নিজৰ পাণবাৰীখনত থিয় হৈ আছে প্ৰকাশ বুন্দিৱাল। পানৰ গছবোৰ ঘনকৈ ৰোৱা আছে, ক্ষীণ ক্ষীণ ঠাৰিত পানৰ পাতবোৰ লাগিছে। প্ৰচণ্ড গৰম আৰু বতাহৰ পৰা ৰক্ষা কৰিবলৈ কৃত্ৰিম জালেৰে পাতবোৰ ঢাকি ৰখা হৈছে।

সমগ্ৰ ভাৰততে আহাৰ গ্ৰহণৰ পিছত পাণ খোৱা হয় আৰু এই পাণ বনাবলৈ আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰীবিধেই হৈছে পাণৰ পাত। সেউজীয়া পাণত চূণ, কঠা মিহলাই ছফ, চুপাৰী আৰু গুলকন্দ আদিৰ দৰে বিভিন্ন বীজ আৰু বাদামেৰে মেৰিয়াই দিয়া হয়। পদিনাৰ দৰে সুগন্ধিযুক্ত এই পাণবোৰ খাবলৈ বৰ সোৱাদ লাগে।

এই গাঁওখনৰ মুঠ জনসংখ্যা ১১, ৯৫৬ জন। উন্নত মানৰ পাণৰ খেতিৰ বাবে সুপৰিচিত কুকড়েশ্বৰত প্ৰকাশৰ পৰিয়ালেও গাঁওখনৰ আন বহুতৰ দৰে জনা হোৱাৰ পৰাই পাণৰ খেতি কৰি আহিছে। মধ্যপ্ৰদেশৰ অ’বিচি (অন্য পিছপৰা শ্ৰেণী) হিচাপে তালিকাভুক্ত তাম্বোলি সম্প্ৰদায়ৰ লোকসকলেই মূলতঃ পাণৰ খেতিৰ সৈতে জড়িত। এতিয়া ষাঠিৰ দশকত ভৰি দিয়া প্ৰকাশেও ৯ বছৰ বয়সতে পাণৰ বাগানত কাম কৰিবলৈ আৰম্ভ কৰিছিল।

কিন্তু প্ৰকাশ বুন্দিৱালৰ ০.২ একৰ ভূমিৰ খেতি পথাৰখনত সকলো কুশলে নাই। ২০২৩ চনৰ মে’ মাহত বিপৰ্যয় ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা ধুমুহাই গাঁওখনৰ ক্ষুদ্ৰ কৃষকসকলৰ জীৱনলৈ ধ্বংসলীলা নমাই আনিছিল। প্ৰকাশ বুন্দিৱালে কয়, “আমাক কোনো বীমা প্ৰদান কৰা নহয়,  আৰু ধুমুহাত সকলো নষ্ট হৈ গ’লেও চৰকাৰে  আমাক কোনো ধৰণৰ সহায় প্ৰদান নকৰে।”

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনিৰ অধীনত কেতবোৰ কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত বতৰ সম্পৰ্কীয় বীমা প্ৰদান কৰে যদিও পাণৰ খেতিৰ বাবে কোনো ধৰণৰ বীমা প্ৰদান কৰা নহয়।

Paan fields are covered with a green synthetic net (left) in Kukdeshwar village of Neemuch district and so is Prakash Bundiwaal's paanwari (right)
PHOTO • Harsh Choudhary
Paan fields are covered with a green synthetic net (left) in Kukdeshwar village of Neemuch district and so is Prakash Bundiwaal's paanwari (right)
PHOTO • Harsh Choudhary

নীমুচ জিলাৰ কুকড়েশ্বৰ গাঁৱত সেউজীয়া কৃত্ৰিম জালেৰে ঢাকি ৰখা পাণ খেতি ( বাওঁফালে ) আৰু প্ৰকাশ বুন্দিৱালৰ পাণবাৰী ( সোঁফালে )

Left: Entrance to Prakash's field 6-7 kilometres away from their home.
PHOTO • Harsh Choudhary
Right: The paan leaves grow on thin climbers in densely packed rows
PHOTO • Harsh Choudhary

বাওঁফালে : ঘৰৰ পৰা - কিলোমিটাৰ দূৰত থকা প্ৰকাশৰ পাণবাৰীৰ প্ৰৱেশদ্বাৰ সোঁফালে : লতাৰ দৰে বগোৱা আৰু ঘনকৈ লগা পাণৰ পাত

বহু কষ্ট কৰিবলগীয়া হয় পাণৰ খেতিতঃ “পাণৰ বাগানত খাটনি বহুত আৰু দিনটো তাতেই যায়,”এইদৰে কয় প্ৰকাশৰ পত্নী আশাবাই বুন্দিৱালে। দম্পতীহালে প্ৰতি তিনিদিনৰ মূৰে মূৰে পাণবাৰীত পানী দিয়ে। প্ৰকাশে কয়, “কিছুমান কৃষকে [খেতি পথাৰত জলসিঞ্চন কৰিবলৈ] নতুন প্ৰযুক্তিগত উন্নত যন্ত্ৰ ব্যৱহাৰ কৰে, কিন্তু আমাৰ অধিকাংশই এতিয়াও পৰম্পৰাগত পানী দিয়া পদ্ধতিৰ ওপৰতে নিৰ্ভৰশীল।”

পাণ লগোৱা হয় মাৰ্চ মাহত। প্ৰকাশে আৰু কয়, “খেতি লগোৱাৰ সময়ত মাটিত ঘৰত পোৱা সামগ্ৰী যেনে- মাখন, উৰদ দাইল, ছয়াবিনৰ ময়দাৰ গুড়ি আদি মিহলি কৰা হয়। আমি আগতে ঘিউও ব্যৱহাৰ কৰিছিলোঁ, কিন্তু এতিয়া দাম বঢ়া কাৰণে নোৱাৰা হ’লো।”

পাণৰ বাগানত ঘাইকৈ মহিলাই পান চপোৱা কাম কৰে। তেওঁলোকে দিনে প্ৰায় ৫,০০০ পাত ছিঙে। তেওঁলোকে কৃত্ৰিম জাল মেৰামতি কৰি লতাবোৰক বগাই যোৱাত সুবিধা কৰি দিবলৈ বাঁহৰ খুঁটাও পুতি দিয়ে।

প্ৰকাশ বুন্দিৱালৰ বোৱাৰী ৰাণু বুন্দিৱালে কয় যে এগৰাকী মহিলাৰ কাম এজন পুৰুষতকৈ দুগুণ বেছি। এঘাৰ বছৰ বয়সৰ পৰাই পাণৰ বাগানত কাম কৰি অহা ৩০ বৰ্ষীয় মহিলাগৰাকীয়ে কয়, “আমি ৰাতিপুৱা ৪ বজাতে শেতেলী এৰি ঘৰৰ কাম-বন কৰিব লাগে, ঘৰ-বাৰী চাফ-চিকুণ কৰি সকলোৰে বাবে আহাৰ প্ৰস্তুত কৰিব লাগে। তাৰ পিছত দুপৰীয়াও পথাৰলৈ খাদ্য লৈ যাব লাগে।”

প্ৰকাশে কয় যে ২০০০ চনৰ আৰম্ভণিতে পৰিয়ালটোৱে নিজৰ পাণৰ বাগানখনত পানী আৰু গুণগত মাটিৰ অভাৱৰ বাবে ঘৰৰ পৰা ৬-৭ কিলোমিটাৰ দূৰৈৰ আন ঠাইলৈ বাগানখন স্থানান্তৰিত কৰিছিল।

Left: Prakash irrigates his field every three days using a pot.
PHOTO • Harsh Choudhary
Right: A hut in their paanwari to rest and make tea
PHOTO • Harsh Choudhary

বাওঁফালে : প্ৰকাশে তিনিদিনৰ মূৰে মূৰে এটা পাত্ৰ ব্যৱহাৰ কৰি নিজৰ পাণৰ খেতিত জলসিঞ্চন কৰে সোঁফালে : জিৰণি ল বলৈ আৰু চাহ - জলপান কৰিবলৈ তেওঁলোকৰ পাণবাৰীত থকা এটা জুপুৰি

পাণৰ খেতিৰ বাবে বীজ, জলসিঞ্চন আৰু প্ৰয়োজন সাপেক্ষে শ্ৰমৰ বাবে ২ লাখ টকা পৰ্যন্ত খৰছ কৰিবলগীয়া হয় প্ৰকাশ বুন্দিৱালে। তেওঁ কয়, “কেতিয়াবা, তাৰ পিছত [এবছৰত] ৫০ হাজাৰ টকাও উপাৰ্জন কৰাটো কঠিন হৈ পৰে।” প্ৰকাশে কয় যে তেওঁলোকৰ হাতত অতিৰিক্ত ০.১ একৰ মাটি আছে য’ত তেওঁলোকে ঘেঁহু খেতি কৰে আৰু আয়ৰ পৰিপূৰক হিচাপে খোৱাৰ জোখাৰে ফল-মূল আৰু শাক-পাচলিৰ খেতি কৰে।

পৰিয়ালটোৱে ভাল পাতবোৰ বেয়া পাতবোৰৰ পৰা পৃথক কৰি মাণ্ডিত বিক্ৰী কৰিবলৈ ভাগ ভাগ কৰে। আশাবাইয়ে কয়, “পাণবোৰ মুঠি বান্ধিবলৈ সাধাৰণতে প্ৰতিদিনে মাজনিশালৈকে সময় লাগে, আৰু কেতিয়াবা আমি আনকি পুৱা ২ বজালৈকো কাম কৰো।”

দৈনিক পুৱা ৬:৩০ বজাৰ পৰা ৭:৩০ বজালৈ খোলা থকা মাণ্ডিত ১০০ পাত পাণৰ মুঠি হিচাবত পাণ বিক্ৰী কৰা হয়। বজাৰত পাণ বিক্ৰী কৰিবলৈ অহা সুনীল মোদীয়ে কয়, “মাণ্ডিত প্ৰায় ১০০ জন বিক্ৰেতাই অংশগ্ৰহণ কৰে, কিন্তু মাত্ৰ ৮-১০ জনহে ইয়াৰ ভিতৰত ক্ৰেতা থাকে।” ৩২ বৰ্ষীয় পাণ খেতিয়কগৰাকীয়ে কয়, “সাধাৰণতে ২-৩ দিনৰ পিছত পাতবোৰ বেয়া হৈ যায়, গতিকে আমি সকলো সোনকালে বিক্ৰী কৰিবলৈ বাধ্য।”

সুনীলে লগতে কয়, “আজি বেয়া নাছিল। এটা মুঠিৰ বাবে ৫০ টকা দৰ আছিল; সাধাৰণতে ইয়াতকৈ কম দৰত বিক্ৰী কৰিবলগীয়া হয়।” তেওঁ লগতে কয়, “বিয়াৰ বতৰত এই বৃত্তিটো লাভজনক, পূজাত পাণ ব্যৱহাৰ কৰা হয় কাৰণ ইয়াক শুভ বুলি গণ্য কৰা হয়। বিয়াত মানুহে পাণৰ ষ্টল থকাটো পছন্দ কৰে বাবে এই সময়ত চাহিদাও বৃদ্ধি পায়, যাৰ ফলত আমাৰ বাবে কম দিনৰ বাবে হ’লেও বিক্ৰীৰ সুযোগ সৃষ্টি হয়। কিন্তু বাকী সময়ছোৱাত মাণ্ডি প্ৰায় নিস্তেজ হৈ পৰে।” সুনীলে লগতে কয় যে পাণৰ বিক্ৰীৰ দৰ ঋতুৰ ওপৰত নিৰ্ভৰ কৰে।

Paan leaves are cleaned and stacked in bundles of 100 (left) to be sold in the mandi (right) everyday
PHOTO • Harsh Choudhary
Paan leaves are cleaned and stacked in bundles of 100 (left) to be sold in the mandi (right) everyday
PHOTO • Harsh Choudhary

পাণ পাত চাফা কৰি ১০০ পাতৰ হিচাবত ( বাওঁফালে ) মুঠি কৰি প্ৰতিদিনে মাণ্ডিত ( সোঁফালে ) বিক্ৰী কৰা হয়

আনহাতে পাণৰ বিক্ৰীৰ ক্ষেত্ৰত আন এক প্ৰত্যাহ্বান হৈ উঠিছে গুটখাৰ পেকেটৰ সহজ উপলব্ধতা আৰু বিক্ৰী। প্ৰকাশে এই বিষয়টোৰ ওপৰত আলোকপাত কৰি কয়, “এতিয়া কোনেও পাণ কিনিব নিবিচাৰে। এটা পাণৰ দাম ২৫-৩০ টকা। কিন্তু এজন লোকে এইখিনি টকাৰে পাঁচটা গুটখাৰ পেকেট কিনিব পাৰে।” তেওঁ লগতে কয়, “পাণ স্বাস্থ্যৰ বাবে উপকাৰী হোৱা বুলি জানিও মানুহে গুটখাহে কিনি খায়, কাৰণ গুটখাৰ দাম পাণতকৈ কম।”

সৌৰভ তোড়াৱালো পূৰ্বে পাণৰ খেতিয়কে আছিল যদিও পাণৰ বেপাৰৰ অনিশ্চয়তা দেখি তেওঁ ২০১১ চনত সৰুকৈ গেলামালৰ দোকান এখন আৰম্ভ কৰে। এতিয়া এই দোকানৰ পৰাই তেওঁ বছৰি ১.৫ লাখ টকা উপাৰ্জন কৰে। তেওঁ কয় যে তেওঁৰ এই উপাৰ্জন পূৰ্বৰ পাণ খেতিৰ উপাৰ্জনৰ তুলনাত দুগুণ বেছি।

বিষ্ণু প্ৰসাদ মোদীয়ে ১০ বছৰ পূৰ্বে পাণৰ খেতি বাদ দি কম্পিউটাৰ অপাৰেটৰৰ পেছা বাছি লৈছিল। তেওঁ কয় যে পান খেতি লাভজনক নহয়। তেওঁ কয়, “পাণ খেতিৰ বাবে উপযুক্ত সময় নাই। গ্ৰীষ্মকালত পাতবোৰ লু [গৰম বতাহ]ৰ ফলত ক্ষতিগ্ৰস্ত হয় আৰু শীতকালত পাণ গছৰ বৃদ্ধি একেবাৰে লেহেমীয়া হৈ পৰে। বাৰিষাৰ সময়ত প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ ফলত পাতৰ ক্ষতি হোৱাৰ আশংকা অহৰহ থাকে।”

২০২৩ চনৰ এপ্ৰিল মাহত বানাৰসী পাণে জি আই (ভৌগোলিক চিনাক্তকৰণ) টেগ পোৱা দেখি প্ৰকাশৰ পুত্ৰ প্ৰদীপে কয়, “চৰকাৰে আমাক জি আই টেগ দিয়াটো বিচাৰো। তেতিয়াহে আমাৰ ব্যৱসায় লাভজনক হৈ উঠিব।”

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Student Reporter : Harsh Choudhary

సోనీపత్‌లోని అశోకా విశ్వవిద్యాలయ విద్యార్థి అయిన హర్ష్ చౌధరి, మధ్యప్రదేశ్‌లోని కుక్దేశ్వర్‌లో పుట్టిపెరిగారు.

Other stories by Harsh Choudhary
Editor : Sanviti Iyer

సన్వితి అయ్యర్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో కంటెంట్ కోఆర్డినేటర్. గ్రామీణ భారతదేశంలోని సమస్యలను డాక్యుమెంట్ చేయడానికి, నివేదించడానికి విద్యార్థులకు సహాయం చేయడం కోసం ఆమె వారితో కలిసి పనిచేస్తున్నారు.

Other stories by Sanviti Iyer
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari