পাঞ্জাৱত আজিৰ পৰা প্ৰায় ন দশক পূৰ্বে প্ৰতিবাদৰ প্ৰতিধ্বনি তুলিছিল এজন তেনেই সাধাৰণ যুৱকে। সেই সময় আছিল, যেতিয়া ধনী হওক বা দুখীয়া, ডেকা হওক বা বুঢ়া সকলোৱে জোতা খুলি ভৰিত পৰি প্ৰণাম কৰিব লাগিছিল মহাৰাজৰ। অৱশ্যে এজন যুৱকে সোঁতৰ বিপৰীতে গৈ মহাৰাজৰ চকুলৈ চাই কেৱল থিয় হৈ থকাৰ সাহস কৰে, তেওঁ আনসকলৰ দৰে মহাৰাজৰ চৰণত নতশিৰ হ’বলৈ অস্বীকাৰ কৰে। মহাৰাজৰ যিকোনো নিৰ্দেশ নামানিলেই নিৰ্মম শাস্তিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ পিছতো খোদ মহাৰাজৰ সন্মুখত এজন তেনেই সাধাৰণ যুৱকৰ এনে অৱজ্ঞাই স্বাভাৱিকতে আতংকিত কৰি তুলিছিল পাঞ্জাৱৰ যোগা গাঁৱৰ বয়োজ্যেষ্ঠসকলক, সমান্তৰালভাৱে এনে কাৰ্য্যই ক্ষুব্ধ কৰি তুলিছিল অত্যাচাৰী ৰজাকো।

মহাৰাজৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদৰ উকমুকনি তোলা সেই ডেকাজনেই আছিল জাগীৰ সিং যোগা। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ৰ কনিষ্টবল কুলৱিন্দৰ কৌৰে বলীউডৰ চেলিব্ৰিটি তথা বৰ্তমান হিমাচল প্ৰদেশৰ মাণ্ডীৰ সাংসদ কংগনা ৰানাৱটৰ গালত শোধোৱা সেই চৰ কাণ্ডৰ ৯ টা দশক পূৰ্বে মহাৰাজৰ বিৰুদ্ধে এনেদৰে সাহস আৰু ব্যক্তিগত প্ৰতিবাদৰ উমান দিছিল জাগীৰ সিং যোগাই। তাৰ লগে লগে যি ঘটিল সেয়া লোককথা আৰু ইতিহাসৰ পৰা হেৰাই গৈছে। কিন্তু আন এদিন যুঁজিবলৈ জীয়াই থাকিল যোগা।

তাৰ এটা দশক পিছত যোগা আৰু তেতিয়াৰ লাল পাৰ্টিৰ সতীৰ্থসকলে কিষাণগড় (বৰ্তমান সংগ্ৰুৰ জিলা)ৰ আশে-পাশে এক ঐতিহাসিক সংগ্ৰামৰ নেতৃত্ব দি ভূপিন্দৰ সিঙৰ পুত্ৰৰ পৰা ৭৮৪ খন গাঁৱৰ হাজাৰ হাজাৰ বিঘা মাটি কাঢ়ি লৈ ​​ভূমিহীন লোকৰ মাজত বিতৰণ কৰে। বৰ্তমান পাটিয়ালাৰ প্ৰাক্তন ৰজাঘৰীয়া পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙেই হৈছে ভূপিন্দৰ সিঙৰ নাতি।

ভূমি আৰু অন্যান্য সংঘাতৰ অন্তত ১৯৫৪ চনত যোগা নাভা জেলত কাৰাবন্দী হৈ থকাৰ সময়তে জনতাই তেওঁক ভোট দি বিধান সভালৈ নিৰ্বাচিত কৰে। ১৯৬২, ১৯৬৭ আৰু ১৯৭২ চনত তেওঁক পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰে জনতাই।

PHOTO • Jagtar Singh

বাওঁফালে: ১৯৩০ চনত পাটিয়ালাৰ মহাৰাজা ভূপিন্দৰ সিঙৰ বিৰুদ্ধে মাত মাতিছিল জাগীৰ সিং যোগাই, সিঙৰ সামন্ত বাহিনীয়ে দুখীয়া কৃষকৰ মাটি দখল কৰিবলৈ চেষ্টা কৰিছিল। সোঁফালে: চিআইএছএফৰ কনিষ্টবল কুলৱিন্দৰ কৌৰে ২০২৪ চনৰ জুন মাহত নৱ-নিৰ্বাচিত সাংসদ কংগনা ৰানাৱতৰ বিৰুদ্ধে এইদৰেই সাব্যস্ত কৰে প্ৰতিবাদ

যোগাৰ জীৱনীকাৰ জগতাৰ সিঙে কয়, “পাঞ্জাৱৰ বতাহত প্ৰতিবাদৰ উমান পোৱা যায়। কুলৱিন্দৰ কৌৰে পঞ্জাবৰ ইতিহাসৰ ব্যক্তিগত, প্ৰায়ে স্বতঃস্ফূৰ্ত আৰু দীঘলীয়া প্ৰতিবাদত এক নতুন অধ্যায় যোগ কৰিছে, কিন্তু এনে প্ৰতিবাদ যোগাৰ বহু আগতেই আৰম্ভ হৈছিল আৰু ইয়াৰ সমাপ্তি কেৱল কুলৱিন্দৰ কৌৰতেই নহয়।” কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জগতাৰ সিং 'ইনকিলাবী যোদ্ধা: জাগীৰ সিং যোগা’ (বিপ্লৱী যোদ্ধা: জাগীৰ সিং যোগা) গ্ৰন্থৰ লেখক।

পাঞ্জাৱত প্ৰায়ে এনে স্বতঃস্ফূৰ্ত প্ৰতিবাদৰ নেতৃত্ব দিছে সাধাৰণ নাগৰিকে। কাপুৰথালা জিলাৰ মহিৱাল গাঁৱৰ বাসিন্দা চিআইএছএফৰ কনিষ্টবল কুলৱিন্দৰৰ ঘৰ এটা ক্ষুদ্ৰ কৃষক পৰিয়ালৰ। তেওঁৰ মাতৃ বীৰ কৌৰে এতিয়াও খেতিয়ক হিচাপে কাম কৰি আছে। দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৃষকে আৰম্ভ কৰা আন্দোলনৰ অংশ আছিল কুলৱিন্দৰৰ মাতৃও, আৰু সেই সময়ত তেওঁৰ লগতে আন আন প্ৰতিবাদী কৃষকসকলক কংগনা ৰানাৱটে উপহাস আৰু বদনাম কৰা বুলি অভিযোগ উত্থাপন হৈছিল, যাৰ বাবেই কুলৱিন্দৰ কৌৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

যোগাৰ পূৰ্বে ভগত সিং আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে লাহোৰ ষড়যন্ত্ৰ গোচৰৰ বিচাৰ (১৯২৯-৩০)ৰ সময়ত আদালতৰ ভিতৰত ৰাজসাক্ষী জয় গোপালৰ গালৈ চেণ্ডেল দলিয়াইছিল প্ৰেমদত্ত বাৰ্মাই। “এয়া পৰিকল্পিত নাছিল, আৰু বাৰ্মাৰ প্ৰতিবাদ স্বতঃস্ফূৰ্ত আছিল। বিচাৰৰ সময়ত তেওঁ আৰু আন অভিযুক্তসকলৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল,” এইদৰে কয় দ্য’ ভগত সিং ৰিডাৰৰ লেখক অধ্যাপক চামন লালে।

১৯৩১ চনৰ ২৩ মাৰ্চত বিতৰ্কিত বিচাৰৰ অন্তত ভগত সিং আৰু তেওঁৰ দুজন সতীৰ্থক ফাঁচী দিয়া হয় (তেওঁলোকৰ ভিতৰত কম বয়সীয়া বাৰ্মাক পাঁচ বছৰৰ কাৰাদণ্ড বিহা হয়)। ইয়াৰ ঠিক এবছৰৰ পাছত দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ থকা স্বত্ত্বেও সেয়া আওকাণ কৰি ১৬ বছৰীয়া হৰকিষাণ সিং সুৰজিতে শ্বহীদৰ প্ৰথম বৰ্ষপূতি উদযাপন কৰি সাহসেৰে হোছিয়াৰপুৰৰ জিলা আদালতৰ ওপৰৰ পৰা ব্ৰিটিছ পতাকা নমাই তাৰ ঠাইত ত্ৰিৰংগা উত্তোলন কৰে।

স্থানীয় ইতিহাসবিদ আজমেৰ সিদ্ধুৱে কয়, “প্ৰথমে ব্ৰিটিছ পতাকা নমোৱাৰ আহ্বান কংগ্ৰেছ দলে কৰিছিল, কিন্তু তেওঁলোকে এই কাৰ্য কৰাত বিলম্ব কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে সুৰজিতে স্বতন্ত্ৰভাৱে এই দায়িত্ব লয় আৰু বাকীখিনি এতিয়া ইতিহাস।” সেই দিনটোৰ স্মৃতি সুঁৱৰি দশক দশক পিছত সুৰজিতে কয়, “সেইদিনা মই যি কৰিছিলো, তাক লৈ মই আজিও গৌৰৱবোধ কৰো।” জিলা আদালতৰ ওপৰত পতাকা উত্তোলন কাণ্ডৰ ষাঠি বছৰৰ পাছত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰে সুৰজিতে।

PHOTO • Daily Milap / courtesy Prof. Chaman Lal
PHOTO • Courtesy: Prof Chaman Lal

লাহোৰ ষড়যন্ত্ৰ গোচৰক লৈ ১৯৩০ চনৰ এখন পোষ্টাৰ (বাওঁফালে)। ভগত সিং আৰু তেওঁৰ সতীৰ্থসকলৰ বিৰুদ্ধে বিচাৰৰ সময়ত আদালতৰ ভিতৰত চৰকাৰী সাক্ষী জয় গোপাললৈ লক্ষ্য কৰি চেণ্ডেল নিক্ষেপ কৰা প্ৰেমদত্ত বৰ্মা (সোঁফালে)

PHOTO • Courtesy: Amarjit Chandan
PHOTO • P. Sainath

বাওঁফালে: ১৯৩২ চনত হৰকিষণ সিং সুৰজিতে, হোছিয়াৰপুৰৰ জিলা আদালতত ব্ৰিটিছৰ পতাকা ফালি পেলাইছিল আৰু মাত্ৰ ১৬ বছৰ বয়সতে হেলাৰঙে ত্ৰিৰংগা উৰুৱাইছিল। ১৯৬৭ চনৰ ফেব্ৰুৱাৰী মাহত পাঞ্জাৱৰ ফিলাউৰ বিধানসভা সমষ্টিত জয়ী হোৱাৰ পিছৰ দৃশ্য। সোঁফালে: অধ্যাপক জগমোহন সিং (নীলা পোছাক পৰিহিত), শ্বহীদ ভগত সিঙৰ ভতিজা ঝুগিয়ানৰ সৈতে ৰামগড়ৰ ঘৰত

১৯৩২ চনত পতাকা উত্তোলন কাণ্ডৰ কেইবছৰমান পিছত সুৰজিতৰ সঙ্গী ভগত সিং ঝুগ্গিয়াঁয়ে ১১ বছৰ বয়সতে অতি নাটকীয় ব্যক্তিগত প্ৰতিবাদ সাব্যস্ত কৰে। ঝুগ্গিয়াঁ আছিল তৃতীয় শ্ৰেণীৰ পুৰস্কাৰ বিজয়ী ছাত্ৰ, য’ত তেওঁ শীৰ্ষস্থান দখল কৰিছিল। বঁটা প্ৰদান কৰা শিক্ষা বিভাগৰ বিশিষ্ট ব্যক্তিগৰাকীয়ে মঞ্চত অভিনন্দন জনায়, আৰু ‘ব্ৰিটেনিয়া জিন্দাবাদ, হিটলাৰ মুৰ্দাবাদ’ ধ্বনি দিবলৈ কয়। অনুষ্ঠানত এজন ঝুগ্গিয়ান যুৱকে দৰ্শকৰ ফালে চাই চিঞৰি কয়, “ব্ৰিটেনিয়া মুৰ্দাবাদ, হিন্দুস্তান জিন্দাবাদ।”

ইয়াৰ পিছতে তেওঁক প্ৰহাৰ কৰা হৈছিল আৰু বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল। ইয়াৰ পিছত আৰু তেওঁ কেতিয়াও স্কুললৈ যাব পৰা নাছিল। কিন্তু জীৱনৰ শেষ দিনলৈকে সেই ঝুগ্গিয়াঁ যুৱকজনে নিজৰ কৰা কামবোৰক লৈ গৌৰৱ কৰিছিল। আপুনি ইয়াত তেওঁৰ কাহিনী পঢ়িব পাৰে , য’ত ঝুগ্গিয়াঁয়ে ২০২২ চনত প্ৰায় ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰাৰ মাত্ৰ এবছৰৰ পূৰ্বে পাৰিৰ প্ৰতিষ্ঠাপক-সম্পাদক পি সাইনাথৰ সৈতে কথা পাতিছিল।

একেই আৱেগ এই ১২ জুনত প্ৰতিধ্বনিত হৈছিল যেতিয়া কুলৱিন্দৰ কৌৰৰ ভাতৃ শ্বেৰ সিং মহিৱালে মহালিত নিজৰ ভগ্নীক লগ পোৱাৰ পিছত ওলাই আহি সংবাদ মাধ্যমৰ আগত কয়, “তেওঁৰ এই কাৰ্য্যৰ বাবে তেওঁ বা আমি কোনো ধৰণৰ অনুশোচনা বোধ কৰা নাই। গতিকে ক্ষমা বিচৰাৰ প্ৰশ্নই উত্থাপন নহয়।”

আনকি পাঞ্জাৱৰ শেহতীয়া অতীততো একেধৰণৰ বিদ্ৰোহী সত্তাৰে ভৰি আছে। কৃষকৰ আত্মহত্যা, ড্ৰাগছ আসক্তি আৰু ব্যাপক নিবনুৱা সমস্যাৰ প্ৰবল লহৰৰ মাজতে ২০১৪ চনটো আছিল পাঞ্জাৱৰ কপাহৰ খেতি অধ্যুষিত অঞ্চলৰ বাবে এক অশান্ত বছৰ। আশাৰ সকলো বাট বন্ধ হোৱা বুলি উপলব্ধি কৰি বিক্ৰম সিং ধনৌলাই নিজৰ গাঁৱৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ নিলগৰ খান্না চহৰলৈ যাত্ৰা কৰে। তেওঁৰ গন্তব্যস্থান আছিল সেই ঠাই, য’ত ২০১৪ চনৰ ১৫ আগষ্টত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে ত্ৰিৰংগা উত্তোলন কৰাৰ কথা আছিল।

PHOTO • Courtesy: Vikram Dhanaula
PHOTO • Shraddha Agarwal

নিবনুৱা যুৱক-যুৱতী আৰু দুৰ্দশাগ্ৰস্ত কৃষকৰ প্ৰতি ৰাজ্য চৰকাৰে দেখুৱাই অহা উদাসীনতাৰ প্ৰতিবাদত ২০১৪ চনত বিক্ৰম সিং ধনৌলাই (বাওঁফালে) মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ গালৈ জোতা নিক্ষেপ কৰিছিল। ২০২১ চনত কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ভাগ লোৱা পাঞ্জাৱৰ মহিলাসকল (সোঁফালে)

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি তদানীন্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে নিজৰ ভাষণ আৰম্ভ কৰাৰ সময়তে মঞ্চলৈ নিজৰ জোতা দলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে বিক্ৰম সিং ধনৌলাই। ইয়াৰ বাবে তেওঁ ২৬ দিন কাৰাগাৰতো পাৰ কৰিবলগীয়া হয়। বৰ্তমানেও বৰ্ণালা জিলাৰ ধনৌলা গাঁৱত বাস কৰা বিক্ৰম সিং ধনৌলাই কয়, “মই তেওঁৰ মুখত সহজেই আঘাত কৰিব পাৰিলোহেঁতেন, কিন্তু ইচ্ছাকৃতভাৱে জোতা পাত মঞ্চৰ ফালে দলিয়াই দিলোঁ। মই মাত্ৰ বিচাৰিছিলো যে তেওঁ নকল বীজ আৰু কীটনাশক বিক্ৰীৰ বাবে আত্মহত্যা কৰা নিবনুৱা যুৱক-যুৱতী আৰু কৃষকৰ কথা শুনক।”

১০ বছৰ আগৰ সেই কাৰ্যৰ বাবে আজি কেতিয়াবা অনুশোচনাত ভুগে নেকি? ইয়াৰ উত্তৰ দি ধনৌলাই কয়, “যেতিয়া আপুনি ক’তো কোনো আশা দেখা নাপায়, তেতিয়া আপুনি কুলৱিন্দৰ কৌৰে যি কৰিছিল, বা মই ১০ বছৰ আগতে যি কৰিছিলো, সেইটোকে কৰিবলৈ বাধ্য হৈ পৰে।” ইতিহাসৰ বুকুত ব্ৰিটিছ ৰাজৰ যুগৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰলৈকে প্ৰতিবাদী কণ্ঠবোৰ গুঞ্জৰিত হৈ আহিছে, যাৰ পৰিণতি যিয়েই নহওক কিয়, প্ৰত্যেকেই নিজৰ ব্যক্তিগত প্ৰচেষ্টাত দৃঢ়তাৰে থিয় দিছে।

২০২০ চনত দিল্লীৰ সীমান্তত শ শ কৃষকৰ আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে পাঞ্জাৱৰ সৈতে সম্পৰ্কৰ পৰিৱৰ্তন ঘটিছিল কংগনা ৰানাৱটৰ। ২০২১ চনৰ ১৯ ​​নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে অৱশেষত বাতিল কৰা তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মহিলাসকলৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল কংগনা। এগৰাকী বৃদ্ধা প্ৰতিবাদকাৰীৰ কথা উল্লেখ কৰি কংগনাই টুইট কৰিছিল, “হা হা হা হা, তেওঁ সেই একেজনী দাদী (আইতা) যিগৰাকী টাইম আলোচনীত আটাইতকৈ শক্তিশালী ভাৰতীয় বুলি প্ৰকাশ পাইছিল... আৰু তেওঁ ১০০ টকাত উপলব্ধ।”

কংগনাৰ কথা যেন পাহৰা নাই পাঞ্জাৱৰ ৰাইজে। কৃষকক অপমান কৰি বলিউড চেলিব্ৰেটিগৰাকীয়ে কৰা সেই মন্তব্যৰ বিৰুদ্ধে পুনৰ ক্ষোভৰ উকমুকনি উঠিছিল ৬ জুনত, যেতিয়া বিমানবন্দৰৰ চৰ কাণ্ডক লৈ কুলৱিন্দৰ কৌৰে কৈছিল, “তেওঁ [কংগনাই] এটা বক্তব্য দিছিল যে কৃষকসকলে দিল্লীত প্ৰতিবাদ কৰিছে কাৰণ তেওঁলোকক ১০০ বা ২০০ টকা দিয়া হৈছিল। সেই সময়ত মোৰ মাও প্ৰতিবাদকাৰীসকলৰ ভিতৰত এগৰাকী আছিল।” আমোদজনক কথাটো হ’ল, ব্যাপক চৰ্চা হোৱাৰ পিছতো কুলৱিন্দৰে কংগনাক চৰ মাৰিছিল বুলি কোৱা এই অভিযোগৰ কোনো নিশ্চিত ফুটেজ পোৱা নাই। কিন্তু যিয়েই নহওক কিয়, কংগনাক লৈ পাঞ্জাৱৰ জনতাৰ ক্ষোভ ৬ জুনতে প্ৰকাশ পোৱা নাছিল।

ভিডিঅ’টো চাওক: কংগানাৰ কথাৰ বিৰুদ্ধে উকমুকোৱা ক্ষোভৰ আঁৰৰ কাহিনী

পাঞ্জাৱত প্ৰায়ে এনে স্বতঃস্ফূৰ্ত প্ৰতিবাদৰ নেতৃত্ব দিছে সাধাৰণ শ্ৰেণীৰ নাগৰিকে

চণ্ডীগড় বিমানবন্দৰত ৬ জুনত সংঘটিত হোৱা কথিত ‘চৰ’ বিতৰ্কৰ বহু আগতেই ২০২১ চনৰ ৩ ডিচেম্বৰত কংগনা ৰানাৱটে মানালীৰ পৰা মুম্বাইলৈ ওভতাৰ পথত পাঞ্জাৱত প্ৰৱেশ কৰাৰ সময়ত মহিলা কৃষকসকলে তেওঁৰ গাড়ী ঘেৰি ধৰিছিল। কংগনাৰ এই মন্তব্যৰ বাবে ক্ষমা বিচৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল। এই চলি থকা বিবাদতো কুলৱিন্দৰ, তেওঁৰ ভাতৃ শ্বেৰ সিং মহিৱাল আৰু তেওঁলোকৰ আত্মীয়ৰ বাবে পাৰিবাৰিক সুনাম আৰু মৰ্যাদাৰ গুৰুতৰ বিষয় জড়িত হৈ আছে।

“আমি বহু প্ৰজন্মৰ পৰা নিৰাপত্তা বাহিনীত সেৱা আগবঢ়াই আহিছো,” কুলৱিন্দৰৰ ভাতৃ শ্বেৰ সিং মহিৱালে পাৰিৰ আগত কয়। “কুলৱিন্দৰৰ পূৰ্বেও মোৰ ককাৰ পৰিয়ালৰ পাঁচজন সদস্যই সেনাবাহিনীত সেৱা আগবঢ়াইছিল, য'ত মোৰ ককা নিজেও আছিল। তেওঁৰ পাঁচজন পুত্ৰৰ তিনিজনেও ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল আৰু ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত এই দেশৰ বাবে যুঁজিছিল। আপুনি এতিয়াও ভাবে নেকি যে কংগনাৰ দৰে ব্যক্তিৰ পৰা আমাক দেশপ্ৰেমৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন আছে, যিয়ে আমাক সন্ত্ৰাসবাদী বুলি অভিহিত কৰে?” শ্বেৰ সিং মহিৱালে প্ৰশ্ন কৰে।

৩৫ বৰ্ষীয় চিআইএছএফৰ মহিলা কনিষ্টবল কুলৱিন্দৰ কৌৰক এতিয়া নিলম্বন কৰা হৈছে, আনকি চাকৰি হেৰুওৱাৰ আশংকাও কৰা হৈছে কুলৱিন্দৰৰ। চিআইএছএফ-ৰ এগৰাকী সহকৰ্মী কনিষ্টবলৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা কুলৱিন্দৰ এটি পাঁচ বছৰীয়া ল’ৰা আৰু এটি ৯ বছৰীয়া কন্যা সন্তানৰ মাতৃও। তেওঁলোকে সন্মুখীন হোৱা পৰিণতিৰ মাজতো পাঞ্জাৱৰ সৈতে পৰিচিত লোকসকলে ধাৰণা কৰে যে অকলে প্ৰতিবাদ সাব্যস্ত কৰাসকলেনিজৰ ব্যক্তিস্বাৰ্থক হেলাৰঙে জলাঞ্জলি দি, দেশ আৰু দহৰ ভৱিষ্যতৰ মংগলৰবাবে যুঁজ দিবলৈ আৰু হাজাৰজনৰ মনত সাহস যোগাই আহিছে। ছয় দশকৰো অধিক সময় ধৰি জাগীৰ সিং যোগাৰ সৈতে জড়িত চি পি আইৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ মানসা জিলাৰ যোগা গাঁৱৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ দাতেৱাছ গাঁৱৰ নিৱাসী হৰদেৱ সিং আৰ্শিয়ে কয়, “আমাৰ সপোন যে এতিয়াও জীয়াই আছে, যোগা আৰু কৌৰ দুয়োজনেই তাৰ প্ৰতীক।”

১৯৫৪ চনত পাঞ্জাৱ বিধানসভালৈ নিৰ্বাচিত হোৱা যোগাই নভা কাৰাগাৰত বন্দী হৈ আছিল। সুৰজিত, ভগত সিং ঝুগ্গিয়াঁ আৰু প্ৰেম দত্ত বাৰ্মা ব্যক্তিগত প্ৰতিবাদ আৰু সংগ্ৰামৰ পাঞ্জাৱৰ দীৰ্ঘদিনীয়া লোককথাৰ অংশ।

কুলৱিন্দৰ ভাতৃ শ্বেৰ সিং মহিৱালে ঘটনাটো সন্দৰ্ভত কোৱা কথাখিনি

অকলে প্ৰতিবাদ সাব্যস্ত কৰাসকলে নিজৰ ব্যক্তিস্বাৰ্থক হেলাৰঙে জলাঞ্জলি দি, দেশ আৰু দহৰ ভৱিষ্যতৰ মংগলৰবাবে যুঁজ দিবলৈ আৰু হাজাৰজনৰ মনত সাহস যোগাই আহিছে

কুলৱিন্দৰ কৌৰৰ সমৰ্থনত পাঞ্জাৱ আৰু চণ্ডীগড়ত ৰেলী আৰু শোভাযাত্ৰা অব্যাহত আছে। এইবোৰে চৰ কাণ্ডটোক মহিমামণ্ডিত নকৰে, ন্যায্য আছিল বুলিও দাবী নকৰে। বৰঞ্চ মানুহৰ মাজত অনুভৱ হৈছে যে পাঞ্জাৱৰ কৃষকৰ মৰ্যাদা আৰু অখণ্ডতা ৰক্ষা কৰি এগৰাকী শক্তিশালী চেলিব্ৰিটি আৰু সাংসদৰ বিৰুদ্ধে মাত মাতি অহা এগৰাকী কনিষ্টবলে তেওঁলোকক সাহসী কৰি তুলিছে। মুঠতে তেওঁলোকে কুলৱিন্দৰৰ এই কাৰ্যক পাঞ্জাৱৰ ব্যক্তিগত স্বতঃস্ফূৰ্ত প্ৰতিবাদৰ পৰম্পৰাৰ অংশ হিচাপে স্বীকাৰ কৰি লৈছে।

এই গোটেই পৰিঘটনাটোৱে সমগ্ৰ পাঞ্জাৱত সৃষ্টিশীল মনোভাৱৰ জন্ম দিছে, যিটো জনসাধাৰণৰ আৱেগক প্ৰতিফলিত কৰি কবিতা, গীত, মিম আৰু কাৰ্টুনৰ ৰূপত বহিঃপ্ৰকাশ ঘটিছে। আজি পাৰিত এনে এটা কবিতা উপস্থাপন কৰা হৈছে, যিটো কবিতা লিখিছে বিখ্যাত নাট্যকাৰ তথা পাঞ্জাবী ট্ৰিবিউনৰ প্ৰাক্তন সম্পাদক স্বৰাজবীৰ সিঙে।

পুৰষ্কাৰ, আইনী সাহায্য আৰু ব্যাপক সমৰ্থন পোৱাৰ পিছতো নিৰাপত্তা বাহিনীৰ চাকৰি হেৰুৱাৰ আশংকাৰ সন্মুখীন হৈছে কুলৱিন্দৰ কৌৰ। কিন্তু এইবোৰ ঘটনাৰ মাজতে যোগাৰ কাহিনীৰ দৰে জল্পনা-কল্পনা চলিছে, যিয়ে পাঞ্জাৱ বিধানসভাত বিশেষকৈ আগন্তুক পাঁচটা উপ-নিৰ্বাচনৰ সৈতে তেওঁৰ ভৱিষ্যতৰ সম্ভাৱ্য ভূমিকাৰ ইংগিত দিয়ে। পাঞ্জাৱৰ বহু লোক আশাবাদী যে যোগাৰ দৰে কুলৱিন্দৰ কৌৰেও এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চিন্তা কৰিব।

PHOTO • PARI Photos

বাওঁফালে: ঘটনাৰ পিছত চণ্ডীগড় বিমানবন্দৰত কুলৱিন্দৰ কৌৰ। সোঁফালে: ২০২৪ চনৰ ৯ জুনত মহালিত কংগনাৰ বিৰুদ্ধে আৰু কুলৱিন্দৰৰ সপক্ষে উলিওৱা সমদল

___________________________________________________

কোৱা অ আই

স্বৰাজবীৰ

আই, অ’ আই
কোৱা, তোমাৰ হৃদয়ত কি আছে চেনেহৰ আই।
আগ্নেয়গিৰিবোৰ বিস্ফোৰণ ঘটে আৰু মোক নিজকে কঁপাই তোলে

কোৱাচোন, আমাক প্ৰতিদিনে কোনে চৰ শোধায়?
আমাৰ ৰাজপথত আইন কোনে উলংঘা কৰে,
আৰু কোনে বজ্ৰকণ্ঠে চিঞৰি উঠে?

ধনী-শক্তিশালীৰ চৰ আমি সহ্য কৰো
দৰিদ্ৰজনে সহি যায় পৃথিৱীৰ সমস্ত যন্ত্ৰণা
আৰুনো কিমান শুনিম ৰাষ্ট্ৰৰ মিছা প্ৰতিশ্ৰুতি...

কিন্তু কেতিয়াবা,
কোনো এক বিশেষ ক্ষণত,
জাগি উঠিছে কোব খাই ভাগৰি পৰা এগৰাকী দৰিদ্ৰ ছোৱালী।
তাইৰ হৃদয়ত বাঢ়ি আহিছে আৱেগৰ প্ৰবল ঢৌ
তাই ক্ৰমশঃ টান কৰি আনিছে হাতৰ মুঠি
শাসকৰূপী চয়তানবোৰৰ বিৰুদ্ধে গৰজি উঠিছে তাই।

এই ঘোচা,
এই চৰ কোনো আঘাত নহয় আই।
এই চিঞৰ মোৰ প্ৰতিবাদী হৃদয়ৰ গৰ্জন৷

কিছুমানে কয় ঠিকেই,
কিছুমানে কয় যে এয়া ভুল।
ভুলেই হওক বা শুদ্ধই হওক,
মোৰ হৃদয়ে তোমাৰ বাবে কান্দিছে।

শক্তিমন্তবোৰে মানুহবোৰক আৰু তোমাক ভাবুকি দিছিল।
শক্তিমন্তসকলে তোমাক প্ৰত্যাহ্বান জনাইছিল।
আৰু মোৰ হৃদয়ত বিদ্ৰোহৰ অগনি জ্বলোৱাসকলো সেইসকলেই।

আই, এয়া মোৰ হৃদয়, মোৰ অন্তৰ
মোৰ হাহাকাৰ কৰা হৃদয়খন।
কোনোৱে ভুলেই কওক বা শুদ্ধই কওক
মোৰ হৃদয় জাগি উঠিছে আৰু তোমাৰ বাবে কান্দিছে৷
কিছুমানে ভুল বুলি কয়,
কিছুমানে কয় যে ই সঠিক।

কিন্তু এইখনেই মোৰ হৃদয় অ’ মোৰ আই।
প্ৰতিবাদৰ জুই জ্বলি উঠা, তোমাৰ হৈ মাত মতা মোৰ হৃদয়।

(ইংৰাজী অনুবাদ: চৰণজিৎ সোহাল)

স্বৰাজবীৰ এগৰাক নাট্যকাৰ, সাংবাদিক আৰু পাঞ্জাৱী ট্ৰিবিউনৰ এগৰাকী প্ৰাক্তন সম্পাদক

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Vishav Bharti

గత రెండు దశాబ్దాలుగా పంజాబ్ వ్యవసాయ సంక్షోభాన్నీ, ప్రతిఘటనా ఉద్యమాల గురించి రాస్తోన్న విశ్వ భారతి చండీగఢ్‌కు చెందిన పాత్రికేయులు.

Other stories by Vishav Bharti

పి సాయినాథ్ పీపుల్స్ ఆర్కైవ్స్ ఆఫ్ రూరల్ ఇండియా వ్యవస్థాపక సంపాదకులు. ఆయన ఎన్నో దశాబ్దాలుగా గ్రామీణ విలేకరిగా పని చేస్తున్నారు; 'Everybody Loves a Good Drought', 'The Last Heroes: Foot Soldiers of Indian Freedom' అనే పుస్తకాలను రాశారు.

Other stories by P. Sainath
Illustration : Antara Raman

అంతర రామన్ సామాజిక ప్రక్రియలు, పౌరాణిక చిత్రాలపై ఆసక్తి ఉన్న ఇలస్ట్రేటర్ మరియు వెబ్‌సైట్ డిజైనర్. బెంగళూరులోని శ్రీస్టి ఇన్స్టిట్యూట్ ఆఫ్ ఆర్ట్, డిజైన్ అండ్ టెక్నాలజీలో గ్రాడ్యుయేట్ అయిన ఆమె, కథల్లోని ప్రపంచాన్ని చూపడానికి ఇలస్ట్రేషన్ ఒక బలమైన వాహకం అని నమ్ముతుంది.

Other stories by Antara Raman
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari