেতিয়া তেওঁলোকক অৰ্হতাসম্পন্ন নহয় বুলি ঘোষণা কৰা হৈছিল (সেই বেতমক্ৰমৰ বাবে)। এতিয়া সেই একেই শিক্ষামিত্ৰ, তাৰে বহুতেই উচ্চ অৰ্হতাসম্পন্ন, একেখন স্কুলতে ১০,০০০ টকাত কাম কৰি আছে, এতিয়া কোনেও অৰ্হতাক লৈ প্ৰশ্ন বা আলোচনা নকৰে কিয়?” দীনেশ শৰ্মাই সোধে।
জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ স্বতন্ত্ৰ সাংবাদিকতাৰ অনুদানেৰে জনস্বাস্থ্য আৰু নাগৰিকৰ অধিকাৰ সম্পৰ্কে প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদকীয় হস্তক্ষেপ কৰা নাই।
অনুবাদ: পংকজ দাস