চাৰিওফালে ‘খেলা হবে’ আৰু ‘অবকি বাৰ ৪০০ পাৰ’ দেখিব ঠিকেই, কিন্তু আমাৰ গৃহৰাজ্যখন যেন ভাৰতৰ এক ক্ষুদ্ৰ প্ৰতিৰূপ। চৰকাৰী যোজনা, চিণ্ডিকেট মাফিয়া, চৰকাৰী অনুদান আৰু অধিকাৰৰ আন্দোলনেৰে পগোৱা যেন খিচিৰি।
চাকৰি আৰু নিয়োগৰ অভাৱত ভোগা নিৰাশ যুৱচাম আৰু গৃহহীন প্ৰব্ৰজনকাৰী, কেন্দ্ৰ আৰু ৰাজ্যৰ যুঁজত বিৰিণা হৈ পৰা সাধাৰণ মানুহ, জলবায়ু পৰিৱৰ্তনে মাধমাৰ শোধোৱা কৃষক আৰু কট্টৰ কথা-বতৰাৰ বিৰুদ্ধে যুঁজি থকা এমুঠি সংখ্যালঘুৰে ভৰা এইখন ৰাজ্য। এফালে অনুভূতিত আঘাত, আনফালে হাড় ভাঙি যোৱা শ্ৰম। জাতি, ধৰ্ম, লিংগ, ভাষা, গোষ্ঠী, সম্প্ৰদায় আৰু ধৰ্মৰ সংঘাতময় পৰিস্থিতিয়ে এক হতাশাৰ পৰিৱেশ জন্ম দিয়া প্ৰতিবেদকে দেখিছে।
এই কোলাহলৰ মাজতো আমি ৰিণি ৰিণি শুনো অসহায়, উন্মাদনাৰ চিকাৰ, অবোধ অথচ নেতাবোৰে কোৱা সঁচা-মিছা বিচাৰ কৰিব পৰা জনতাৰ কণ্ঠ। সন্দেশখালিৰ পৰা হিমালয়ৰ পাহাৰীয়া চাহ বাগিচাবোৰলৈ, কলকাতাৰ পৰা ৰাৰলৈ আমি পাহৰি পেলোৱা গাওঁবোৰলৈ, এই প্ৰতিবেদক আৰু কবিয়ে ক্ষীণ অথচ অহৰহ গুজৰি-গুমৰি থকা জনতাৰ কণ্ঠ শুনিছে।
আমি সন্দেশখালিৰ পৰা আৰম্ভ কৰিলো, পশ্চিমবংগৰ সুন্দৰবন বদ্বীপ এলেকাৰ স্বল্পখ্যাত এখন ঠাই, যিখনত মাটি আৰু মহিলাৰ দেহৰ ওপৰত নিয়ন্ত্ৰণৰ ৰাজনৈতিক খেল চলি থাকে।
দবাখেল
আহিলোঁ, দেখিলোঁ, জয়
কৰিলোঁ
এইয়া ‘ইডি’ আহিছে৷
সন্দেশখালি গাৱঁত -
ৰাতিটোৱে হুমুনিয়াহ কাঢ়িছে মাথোন
মাইকী মানুহ মখা, গোটেইবোৰ বন্ধকীত,
টিভিৰ এংক’ৰ কেইজনেও গেঙাই
উঠিছে, “ৰাম ৰাম, আলি আলি!”
*****
জংগল মহল নামে প্ৰখ্যাত এলেকা পাৰ হৈ আমি বাংকুৰা, পুৰুলিয়া, পশ্চিম মেদিনীপুৰ আৰু ঝাৰগ্ৰাম জিলাৰ মাজেৰে পাৰ হৈ আহি মহিলা খেতিয়ক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকক লগ পালো।
ঝুমুৰ
বাহিৰৰ কাম্লাবোৰ আহি
বালিত পোত গ’ল৷
এয়াই আমাৰ পোৰা মাটিৰ দেশৰ সাধু৷
‘পানী’ বুলিলেই ধৰ্ম নিন্দা হ’ব,
তুমি বুলিব লাগিব ‘জল’!
বন মহলৰ হেনো তৃষ্ণা এনেকুৱাই৷
*****
হ’ব পাৰে বিশ্বৰ বাবে দাৰ্জিলিং পাহাৰৰ ৰাণী, কিন্তু সেই বাগিচাবোৰত দিনৰ দিনটো হাড়ভঙা শ্ৰম কৰি থকা আদিবাসী মহিলাৰ বাবে নহয়, তেওঁলোকৰ বাবে যে পেচাব কৰিবলৈও এটুকুৰা ঠাই নাই। সেই ঠাইত মহিলাৰ সংগ্ৰাম আৰু লিংগ বৈষম্যৰ যি পৰিস্থিতি, তাক লৈ তেওঁলোকৰ ভৱিষ্যত শিলত কটা বুলিয়েই ক’ব পাৰি।
ব্লাডী মেৰী
চাহ একাপ খাব নেকি?হোৱাইট পীয়’নী, উলং?
ৰ’ষ্ট খোৱা, ট’ষ্ট খোৱা ‘আপাৰ ক্লাচ’ বাঙালী৷
একাপ তেজ খাব নে,
নহ’লেবা এজনী আদিবাসী ছোৱালী?
কামেই কাম, ঘামেই ঘাম “আমি কৰিম, আমি কৰিম!”
*****
মুৰ্শ্চিদাবাদখন কেৱল বংগৰ সোঁমাজতে নাই, আন এক ধুমুহাৰ মাজতো আছে। সেয়া হৈছে নগদ ধনৰ বিনিময়ত স্কুলীয়া চাকৰি। ৰাজ্যৰ স্কুল সেৱা আয়োগ (এচএচচি)ৰ দ্বাৰা চৰকাৰী আৰু চৰকাৰী অনুদানপ্ৰাপ্ত স্কুলবোৰত শিক্ষক আৰু আন কৰ্মচাৰীৰ চাকৰিত প্ৰৱঞ্চনাৰে বৃহৎ হাৰত কৰা নিয়োগ উচ্চ ন্যায়ালয় এখনে অবৈধ বুলি নিৰ্দেশ জাৰী কৰাৰ পিছত যুৱচামৰ মাজত হতাশাই বিৰাজ কৰিছে। ১৮ বছৰো নোহোৱা বিড়ি বনোৱা ইউনিটবোৰত কাম কৰা ডেকা ডেকা ল’ৰাবোৰৰ শিক্ষাৰ ওপৰত ভৰসা একেবাৰে নাইকিয়া হৈ গৈছে। সিহঁতে কামৰ ভাল সুবিধাৰ সন্ধানত ওলাই যোৱাটোৱেই বিকল্প হিচাপে গ্ৰহণ কৰিছে।
যোগ্য প্ৰাৰ্থী
সিহঁত ধৰ্ণাত বহিল,
‘একনায়কত্ববাদ আৰু নচলিব!’
মিলিটাৰী বুট পিন্ধি পুলিচ আহিল-
চৰকাৰী চাকৰি,
কপাল ঐ, স্বাধীন নহয়!
শাস্তি আৰু পুৰস্কাৰ সকলো একেলগে৷
*****
বছৰৰ যিটো মাহেই নহওঁক, আমি কলকাতাৰ এই ব্যস্ত পথৰ ভিৰ ফালি প্ৰতিবাদী মহিলা য’ত গোট খাইছে, তালৈ যাওঁ। অনুচিত আইন আৰু সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিবলৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা তাত মানুহ গোট খাইছে।
নাগৰিকত্ব
কাগজ লোৱা মানুহটো আহিছে৷পলোৱা পলোৱা পাৰা যদি পলোৱা, কঠোৰ আদেশ পালিবই লাগিব!
তোমালোকৰ ‘কা’ নেমানো;
আমি কেতিয়াও নপলাওঁ,
বাংলাদেশী! বাংলাদেশী! পাউৰুটীৰ সলনি মিঠা পাউপিঠা?
*****
বীৰভূমত কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল গাওঁবোৰত আমি ভূমিহীন মহিলা আদিবাসী শ্ৰমিকক কাম কৰি থকা অৱস্থাত লগ পাইছিলো। পৰিয়ালৰ সামান্য মাটি থকা মহিলাইও দুআষাৰ কৈছিল।
শূদ্ৰাণী
অ’ বাবু, এইখন মোৰ বোকা লগা পট্টা- ৰঙা দোপাত্তাৰ দৰে ৰঙীণ আৰু ফটা৷মোক খুদকণা এটা দিয়া, জীবলে দিয়া,
ময়ো খেতিয়কহে, খেতিয়কৰ পত্নী নহয়৷
মোৰ মাটি-বাৰী উচন গ’ল বাবু,
খৰে উচন কৰিলে সকলো...
মই এতিয়াও খেতিয়কেই, নে এটা চৰকাৰী সন্দেহ?
*****
এই ৰাজ্যৰ সাধাৰণ শ্ৰেণীয়ে উত্তৰ বিচাৰি নিৰ্বাচনলৈ অপেক্ষা নকৰে। দেশব্যাপী আন্দোলনৰ সমৰ্থনত মুৰ্শ্চিদাবাদ, হুগলি, নাদিয়াৰ মহিলাই আকৌ এবাৰ ওলাই আহিছে আৰু সমস্বৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।
হাতুৰী
এই যে কন্দুৱা গেছবোৰযধেমধে এৰি দিয়ে —
কাৰখানাবোৰ বন্ধ হৈ যায়, মাটি খকুৱাহঁতে পিয়া পি দি ফুৰে৷
ক’লা ক’লা গড়ভেটাবোৰ৷
ন্যূনতম পাওনা -
এনৰেগা আৱদ্ধ গেৰুৱা ধুমুহাত৷
টেক্সট্ অনুবাদ: পংকজ দাস
কবিতাৰ অনুবাদ: ৰুবী বৰুৱা দাস