ৰফিক নগৰত নিজৰ ঘৰৰ কাষেৰে বৈ যোৱা নলাৰ পৰা প্লাষ্টিক বোতলা কিতাবান নিশা শ্বেইখ আৱৰ্জনাৰ এটা বিশাল দমৰ কাষত থিয় দি আছে। নলাত বহুত প্লাষ্টিকৰ পৰি আছে। লগতে ৰফিক নগৰৰ গাতে লাগি থকা দেওনাৰ আৱৰ্জনা স্থলৰ পৰা মুকলি নলাৰে আৱৰ্জনা বৈ আহিছে। হাকোটা থকা এডাল কাঠৰ দীঘল মাৰি লৈ ক’লা ৰঙৰ ফটাকানিত লাগি থকা প্লাষ্টিকৰ বটল এটা তাই টানি উলিয়াই আনিব পাৰিছে। সিটোৰ পিছত আন কিবা তাইৰ জোখাৰে মূল্য থকা বস্তুৰ সন্ধানত লাগিছে।
তাই দিনে প্ৰায় ছঘণ্টামান এই কাম কৰে। তাইৰ কমলাবৰণীয়া চুলি সুৰ্যৰ পোহৰ পৰি জিলিকিছে। ৭৫ বছৰ বয়সীয়া কিতাবানৰ কুঁজ ওলাইছে। কাঁচৰ বিয়েৰৰ বটল আৰু প্লাষ্টিক বটলৰ দাম আছে, আন বৰ্জ্য সামগ্ৰীতকৈ তাৰ দাম বেছি। এদিনৰ মুৰে মুৰে জমা হোৱা ১২ৰ পৰা ১৫ কিলো প্লাষ্টিক তাইৰ বোৱাৰী জাহিদাই পলিথিনৰ বস্তা এটাত ভৰাই মুৰত বোজাই কৰি ১৫ মিনিটৰ দুৰত থকা বাবা নগৰৰ আৱৰ্জনাৰ বেপাৰীৰ ওচৰলৈ নিয়ে। বিনিময়ত ২০০ৰ পৰা ৩০০ টকা পায়, সপ্তাহত তেনেকৈ ১০০০ মান টকা হয়গৈ। ‘আমাৰ পেট ভৰিবলৈ আমি এই কাম কৰোঁ,’ কিতাবানে কয়। ‘মই এই কাম একেবাৰেই ভাল নাপাও, কিন্তু আন কিনো কৰিব পাৰো?’
৩২৪ একৰ মাটিকালিৰ দেওনাৰ আৱৰ্জনা নিক্ষেপ স্থলৰ দাঁতিৰ জুপুৰীবোৰৰ মাজৰে এটা কিতাবানৰ। মুম্বাইৰ তিনিটা আৱৰ্জনা নিক্ষেপ স্থলৰ ভিতৰত (বাকী দুটা মুলুণ্ড আৰু কাঞ্জুৰমাৰ্গত আছে) দেওনাৰ আটাইতকৈ ডাঙৰ। চহৰখনে নিতৌ সৃষ্টি কৰা প্ৰায় ৯৫০০ মেট্ৰিক টন আৱৰ্জনাৰ প্ৰায় ৩৫ শতাংশ তালৈ আহে। দেওনাৰ ক্ষেত্ৰখন ২০১৬তেই আৱৰ্জনাৰে ভৰ্ত্তি হৈ গৈছিল। কিন্তু বম্বে উচ্চ ন্যায়ালয়ৰ অনুমতি মৰ্মে বৃহনমুম্বাই পৌৰনিগমক ২০১৯ৰ ৩১ ডিচেম্বৰলৈ সেইখন ক্ষেত্ৰত গোটা আৱৰ্জনা নিক্ষেপ কৰাৰ বাবে ‘অন্তিম সম্প্ৰসাৰণ’ দিয়া হৈছে।
তাৰে চৌপাশে ৰফিক নগৰৰ দৰে ভালেকেইটা বস্তি অঞ্চল আছে। এয়া মহানগৰখনৰ এম-ইষ্ট ৱাৰ্ডৰ এটা অংশ। জনসংখ্যা ৮০৭,৭২০ (২০১১ৰ লোকপিয়ল মতে)। ৰফিক নগৰৰ ঠেক গলিবোৰৰ কাষে কাষে থকা নৰ্দমাবোৰ আৱৰ্জনাৰে ৰূদ্ধ হৈ পৰিছে। আৱৰ্জনা স্থলৰ পৰা অহা দুৰ্গন্ধই ৰফিক নগৰৰ বতাহ সকলো সময়তে দূষিত কৰি ৰাখে। সৰ্বত্ৰে মাখি-মহ উৰি ফুৰে।
কিতাবানৰ ঘৰটো নলাৰ একেবাৰে কাষত, ৰাস্তাটোৰ শেষৰফালে আছে। ১০০ বৰ্গফুটৰ কোঠাটোত মুঠ ১৬ জন মানুহ থাকে। কিতাবানৰ তিনি পুত্ৰ, জাহিদা আৰু ১১ টা নাতি ল’ৰা-ছোৱালী। ‘বৰষুণ বেছি পৰিলে নলাৰ পানী ভিতৰলৈ সোমাই আহে,’ তাই কয়। ‘প্ৰয়োজনীয় বস্তু-বাহিনী যেনে দাইল, চাউল আৰু কাপোৰ-কানি আদি আমি ওপৰৰ চেলফত থওঁ। প্ৰায়ভাগ বস্তুৱেই তিঁতে। আমি পানী নকমালৈ চুবুৰীয়াৰ ঘৰত (ওখ ঠাইত থকা) আশ্ৰয় লওঁ।’







