শৈলা নৃত্য চত্তীশগড়ৰ সৰগুজা আৰু জছপুৰ জিলাৰ অতি জনপ্ৰিয় লোকনৃত্য। ৰাজৱাড়ে, যাদৱ, নাইক, মানিকপুৰি সম্প্ৰদায়ৰ লোকে এই নৃত্য প্ৰদৰ্শন কৰে। “ছেত উচৱৰ দিনটোৰ পৰা আমাৰ নচা পৰ্ব আৰম্ভ হয়। চত্তীশগড় আৰু ওড়িশাৰ আন অঞ্চলত এই উচৱক চ্চেৰচ্চেৰা বুলিও কোৱা হয়,” সৰগুজা জিলাৰ লাহপাত্ৰাৰ কৃষ্ণ কুমাৰ ৰাজৱাড়েয়ে কয়।

চত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত ৰাজ্য চৰকাৰৰ দ্বাৰ আয়োজিত হস্তশিল্পৰ এক মেলাত শৈলা নৃত্যশিল্পীৰ ১৫ জনীয়া দলটোৱে লোকনৃত্যবিধ প্ৰদৰ্শন কৰিবলৈ আহিছে। কৃষ্ণ কুমাৰ তেওঁলোকৰ মাজৰে এজন।

মূৰত সুসজ্জিত পাগুৰি, তাতে গুজি লোৱা ৰঙীন ফুল,  হাতত মাৰি, গাত চিকমিকাই থকা ৰঙীন পোচাকেৰে এই নৃত্যত ৰং আৰু আনন্দৰ সমাহাৰ ঘটে। লোকনৃত্যবিধত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহ হৈছে মুৰুলী, মন্দৰ, মাহুৰি আৰু ঝাল।

কেৱল পুৰুষে এই নৃত্য প্ৰদৰ্শন কৰে আৰু পোচাকত ময়ুৰৰ পাখি গুজি লয়, যেন ময়ুৰ পংখীয়েও এই নাচত ভাগ লৈছে।

চত্তীশগড়খন জনজাতীয় মানুহেৰে ভৰি আছে। প্ৰায়ভাগ লোকেই খেতি-বাতি কৰে আৰু তেওঁলোকৰ নৃত্য-গীত আৰু সংগীতত সেয়া প্ৰতিফলিত হয়। শস্য চপোৱাৰ পিছত গাঁৱৰ মানুহে গাওঁখনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ নাচি-বাগি ঘূৰি ফুৰে।

ভিডিঅ’টো চাওক: চত্তীশগড়ৰ শৈলানৃত্য

অনুবাদ: পংকজ দাস

Purusottam Thakur

పురుషోత్తం ఠాకూర్ 2015 PARI ఫెలో. ఈయన జర్నలిస్ట్, డాక్యుమెంటరీ చిత్ర నిర్మాత. ప్రస్తుతం అజీమ్ ప్రేమ్‌జీ ఫౌండేషన్‌తో కలిసి పనిచేస్తున్నారు. సామాజిక మార్పు కోసం కథలు రాస్తున్నారు

Other stories by Purusottam Thakur
Editor : PARI Desk

PARI డెస్క్ మా సంపాదకీయ కార్యక్రమానికి నాడీ కేంద్రం. ఈ బృందం దేశవ్యాప్తంగా ఉన్న రిపోర్టర్‌లు, పరిశోధకులు, ఫోటోగ్రాఫర్‌లు, చిత్రనిర్మాతలు, అనువాదకులతో కలిసి పని చేస్తుంది. PARI ద్వారా ప్రచురితమైన పాఠ్యం, వీడియో, ఆడియో, పరిశోధన నివేదికల ప్రచురణకు డెస్క్ మద్దతునిస్తుంది, నిర్వహిస్తుంది కూడా.

Other stories by PARI Desk
Video Editor : Shreya Katyayini

శ్రేయా కాత్యాయిని పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో సీనియర్ వీడియో ఎడిటర్, చిత్ర నిర్మాత కూడా. ఆమె PARI కోసం బొమ్మలు కూడా గీస్తుంటారు.

Other stories by Shreya Katyayini
Translator : Pankaj Das

పంకజ్ దాస్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో అస్సామీ అనువాద సంపాదకుడు. గువాహటీకి చెందిన ఈయన స్థానికీకరణ నిపుణుడు, UNICEFతో కలిసి పని చేస్తున్నారు. idiomabridge.blogspot.com లో పదాలతో ఆడుకోవడాన్ని ఇష్టపడతారు.

Other stories by Pankaj Das