“গণ্ডি আৰু হালবি ভাষাত পেং লৈ খেলা এই খেলবিধক ঘুড়ন্দি বুলি কোৱা হয়। ঘুড়ন্দি মানে অশ্বাৰোহন। এই পেং দুডালত উঠি খোজ কাঢ়িলে বা দৌৰিলে আপুনি নিজকে অশ্বাৰোহী যেনেই অনুভৱ কৰিব,” কিবাইবালেংগা গাঁৱৰ (লোকপিয়লত কিভাইবালেগা বুলি উল্লেখ) বাসিন্দা, পেছাত শিক্ষক গৌতম চেথিয়াই কয়।

চত্তীশগড়ৰ বাস্তাৰ অঞ্চলৰ কোন্দাগাওঁ জিলাৰ কোন্দাগাওঁ ব্লকৰ এইখন গাঁৱৰে ঝাগদাহিনপাৰাৰ সৰু ল’ৰাবোৰে হাৰেলি অমাৱস্যা (জুলাই-আগষ্টত উদযাপিত)ৰ পৱিত্ৰ দিনটোত পেং লৈ খেলে, অৱশ্যে কোনো ছোৱালীক মই ঘুড়ন্দিৰে খেলা দেখা নাই। এই খেল আগষ্ট-ছেপ্টেম্বৰ মাহৰ গণেশ চতুৰ্থীৰ ঠিক পিছৰ নায়াখানি উৎসৱলৈ চলে (নায়াখানিক চত্তীশগড়ৰ কিছুমান ঠাইত নাৱাখানি বুলিও কয়)।

ভিডিঅ ’ চাব পাৰে - বাস্তাৰত মনোৰঞ্জনৰ খোৰাক যোগোৱা খেল এই ঘুড়ন্দি

“আমি আগতে এইবিধ খেল খুব খেলিছিলো,” গৌতমে কয়। এই পেংবিধক চত্তীশগড় আৰু ওড়িশাৰ আন ঠাইত গেদি বুলিও কয়। “আমি নিজেই পেং সাজিছিলো (শাল নাইবা কাৰা কাঠেৰে)।”

ল’ৰাবোৰে নিজৰ উচ্চতা আৰু কৌশল অনুসৰি পেংডালৰ এটা নিৰ্দিষ্ট অংশত ভৰি থ’ব পৰা ফুটৰেষ্ট সাজি লয়। সিহঁতে উঠি-পৰি, আনৰ পৰা শিকি আৰু পাৰম্পৰিক নৃত্যশিল্পীয়ে পেঙত উঠি নচা চাই কৌশল খটুৱাই পেং সাজে।

নায়াখানিৰ দ্বিতীয়টো দিনত তেওঁলোকে ঘুড়ন্দি দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনায়। আটাইবোৰ পেং গোটাই আনি এঠাইত থয় আৰু স্থানীয় পৰম্পৰা অনুসৰি সেইবোৰ ভাঙি পেলায়।

অনুবাদ: পংকজ দাস

Purusottam Thakur

పురుషోత్తం ఠాకూర్ 2015 PARI ఫెలో. ఈయన జర్నలిస్ట్, డాక్యుమెంటరీ చిత్ర నిర్మాత. ప్రస్తుతం అజీమ్ ప్రేమ్‌జీ ఫౌండేషన్‌తో కలిసి పనిచేస్తున్నారు. సామాజిక మార్పు కోసం కథలు రాస్తున్నారు

Other stories by Purusottam Thakur
Translator : Pankaj Das

పంకజ్ దాస్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో అస్సామీ అనువాద సంపాదకుడు. గువాహటీకి చెందిన ఈయన స్థానికీకరణ నిపుణుడు, UNICEFతో కలిసి పని చేస్తున్నారు. idiomabridge.blogspot.com లో పదాలతో ఆడుకోవడాన్ని ఇష్టపడతారు.

Other stories by Pankaj Das