দেওবাৰ, ৫ এপ্ৰিলৰ দিনটোৰ বাবে অনন্তপূৰ জিলা সাজু হৈছে। ‘আমাক ছানি ধৰা আন্ধাৰ’ ভেদিবলৈ সিদিনা নগৰখনে কেনেদৰে ৰাতি ৯ বজাত ৯ মিনিটৰ বাবে মমবাতি, লেম-চাকি, ম’বাইলৰ ফ্লেশ্ব জ্বলোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাব? অৱশ্যে আমাৰ সংগমেশ নগৰৰ চুবুৰীত কামটো অলপ জটিল হ’ব যেন লাগিছে। চুবুৰীটোত ইফালে-সিফালে বাঁহৰ দম সিঁচৰিত হৈ আছে। তাৰোপৰি ছয়-সাতোটা পৰিয়ালৰ বাবে একেখনেই বাৰান্দা, তাতেই আটাইবোৰে একেটা সময়তে গোট খাব লাগিব।
মোৰ নিজৰ পৰিয়ালটোৱেই নিজেই ১৯ মাৰ্চৰ পৰা তলাবন্ধ মানিছে। নিম্ন আয়েৰে চলা শ্ৰমিক শ্ৰেণীৰে ভৰা এই চহৰখনৰ জনতাই কেনেদৰে ক’ৰণাভাইৰাছৰ বিৰুদ্ধে থিয় দিছে, সেয়া চাবলৈ মোৰ হাতত অফুৰন্ত সময়।
‘ক’ৰণাভাইৰাছ চিত্তুৰ আহি পাইছে, কিন্তু অনন্তপুৰ ঢুকি নাপায়। ইয়াত ইমান গৰম পৰিছে, ভাইৰাছ তিষ্ঠিব নোৱাৰে,’ ১৭ মাৰ্চৰ দিনা মোৰ পুৰণি স্কুলৰ চালকজনে কয়। সেই হোজা মনোভাৱেই এক বৃহৎ শ্ৰেণীক প্ৰতিনিধিত্ব কৰিছে। বিশ্ব মহামাৰীৰ পৰা সৃষ্টি হোৱা জৰুৰীকালীন অৱস্থাই অনন্তপুৰ স্পৰ্শ কৰাহি নাই। অন্তত সেই সময়লৈ।
অন্ধ্ৰপ্ৰদেশ ৰায়ালসীমা অঞ্চলৰ একে নামেৰে যোৱা অনন্তপুৰ নগৰৰ সংগমেশ নগৰৰ ঠেক গলিবোৰত কণ কণ ল’ৰা-ছোৱালীবোৰ দৌৰি ফুৰিছে। স্কুল বন্ধ হোৱাত আৰু পৰীক্ষবোৰ বাতিল হোৱাত সিহঁতৰ গাত দুগুণ শক্তি চৰিছে। দেওবাৰৰ সন্ধিয়াৰ পাচলি বজাৰবোৰ মানুহেৰে ভৰি পৰিছে। মুৰ্গীৰ দাম বাঢ়িছে।
‘মোৰ ডাঙৰজন ল’ৰা (অটোৰিক্সা চালক) আৰু মোৰ বোৱাৰীয়ে পুৱা আৰক্ষীৰ টহল আৰম্ভ হোৱাৰ আগেয়েই কামলৈ যায়। সি অটোৰে তাইক এৰে, তাই পৰিয়াল এটাৰ ৰন্ধা-বঢ়াৰ কাম কৰি সন্ধিয়া দুয়োজন উভতে,’ বয়সস্থ মহিলা এগৰাকীয়ে কয়। শ্ৰমিক শ্ৰেণীৰ বহুতেই গোপনে পৰিশ্ৰম কৰি আছে যদিও আঢ্যৱন্ত শ্ৰেণীয়ে বিশ্ব মহামাৰীৰ এই সময়চোৱাক খুবেই প্ৰয়োজন হৈ থকা বিৰতিৰ দিন বুলি বিবেচনা কৰিছে। ‘ক’ৰণাভাইৰাছৰ বন্ধ এয়া,’ চুপাৰমাৰ্কেট এখনৰ বাহিৰত মানুহ এজনে ১৯ মাৰ্চৰ দিনা এনেকৈ কোৱা মই শুনিছিলো।
আমাৰ ঘৰৰ বেলকনিৰ পৰা নিম্ন আয়ৰ শ্ৰমিক পৰিয়ালেৰে ভৰা সংগমেশ নগৰখন বিহংগম দৃষ্টিৰে চাব পাৰি। আমাৰ চুবুৰীটোৰ পৰিয়ালবোৰ তেনেই ঠেক এটা বা দুটা কোঠাৰ ঘৰত থাকে। তেওঁলোকে দিনটোৰ ভালেখিনি সময় ঘৰৰ বাহিৰতে থাকি কটায়। আমি শাৰীৰিক ব্যৱধানৰ তাৎপৰ্যৰ কথা আমাৰ চুবুৰীৰ কিছুমানক বুজাইছিলো যদিও অনন্তপুৰত জহকালত এনেদৰে লাম-লাকটুৰে ভৰা ঘৰ এটাত এখন ফেনৰ তলত গোটেইটো পৰিয়াল থকাটোৱেই ইমান সহজ নহয়। আমাৰ চুবুৰীত অটোৰিক্সা চালক, পাচলি বেপাৰী, গাহৰি বেপাৰী, শিক্ষক আৰু ঘৰুৱা বনকৰা কৰ্মী থাকে। কিছুমানে খৰাহী-কুলা আদি বাহৰ যতন সাজে। বাঁহৰ কাম কৰাসকলৰ বাবে প্ৰতিটো দিনেই ঘৰৰ পৰা কাম কৰাৰ দিন। তলাবন্ধ স্বত্বেও তেওঁলোকে কাম অব্যাহত ৰাখিছে।
প্ৰায়েই ল’ৰা-ছোৱালীবোৰে পুৱা সোনকালে উঠি ঘৰৰ কাৰণে পানী অনাত পৰিয়ালক সহায় কৰে। অনন্তপুৰ জিলাত পানীৰ বৰ নাটনি, সেয়ে পানী অত্যাৱশ্যকীয় হৈ পৰে। সুবিধা অনুযায়ী সালসলনি কৰি লোৱা অটোৰিক্সাত কেইটামান স্থানীয় কোম্পানীয়ে ‘বিশুদ্ধ খোৱপানী’ যোগান ধৰে। ২০১৪ৰ তেলেগু চিনেমা এখনৰ গান লগাই অহা অটোৰিক্সা এখনত লাউড স্পীকাৰত খোৱাপানী অহাৰ কথা সদায় ঘোষণা কৰা শুনা যায়। ৩০ মাৰ্চৰ দিনাও কেইগৰাকীমান মহিলাই প্লাষ্টিকৰ পাত্ৰত পানী ভৰালে। পানীৰ আন উৎসবোৰ ‘বেক্টেৰিয়া, ভাইৰাছেৰে প্ৰদূষিত...’ হৈ পৰাৰ ফলত কোম্পানীয়ে আগতীয়াকৈ ৰেকৰ্ড কৰি থোৱা কথাৰে লাউড স্পীকাৰত ‘বিশুদ্ধ’ বুলি প্ৰচাৰ কৰি পানী কিনিবলৈ মানুহবোৰক আহ্বান জনায়।
তলাবন্ধই ধীৰে ধীৰে মানুহৰ নিয়মিত কৰ্মসূচী সলনি কৰিছে যদিও কেন্দ্ৰই নগৰাঞ্চলৰ বাসিন্দাৰ ওপৰত ভিত্তি কৰি বান্ধি দিয়া তলাবন্ধৰ নিৰ্দেশনাবোৰ মানুহে অনুসৰণ কৰাটো কঠিন হৈ পৰে। ল’ৰা-ছোৱালীহঁতে ৰাস্তাত সিহঁতৰ খেল-ধেমালী এৰি দিয়া নাই (যেনে লুকা-ভাকু, চোৰ-পুলিচ- এইবোৰত কোনো বিশেষ পোচাক-পাতি নালাগে)। এই ল’ৰা-ছোৱালীহঁতৰ কাৰণে তলাবন্ধ হৈছে সম্প্ৰসাৰিত ছুটী। ভাল ভাল বস্তু বিক্ৰী কৰা বেপাৰীবোৰ শেহতীয়াকৈ আহিবলৈ এৰিছে। ভজা বাদাম বিক্ৰী কৰা বেপাৰীবোৰ ২১ মাৰ্চৰ পৰা আহিবলৈ এৰিলে। ২৮ মাৰ্চৰ পৰা আইচক্ৰীমৰ দোকানীবোৰকো দেখা পোৱা নগ’ল। পাচলি বেপাৰীবোৰ আহিবলৈ এৰা নাই।
আমাৰ চুবুৰীয়াহঁতৰ ঘৰবোৰ ইমানেই ঠেকাঠেকিকৈ আছে যে গোটেই দিনটো ঘৰত থকাৰ কথা ভাবিব নোৱাৰে, তেওঁলোকৰ বাবে ব্যৱহাৰ্য বস্তু মজুত কৰা বা ‘সামাজিক ব্যৱধান’ ৰখাটো প্ৰায় অসম্ভৱ। ডাঙৰবোৰে মজিয়াতে বাকচত বহি লৈ ডাইচ লৈ তেওঁলোকৰ প্ৰিয় খেল মেকা-পুলি (ছাগলী-বাঘ) খেল খেলিছে।
কিন্তু ৰাজ্যখনৰ ৰাজনৈতিক বিভ্ৰান্তিয়ে মানুহৰ মাজলৈ এই বিশ্ব মহামাৰীৰ ফলত সৃষ্ট জৰুৰীকালীন অৱস্থাৰ বাৰ্তা দিয়াত সহায় কৰা নাই। ইয়েই সাধাৰণ জনতাৰ মাজত তলাবন্ধৰ প্ৰতি নিৰুদ্বেগ মনোভাৱত ইন্ধন যোগাইছে। নিৰ্বাচন আয়োগে স্থানীয় পৌৰ নিগমৰ নিৰ্বাচন স্থগিত ৰখাক লৈ ৰাজ্য চৰকাৰে বাক-বিতণ্ডা কৰি আছিল। নিৰ্বাচন ২১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও নিৰ্বাচন আয়োগে ক’ৰণাভাইৰাছৰ প্ৰাদূৰ্ভাৱলৈ চাই সেয়া স্থগিত ৰখা হয়। তেলেগু সংবাদমাধ্যমে নিৰ্বাচনী যুঁজখনক টি.ডি.পি. আৰু ৱাই.এছ.আৰ.চি.পি. দলদুটাৰ মাজৰ যুঁজ বুলি প্ৰচাৰ কৰাত লাগিল। বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মকৰ্তাই শেষলৈকে ঘৰে ঘৰে গৈ প্ৰচাৰ অব্যাহত ৰাখিলে। বহুতৰে বাবে তেওঁলোকেই নিৰ্ভৰযোগ্য তথ্যৰ উৎস হোৱা হেতুকে বিশেষজ্ঞৰ মতামত এচুকত পৰি ৰ’ল। তাতে আকৌ সংবাদমাধ্যমেও এইবোৰ কথা দাঙি নধৰিলে।
মানুহবোৰ নিশ্চিত যে ক’ভিড-১৯ অনন্তপুৰ আহি নাপাব, কিন্তু বিশ্ব মহামাৰীৰ আলোড়ন ইতিমধ্যে অনুভৱ কৰিবপৰা গৈছে। ১৩ মাৰ্চৰ দিনা মই মোৰ ডিচ টিভিৰ কেইটামান চেনেল অনাব নোৱাৰিলো। কিয়নো আমাৰ কেবোলৰ কাৰিকৰী কাম কৰা খেতিয়ক পি. সুব্বিয়াহ তেওঁৰ গাওঁ বি. পাপ্পুৰু (অনন্তপুৰৰ নাৰপালা মণ্ডলত)ত নিজৰ কলৰ বাগানত আবদ্ধ হৈ ৰৈছে। ক্ৰেতাই সাধাৰণতে পলমকৈ ক্ৰয় কৰে, যাতে মাল সস্তা হৈ পৰে। ‘কলৰ চিণ্ডিকেটে এইবাৰো তেনে কৰিবলৈ চাইছিল। কিন্তু দুৰ্যোগৰ কাৰণে কোনো নাহিল,’ তেওঁ কয়। অনন্তপুৰৰ পৰা অহাৰ পাছত সুব্বিয়াহে মোক কৈছিলঃ ‘মই কলবোৰ তেনেকৈয়ে গাঁৱত এৰি আহিলো। সেইবোৰ তাতেই শুকাই যাব। মোৰ ১৫ লাখমান টকাৰ লোকচান হ’ল।’
অন্ধ্ৰপ্ৰদেশত ১ এপ্ৰিলৰ দিনটোতে ক’ৰণাভাইৰাছৰ আক্ৰান্তৰ সংখ্যা ৬৭ হোৱাত মানুহৰ মনোভাৱ লাহে লাহে সলনি হ’বলৈ ধৰিছে। ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যাৰ তালিকাত একেবাৰে তলত থকা ৰাজ্যখন ১৩২ জন আক্ৰান্তৰে হঠাতে পঞ্চম স্থানলৈ অগ্ৰসৰ হৈছে। বিশ্ব মহামাৰীবিধৰ জৰুৰী অৱস্থাই জিলা পৰ্যায়ত এতিয়াও প্ৰভাৱ পেলোৱা নাই। স্থানীয় লোক আৰু গোটে বিভিন্ন মণ্ডলত খাদ্য, চাউল-দাইল, পাচলি আদি বিতৰণ কৰাৰ বাতৰি স্থানীয় অনন্ত চেনেলে প্ৰচাৰ কৰিছে। দুৰ্ভাগ্যজনকভাৱে সাহায্য বিতৰণ কৰা আৰু সংগ্ৰহ কৰা কিছুমানক পূৰ্বসাৱধানতা অৱলম্বন কৰা যেনে মাস্ক আৰু গ্লোভচ পিন্ধা দেখা নগ’ল।
৫ এপ্ৰিলৰ ৰাতি ৯ বজাৰ বাবে সাজু।
অনুবাদঃ পংকজ দাস