প্ৰসৱযন্ত্ৰণা আৰম্ভ হওঁতে ২৩ বছৰীয়া ৰানো সিং, তেওঁৰ স্বামী আৰু শাহুৱেকে পাহাৰৰ দাঁতিৰ তেওঁলোকৰ সৰু ঘৰটোৰ পৰা ল’ৰালৰিকৈ ওলাল। তেতিয়া পূৱে ধলফাট দিছিল, ৫ বাজিছিল। তেওঁলোকৰ আগত আছিল ১.৫ কিলোমিটাৰৰ পাহাৰৰ থিয় বাট, সেই বাটেৰে তেওঁলোকে মূল ৰাস্তাত উঠিব পাৰিব। তেওঁলোকৰ গাওঁ শিৱালীৰ পৰা ৰাণীখেতৰ ব্যক্তিগত হস্পিতাললৈ তেওঁলোকক লৈ যাবলৈ ভাড়া গাড়ী এখন তাত ৰৈ আছে।

তেওঁলোকে দোলা এখন যোগাৰ কৰাৰ চেষ্টা কৰিলে। তাত ঠাকুৰ জনগোষ্ঠীৰ লোকে পাহাৰত চাৰিজন লোকে কান্ধত তুলি দাঙি নিব পৰাকৈ দোলাত গৰ্ভৱতী মহিলাক লৈ যায়। এই দোলাখনতেই মহিলাগৰাকীক ৰাস্তালৈ লৈ যোৱা হয়। তাতে ৰৈ থকা গাড়ীখনে হস্পিতাললৈ তেওঁক লৈ যায়। কিন্তু সেইদিনা পুৱা দোলা নথকাত তেওঁলোক খোজকাঢ়িয়ে আগবাঢ়িল।

ৰানোৱে কোনোমতে আধাবাট অতিক্ৰম কৰিলে। “আমি কোনোমতে আধামান বাট অতিক্ৰম কৰিছিলোহে, মই একেবাৰেই লৰচৰ কৰিব নোৱাৰা হৈ পৰিলো (বিষতে)। খোজকাঢ়িব নোৱাৰি ৰাস্তাতে বহি পৰাত মোৰ স্বামীয়ে কাষৰে পৰিয়াল এটাক মাতিলে। তেওঁলোকক আমি চিনি পাওঁ। খুৰীজনীয়ে অলপ পানী আৰু বিচনা চাদৰ এখন লৈ ১০ মিনিটত আহি ওলাল। এনেকৈ মোৰ শাহু আৰু খুৰীৰ সহায়ত মই প্ৰসৱ কৰিলো।” (ৰানোৰ গিৰীয়েকে (৩৪) ৰেচনৰ দোকান এখনত সহায়ক হিচাপে কাম কৰি মাহে ৮,০০০ টকা উপাৰ্জন কৰে। সেয়াই তিনিজন বয়স্ক আৰু এটা শিশুৰে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ বাট, তেওঁ গিৰীয়েকৰ নাম ক’ব নিবিচাৰিলে।)

“আমি মূল পথ ঢুকি পোৱাৰ আগতেই এই হাবিতে মোৰ ল’ৰাটোৰ (জগত) জন্ম হ’ল,” হাবি-জংঘলেৰে আগুৰি থকা ঠেক বাট এটাত প্ৰথমবাৰৰ বাবে প্ৰসৱ কৰাৰ কষ্টৰ সেই দিনটোৰ কথা তেওঁ মনত পেলালে। “এনেদৰে যে প্ৰসৱ কৰিব লগাটো মোৰ বাবে কল্পনাতীত আছিল। সেই দিনটোৰ কথা ভাবিলে এতিয়াও গাৰ নোম শিয়ৰি উঠে। কিন্তু ভগৱানৰ কৃপাত মোৰ সন্তানটো ভালে ভালে জন্ম পালে। সেয়াই মোৰ বাবে বহুত ডাঙৰ কথা।”

২০২০ৰ সেই ফেব্ৰুৱাৰীৰ দিনটোত জগতৰ জন্মৰ পিছতে ৰানোৱে খোজকাঢ়ি ঘৰলৈ উভতিল, কেঁচুৱাটোক ৫৮ বছৰ বয়সীয়া শাহুৱেকে কোলাত কঢ়িয়ালে।

In February 2020, Rano Singh of Almora district gave birth on the way to the hospital, 13 kilometres from Siwali, her village in the mountains (right)
PHOTO • Jigyasa Mishra
In February 2020, Rano Singh of Almora district gave birth on the way to the hospital, 13 kilometres from Siwali, her village in the mountains (right)
PHOTO • Jigyasa Mishra

২০২০ৰ ফেব্ৰুৱাৰীত আলমোড়া জিলাৰ ৰানো সিঙে পাহাৰৰ মাজৰ তেওঁৰ গাওঁ শিৱালীৰ পৰা (সোঁফালে) ১৩ কিলোমিটাৰ দূৰৰ হস্পিতাললৈ যাওঁতে আদবাটতে সন্তান প্ৰসৱ কৰিলে

গৰ্ভধাৰণৰ কালচোৱত মাত্ৰ এবাৰ ৰানোৱে ৰাণীখেতৰ ব্যক্তিগত ক্লিনিক এখনত ডাক্তৰক সাক্ষাৎ কৰিছিল। দ্বিতীয় মাহত উঠা বিষৰ কাৰণে আলট্ৰাচাউণ্ড কৰাব গৈছিল। যোৱাবছৰ ফেব্ৰুৱাৰীত পাহাৰৰ দাঁতিত সন্তান জন্ম দিয়াৰ পিছত স্থানীয়ে আশাকৰ্মীগৰাকী তেওঁলোকৰ ঘৰলৈ আহিছিল। “আশা বাইদেৱে মোৰ ল’ৰাটোৰ ওজন জুখিবলৈ আৰু আৱশ্যকীয় পৰীক্ষাখিনি কৰাবলৈ আহিছিল, কৈছিল যে শিশুটি ঠিকেই আছে। এসপ্তাহমান মোৰ ৰক্তচাপ কম-বেছি হৈ আছিল। কিন্তু এতিয়া মই ভালে আছো। পাহাৰত এনে সমস্যাৰ লগত আমি অভ্যস্ত হৈ পৰিছো,” ৰানোৱে কয়।

শিৱালীৰ মানুহে কোৱামতে উত্তৰ প্ৰদেশৰ আলমোড়া জিলাৰ তাৰিখেত ব্লকৰ ৩১৮ জনসংখ্যাৰে ৬৮ ঘৰ পৰিয়ালৰ তেওঁলোকৰ চুবুৰীটোত কোনেও এনেদৰে ৰাস্তাত প্ৰসৱ কৰিবলগীয়া হোৱা নাই, এই থিয় পাহাৰীয়া অঞ্চলটোত মহিলাই ঘৰতে সন্তান জন্ম দি আহিছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ( ৰা.প.স্বা.স. -৪, ২০১৫-১৬) অনুযায়ী উত্তৰাখণ্ডত এই হাৰ ৩১ শতাংশ। অৱশ্যে হস্পিতালত (বিশেষকৈ ৰাজ্য চৰকাৰচালিত স্বাস্থ্য প্ৰতিষ্ঠানত) প্ৰসৱৰ হাৰ দুগুণ বাঢ়িছে, ৰা.প.স্বা.স.-৩ (২০০৫-০৬)ৰ ৩৩ শতাংশৰ পৰা এয়া ৬৯ শতাংশ হৈছে (আন কথাত উত্তৰাখণ্ডত দুই-তৃতীয়াংশ প্ৰসৱ হস্পিতালতে হৈছে)।

তথাপি কুমাওনৰ সেই পাৰ্বত্য অঞ্চলত মহিলাৰ বাবে হস্পিতাললৈ যোৱাটো এতিয়াও এক দুৰূহ কামেই হৈ আছে, ৰাণীখেতৰ এগৰাকী প্ৰসূতি ৰোগ বিশেষজ্ঞই কয়। গাড়ী চলিব পৰা একেবাৰে নিকটৱৰ্তী ৰাস্তাটো বহুত দূৰত, যাতায়ত তেনেই নাইকিয়া আৰু গাড়ী ভাড়া কৰাটো মহঙা কাৰবাৰ।

যোৱাবছৰ অতিমাৰীজনিত লকডাউনৰ বাবে তাৰিখেত ব্লকৰ গাওঁবোৰত গৰ্ভৱতী মহিলাৰ বাবে পৰিস্থিতি অধিক জটিল হৈ পৰিছিল। ৰানোৰ গাওঁখনৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰৰ পালি নাদৌলি গাঁৱত মণীষা সিং ৰাৱতে ২০২০ৰ আগষ্টত ঘৰতে সন্তান প্ৰসৱ কৰিছিল। পৰিয়ালৰ চিনাকি ধাই এগৰাকীয়ে তেওঁক প্ৰসৱত সহায় কৰি দিছিল। “মই হস্পিতাললৈ যোৱা নাছিলো। ১৪ আগষ্টত (২০২০ত) মোৰ জীয়াৰীজনীৰ জন্ম হয়,” ঘৰৰে এটা কোঠালীলৈ দেখুৱাই মণীষাই কয়। তাত থকা বিচনাখনৰ এখন খুঁটি নাই, ইটা দি থোৱা আছে। মণীষা আৰু তেওঁৰ গিৰীয়েক, ৩১ বছৰীয়া ধীৰাজ সিং ৰাৱতৰ সৈতে বিয়াৰ ফটো এখন তাত আঁৰি থোৱা আছে।

ছেপ্টেম্বৰৰ পুৱা আঠ বাজি ৩০ মিনিট গৈছে। অলপ আগতে মণীষাই গৰুৰ ঘাঁহৰ এটা ডাঙৰি মুৰত ভাৰ বান্ধি আৰু আনটো হাতত লৈ আনিছে। ডাঙৰিকেইটা এফালে থৈ তেওঁ তাইৰ এমহীয়া কেঁচুৱাটোক কুমাওন শৈলীৰ নীলাৰঙী খিৰিকীখনেৰে জুমি চাই চিঞৰি কৈছেঃ “চেলি! দেখৌ কৌন আয়া ! (মোৰ কণমানিজনী! চোৱাচোন, কোন আহিছে!)।”

Manisha Singh Rawat gave birth to her daughter (in pram) at home, assisted by a dai or traditional birth attendant
PHOTO • Jigyasa Mishra
Manisha Singh Rawat gave birth to her daughter (in pram) at home, assisted by a dai or traditional birth attendant
PHOTO • Jigyasa Mishra

মণীষা সিং ৰাৱতে ঘৰতে ধাই এগৰাকীৰ সহায়ত প্ৰসৱ কৰাইছিল, জীয়াৰী এজনী পাইছিল

সন্তান জন্ম দিয়াৰ কেইসপ্তাহমান হৈছিলহে, মণীষাই তেওঁৰ প্ৰাত্যাহিক কাম কৰিবলৈ ল’লে। সেই কাম হৈছে তাৰিখেত ব্লকৰ ৮৭৩ জনসংখ্যাৰ পালি নাদৌলি গাঁৱৰ মাজেৰে প্ৰায় ৩০ মিনিটৰ বাবে থিয় পাহাৰ বগাই মুকলি জোপোহা ঘাঁহ-বন থকা ঠাই টুকুৰালৈ যোৱা। তাৰ পৰা পৰিয়ালৰ ছাগলী তিনিটাৰ বাবে তেওঁ ঘাঁহ কাটে। এই অঞ্চলত মহিলাই পানী, খৰি আৰু গৰু-ছাগলীৰ খাদ্যৰ সন্ধানত সদায় বহু কিলোমিটাৰ বাট খোজকাঢ়ে, তাকো প্ৰায়ে থিয় পাহাৰত। অৱশ্যে দুটা মাটি-চিমেণ্টেৰে সজা ঘৰৰ বাহিৰতে হেণ্ডপাম্পটো থকা কাৰণে তেওঁৰ অকণ সময় ৰাহি হয় আৰু শ্ৰমো কমে।

তেওঁৰ কণমানি কন্যাজনী হাতগাড়ীখনত শুইছে, নীলা কাঠৰ খিৰিকীখনেৰে সোমাই অহা পুৱাৰ ৰ’দত হাতগাড়ীখনৰ ষ্টীলৰ হেণ্ডেলদুডালে ৰূপোৱালী ৰং ধৰিছে। “আশা বাইদেৱে কৈছে যে তাইৰ গাত পুৱাৰ ৰ’দ পৰিব দিব লাগে যাতে তাই অলপ ভিটামিন পায়। কি ভিটামিন, মই নাজানো। তিনিদিন আগতে আশা বাইদেৱে চাবলৈ আহোতে তাইৰ ওজন লগাতকৈ কম আছিল। এসপ্তাহৰ পিছত বাইদেউগৰাকী আকৌ আহিব,” মণীষাই মোক কয়। ৪১ বছৰ বয়সীয়া আশাকৰ্মী মমতা ৰাৱতে কয় যে শিশুটিৰ ওজন এমাহত ৪.২ কিলোগ্ৰামৰ পৰিৱৰ্তে ৩ কি.গ্ৰা. হৈছে।

মণীষাই কিয় হস্পিতাললৈ নগ’ল? “মই হস্পিতাললৈ যাব বিচাৰিছিলো,” তেওঁ উত্তৰ দিয়ে। “তাত কিছু সুবিধা পালোহেঁতেন। কিন্তু পৰিয়ালৰ সিদ্ধান্তই সঠিক বুলি মানি লৈছিলো।”

মণীষাৰ শহুৰ পান সিং ৰাৱতে হস্পিতাললৈ তেওঁক নিয়াৰ পৰিৱৰ্তে ধাই গৰাকীক ঘৰলৈ মতাৰ সিদ্ধান্ত ল’লে। “তেওঁ কয় যে মোৰ প্ৰথমবাৰ প্ৰসৱৰ সময়ত যেতিয়া মোৰ ল’ৰাসন্তান এটাৰ জন্ম পায়, তেতিয়া বহুত টকা (১৫,০০০) ইতিমধ্যে খৰছ হৈছিল,” মণীষাই কয়। তেওঁৰ পুত্ৰ দুবছৰীয়া ৰোহনৰ জন্ম পালি নাদৌলি গাঁৱৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰৰ ৰাণীখেতৰ এখন ব্যক্তিগত হস্পিতালত হৈছিল (আৰু তাইক গাড়ী চলিব পৰা ৰাস্তালৈ দোলা কৰি দাঙি নিয়া হৈছিল)। “তাৰোপৰি ক’ৰনাৰ ভয়তো হস্পিতালৰ আউল-জাউল পৰিৱেশ এৰাই চলাৰ চেষ্টাও তাৰ আন এটা কাৰণ আছিল (২০২০ৰ আগষ্টত কন্যাসন্তান জন্ম পোৱাৰ সময়ত অতিমাৰীৰ প্ৰকোপ বহুত বেছি আছিল),” মণীষাই কয়।

'We did not want to risk going all the way to Almora [for the delivery] in the pandemic,' says Pan Singh Rawat (left), Manisha’s father-in-law; they live in a joint family of nine
PHOTO • Jigyasa Mishra
'We did not want to risk going all the way to Almora [for the delivery] in the pandemic,' says Pan Singh Rawat (left), Manisha’s father-in-law; they live in a joint family of nine
PHOTO • Jigyasa Mishra

‘আমি অতিমাৰীৰ সময়ত (প্ৰসৱৰ বাবে) আলমোড়ালৈ যোৱাৰ ৰিস্ক ল’ব খোজা নাছিলো,’ মণীষাৰ শহুৰ পৱন সিং ৰাৱতে (সোঁফালে) কয়, তেওঁলোক নজনীয়া যৌথ পৰিয়াল

মণীষা নজনীয়া যৌথ পৰিয়ালৰ সদস্য। পৰিয়ালটোত তেওঁৰ দুই সন্তান, গিৰীয়েক, শাহু-শহুৰ, তেওঁৰ দেৱৰ আৰু ভাই-বোৱাৰী আৰু সিহঁতহালৰ ল’ৰা-ছোৱালীকেইটা। ১৮ বছৰ বয়সতে বিয়া হোৱা মণীষাই তেতিয়া ৯ম মান পঢ়ি আছিল। দ্বাদশমানলৈ পঢ়া তেওঁৰ গিৰীয়েক ধীৰাজ সিং ৰাৱতে স্থানীয় ট্ৰেভেল এজেন্সী এটাত গাড়ীচালক হিচাপে কাম কৰে। “তেওঁ আলমোড়াৰ পৰা নেইনিতাল, ভিমতাল, ৰাণীখেত আৰু আন পৰ্যটনস্থলীলৈ পৰ্যটকক লৈ যায়, মাহে ২০,০০০ মান টকা উপাৰ্জন কৰে,” মণীষাই কয়। লকডাউনৰ সময়ত কাম নাইকিয়া হোৱাত পৰিয়ালটো মণীষাৰ শহুৰ পান সিঙৰ জমাধনৰ ওপৰতে ভৰসা কৰি চলিছিল।

“আমি আমাৰ গাঁৱৰ পৰা ইমানদূৰ বাট বাই (জিলা সদৰলৈ, প্ৰায় ৮০ কিলোমিটাৰ বাট) এই অতিমাৰীৰ সময়ত বিপদ চপাব খোজা নাছিলো। সেয়ে আমি ঘৰতে প্ৰসৱৰ ব্যৱস্থা কৰালো,” ৬৭ বছৰ বয়সীয়া পান সিঙে কয়। তেওঁ ৰাণীখেতৰ কায়িক শ্ৰম কৰা চৰকাৰী চাকৰি কাম এটাৰ পৰা কেইবছৰমান আগতে অৱসৰ লৈছে। “তাতে আকৌ হস্পিতাললৈ যাবলৈ হ’লে আমি কাষৰ বজাৰৰ পৰা গাড়ী ভাড়া কৰিব লাগিব, ইয়াৰ পৰা তালৈ ২ কিলোমিটাৰ বাট। তাৰপিছত আকৌ ৮০ কিলোমিটাৰ বাট যাব লাগিব।”

তেওঁলোকে ঘৰতে এনেদৰে প্ৰসৱ কৰাওতে মাতৃ আৰু শিশুটিৰ সুৰক্ষাৰ দিশটো ভাবিছিলনে? “সিহঁতৰ মাক আৰু মোৰ এতিয়া বয়স হৈছে,” তেওঁ উত্তৰ দিয়ে। “সেই সময়ত সবতে ক’ৰনা বিয়পিছিল, হস্পিতাললৈ গৈ বিপদ চপোৱা যেন হ’লহেঁতেন। আকৌ এই ধাইগৰাকীক আমি ভালদৰে জানো, গতিকে ইমান বেছি ৰিস্ক (ক’ভিড সংক্ৰমণৰ) নাছিল। তেওঁ আমাৰ গাঁৱৰ লগতে আশে-পাশে বহুতৰে সন্তান প্ৰসৱত সহায় কৰিছে,” তেওঁ আগৰখিনিৰ লগত যোগ দিয়ে।

এন.এফ.এইচ.এছ-৪ (২০১৫-১৬) অনুসৰি সমীক্ষাৰ আগৰ পাঁচটা বছৰত উত্তৰাখণ্ডৰ ৭১ শতাংশ সন্তান প্ৰসৱ এগৰাকী দক্ষ স্বাস্থ্যসেৱা যোগানকাৰীৰ সহায়ত হৈছে, য’ত ডাক্তৰ, নাৰ্ছ, এ.এন.এম. আৰু ‘লেডি হেল্থ ভিজিটৰ’য়ে সহযোগ কৰিছে। কেৱল ৪.৬ শতাংশ শিশুৰ জন্ম দক্ষ স্বাস্থ্যসেৱা যোগানকাৰীৰ সহায়ত হৈছে। ঘৰতে কৰোৱা প্ৰসৱৰ অধিকাংশই, ২৩ শতাংশ প্ৰসৱৰ সময়ৰ পাৰম্পৰিক সহায়ক (ধাই)ৰ সহায়ত কৰা হৈছে।

Left: Manisha proudly discusses her husband Dheeraj’s cricket accomplishments. Right: Her two-year-old son Rohan was born in a private hospital
PHOTO • Jigyasa Mishra
Left: Manisha proudly discusses her husband Dheeraj’s cricket accomplishments. Right: Her two-year-old son Rohan was born in a private hospital
PHOTO • Jigyasa Mishra

বাওঁফালেঃ মণীষাই তেওঁৰ গিৰীয়েকৰ ক্ৰিকেটৰ অভিলেখবোৰৰ কথা সগৌৰৱে কৈছে। সোঁফালেঃ ব্যক্তিগত হস্পিতালত জন্ম হোৱা দুবছৰীয়া ৰোহনৰ সৈতে মণীষা

তাৰিখেত ব্লকৰ পালি নাদৌলি, ডবা আৰু সিংগৌলি (তিনিখন জিলা মিলি মুঠ জনসংখ্যা ১২৭৩)ৰ দায়িত্বত মাত্ৰ এজনেই আশাকৰ্মী আছে, তেওঁ হৈছে মমতা ৰাৱত। তেঁৱেই প্ৰসৱপূৰ্ব আৰু প্ৰসৱোত্তৰ যতনৰ বিষয়ে মণীষাৰ পৰিয়ালক ফোনেৰে দিহা-পৰামৰ্শ দি আহিছিল। “গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহৰ পিছত মণীষাক হস্পিতাললৈ লৈ গৈছিলো,” মমতাই পালি নাদৌলিৰ নিকটৱৰ্তী তাৰিখেত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোলৈ মণীষাক লৈ যোৱাৰ কথা কয়। তালৈ তেওঁক মমতাই নিজৰ স্কুটিৰে মণীষাক লৈ গৈছিল।

“মই তেওঁৰ লগত প্ৰসৱৰ প্ৰায় ১০ দিনমান আগতে, আগষ্টৰ প্ৰথমটো সপ্তাহত কথা পাতিছিলো, সাৱধানে যত্ন সহকাৰে তেওঁক হস্পিতাললৈ (স্বাস্থ্যকেন্দ্ৰটোত প্ৰসূতি ৱাৰ্ড এটা আছে) লৈ যোৱাৰ কথা কৈছিলো। তাৰিখ পাৰ হৈ যোৱাৰ পিছত একো খবৰ নাপাই মই কি হ’ল জানিবলৈ ফোন কৰিলো। মণীষাই ঘৰতে সন্তান জন্ম দিয়াৰ কথা শুনি মই আচৰিত হ’লো, আনুষ্ঠানিক প্ৰসৱৰ মোৰ পৰামৰ্শ অথলে গ’ল।”

সেইখিনি সময়ত মণীষাৰ ঘৰত পুৱাৰ ৰ’দটো চোকা হৈ আহিছিল। তেওঁ পুত্ৰ ৰোহনক শুই থকাৰ পৰা জগাই ক’লে, “উঠাচোন উঠা! চোৱা, তোমাৰ ভনীজনী উঠিছে।”

তাৰপিছত আমি সন্তান জন্মৰ বিষয়টোৰ পৰা আঁতৰি আহিলো। তেওঁ গিৰীয়েক ধীৰাজৰ ক্ৰিকেটৰ প্ৰতি থকা ধাউতিৰ কথা সগৌৰৱে ক’লে। “আমাৰ বিয়াৰ আৰম্ভণিৰ দিনবোৰত তেওঁ সদায় অনুশীলন কৰিছিল, কিন্তু ক্ৰমান্বয়ে আন দায়িত্ববোৰ বাঢ়ি আহিল। আপুনি বেৰত দেখিছে নহয় বঁটা আৰু শ্বিল্ডবোৰ? সেই আটাইবোৰ তেওঁৰ,” নীলা বেৰখনৰ চেলফ এখনত ইটো মূৰৰ পৰা সিটো মূৰলৈ সজাই থোৱা বঁটাবোৰ আঙুলিয়াই দেখুৱাওতে তেওঁৰ চকুকেইটা উজলি উঠিল।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ এক স্বতন্ত্ৰ সাংবাদিকতাৰ অনুদানেৰে জনস্বাস্থ্য আৰু নাগৰিক অধিকাৰ সম্পৰ্কে প্ৰতিবেদন আগবঢ়াইছে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ আৰোপ কৰা নাই।

অনুবাদ: পংকজ দাস

Jigyasa Mishra

جِگیاسا مشرا اترپردیش کے چترکوٹ میں مقیم ایک آزاد صحافی ہیں۔ وہ بنیادی طور سے دیہی امور، فن و ثقافت پر مبنی رپورٹنگ کرتی ہیں۔

کے ذریعہ دیگر اسٹوریز Jigyasa Mishra
Illustration : Labani Jangi

لابنی جنگی مغربی بنگال کے ندیا ضلع سے ہیں اور سال ۲۰۲۰ سے پاری کی فیلو ہیں۔ وہ ایک ماہر پینٹر بھی ہیں، اور انہوں نے اس کی کوئی باقاعدہ تربیت نہیں حاصل کی ہے۔ وہ ’سنٹر فار اسٹڈیز اِن سوشل سائنسز‘، کولکاتا سے مزدوروں کی ہجرت کے ایشو پر پی ایچ ڈی لکھ رہی ہیں۔

کے ذریعہ دیگر اسٹوریز Labani Jangi
Editor and Series Editor : Sharmila Joshi

شرمیلا جوشی پیپلز آرکائیو آف رورل انڈیا کی سابق ایڈیٹوریل چیف ہیں، ساتھ ہی وہ ایک قلم کار، محقق اور عارضی ٹیچر بھی ہیں۔

کے ذریعہ دیگر اسٹوریز شرمیلا جوشی
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das