“মোৰ নাম ইন্দু, কিন্তু মোৰ প্ৰথমখন আধাৰ কাৰ্ডত নামটো ‘হিন্দু’ বুলি আহিছিল। সেয়েহে মই এখন নতুন কাৰ্ডৰ বাবে আবেদন কৰিলোঁ [শুধৰণিৰ বাবে], কিন্তু তেওঁলোকে নামটো পুনৰবাৰ ‘হিন্দু’ৱেই কৰি থ’লে।”

এইটো কাৰণতে আমাদাগুৰৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ দলিত সম্প্ৰদায়ৰ ১০ বছৰীয়া ছাত্ৰী জে ইন্দু আৰু আন চাৰিগৰাকী শিক্ষাৰ্থীয়ে এই বছৰ তেওঁলোকৰ বৃত্তি নাপালে। তেওঁলোকৰ আধাৰ কাৰ্ডসমূহত তেওঁলোকৰ নাম ভুলকৈ থকাৰ বাবেই এনে হ’বলৈ পালে। আন চাৰিগৰাকী শিক্ষাৰ্থীৰ ভিতৰত তিনিগৰাকীয়েই দলিত, ইন্দুৰ দৰে। এগৰাকী মুছলমান। অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ আটাইতকৈ দৰিদ্ৰ মণ্ডলসমূহৰ ভিতৰত আমাদাগুৰ অন্যতম।

যেতিয়া সমস্যাটো আৰম্ভ হৈছিল, জাগাৰাচুপল্লী ইন্দুৰ বিদ্যালয় আৰু পৰিয়ালে তাইৰ বাবে এখন নতুন কাৰ্ড বিচাৰিছিল। তাইৰ জন্মৰ তাৰিখ আৰু এখন নতুন ফটো পুনৰ পঞ্জীকৃত কৰা হৈছিল আৰু সঁচাকৈয়ে এখন পুনৰ উন্নীত কৰা আধাৰ কাৰ্ড জাৰী কৰা হৈছিল। কিন্তু তাইৰ নাম, এই কাৰ্ডখনতো, ‘হিন্দু’ৱেই হৈ থাকিল। এই কথাটোৰ বাবেই ইন্দুৰ বিদ্যালয় কৰ্তৃপক্ষই তাইৰ হৈ বেংকৰ খাতা খোলাত ব্যৰ্থ হয় – কাৰণ বেংকৰ খাতা খোলাৰ বাবে তাইৰ সঠিক আৰু হুবহু নাম সম্বলিত আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আন চাৰিজন শিক্ষাৰ্থী, আটাইকেইজন ল’ৰা, একেই দুৰ্দশাৰ সন্মুখীন হয়।

অন্ধ্ৰ প্ৰদেশত অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত শিক্ষাৰ্থীসকলে পঞ্চম শ্ৰেণীৰ পৰা প্ৰতি বছৰে ১,২০০ টকাৰ চৰকাৰী বৃত্তি লাভ কৰাৰ ব্যৱস্থা আছে। আমাদাগুৰ বিদ্যালয়ৰ এইটো শ্ৰেণীৰ ২৩ জন শিক্ষাৰ্থীৰ ভিতৰত কেৱল এজনহে উচ্চ জাতিৰ। ইন্দু আৰু আন ২১ জন শিক্ষাৰ্থীৰ বাবে বৃত্তিৰ ধন সাধাৰণতে এই ফেব্ৰুৱাৰী মাহত কোনোবা সময়ত তেওঁলোকৰ বেংক একাউণ্টত জমা কৰা হ’ব। কেৱল, এই পাঁচটা শিশুৰহে কোনো একাউণ্ট নাই।

এই বিদ্যালয়ৰ শিশুসকলৰ অভিভাৱকসকলৰ বেছিভাগ প্ৰান্তীয় কৃষক বা কৃষিভিত্তিক শ্ৰমিক, যি মাজে-সময়ে কামৰ সংক্ৰান্তত বেংগালুৰুলৈ প্ৰব্ৰজন কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক এছ ৰোচিয়াৰ মতে অভিভাৱকসকলে তেওঁলোকৰ সন্তানক “চৰকাৰে প্ৰদান নকৰা সামগ্ৰী, যেনে কলম, অতিৰিক্ত কিতাপ আৰু কেতিয়াবা আনকি কাপোৰ” আদি ক্ৰয় কৰি দিয়াৰ বাবে বৃত্তিৰ ধন ব্যৱহাৰ কৰে। ইন্দু আৰু তাইৰ চাৰিজন সহপাঠীৰ বাবে এই নতুন বছৰটো সুখৰ নহয়।

অনুবাদক: চয়নিকা চৌধাৰী

Rahul M.

ఆంధ్రప్రదేశ్ రాష్ట్రంలో అనంతపూర్ నగరంలో ఉండే రాహుల్ ఎం. ఒక స్వచ్చంధ పాత్రికేయుడు. ఇతను 2017 PARI ఫెలో.

Other stories by Rahul M.
Editor : Sharmila Joshi

షర్మిలా జోషి పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియా మాజీ ఎగ్జిక్యూటివ్ ఎడిటర్, రచయిత, అప్పుడప్పుడూ ఉపాధ్యాయురాలు కూడా.

Other stories by Sharmila Joshi
Translator : Chayanika Choudhary

Chayanika Choudhary is a passionate and sincere literary worker who loves to observe the emotions and feelings encoded in a language through words and expressions. She translates from English to Assamese and vice-versa.

Other stories by Chayanika Choudhary