সঞ্জয় গোপে আজিলৈ ভুল খোজ এটা দিয়া নাই, আচলতে তেঁও আজিলৈ এটাও খোজ দিয়া নাই। ১৮ বৰ্ষীয় তৰুণ যুৱকজনে হুইলচেয়াৰতে জীৱনটো কটাইছে। মই তেঁওক বাংগোত লগ পাইছিলো। ঝাৰখণ্ডৰ পূৱ সিংভুম জিলাৰ জাদুগুডা (পিয়লমতে জাদুগোড়া) চহৰৰ ইউৰেনিয়াম কৰ্পৰেছন অৱ ইণ্ডিয়া লিমিটেড (ইউচিআইএল)ৰ খনিৰ পৰা ছয় কিলোমিটাৰ দুৰৈত অৱস্থিত বাংগো গাঁৱত তেঁওৰ সৈতে আমাৰ কথা হৈছিল।
ইউসিআইএল, ভাৰত চৰকাৰৰ অধীনস্থ এটি সংস্থা, ১৯৬৭ চনত ইয়াতে প্রথম খননকার্য আৰম্ভ কৰিছিল। জাদুগুডাকে ধৰি নিকটৱর্তী অন্যান্য ছটা খনিৰ পৰা আহৰিত আকৰিকৰ প্ৰক্ৰিয়াকৰণ কৰি য়েল্লোকেক (ইউৰেনিয়াম অক্সাইডৰ মিশ্রণ)লৈ ৰুপান্তৰিত কৰা হয় আৰু তাৰ পিছত হায়দৰাবাদৰ পাৰমাণবিক ইন্ধন কেন্দ্রলৈ সেয়া পঠিওৱা হয়।
সঞ্জয়ৰ তেতিয়া দুই বছৰ বয়স। তেতিয়াই তাৰ অৱস্থা দেখি উদ্বিগ্ন মাক-দেউতাকে তাক ইউচিআইএল হস্পিতাললৈ লৈ যায়। কিয়নো তেতিয়াও সঞ্জয়ে খোজ কঢ়া আৰম্ভ কৰা নাছিল। এই অঞ্চলৰ গ্ৰামাঞ্চলৰ আন বাসিন্দাসকলৰ দৰে সঞ্জয়ৰ পিতৃও দিনহাজিৰা কৰে আৰু মাকে খেতি পথাৰত শ্ৰমিকৰ কাম কৰে। ইউচিআইএল খনিত কিছুসংখ্যকেকাম কৰে। আন কিছুমানৰ পৰা জনা গ'ল যে তেঁওলোকক ইউচিআইএল খনিত কর্মসংস্থানৰ প্রতিশ্রুতি দিয়া হৈছিল যদিও সেয়া হৈ নুঠিল। ডাক্তৰে সঞ্জয়ৰ পিতৃ-মাতৃক এই কথা কৈ আশ্বস্ত কৰিলে যে শিশুটিৰ অৱস্থাটোক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। সেয়ে তেঁওলোকে ধৈৰ্য ধৰি অপেক্ষা কৰিলে, কিন্তু তেঁওলোকৰ সন্তানে সেই বহু প্ৰত্যাশিত প্ৰথম খোজটোতো বাদেই, আজিপৰ্যন্ত এটা খোজো দিব নোৱাৰিলে।
৮০০ জন মানহে বসবাস কৰে এই বাংগো গাঁৱত (২০১১ চনৰ লোকপিয়ল অনুযায়ী)। জনসংখ্যাৰ অধিকাংশই চাওতাল, মুণ্ডা, ওৰাও, হো, ভূমিজ আৰু খাৰিয়া সম্প্রদায়ৰ আদিবাসী। সঞ্জয়ৰ মতে আৰু অনেক সন্তান আছে বাংগো গাঁৱত যাৰ জন্মগত শাৰীৰিক বিকৃতি লৈয়ে ভূমিস্থ হৈছে আৰু এই সংক্রান্ত জটিলতাৰ কাৰণেই মৃত্যু ঘটিছে। ২০০৭ চনত ইণ্ডিয়ান ডক্তৰ্ছ ফৰ পিচ এণ্ড ডেভেলপমেন্ট নামক সংগঠনটোৰ এক সমীক্ষা অনুসৰি এনে ধৰণ পঙ্গুত্বৰ ফলত জন্ম পোৱা শিশুৰ মৃত্যুৰ হাৰ ইউৰেনিয়াম খনিৰ পৰা ৩০-৩৫ কিলোমিটাৰ দুৰত অৱস্থিত গাঁওবোৰৰ তুলনাত খনিৰ সৈতে সংলগ্ন গাওঁবোৰত (খনিৰ এলেকাৰ পৰা ০-২.৫ কিলোমিটাৰৰ অন্তৰ্গত) ৫.৮৬ গুণ বেছি।
এইখন গাঁৱৰ মহিলাৰ গর্ভপাতৰ হাৰ খুবেই উচ্চ। খনিবোৰত কৰ্মৰত শ্রমিক আৰু প্রক্রিয়াকৰণ প্ৰকল্প তথা ‘টেইলিং পণ্ড’ বা সংলগ্ন পুখুৰীবোৰত (ইউৰেনিয়াম আকৰিকৰ প্রক্রিয়াকৰণৰ ফলত নির্গত বিষাক্ত পিচল বর্জ্য পদার্থ) নিকটৱর্তী অঞ্চল নিবাসীসকল কৰ্কট আৰু যক্ষ্মাৰ দৰে ৰোগৰ কবলত পৰি বহুলোকৰ মৃত্যু হৈছে।
ভাৰতীয় আৰু আন্তর্জাতিক বিজ্ঞানীয়ে দীর্ঘদিন ধৰি কৈ আহিছে যে এই শাৰীৰিক বিকৃতি আৰু ৰোগ বিকিৰণৰ আস্বাভাবিক উচ্চ মাত্রা আৰু তেজস্ক্ৰিয় বর্জ্য পদার্থৰ সৈতে যুক্ত। তেঁওলোকে কোৱা মতে বিষাক্ত পিচ্ছিল বর্জ্য পদার্থ জমা হোৱা টেইলিং পণ্ড বা সংলগ্ন পুখুৰিবোৰৰ নিকটৱৰ্তী বসতিস্থলত এই ক্ষেত্ৰত অত্যধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে কিয়নো গাঁৱৰ মানুহখিনিয়ে প্রতিদিনে এই পানীৰ সংস্পর্শলৈ আহে। যদিওবা ইউচিআইএলয়ে তেঁওলোকৰ ৱেবচাইটত লিখি জনাইছে যে “ এই সকলো ৰোগ……বিকিৰণৰ কাৰণে নঘটে, ইয়াৰ কাৰণ পুষ্টিহীনতা, মেলেৰিয়া আৰু অস্বাস্থ্যকৰ পৰিৱেশত জীৱন যাপন কৰা আদি (গাঁৱৰ কথা কোৱা হৈছে)।
ইউচিআইএল সংস্থাৰ অধীনত পূৱ সিংভূমত সাতটা খনি আছে - জাদুগুডা, ভাতিন, নাৰৱাপাহাৰ, বাগজাটা, টুৰামদিহ, মহুলডীহ আৰু বানদুহুদাং এই সাতটা স্থানত। বিকিৰণৰ প্রাণঘাটি প্রভাৱৰ বিষয়টো লৈ উচ্চতম ন্যায়ালয়ত এটি জনস্বার্থজৰিত আবেদন দাখিল কৰা হৈছে। ২০০৪ চনত দাখিল কৰা এই জনস্বাৰ্থজনিত আবেদনৰ বিষয়টো তিনিজন বিচাৰকক লৈ গঠিত উচ্চতম ন্যায়ালয়খনৰ বিচাৰপীঠ খনে আবেদনখন নাকচ কৰে। পাৰমাণৱিক শক্তি আয়োগৰ এখন শপতনামাৰ ওপৰত ভিত্তি কৰি সৰ্বোচ্চ ন্যায়ালয়খনে অভিযোগ খাৰিজ কৰে। তাতে কোৱা হৈছে, ইউৰেনিয়ামৰ বৰ্জ্য পদাৰ্থৰ পৰা নিৰ্গত বিকিৰণ পৰীক্ষা আৰু নিয়ন্ত্ৰণৰ বাবে যথাচিত পদক্ষেপ গ্ৰহণ কৰা হৈছে।” জাদুগুডাৰ নিকটৱর্তী অঞ্চলবোৰত সংগঠিত হোৱা সাধাৰণ মানুহৰ আন্দোলন, যেনে তেজস্ক্ৰিয়তা বিৰোধী সংগঠন ঝাড়খণ্ডী অৰ্গানাইজেশ্যন এগেইনষ্ট ৰেডিয়েছন আদিয়ে দীৰ্ঘদিন ধৰি দেশৰ উন্নয়নৰ প্রয়োজনত ব্যৱহৃত ইউৰেনিয়ামৰ যে কঠোৰ মূল্য গ্ৰামাঞ্চলৰ মানুহে নিৰন্তৰ দি যাবলগীয়া হৈছে সেয়া তুলি ধৰাৰ চেষ্টা কৰি আহিছে।অনুবাদঃ পংকজ দাস