"কৰ'নাৰ বাবে মই এতিয়ালৈকে দুৰ্গা দেৱীৰ প্ৰতিমাৰ বাবে কোনো অৰ্ডাৰ পোৱা নাই। কিন্তু মই নিজে কেইটামান বনাইছো। মই আশা কৰোঁ তেওঁলোকে সেইবোৰ বিক্ৰী কৰিব," উত্তৰ কলিকতাৰ কুমাৰ আৰু খনিকৰসকলৰ ঐতিহাসিক কলনি কুমাৰতুলিৰ কৃষ্ণ ষ্টুডিঅ'ৰ তাপস পালে কয়। তেওঁ লগতে কয়, "আঠ বছৰতকৈ বেছি দিন হ'ল আপুনি মোক চিনি পোৱা। "আপুনি কেতিয়াবা জুনৰ মাজভাগত মূৰ্তি নথকাকৈ মোৰ ষ্টুডিঅ'টো দেখিছে জানো?"
সেই সময়লৈকে, কুমাৰতুলিৰ প্ৰায় ৪৫০ টা ষ্টুডিঅ' (স্থানীয় শিল্পীৰ সংগঠনৰ সৈতে পঞ্জীভুক্ত) বাঁহ আৰু খেৰৰ ফ্ৰেমেৰে ভৰি থাকিব লাগিছিল। সেইবোৰৰ ওপৰত মাটি লেপি মূৰ্তিৰ ৰূপ দিয়া হৈছিল। অক্টোবৰত দুৰ্গা পূজা আৰম্ভ হোৱাৰ ঠিক কেইসপ্তাহমান আগতে মূৰ্তিবোৰ ৰং আৰু অলংকাৰেৰে সজ্জিত কৰা হয়। ( কুমাৰতুলিত এপাক চাব পাৰে)
এই প্ৰস্তুতিবোৰ প্ৰতি বছৰে মাৰ্চ/এপ্ৰিলৰ ভিতৰত আৰম্ভ হয়। কিন্তু ক'ভিড-১৯ মহামাৰীয়ে এই বছৰ কুমাৰতুলি স্থবিৰ কৰি ৰাখিছে। "এইটো আমাৰ বাবে এক ভয়ংকৰ বছৰ। এপ্ৰিলৰ পৰা আমাৰ লোকচানবোৰ বাঢ়িবলৈ ধৰিছিল। প্ৰথমতে, বঙালী নৱবৰ্ষৰ সময়ত দেৱী অন্নপূৰ্ণাৰ দৰে ঘৰে ঘৰে পূজা-পাতাল কৰা দেৱ-দেৱীৰ মূৰ্তিবোৰ বিক্ৰী নোহোৱাকৈ ৰৈ গৈছিল [পহিলা বহাগ, এই বছৰৰ ১৫ এপ্ৰিলত]। গোটেই কলনিটোৱে প্ৰায় ১০০ টা মূৰ্তি তৈয়াৰ কৰিছিল। তাৰ ভিতৰত মাত্ৰ ৮-১০ টা মানহে বিক্ৰী হৈছিল। মূৰ্তিৰ নামত খটোৱা ধনৰ সকলোবোৰ শেষ হৈ গৈছিল। এতিয়া মই এতিয়ালৈকে দুৰ্গা মূৰ্তিৰ বাবে কোনো অৰ্ডাৰ পোৱা নাই," ২০ বছৰ ধৰি মূৰ্তি নিৰ্মাণ কৰি থকা মৃত্যুঞ্জয় মিত্ৰই কয়।
তেওঁৰ দৰে, কুমাৰসকলে ১৮ শতিকাৰ পৰা কুমাৰতুলিত দেৱী দুৰ্গাৰ মাটিৰ মূৰ্তি তৈয়াৰ কৰি আহিছে। কলিকতাৰ ধনী জমিদাৰ আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ ঘৰত বাৰ্ষিক দুৰ্গা পূজা উদযাপনৰ বাবে তেওঁলোকক তেতিয়াৰ পৰাই কমিছন দিয়া আৰম্ভ কৰিছিল। বেছিভাগ শিল্পীয়েই মূলতঃ নাদিয়া জিলাৰ কৃষ্ণনগৰ চহৰৰ আছিল। তেওঁলোকে তাৰ পৰা উঠি আহি উত্তৰ কলিকতাৰ হুগলী নদীৰ পাৰত থকা কুমাৰতুলিত বসতি স্থাপন কৰে। তেতিয়াৰ পৰাই চহৰখনত তেওঁলোকৰ শিল্পকলাৰ চাহিদা বৃদ্ধি পাবলৈ আৰম্ভ কৰে।
মই ১৮ জুনত এই যুগান্তকাৰী কুমাৰৰ কোৱাৰ্টাৰত উপস্থিত হৈছিলো। সেই সময়ত ঘূৰ্ণীবতাহ আমফানে চহৰখন তচনচ কৰি থৈ গৈছিল। মই কোৱাৰ্টাৰত উপস্থিত হোৱাৰ সময়ত কলিকতা পৌৰ নিগমে ২০ মে'ত ধুমুহাত উভালি পৰা গছ এডাল কাটি ৰাস্তা মোকলাই কৰি আছিল। ব্যস্ততাৰে ভৰা অঞ্চলটোত নীৰৱতাই বিৰাজ কৰিছিল। লগতে বেছিভাগ শিল্পীৰ ষ্টুডিঅ'ও বন্ধ আছিল। খোলা ৰখা কেইজনেও মূৰ্তিৰ কামত হাত দিয়া নাছিল। দেৱ-দেৱীসকলৰ ভঙা আৰু অসম্পূৰ্ণ মূৰ্তিবোৰ ৰাস্তাত পৰি আলাই-আথানি হৈ পৰি আছিল। এইটো দৃশ্য যোৱা বছৰৰ জুনমাহৰ দিনবিলাকৰ সম্পূৰ্ণ বিপৰীত আছিল। মূৰ্তিবোৰৰ বাবে অলংকাৰ বিক্ৰী কৰা দোকানবোৰ খোলা আছিল, কিন্তু গ্ৰাহক আছিল শূন্য।
কুমাৰতুলিত লগ পোৱা শিল্পীসকলে মোক কৈছিল যে তেওঁলোকৰ সামূহিক ব্যৱসায়ৰ মূল্য ২০১৯ চনত ৪০ কোটি টকা আছিল। ইয়াৰ এটা বৃহৎ অংশ দুৰ্গা মূৰ্তি বিক্ৰী কৰাৰ পৰা আহিছিল। তেওঁলোকে আন দেৱতাসকলৰ মূৰ্তিও নিৰ্মাণ কৰে। কেতিয়াবা চলচ্চিত্ৰৰ বাবে প্ৰয়োজন হোৱা মূৰ্তি গঢ় দিয়াৰ বাবেও তেওঁলোকক কমিছন দিয়া হয়। তেওঁলোকৰ কিছুমানে মাটিৰ পাত্ৰ আৰু বাচন-বৰ্তনো তৈয়াৰ কৰে। তেওঁলোকে এই বছৰ বিক্ৰী বৃদ্ধিৰ আশা কৰিছিল। কিন্তু সেই আশা আছিল কেৱল ক’ভিড-১৯ মহামাৰীৰ আগৰ সময়চোৱাৰ।
বিড়ি এটা হুপি হুপি মৃত্যুঞ্জয়ে মোক কৈছিল যে তেওঁলোকৰ বহুতে এই বছৰৰ ২৩ জুনত জগন্নাথ ৰথ যাত্ৰাৰ দিনা অৰ্ডাৰ লাভ কৰিব বুলি আশা কৰিছিল। এই দিনটোত দেৱী দুৰ্গাৰ মূৰ্তিবোৰৰ কাম আৰম্ভ কৰাৰ বাবে শুভ দিন বুলি গণ্য কৰা হয়। "কিন্তু মোৰ সন্দেহ আছে," তেওঁ কৈছিল। "আনকি বেংকবোৰেও এতিয়া আমাৰ ব্যৱসায় লাভজনক বুলি ভাবিবলৈ এৰি দিছে। কোনেও আমাক [হ্ৰস্বম্যাদী] ঋণ দিয়া নাই। আমি আমাৰ পকেটৰ পৰা প্ৰায় ৭ লাখ টকা [প্ৰতি বছৰে] বিনিয়োগ কৰিব লাগিব, যি আঠ মাহৰ বাবে [মাৰ্চ-অক্টোবৰ] বন্ধ হৈ আছে। ইফালে, আমাৰ উপাৰ্জন আৰম্ভ হ'বলৈ প্ৰায় চাৰি মাহ আছে। গোটেই বছৰটো সেই উপাৰ্জনৰ ওপৰত জীয়াই থাকিব লাগিব। এই বছৰ কেনেকৈ সম্ভৱ হ'ব?"
কুমাৰসকলে তৈয়াৰ কৰা দুৰ্গা মূৰ্তিবোৰৰ আকাৰ আৰু মূল্য বেলেগ বেলেগ হয়। এটা পৰিয়ালে সাধাৰণ ৬ ফুট ওখ মূৰ্তি এটা প্ৰায় ৩০.০০০ টকাত বিক্ৰী কৰে। চহৰখনৰ চুবুৰীয়া অঞ্চলত সামূহিক পূজাৰ বাবে ওখ আৰু অধিক বিস্তৃতভাৱে সজ্জিত মূৰ্তিবোৰ পেণ্ডেলে কমিছন কৰে। গড় হিচাপত প্ৰায় ১০ ফুট ওখ মূৰ্তিবোৰৰ মূল্য ১ৰ পৰা ২ লাখ টকাৰ ভিতৰত।
কাৰ্তিক পাল নামৰ এজন প্ৰবীণ মূৰ্তি নিৰ্মাতাই ৰথ যাত্ৰাৰ বাবে কেইটামান অৰ্ডাৰ লাভ কৰিছিল। "সেইবোৰ ঘৰুৱা পূজাৰ বাবে। কিন্তু ডাঙৰ পূজাবোৰৰ [পেণ্ডেলবোৰ] পৰা বৰ্তমান একো অহা নাই," তেওঁ কৈছিল। "মই আশা কৰো যে এতিয়াৰ পৰা পৰিস্থিতি সলনি হ'ব। তথাপিও নিশ্চিতভাৱে আগৰ বছৰবোৰৰ দৰে নহ'ব।"
পালে ঠিক কথাই ক'ব পাৰে। প্ৰতি বছৰে কুমাৰতুলিত এটা ডাঙৰ পেণ্ডেল আয়োজন কৰা সমিতিখনৰ মুৰব্বী নিমাই চন্দ্ৰ পালৰ মতে এই বছৰ কুমাৰসকল লোকচানৰ সন্মুখীন হ'ব। "আমাৰ বাজেট আছিল ৩০-৪০ লাখ টকা। পুঁজিবোৰ বেছিভাগ কৰ্পোৰেট পৃষ্ঠপোষকৰ পৰা আহিছিল। তেওঁলোকৰ কোনেও এই বছৰ আগ্ৰহ প্ৰকাশ কৰা নাই। আমি এজন শিল্পীলৈ কিছু টকা আগবঢ়াইছিলো, কিন্তু তাৰপিছত অৰ্ডাৰটো নাকচ কৰিবলগা হয়," তেওঁ কয়। পালৰ সমিতিয়ে এই বছৰ বহুত কম বাজেটেৰে পূজা উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। "মই নিশ্চিত যে আন ডাঙৰ বাজেট-সমিতিয়েও সেইটোৱে কৰিব।"
অৰ্ডাৰৰ অভাৱৰ উপৰিও শিল্পীসকলৰ আন কিছুমান সমস্যা আছে। "দৈনিক উপাৰ্জনকাৰীসকলে [যিসকলে খনিকৰসকলক সহায় কৰে] কামলৈ আহিব নোৱাৰে কিয়নো ৰেল চলাচল বন্ধ হৈ আছে। তেওঁলোক দূৰণিবটীয়া ঠাইৰ পৰা আহিব লাগে। লগতে লকডাউন আৰু আমফানৰ বাবে কেঁচা মালৰ মূল্য প্ৰায় ৩০-৪০ শতাংশ বৃদ্ধি পাইছে। এনেকৈ লোকচান কেনেকৈ কমাব পাৰিম?" কাৰ্তিকে আচৰিত হৈ ক'লে। তেওঁৰ কাষত বহি থকা মিণ্টু পালে কৈছিল যে তেওঁলোক কৃতজ্ঞ যে পূজা সমিতিয়ে কুমাৰতুলি শিল্পীসকলক ক’ভিড-১৯ লকডাউনৰ সময়ত আৰু আমফানৰ পিছত ৰেচন সহিতে অলপ হ'লেও সহায় কৰিছিল।
"দেৱতাসকলৰ ওপৰত আপুনি দেখা সুন্দৰ অলংকাৰবোৰ নাদিয়া আৰু হুগলী জিলাৰ গাঁৱত তৈয়াৰ কৰা হয়," মহিন পালে কয়। "তেওঁলোকৰ নিৰ্মাতাসকলও নিবনুৱা। প্ৰায় ৬০-৭০ টা পৰিয়াল মূৰ্তিৰ বাবে কৃত্ৰিম চুলি নিৰ্মাণত জড়িত। তেওঁলোকো ক্ষতিগ্ৰস্ত হৈছে। মাটিৰ বাবে বোকা দক্ষিণ ২৪ পাৰগনা, উত্তৰ ২৪ পাৰগনা আৰু মালদাহ জিলাৰ পৰা আহৰণ কৰা হয়। ই নাৱেৰে আহে। যিসকল মজুৰি-শ্ৰমিকে ইয়াক পৰিবহন কৰে তেওঁলোকৰ এতিয়া কোনো উপাৰ্জন নাই।"
অনুবাদ: ৰিমঝিম বৰঠাকুৰ