মনোহৰ এলাভাৰতীয়ে বেংগালুৰুৰ আটাইতকৈ ডাঙৰ বস্তি অঞ্চল দেৱাৰা জীৱনহল্লিত ২০২৪ৰ ১৯ এপ্ৰিলত কুইয়াৰসকলৰ অধিকাৰৰ বাবে সজাগতা সৃষ্টিৰ বাবে সকলো যা-যোগাৰ কৰি সাজু হৈছিল।

এলাভাৰতী লিংগ আৰু লৈংগিক সংখ্যালঘু গোটসমূহৰ অধিকাৰ সুৰক্ষাৰ বাবে গঠিত সংগম নামে সংস্থাটোৰ অন্যতম প্ৰতিস্থাপক সদস্য। তেওঁ এলজিবিটিকিউআইএ+ (লেচবিয়ান, সমকামী, উভয়কামী, ৰূপান্তৰকামী, কুইয়াৰ, মিশ্ৰিলিংগীয় আৰু এছেক্সুৱেল, তথা এই সকলো অভিধাই সামৰি নোলোৱাসকলক + চিনটোৰে বুজোৱা হৈছে) গোষ্ঠীৰ সমস্যাৰ লগতে বহল সামাজিক প্ৰেক্ষাপটত জীৱিকা নিৰ্বাহৰ ব্যয়, নিয়োগৰ সমস্যা আৰু ধৰ্মনিৰপেক্ষতাৰ বিষয় লৈ বস্তিটোৰ বাসিন্দাসকলৰ সৈতে আলোচনা কৰাৰ কথা আছিল। তেওঁ জেণ্ডাৰ এণ্ড চেক্সুৱেল মাইন’ৰিটিজ ফৰ চেকুলাৰ এণ্ড কনষ্টিটিউচনেল ডেম’ক্ৰেচি চমুকৈ জিএছএম-ৰ সদস্যসকলৰ সৈতে লগ লাগি আলোচনা আগবঢ়াব বিচাৰিছিল।

ভাৰতৰ লোকসভা নিৰ্বাচন, ২০২৪ৰ সেয়া আছিল আৰম্ভণি। কৰ্ণাটকৰ বেংগালুৰুত নিৰ্বাচন আৰম্ভ হ’বলৈ এসপ্তাহ বাকী।

এলাভাৰতীয়ে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল মাত্ৰ, গলত গেৰুৱা বসন মেৰিওৱা আৰু দলীয় প্ৰতীকচিহ্ন লৈ ফুৰা ১০ জন পুৰুষে তেওঁক আৰু মোক (উক্ত প্ৰচাৰৰ প্ৰতিবেদন যুগুতাবলৈ যোৱা সাংবাদিক) ডিজে হাল্লি বুলি জনাজাত দেৱাৰা জীৱনহল্লিৰ ঠেক গলিত আগচি ধৰে। এই অঞ্চলৰ প্ৰায়ভাগ ভোটাৰেই গ্ৰামীণ প্ৰব্ৰজনকাৰী, সৰহভাগেই মুছলমান সম্প্ৰদায়ৰ।

“তঁহত কংগ্ৰেছৰ এজেণ্ট!” বিজেপিৰ সদস্য এজনে চিঞৰিলে, লগে লগে আটাইবোৰ বিজেপি কৰ্মীয়ে জিএছএমৰ প্ৰচাৰ অভিযান চলোৱা সদস্যসকলক ঘেৰি ধৰি প্ৰতিবাদ কৰিবলৈ ধৰে। জিএছএমৰ লিফলেটবোৰ ফালি-চিৰি তেওঁলোকে “এইবোৰ ইল্লিগেল” বুলি ঘোষণা কৰে।

PHOTO • Sweta Daga
PHOTO • Sweta Daga

বাওঁফালে: মণিমাৰন ৰাজু (বাওঁফালে) বিজেপিৰ স্থানীয় কাৰ্য্যালয়ৰ উপ-সভাপতি আৰু লিংগ তথা লৈংগিক সংখ্যুলঘুৰ অধিকাৰ গোট সংগমৰ প্ৰতিস্থাপক সদস্য মনোহৰ এলাভাৰতী (সোঁফালে)। সোঁফালে: মণিমাৰন ৰাজুৰ (ৰঙা আৰু বগা আঁচ থকা চোলা পৰিহীতগৰাকী) নেতৃত্বত বিজেপিৰ দলীয় কৰ্মীসকল, তেওঁ মনোহৰৰ ফালে চাই ৰৈছে, আনহাতে মনোহৰে (নীলা চোলা পৰিহীত, ডাঢ়ি থকা) আন জিএছএম স্বেচ্ছাসেৱকসকললৈ ফোন লগাবলৈ যত্ন কৰিছে

যিকোনো নাগৰিক সমাজৰ গোটে শাসকীয় দলক সমালোচনা কৰা লিফলেট বিতৰণ কৰিব পাৰে। এয়া আইনৰ দৃষ্টিত বৈধ। নিৰ্বাচনী আয়োগৰ নিয়মত এই কথাহে ধৰি দিয়া হৈছে যে ৰাজনৈতিক দল এটাই আন ৰাজনৈতিক দলৰ বিৰুদ্ধে পুস্তিকা আদি বিতৰণ কৰিব নোৱাৰে।

মনোহৰে এইবিষয়ে পাৰ্টিৰ সদস্যসকলক বুজাই ক’বলৈ চেষ্টা কৰিলে। তেনেতে তেওঁলোকৰ দৃষ্টি মোলৈ গ’ল আৰু তেওঁলোকে মোৰ তাত উপস্থিতিৰ কাৰণ কি, সেইবিষয়ে প্ৰশ্ন কৰিবলৈ ধৰিলে আৰু কেমেৰা বন্ধ কৰাৰ দাবী কৰিবলৈ ধৰিলে।

মই সাংবাদিক বুলি জানিব পৰাত তেওঁলোকৰ উগ্ৰমুৰ্তি থামিল। এই সুযোগতে আমি আন স্বেচ্ছাসেৱকসকলক লগ ধৰিবলৈ অকণমান খোজকাঢ়ি আগবাঢ়ি গ’লো। সেইটো গোটতে থকা স্থানীয় বিজেপি দলৰ কাৰ্য্যালয়ৰ উপ-সভাপতিগৰাকীয়ে আমাক বাধা নিদিয়াৰ সিদ্ধান্ত ল’লে।

কিন্তু অতিকৈ সংবেদনশীল হৈ পৰা পৰিস্থিতি হঠাতেই সলনি হৈ গ’ল আৰু আমাক চকুৰ পচাৰতে দলটোৰ কৰ্মীয়ে আমাক ঘেৰি ধৰিলে। সেই সময়তে নিৰ্বাচনী বিষয়া আৰু পুলিচৰ গাড়ী আহি উপস্থিত হ’ল।

কেইমিনিটমানৰ পিছতে অভিযান আৰম্ভ হোৱাৰ আগতেই মনোহৰ, জিএছএমৰ স্বেচ্ছাসেৱকসকল আৰু আমাক দেৱাৰা জীৱনহল্লি আৰক্ষী থানালৈ যাবলৈ কোৱা হ’ল।

PHOTO • Sweta Daga

মনোহৰ আৰু নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ সদস্য বিষয়া এম.এছ. উমেশ (হালধীয়া চোলা পৰিহীত)। নিৰ্বাচন আয়োগৰ আন সদস্যৰ লগতে উপস্থিত বিজেপি কৰ্মকৰ্তা; আৰক্ষী বিষয়াই জিএছএম স্বেচ্ছাসেৱকসকলক আইন ভংগ কৰা বুলি অভিযোগ কৰে

*****

২০১৪ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে তৃতীয়বাৰ শাসনলৈ অহাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। অঞ্চলটো বেংগালুৰু নৰ্থ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু সমষ্টিটোত নিৰ্বাচনী প্ৰাৰ্থী হৈছে বিজেপিৰ শোভা কৰন্দলাজে আৰু কংগ্ৰেছৰ এম ভি ৰাজীৱ গৌড়া।

জিএছএম পুস্তিকাখনত গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি, যুৱচামৰ মাজত নিবনুৱা সমস্যা বৃদ্ধি আৰু দেশত যোৱা এটা দশকত লক্ষণীয় হাৰত বাঢ়ি অহা ধৰ্মীয় অসহিষ্ণুতাকে ধৰি বিভিন্ন বিষয়ক লৈ চৰকাৰক সমালোচনা কৰা হৈছিল।

“ইয়াৰ প্ৰতিনিধিসকলে সততে ধৰ্ম, জাতি আৰু ভাষাৰ নামত আঁহফলা বক্তব্য দি আহিছে। শান্তি আৰু সম্প্ৰীতিৰ কৰ্ণাটকত এনে হিংসা-বিদ্বেষৰ ভাব বিয়পিব দিয়াটো উচিতনে?” পুস্তিকাখনত সোধা হৈছে।

“গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰা পৰিস্থিতিত আমি আমাৰ সম্প্ৰদায়ক সুৰক্ষা দিয়াৰ বাবে কিবা এটা পদক্ষেপো ল’ব নোৱাৰোঁ নেকি?” মনোহৰে কয়। “ইয়াৰ অৰ্থ এইটো নহয় যে কংগ্ৰেছ জিএছএমৰ বাবে আটাইতকৈ ভাল দল, কিন্তু সম্প্ৰতি যিধৰণে সংবিধান, ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে, তালৈ চাই কওঁ যে গণতন্ত্ৰ হাৰি যোৱা মানে সকলো উপান্ত শ্ৰেণীয়ে হাৰি যোৱা,” তেওঁ বস্তিটোৰ ঠেক গলিটোৰে আগবাঢ়ি গৈ থাকোতে আমাক কয়।

“এয়া কৰ্ণাটকৰ ইতিহাসত প্ৰথমবাৰ এনে হৈছে যে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ সকলো লোক নিৰ্বাচনৰ সময়ত এনেকৈ ওলাই আহিছে,” কুইয়াৰসকলক লৈ অধ্যয়ন কৰি থকা গৱেষক সিদ্ধাৰ্থ গণেশে কয়। জিএছএমত কুইয়াৰ সম্প্ৰদায়ৰ সদস্যসকলৰ উপৰিও কৰ্ণাটকৰ কোলাৰ, বেংগালুৰু আৰ্বান, বেংগালুৰু ৰুৰেল, চিকবল্লপুৰ, ৰামানগৰ, টুমকুৰ, চিত্ৰদুৰ্গা, বিজয়ানগৰ, বল্লাৰি, কোপ্পল, ৰাইচুৰ, ইয়াদাগিৰি, কালাবুৰগি, বিদৰ, বিজাপুৰ, বেলাগাভি, ধাৰৱাড়, গাদগ, শিমোগা, চিক্কমাংগালুৰু, হাছান আৰু চামৰাজনগৰে ধৰি বিভিন্ন জিলাৰ বিভিন্ন সংস্থাৰ সমৰ্থন জিএছএমৰ প্ৰতি আছে।

“সকলো সংখ্যালঘু বাবে এক ন্যায়সংগত আৰু বৈষম্যহীন সমাজ গঢ়াৰ উদ্দেশ্যে সমগ্ৰ কুইয়াৰ সমাজে জিএছএমৰ ছত্ৰছায়াত কাম কৰিছে, যাতে এই অভিযান সমূহীয়া প্ৰচেষ্টাৰে চলাই নিব পৰা যায়,” সিদ্ধাৰ্থই কয়। তেওঁ বৃহত্তৰ জিএছএমৰ অংশ কৱেলিয়েচন ফৰ চেক্সুৱেল মাইনৰিটি এণ্ড চেক্স ৱৰ্কাৰ্ছ ৰাইটচ (চিএছএমআৰ)ৰো এগৰাকী সস্য।

*****

PHOTO • Sweta Daga
PHOTO • Sweta Daga

বাওঁফালে: নিৰ্বাচন আয়োগৰ দায়িত্বত থকা আৰক্ষী বিষয়া ছৈয়দ মুনিয়াজ (খাকী পোছাকত)ৰ সৈতে মনোহৰ আৰু এমএছ উমেশক বিজেপি কৰ্মকৰ্তাই ঘেৰি ধৰিছে। সোঁফালে: ছৈয়দ মুনিয়াজে স্বেচ্ছাসেৱকসকলক আৰক্ষী থানালৈ নিছে

উগ্ৰ দলীয় কৰ্মীয়ে ঘেৰি ধৰা অৱস্থাত আমাৰ কৰ্মীৰ গোটটোক উদ্দেশ্যী নিৰ্বাচন আয়োগৰ বিষয়া ছৈয়দ মুনিয়াজে কয়, “আইন ভংগ কৰা হৈছে।” নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ সদস্য মুনিয়াজে বিজেপিয়ে দাখিল কৰা অভিযোগৰ অনুসন্ধান কৰি আছিল। কিনো অভিযোগ দিছে চাব খোজাত তেওঁ কয় যে সেই অভিযোগ মৌখিক।

“স্বেচ্ছাসেৱকৰ বিৰুদ্ধে কি অভিযোগ দাখিল কৰা হৈছে?” আমি প্ৰশ্ন কৰিলো। “তেওঁলোকে আইন ভংগ কৰিছে, সেয়ে ইয়াৰ পৰা যাব লাগিব,” পুস্তিকা বিতৰণৰ প্ৰসংগত মুনিয়াজে কয়। পৰিস্থিতি শাম কটোৱাৰ বাবে সেয়া মানি লোৱাটোৱে উচিত হ’ব বুলি জিএছএমৰ সদস্যসকলে সিদ্ধান্ত লয়।

আমি আৰক্ষী থানালৈ গৈ থকা সময়ত গেৰুৱা স্কাৰ্ফ গলত লোৱা মটৰ চাইকেল আৰোহীয়ে আমাৰ কাষেৰে তীব্ৰ বেগত পাৰ হৈ গ’ল, ৰাস্তাৰ ধূলি-বালি উৰুৱাই যাওতে সিহঁতে হাৰাশাস্তি কৰিবপৰা ধৰণৰ ঘৃণাসূচক বাক্যবাণ কৰি গ’ল, “তহঁত মৰি যাব লাগে”, “পাকিস্তানলৈ গুছি যা” আৰু “তহঁত ভাৰতীয় নহয়।”

থানাত আৰু ২০ জনমান লোক আমালৈ ৰৈ আছিল। জিএছএমৰ স্বেচ্ছাসেৱক আৰু মই ভিতৰলৈ সোমাই যাওতে তেওঁলোকে আমাক ঘেৰি ধৰিলে। এই আটাইবোৰ আছিল বিজেপি কৰ্মী, তেওঁলোকে মোৰ ফোন আৰু কেমেৰা কাঢ়ি নিয়াৰ চেষ্টা কৰিলে। কিছুমান পুৰুষে মোৰ কাষ চাপিবলৈ যত্ন কৰিলে, কেইজনমানে বাধা দি ৰাখিলে। আৰক্ষী পৰিদৰ্শকজনে স্বেচ্ছাসেৱকৰ সৈতে কথা পতাৰ সময়ত তেওঁলোকে মোক থানাৰ পৰা বাহিৰলৈ উলিয়াই দিয়াটো বিচাৰিছিল।

প্ৰায় আধা ঘণ্টা সময় আমাক থানাত আটক কৰি ৰখাৰ পিছত গোটটোক এৰি দিয়া হ’ল। কোনো লিখিত অভিযোগ দাখিল কৰা নহ’ল। জিএছএমৰ স্বেচ্ছাসেৱকসকলক থানা এৰিবলৈ কোৱা হ’ল। অভিযানটোৰ বৈধতা থকা স্বত্ত্বেও কিয় এই ঘটনা ঘটিল, সেয়া সোধাৰ বাবে কোনো সুযোগ দিয়া নহ’ল। সেইদিনা জিএছএমৰ সদস্যসকলক সজাগতা অভিযান স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়া হ’ল।

PHOTO • Sweta Daga
PHOTO • Sweta Daga

বাওঁফালে: আমাক ব্যতিব্যস্ত কৰা বাইক আৰোহী দুজনৰ সৈতে মুনিয়াজে কথা পাতিছে, সেই দুজনে জিএছএম স্বেচ্ছাসেৱকক হাৰাশাস্তি কৰিছিল। সোঁফালে: আৰক্ষী থানাত মুনিয়াজে জিএছএম স্বেচ্ছাসেৱকৰ সৈতে কথা পাতিছে

PHOTO • Sweta Daga
PHOTO • Sweta Daga

বাওঁফালে: বিজেপিৰ দলীয় কৰ্মীসকলে জিএছএমৰ স্বেচ্ছাসেৱকসকললৈ আৰক্ষী থানাত অপেক্ষা কৰিছে। সোঁফালে: জিএছএম স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ পুস্তিকা আৰু উদ্দেশ্যৰ বিষয়ে আৰক্ষীক বুজাবলৈ যত্ন কৰিছে

“শতিকাজুৰি ৰাজ্যই অপৰাধীৰ শাৰীত ৰখা কুইয়াৰ সম্প্ৰদায়ৰ লোকসকলৰ এয়া ৰাজ্যৰ অৱজ্ঞা, সহানুভূতিৰ অভাৱ আৰু হিংসাৰ বিৰুদ্ধে চলোৱা এক অভিযান, ৰাজনীতিত কুইয়াৰ সম্প্ৰদায়ৰ লোকৰ প্ৰতিনিধিত্ব বঢ়োৱাৰ বাবে কাম কৰিবলৈ লৈছে,” বেংগালুৰুত কুইয়াৰ কৰ্মীসকলৰ বিষযে অধ্যয়নৰত গৱেষক সিদ্ধাৰ্থই কয়।

মই বিচৰা প্ৰতিবেদন যুগুতাব নোৱাৰিলো, কিন্তু এই ঘটনাটো জনোৱাটো জৰুৰী আছিল।

মই কি ক’ব পাৰো? সহকৰ্মীসকলৰ আচৰণক লৈ প্ৰশ্ন কৰাত বিজেপিৰ মণিমাৰন ৰাজুই কয়। “কি ক’ম মই নাজানো। মই তেওঁলোকৰ লগত কথা পাতিম। তেওঁলোকে এনে আচৰণ দেখুৱাব নালাগে (মোৰ কেমেৰা কাঢ়ি লৈ যোৱাৰ চেষ্টা চলোৱাটো)।”

নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ এমাহৰো কম সময় থকা পৰিস্থিতিত নিৰ্বাচন আয়োগক কেবাবাৰো দেশজুৰি বিভিন্ন স্থানত ব্যৱস্থা গ্ৰহণৰ বাবে লিখিতভাবে আহ্বান জনাবলগীয়া হৈছে, কিন্তু আন বহু নাগৰিকে ভোটদানৰ এই প্ৰক্ৰিয়াৰ সময়ত হাৰাশাস্তি আৰু ভয়-ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে।

স্বেচ্ছাসেৱকসকলৰ লগতে মই শাৰীৰিকভাৱে অক্ষত অৱস্থাত ওলাই আহিব পাৰিলো ঠিকেই, কিন্তু প্ৰশ্ন এটাৰ অৱতাৰণ ই নিশ্চয়কৈ কৰে: নিজৰ গণতান্ত্ৰিক অধিকাৰ অনুশীলনৰ সময়ত আৰু কিমান মানুহক এনেকৈ হাৰাশাস্তি কৰা হ’ব?

অনুবাদ: পংকজ দাস

Sweta Daga

శ్వేతా దాగా బెంగళూరుకు చెందిన రచయిత, ఫోటోగ్రాఫర్. 2015 PARI ఫెలో. ఈమె మల్టీమీడియా ప్లాట్‌ఫారమ్‌లలో పని చేస్తారు, వాతావరణ మార్పు, జెండర్, సామాజిక అసమానతలపై రచనలు చేస్తారు.

Other stories by Sweta Daga
Translator : Pankaj Das

పంకజ్ దాస్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో అస్సామీ అనువాద సంపాదకుడు. గువాహటీకి చెందిన ఈయన స్థానికీకరణ నిపుణుడు, UNICEFతో కలిసి పని చేస్తున్నారు. idiomabridge.blogspot.com లో పదాలతో ఆడుకోవడాన్ని ఇష్టపడతారు.

Other stories by Pankaj Das