বাজি মহম্মদ, যাৰ ত্যাগ এতিয়াও তেওঁৰ বয়সৰ চাপ পৰা কান্ধত ভৰ লৈ আছে


"আমি তম্বুৰ তলত বহি আছিলো, সিহতে সেই তম্বু ফালি পেলাইছিল। আমি উঠি অহা নাছিলো," বৃদ্ধ মুক্তিযুঁজাৰুজনে কৈ গ'ল। "সিহতে মাটিত আৰু আমাৰ গালৈ পানী ছটিয়াইছিল। সিহতে মাটিবোৰ সেমেকা কৰি আমাৰ বাবে বহাৰ অসুবিধাৰ সৃষ্টি কৰিব বিচাৰিছিল। কিন্তু আমি বহিয়ে আছিলো। তাৰ পিছত মই পানী খাবলৈ উঠিছিলো আৰু কাষতে থকা টেপ এটাৰ তলত মুখ পাতিছিলোহে। তেনেতে সিহতে মোৰ মুৰতে কোব মাৰিছিল। মোৰ মুৰ ফালি গৈছিল। মোক ততাতয়াকৈ হস্পিতাললৈ লৈ যোৱা হৈছিল।"

বাজি মহম্মদ ভাৰতৰ অন্তিমকেইজন মুক্তিযুঁজাৰুৰ মাজৰ এজন-উৰিষ্যাৰ কৰাপুত অঞ্চলত ৰাষ্ট্ৰীয়ভাৱে স্বীকৃত প্ৰাপ্ত চাৰি কি পাঁচজনমান মুক্তিযুঁজাৰুৰ মাজৰ এজন। তেওঁ ১৯৪২ৰ ব্ৰিটিছৰ নিষ্ঠুৰতাৰ কথা ইয়াতে কৈ থকা নাই। (অৱশ্যে তেওঁৰ সেইবিষয়েও ক'বলগা বহুকথাই আছে।) তেওঁ তাৰে অৰ্ধশতিকা পাৰ হৈ যোৱাৰ পিছত ১৯৯২ত সংঘটিত হোৱা বাবৰি মছজিদ ভঙাৰ সময়ত তেওঁৰ ওপৰত হোৱা অত্যাচাৰৰ কথা কৈ আছে। "১০০ জনীয়া শান্তি দলটোত মই ভাগ লৈছিলো।" কিন্তু দলটোক কোনো কাৰণতে শান্তি দিয়া হোৱা নাছিল। সত্তুৰ উৰ্ধ বয়সৰ গান্ধীবাদী বৃদ্ধজনে ১০ দিন হস্পিতালত কটাবলগীয়া হৈছিল আৰু তাৰে পিছতে এমাহ বাৰানসী আশ্ৰমত মুৰৰ আঘাতৰপৰা আৰোগ্য লাভৰ বাবে থাকিবলগীয়া হৈছিল।

ঘটনাটো বৰ্ণনা কৰি থকাৰ সময়ত তেওঁৰ মুখমণ্ডলত কিঞ্চিতমানো খঙ-ৰাগৰ ভাৱ ফুটি উঠা নাছিল। সেই হিংসাত্মক আক্ৰমণৰ নেতৃত্বধাৰী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অথবা বজৰংগ দলৰ প্ৰতি তেওঁৰ কোনোধৰণৰ হিংসা-বিদ্বেষৰ ভাৱ নাছিল। অনবৰতে মুখত এটা হাঁহি লাগি থকা তেওঁ এজন বৃদ্ধ ভদ্ৰলোক। এজন দৃঢ়প্ৰতিজ্ঞ গান্ধীভক্ত। তেওঁ এনে এজন মুছলমান ব্যক্তি যিজন নৱৰংগপুৰত গো-হত্যাৰ বিৰুদ্ধে চলা অভিযানৰ নেতৃত্ব দিছিল। "আক্ৰমণৰ পিছত, বিজু পাটনায়ক মোৰ ঘৰলৈ আহিছিল আৰু মোক গালি পাৰিছিল। এই বয়সতো শান্তিপুৰ্ণ প্ৰতিবাদত ভাগ ল'বলৈ যোৱাৰ বাবে তেওঁ মোক লৈ চিন্তাত পৰিছিল। আগতেও মুক্তিযুঁজাৰুৰ পেঞ্চন ১২ বছৰ ধৰি প্ৰত্যাখান কৰি অহাৰ বাবেও তেওঁ মোক গালি পাৰিছিল।"

বাজি মহম্মদ হৈছে এটা হেৰাই যাবধৰা জাতি এটাৰ এক বহুৰঙী অৱশেষ। গ্ৰামাঞ্চলৰ অগণন ভাৰতীয়ই স্বাধীনতা যুঁজখনত ত্যাগ স্বীকাৰ কৰিছিল। কিন্তু যিটো প্ৰজন্মই দেশখনক এই পৰ্যায়লৈ লৈ আহিছে, সেয়া ধীৰে ধীৰে শেষ হ'বলৈ ওলাইছে। ইয়াৰে বহুতেই বয়সৰ ফালৰপৰা ৮০ আৰু ৯০ৰ ঘাই পাৰ হৈছে। বাজিৰো বয়স ৯০ৰ ওচৰা-ওচৰি।

"১৯৩০ৰ দশকত মই পঢ়ি আছিলো, কিন্তু মেট্ৰিক পাছ কৰিব নোৱাৰিলো। মোৰ গুৰু আছিল সদাশিৱ ত্ৰিপাঠী যিজন পিছলৈ উৰিষ্যাৰ মুখ্যমন্ত্ৰী হৈছিল। মই কংগ্ৰেছ দলত যোগদান কৰিছিলো আৰু নৱৰংগপুৰ গোটৰ সচিব হৈছিলো (যিখন তেতিয়াও কৰাপুট জিলাৰ অংশ আছিল)। মই কংগ্ৰেছৰ কাৰণে ২০ হাজাৰ সদস্য গোটাইছিলো। এই অঞ্চলটো আছিল অত্যন্ত উদ্যমী। সত্যাগ্ৰহৰ সময়তে এই উদ্যমৰ গুণতে ঠাইখনে প্ৰাণ পাই উঠিছিল।”

যাহওক, শ শ লোকে কৰাপুটৰ দিশে আগবঢ়াৰ সময়ত বাজি মহম্মদে অইন দিশত আগবাঢ়িছিল। "মই গান্ধীজীৰ ওচৰলৈ গৈছিলো। তেওঁক মই দেখা কৰিব বিচাৰিছিলো।" আৰু সেয়ে তেওঁ বন্ধু লক্ষ্মণ চাহুৰপৰা চাইকেল এখন ল'লে আৰু হাতত টকা-পইচা নোহোৱাকৈয়ে তাৰপৰা ৰায়পুৰলৈ ৰাওনা হ'ল। পাহাৰ-পৰ্বতৰ মাজেৰে ৩৫০ কিলোমিটাৰৰ এই যাত্ৰা খুবেই কষ্টকৰ আছিল। ৰায়পুৰত ৰেলগাড়ীত উঠি ৱাৰ্ধালৈ গ'লো আৰু তাৰপৰা সেৱাশ্ৰম পালোগৈ। তাতে ভালেমান গণ্য-মান্য ব্যক্তি গোট খাইছিল। আমি তেওঁলোকক দেখি আচৰিত হ'লো আৰু অলপ চিন্তাও মুৰত সোমাল। আমি তেওঁক লগ পোৱাৰ সুযোগ পামনে? তেওঁৰ সচিব মহাদেৱ দেশাইক সোধক বুলি মানুহে আমাক ক'লে।

"সন্ধ্যা ৫ বজাৰ আশে-পাশে তেওঁৰ সান্ধ্য ভ্ৰমণৰ সময়ত তেওঁৰ লগত কথা পাতিবলৈ আমাক দেশাইয়ে ক'লে। সেয়া ভালেই হ'ব, মই ভাবিলো। অন্তত আৰামত কথা পাতিব পাৰিম। কিন্তু তেওঁ বহুত বেগাই খোজ কাঢ়িছিল। মই তেওঁৰ লগত খোজ মিলাবলৈ গৈ দৌৰিবলগা হৈছিল। অৱশেষত, মই আৰু খোজ মিলাব নোৱাৰা হ'লো আৰু তেওঁক ৰবলৈ অনুৰোধ জনালো। মই আপোনাক দেখা কৰিবলৈয়ে সুদুৰ উৰিষ্যাৰ পৰা আহিছো।

"তেওঁ ৰগৰ কৰি ক'লে 'তুমি কি চাবা মোক, ময়ো মানুহেই, দুখন হাত, দুখন ভৰি, এহাল চকু। তুমি উৰিষ্যাৰ সত্যাগ্ৰহী নেকি?" মই উত্তৰ দিলো যে সত্যাগ্ৰহী হোৱাৰ মই পণ লৈছো।

"যোৱা, গান্ধীজীয়ে ক'লে। ''যোৱা আৰু লাঠিৰ কোব খোৱাগৈ। দেশৰ কাৰণে ত্যাগ কৰাগৈ।' সাতদিন পিছত, তেওঁ নিৰ্দেশ দিয়া অনুসৰি তাতে আমি হাজিৰ হৈছিলো।'' বাজি মহম্মদে নৱৰংগপুৰ মছজিদৰ বাহিৰত যুদ্ধ-বিৰোধী সত্যাগ্ৰহৰ আহ্বান জনাইছিল। ইয়াৰ ফলস্বৰূপে ছমাহৰ জেল আৰু ৫০ টকাৰ জৰিমনা ভৰিবলগীয়া হয়। তেতিয়াৰ দিনত ৫০ টকা বহুত আছিল।''

ইয়াৰ পিছে পিছে বহু ঘটনা ঘটিছিল। ''এবাৰতো জেলতে পুলিচক আক্ৰমণ কৰাৰ বাবে মানুহ গোট খালে। মই তাতে হস্তক্ষেপ কৰি তেওঁলোকক ৰখালো। 'মৰিম কিন্তু নামাৰো', মই ক'লো।”

“জেলৰ পৰা ওলাই আহি মই গান্ধীজীলৈ লিখিলো যে এতিয়া কি কৰা যায়। তেওঁ উত্তৰ দিলে- 'আকৌ জেললৈ যোৱা'। সেয়াই মই কৰিলো। এইবাৰ চাৰিমাহৰ বাবে। কিন্তু তৃতীয়বাৰত সিহতে মোক জেলত নভৰালে। সেয়ে মই আকৌ গান্ধীজীক সুধিলো যে এতিয়া কি কৰা যায়? একেই শ্লোগান লৈ মানুহৰ মাজলৈ সোমাই যোৱা। আমি ২০-৩০ জনমানক লগত লৈ গাঁৱে গাঁৱে প্ৰতিবাৰতে ৬০ কিলোমিটাৰ পৰ্যন্ত পদব্ৰজে ভ্ৰমণ কৰিছিলো। তেতিয়াই ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয় আৰু তাৰ লগে লগে প্ৰেক্ষাপট সলনি হৈ পৰে।

“২৫ আগস্ত, ১৯৪২ত আমাক আটাইবোৰকে আটক কৰা হৈছিল। নৱৰংগপুৰৰ পাপাৰাণ্ডিত পুলিচৰ গুলিত উনৈশজন লোকে প্ৰাণ হেৰুৱাইছিল। আঘাতপ্ৰাপ্ত হোৱা বহুতো লোকৰ পিছত মৃত্যু হৈছিল। প্ৰায় ৩০০ জনৰো অধিক লোক আহত হৈছিল। কৰাপুট জিলাত ১০০০ জনৰো অধিক লোকক জেললৈ পঠিওৱা হৈছিল। ভালেমান লোকক গুলিওৱা হৈছিল অথবা মৃত্যুদণ্ড দিয়া হৈছিল। কৰাপুটত ১০০ জনৰো অধিক লোক ছহিদ হৈছিল। বীৰ লখন নায়ক (কিংবদন্তি জনজাতীয় নেতা যিগৰাকীয়ে ব্ৰিটিছৰ বিৰু্দ্ধে থিয় দিছিল)কো ফাঁচি দিয়া হৈছিল।”

প্ৰতিবাদকাৰীৰ বিৰুদ্ধে চলা হিংসাই বাজিৰ মনত ৰেখাপাত কৰিছিল। "মই তেতিয়া কৰাপুট জিলাত পাঁচ বছৰৰ কাৰণে জেল খাটি আছিলো। তেতিয়াই লখন নায়কক বৰ্হমপুৰ জেললৈ স্থানান্তৰ কৰা দেখা পাইছিলো। তেওঁ মোৰ সমুখৰ কোঠাটোতে আছিল আৰু ফাঁচিৰ নিৰ্দেশ অহাৰ সময়ত মই তেওঁৰ লগত আছিলো। আপোনাৰ পৰিয়ালক মই কি ক'ম- মই তেওঁক প্ৰশ্ন কৰিছিলো। সিহতক ক'বা যে মই চিন্তিত নহয়- তেওঁ উত্তৰ দিছিল। মাত্ৰ আমি যুঁজ দিয়া স্বাধীন দেশখন নেদেখিম কাৰণে দুখ থাকি যাব- এইবুলি তেওঁ আক্ষেপ কৰিছিল।”

বাজিয়ে অৱশ্যে দেখিছিল। স্বাধীনতাৰ আগদিনা তেওঁক মুকলি কৰি দিয়া হৈছিল। এখন নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰত তেওঁ খোজ থৈছিল। পিছলৈ উৰিষ্যাৰ মুখ্যমন্ত্ৰী হোৱা সদাশিৱ ত্ৰিপাঠিকে ধৰি তেওঁৰ ভালেকেইজন সহকৰ্মী স্বাধীন ভাৰতৰ নিৰ্বাচনত জয়ী হৈ ১৯৫২ চনত বিধানসভাৰ সদস্য হৈছিল। বাজিয়ে নিৰ্বাচনত নুঠিল। কেতিয়াও বিয়াও নাপাতিলে।

"মই কেতিয়াও শক্তি বা পদ বিচৰা নাছিলো,'' তেওঁ বুজাই ক'লে। ''মই জানিছিলো যে আন বহুতো ধৰণে মই সেৱা আগবঢ়াব পাৰিম। আৰু এনেদৰে সেৱা আগবঢ়োৱাটো গান্ধীজীয়েও বিচাৰিছিল।'' তেওঁ বহু দশকজুৰি কংগ্ৰেছী হৈ ৰয়। ''কিন্তু এতিয়া মই কোনো এটা দলৰেই অন্তৰ্ভুক্ত নহয়। এতিয়া মই পাৰ্টিৰ পৰা বাহিৰত আছো।''- তেওঁ কয়।

সেয়ে জনতাৰ কাৰণে গুৰুত্বপুৰ্ণ বিবেচিত হোৱা সকলো বিষয়তেই তেওঁ গুৰুত্ব দিব পাৰিছিল। "প্ৰাৰম্ভিক পৰ্যায়তে বিনোবা ভাৱেৰ ১৯৫৬ৰ ভুদান আন্দোলনত মই জড়িত হৈ পৰিছিলো।" জয়প্ৰকাশ নাৰায়নৰো কেতবোৰ অভিযানত তেওঁ সমৰ্থন আগবঢ়াইছিল। "তেওঁ ইয়াতে ১৯৫০ৰ দশকত দুবাৰকৈ আহি থাকিছিল।" কংগ্ৰেছে তেওঁক নিৰ্বাচনত উঠাটো বিচাৰিছিল। ''কিন্তু মই ক্ষমতাৰ ভাতসাজতকৈ সেৱাৰ ভাতসাজতহে সুখ পাইছিলো।

বাজি মহম্মদৰ দৰে মুক্তি যুঁজাৰুৰ বাবে গান্ধীজীক লগ পোৱাটো তেওঁৰ সংগ্ৰামৰ সৰ্বোৎকৃষ্ট পুৰস্কাৰ স্বৰূপ আছিল। ইয়াতকৈ আৰু অধিক কি লাগে মানুহক- তেওঁ ক'লে। মহাত্মা গান্ধীৰ বিশ্বখ্যাত প্ৰতিবাদী কাৰ্যসূচীত তেওঁ ভাগ লোৱা ফটো এখন দেখুওৱাৰ সময়ত তেওঁৰ চকু চলচলীয়া হৈ পৰে। এয়া তেওঁৰ সম্পত্তি, তেওঁৰ হাতত থকা ১৪ একৰ মাটি ইতিমধ্যে ভুদান আন্দোলনৰ সময়ত তেওঁ দান কৰিছিল। স্বাধীনতা সংগ্ৰামৰ সময়ত তেওঁৰ ভাললগা মুহুৰ্তৰ কথা সোধোতে তেওঁ আটাইবোৰ বুলিয়ে কৈছিল। ''কিন্তু মহাত্মা গান্ধীক লগ পোৱা, তেওঁৰ মাত শুনাটো। সেয়া মোৰ জীৱনৰ সৰ্বোৎকৃষ্ট ক্ষণ আছিল। মাত্ৰ দুখ এটা কথাতে যে তেওঁ যিদৰে দেশখন হোৱাটো বিচাৰিছিল, সেয়া এতিয়াও হৈ উঠা নাই।"

হাঁহি এটা লাগি থকা এজন বৃদ্ধ ভদ্ৰলোক। যিগৰাকীৰ ত্যাগ এতিয়াও তেওঁৰ বয়সৰ চাপ পৰা কান্ধত ভৰ লৈ আছে।

মূল লিখনীটো দা হিন্দুত ২৩ আগস্ত, ২০০৭ চনত প্ৰকাশিত হৈছিল।

এই ধাৰাবাহিকত আৰু আছেঃ

যেতিয়া চালিহানে শাসন বিৰুদ্ধে থিয় দিছিল

পানীমাৰাৰ পদাতিকমুক্তিযুঁজাৰুসকল - ১

পানীমাৰাৰ পদাতিক মুক্তিযুঁজাৰুসকল-২

লক্ষ্মী পাণ্ডাৰ অন্তিম যুঁজখন

শ্বেৰপুৰঃ বৃহত বলিদান, ক্ষণস্থায়ী স্মৃতি

গোদাবৰীঃ আৰু পুলিচে এতিয়াও আক্ৰমণৰ বাবে বাট চায়

সোণাখানঃ য'ত দুবাৰকৈ মৃত্যু হৈছিল বীৰ নাৰায়ন সিঙৰ

কাল্লিছেৰীঃ চুমুকণৰ সন্ধানত

কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম

অনুবাদকঃ  ৰশ্মি ৰেখা দাস

پی سائی ناتھ ’پیپلز آرکائیو آف رورل انڈیا‘ کے بانی ایڈیٹر ہیں۔ وہ کئی دہائیوں تک دیہی ہندوستان کے رپورٹر رہے اور Everybody Loves a Good Drought اور The Last Heroes: Foot Soldiers of Indian Freedom کے مصنف ہیں۔

کے ذریعہ دیگر اسٹوریز پی۔ سائی ناتھ