“এই পেছা নাইকিয়া হৈ গ’লে আন ৰাজ্যলৈ যোৱাৰ বাদে উপায় নাথাকিব,” অসমৰ দৰং জিলাৰ ন-মাটি গাঁৱত বাঁহৰ খাচা বনোৱা কাম কৰা মাজেদা বেগমে খাচাটোৰ তলিখনত দৈ বই থকাৰ মাজতে কয়।
২৫ বৰ্ষীয় এইগৰাকী বাঁহশিল্পীয়ে দিনহাজিৰা কৰি অকলেই তেওঁৰ ১০ বছৰীয়া পুত্ৰ আৰু ৰুগীয়া মাতৃক পোহপাল দি আহিছে। “মই এদিনত ৪০ টা খাচা বনাব পাৰো, কিন্তু এতিয়া কেৱল ২০ টাহে বই উলিয়াও,” স্থানীয় মিঞা ভাষাত তেওঁ কয়। মাজেদাই ২০ টা খাচাৰ বিনিময়ত ১৬০ টকা পায়, সেয়া চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ন্যূনতম ২৪১.৯২ টকাতকৈ কম (ন্যূনতম মজুৰি আইন, ১৯৪৮ৰ ২০১৬ বৰ্ষৰ প্ৰতিবেদন )।
পাচলিৰ পাইকাৰী বজাৰত চাহিদা কমি অহাৰ লগতে বাঁহৰ দাম বৃদ্ধি পোৱাৰ ফলত বাঁহৰ খাচাৰ বিক্ৰী হ্ৰাস পাইছে। দৰং জিলাত পাচলিৰ ডাঙৰ দুখন পাইকাৰী বজাৰ আছে। এখন বেচিমাৰী আৰু আনখন বালুগাওঁ। তাৰপৰাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল, আনকি দিল্লীলৈকো পাচলি ৰপ্তানি কৰা হয়।
অন্য ৰাজ্যলৈ কাম বিচাৰি যাবলগীয়া হোৱাৰ যি ভয়, সেয়া অমূলক নহয়। “ভাল উপাৰ্জনৰ আশাত ইতিমধ্যে ৮০ৰ পৰা ১০০ টা পৰিয়ালে অসম এৰিছে,” স্থানীয় মাদ্ৰাছাখনৰ গাতে লাগি থকা ৱাৰ্ড এ-ৰ আশে-পাশে থকা মানুহ কেইঘৰমানলৈ দেখুৱাই ৩৯ বৰ্ষীয় হানিফ আলিয়ে আমাক কয়। এসময়ত বাঁহৰ কাম কৰা প্ৰায় ১৫০ টা পৰিয়াল আছিল, কিন্তু ভাল উপাৰ্জনৰ মুখ নেদেখি তেওঁলোকে কেৰালা আৰু কৰ্ণাটক আদি ৰাজ্যলৈ কফিৰ খেতিত কাম কৰিবলৈ প্ৰব্ৰজন কৰাত ভালেমান ঘৰ এতিয়া উদং।
ক’ভিডকালৰ লকডাউনৰ পিছৰেপৰা বিক্ৰী নাটকীয় হাৰত কমিছে। “আগতে সপ্তাহত আমি ৪০০ৰ পৰা ৫০০টা খাচা বিক্ৰী কৰিব পাৰিছিলো, এতিয়া কেৱল ১০০-১৫০ টাহে বিক্ৰী হয়,” ছিৰাজ আলীয়ে কয়। বাঁহৰ সামগ্ৰীৰ ব্যৱসায়েৰে পৰিয়াল চলাই থকা ২৮ বৰ্ষীয় চিৰাজে কয়, “মহামাৰীৰ সময়ত পাচলিৰ বেপাৰীবোৰে প্লাষ্টিকৰ ট্ৰে আৰু বস্তাত তেওঁলোকৰ উৎপাদিত সামগ্ৰী মজুত কৰি ৰাখিবলৈ ধৰিলে। সেইখিনি সময়ত আমি আমাৰ টুকৰি (বাঁহৰ সৰু পাচি) বিক্ৰী কৰিব নোৱাৰ হৈ পৰিলো।”
চিৰাজে পাঁচজনীয়া পৰিয়ালটোৰে ৱাৰ্ড এ-ত থাকে। “পৰিয়ালৰ আটাইকেইজনে কাম কৰিও আমি সপ্তাহত ৩,০০০-৪,০০০ হাজাৰ টকা নাপাও,” তেওঁ কয়। “মজদুৰক পইচা দিয়া, বাঁহ কিনা আদি কাম কৰি মোৰ পৰিয়ালটোৰ উপাৰ্জন দিনে কোনোমতে ২৫০-৩০০ টকা হয়।” সেয়ে তেওঁলোকৰ বংশৰ ভালেমান লোকে কৰ্ণাটকৰ কফি বাগানত কাম কৰিবলৈ গুছি গৈছে। “এনেকুৱাই বেপাৰ চলি থাকিলে ময়ো যাবলৈ বাধ্য হ’ম,” তেওঁ কয়।
কিন্তু সকলোৱে ঘৰ এৰি যাব নোৱাৰে। “কেৰালা গুছি গ’লে ইয়াত পঢ়ি থকা মোৰ সন্তানকেইটাৰ পঢ়া-শুনাৰ যত্ন ল’ব নোৱাৰিম, সিহঁত ইয়াৰে স্কুলত পঢ়ে,” তেওঁৰ ঘৰতে বহি থকা আন এগৰাকী খাচা নিৰ্মাতা ৩৫ বৰ্ষীয় জামিলা খাতুনে কয়। গাঁৱৰ প্ৰায়ভাগ পৰিয়ালৰ দৰে তেওঁৰো শৌচালয় বা গেছ চিলিণ্ডাৰ নাই। “বেচৰকাৰী স্কুলত পঢ়াবলৈ আমাৰ পইচা নাই। আমি বাহিৰলৈ গ’লে সন্তানকেইটাৰ পঢ়া-শুনা নষ্ট হৈ যাব,” ন-মাটিৰ এইগৰাকী বাসিন্দাই কয়।
গাওঁখনৰ প্ৰায়ভাগ বাঁহশিল্পীয়ে পূৰ্বৰ মৈমনসিঙ (বৰ্তমানৰ বাংলাদেশ)ৰ পৰা অহা, ঔপনিৱেশিক শাসনৰ সময়ত সেয়া অবিভক্ত বংগৰ এক অংশ আছিল। মিঞা শব্দটোৰ অৰ্থ ভদ্ৰলোক যদিও অসমীয়া অসমীয়া নৃগোষ্ঠীয়-জাতীয়তাবাদীসকলে এই নাম বাঙালীভাষীসকলক হেয় অৰ্থত “অবৈধ অভিবাসী” বুলি বুজাবলৈকো ব্যৱহাৰ কৰে।
ন-মাটি গাওঁখন গুৱাহাটীৰ পৰা ১১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। গাওঁখন দৰং জিলাৰ বাঁহশিল্পৰ কেন্দ্ৰস্বৰূপ। স্থানীয়ভাৱে পাচলি মজুত কৰা এনে বহল-ডাঙৰ পাচিবোৰক স্থানীয়ভাৱে খাচা বুলি কোৱা হয়। কেঁচা ৰাস্তা আৰু ভিতৰুৱা ঠেক বাটেৰে গৈ ঢুকি পোৱা দুটা চুবুৰী মিলি ৫০ ঘৰমান মানুহ আছে। টাঙনি নদী উপত্যকাত থকা গাওঁখনৰ কেইটামান পকীঘৰ বাদ দি বাকী ঘৰবোৰ বাঁহৰ নাইবা টিনৰ বেৰ দিয়া।
অঞ্চলটোত প্ৰায়ভাগ পৰিয়ালে খাচা বনোৱা কাম কৰে বাবে অঞ্চলটোৰ নাম খাচাপট্টি হৈছে। “মোৰ জন্মৰ আগৰেপৰাই আমাৰ অঞ্চলটোৰ পৰা লালপুল, বেচিমাৰী আৰু বালুগাওঁ মাণ্ডিৰ দৈনিক আৰু সাপ্তাহিক বজাৰলৈ খাচা যোগান ধৰি অহা হৈছে,” চাপৰিৰ সেই চুবাটোত নিজ ঘৰৰ বাহিৰত খাচা বই থকা ৩০ বৰ্ষীয় মুৰ্শ্চিদা বেগমে কয়।
হানিফৰ তিনিটা প্ৰজন্ম এই বেপাৰ কৰিয়েই পেট প্ৰৱৰ্তাইছে। “খাচাপট্টি বুলি ক’লে মানুহে এইখন গাঁৱৰ কথাই কোৱা বুলি জানে। গাঁৱৰ সকলো মানুহ এই বাঁহশিল্পত জৰিত নহয় যদিও এই ঠাইতে খাচা শিল্পীৰ প্ৰথমটো প্ৰজন্মই কাম আৰম্ভ কৰিছিল।”
শিল্পবিধক জীয়াই ৰাখিবৰ উদ্দেশ্যে চৰকাৰী সাহায্য পাবলৈ হানিফে বাঁহশিল্পীৰ এটা আত্মসহায়ক গোট পঞ্জীয়ন কৰাৰ চেষ্টা কৰিছে। “চৰকাৰে যদি আমাক প্ৰযুক্তিগত আৰু আৰ্থিক সহায় কৰি কৰ্মশালা পতাত সহায় কৰি দিয়ে, তেতিয়া এই শিল্প বাচি থাকিব,” তেওঁ আশা ব্যক্ত কৰে।
এই শিল্পৰ সৈতে জৰিত লোকসকল ঘাইকৈ মুছলমান সম্প্ৰদায়ৰ। ভূমিহীন হোৱাৰ বাবে খেতি-বাতি কৰিব নোৱাৰি তেওঁলোকে এই বৃত্তি বাচি লৈছিল। “পাচলি বেপাৰত বাঁহৰ খাচা অতিকৈ প্ৰয়োজনীয় সামগ্ৰী, কিয়নো গোটেই অঞ্চলটো খেতিৰ ওপৰত নিৰ্ভৰশীল,” ৱাৰ্ড এ-ৰ এগৰাকী সমাজকৰ্মী আৰু খাচা নিৰ্মাতা ৬১ বৰ্ষীয় আব্দুল জলিলে কয়।
“স্থানীয় লোকে পাচলিবোৰ বজাৰলৈ নিবলৈ টুকৰি ব্যৱহাৰ কৰে আৰু বিক্ৰেতাই সেই টুকৰিতে পাচলিবোৰ ৰপ্তানি কৰে। সেয়ে আমি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি টুকৰি বনোৱা কাম কৰি আহিছো,” তেওঁ বুজাই কয়।
বাঁহৰ খাচাৰ দাম বঢ়াৰ আন এটা কাৰণ হৈছে বাঁহৰ দাম বঢ়া, বাঁহশিল্পীসকলে কয়। চাপৰি চুবুৰীৰ ৪৩ বৰ্ষীয় বাঁহশিল্পী আফাজ উদ্দিনে কয় যে প্ৰতিটো খাচাৰ দাম ৫০ টকা, কিন্তু বাঁহ কিনা, ৰছী কিনা আৰু শ্ৰমিক তথা যাতায়াতৰ নামত পইচা দিয়াৰ নামত ৪০ টকা খৰছ হয়।
মুনছেৰ আলীয়ে বিভিন্ন ঠাইৰ পৰা বাঁহ কিনে আৰু দুটা বছৰ ধৰি বেচিমাৰী বজাৰত বিক্ৰী কৰি আহিছে। ৪৩ বৰ্ষীয় মুনছেৰে কয় যে বাঁহখিনি পৰিবহন কৰাটোৱে মূল সমস্যা। যান-বাহন (সংশোধনী) আইন, ২০১৯ৰ আধাৰত তেওঁলোকে বাহন এখন অভাৰলোড কৰাৰ বাবে ২০,০০০ টকা জৰিমনা আৰু অতিৰিক্ত প্ৰতি টনৰ বাবদ ২,০০০ টকাকৈ দিব লাগে।
অসম হস্তশিল্প নীতি (২০২২) অনুসৰি বাঁহ যোগান ধৰাটো ৰাজ্যিক বাঁহ মিছন, বন বিভাগৰ অনান্য বিভাগ আৰু পঞ্চায়তৰ ওপৰত ন্যস্ত কৰিছে।
দাম বাঢ়ি অহাৰ ফলত মুনছেৰ আলীয়ে তেওঁৰ মূল গ্ৰাহক হেৰুৱাইছে - বাঁহৰ খাচা নিৰ্মাতাসকল। “নিজে বাঁহ এডাল ১৩০ৰ পৰা ১৫০ টকাত কিনি যদি ১০০ টকাত বিক্ৰীয়ে কৰিব লাগে, তেন্তে বেপাৰ কৰাৰ অৰ্থ কি থাকিল?”
*****
খাচা বনোৱা কামটো আৰম্ভ হয় বাঁহ কিনাৰ পৰা, আব্দুল জলিলে কয়। “২০-৩০ বছৰ আগতে আমি দৰঙলৈ গৈ বাঁহ কিনিছিলো। কিন্তু বাঁহ ৰোপন কমি আহিছে, বেপাৰীয়ে বিভিন্ন ঠাই যেনে কাৰ্বি আংলং আৰু লখিমপুৰৰ পৰা নাইবা অৰুণাচল প্ৰদেশ আৰু আন পাহাৰীয়া এলেকাৰ পৰা বাঁহ আমদানি কৰে।”
ন-মাটিৰ ভালেমান পৰিয়াল বাঁহশিল্পৰ সৈতে জৰিত আছিল। কিন্তু এতিয়া ঘৰবোৰ উদং; বহু বাঁহশিল্পীয়ে কফিৰ বাগানত কামৰ সন্ধানত কেৰালা আৰু কৰ্ণাটকলৈ প্ৰব্ৰজন কৰিছে
বাঁহডাল বাঁহশিল্পীৰ ঘৰ পোৱাৰ পিছত পুৰুষবোৰে বাঁহৰ গোৰ অংশৰ পৰা বেতী (কাঠী) বনাবলৈ ৩.৫ৰ পৰা ৪.৫ ফুট আকাৰত কাটি তাৰপৰা খাচাৰ তলিখন বনায়। বাঁহৰ মাজভাগৰ পৰা ১২ৰ পৰা ১৬ ফুট দীঘল দৈ বনোৱা হয়। সেইখিনিৰে খাচাৰ মাজৰখিনি বই উলিওৱা হয়। বাঁহৰ অগ্ৰাংশৰে খাচাটোৰ ওপৰৰ অংশৰ বাবে দৈ বনোৱা হয়।
মোটা কাঠীবোৰেৰে খাচাৰ তলিখন বনোৱা হয়। “তলিৰ ওপৰতে খাচাটোৰ আকাৰ নিৰ্ভৰ কৰে। তলিখন বনোৱা হোৱাৰ পিছত মহিলা আৰু সৰু ল’ৰা-ছোৱালীয়ে খাচাটো ঘুৰাই ঘুৰাই দৈবোৰ বয়। এই দৈবোৰক পেচনি বেতী বোলা হয়,” জলিলে কয়।
“খাচাটোৰ ওপৰৰ অংশত দুই বা তিনিটা পেচ অলপ মজবুত দৈৰে বোৱা হয় আৰু খাচা বনোৱাৰ এই কামটোক পেচনি মাৰা বুলি কোৱা হয়। খাচাটো বনোৱা কামটো শেষ হয় ওপৰলৈ ওলাই থকা কাঠীবোৰ ভাঙি ভাঁজ কৰি ইতিমধ্যে বোৱা দৈবোৰৰ মাজত সুমুৱাই দিয়াৰে। এই কামটোক আমি কওঁ মুৰি ভাঙা বুলি,” তেওঁ কয়।
গোটেই কামটো হাতেৰে কৰা হয়, মুৰ্শ্চিদাই কয়। “বাঁহবোৰ প্ৰয়োজনীয় আকাৰত কটাৰ বাবে আমি হেক্সো ব্যৱহাৰ কৰোঁ। বাঁহবোৰ ফালিবলৈ আমি কুৰ্হাইল (কুঠাৰ) নাইবা দাও (দা) ব্যৱহাৰ কৰোঁ। ধাৰ থকা দাৰে বাঁহৰ দৈবোৰ তোলা হয়। খাচাৰ ওপৰত ওলাই থকা কাঠীবোৰ ভাজ কৰি খাচাৰ পেচনি বেতীৰ মাজত সুমুৱাবলৈ বটালি ব্যৱহাৰ কৰা হয়।”
মুৰি ভাঙা আৰু তলি ভাঙাৰ সময়খিনি নধৰিলে প্ৰতিটো খাচা বনাবলৈ ২০ৰ পৰা ২৫ মিনিট সময় লাগে। সাপ্তাহিক বজাৰ বহাৰ এদিন আগেয়ে মহিলাসকলে কেতিয়াবা দোভাগ ৰাতিলৈকে কাম কৰি যিমান পাৰে সিমান খাচা বনায়। এনেকৈ দেহা মাৰি কাম কৰোঁতে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতিও ঘটে।
“আঠু বিষায়, হাতত পানীজোলা ফুটে। বাঁহৰ আঁহে কেতিয়াবা কাটে,” মুৰ্শ্চিদাই কয়। “কেতিয়াবা জোঙা বাঁহৰ দৈয়ে বিন্ধে। বহুত বিষায়। সাপ্তাহিক বজাৰৰ আগেয়ে আমি বহুৰাতিলৈ কাম কৰিলে পিছদিনা বিষত টোপনি নহা হয়।”
এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এম.এম.এফ.)ৰ পৰা প্ৰাপ্ত ফেল’শ্বিপৰ অধীনত কৰা হৈছে।
অনুবাদ: পংকজ দাস