ললিপপ আকৃতিৰ এই কটকটি নামৰ খেলনাবিধ ঘূৰালে টক্ টক্ টককৈ শব্দ হয়। এই শব্দ শুনা মনে বুজিব যে বেংগালুৰুৰ ৰাস্তাত খেলনা বেচা লোক আহি পাইছে। প্ৰতিটো শিশুৱেই কটকটি বিচাৰে। ২০০০ কিলোমিটাৰ দূৰৰ মুৰ্শিদাবাদ জিলাৰ পৰা অহা কটকটি আপুনি বেংগালুৰুৰ ৰাস্তাই-ঘাটে, ট্ৰেফিক চিগনেল, সকলোতে দেখিব। “আমি হাতেবনোৱা খেলনাবোৰ ইমান দূৰলৈ যায় কাৰণে ভাল লাগে…” গৌৰৱেৰে খেলনা নিৰ্মাতা এজনে কয়। “আমি নিজে যাব খুজিলেও যাব নোৱাৰো… কিন্তু আমাৰ খেলনাবিলাক যায়… ইয়েই আমাৰ বাবে সৌভাগ্যৰ কথা।”

মুৰ্শিদাবাদৰ হৰিহৰপাৰা খণ্ডৰ ৰামপাৰা গাঁৱত পুৰুষ-মহিলা উভয়ে এই কটকটি বনায়। গাঁৱৰ খেতিপথাৰৰ পৰা মাটি আৰু আন এখন গাঁৱৰ পৰা বাঁহ আনি কটকটি (কাটক্যেটি বুলিও কোৱা হয়) বনাওতে ব্যৱহাৰ কৰা হয়, ৰামপাৰাৰ নিজ ঘৰতে এই খেলনা বনোৱা তপন কুমাৰ দাসে কয়। তেওঁৰ গোটেই পৰিয়ালটো এই কামত লাগে। তেওঁলোকে বাঁহ আৰু মাটিৰ লগতে ৰং, তাঁৰ, ৰঙীন কাগজ আৰু আনকি ফিল্মৰ পুৰণি ৰীলো ব্যৱহাৰ কৰে। “ফিল্মৰ দুটা ষ্ট্ৰীপ এক ইঞ্চি আকাৰত কাটি বাঁহৰ দণ্ডডালৰ ফলা অংশটোত ভৰোৱা হয়। চাৰিখন ডেউকা লগোৱা হয়,” কেবাবছৰ আগতে কলকাতাৰ বৰাবাজাৰৰ পৰা ফিল্মৰ ৰীল কিনি অনা দাসে কয়। কটকটিটো ঘূৰালে এই ফিল্মৰ ডেউকাৰ পৰা শব্দ হয়।

চিনেমাখন চাব পাৰে: কটকটি - এবিধ খেলনাৰ কাহিনী

“আমি আনো আৰু বিক্ৰী কৰো…ফিল্মখনত কি আছে নাই, সেয়া আমি নাচাও (ফিল্মৰ কটা ষ্ট্ৰীপত),” পুতলা বিক্ৰেতা এজনে কয়। ক্ৰেতা আৰু বিক্ৰেতাই এই ফিল্ম নাচায়েই, এই চিত্ৰতাৰকাসকলৰ ফিল্ম খেলনাবিধত অলক্ষিতে থাকি যায়। “মই বহুতকে দেখিছো, প্ৰসেনজিত, উত্তম কুমাৰ, ঋতুপৰ্ণা, শতাব্দী ৰয়… আৰু বহু শিল্পীকে দেখিছো।”

প্ৰায়ভাগ খেলনা বিক্ৰেতাই কৃষিশ্ৰমিক। খেলনা বনোৱাটোৱেই তেনে বহুতৰ বাবে উপাৰ্জনৰ ঘাই উৎস। নিচেই কম হাজিৰাত পথাৰত হাড়ভঙা শ্ৰম কৰাতকৈ খেলনা বিক্ৰী কৰাটোৱে পচন্দ কৰে। তেওঁলোকে বেংগালুৰুৰ দৰে চহৰবোৰলৈ যায় আৰু তাতে কেইমাহমান থাকি দিনে ৮-১০ কিলোমিটাৰ খোজকাঢ়ি ফুৰি ঘৰে ঘৰে খেলনা-সামগ্ৰী আদি বিক্ৰী কৰে। এই সৰু অথচ গুৰুত্বপূৰ্ণ বেপাৰখন ২০২০ৰ ক’ভিড-১৯ মহামাৰীৰ সময়ত বন্ধ হৈ পৰিছিল। এই বেপাৰত যাতায়তৰ ঘাই উপায় আছিল ৰেলগাড়ী, ৰেলগাড়ী বন্ধ হ’ল, সেয়ে লকডাউনত এই খেলনা বস্তু বনোৱা বন্ধ হৈ পৰিল।

চিনেমাখনত প্ৰধান চৰিত্ৰসমূহ : কটকটি নিৰ্মাতা আৰু বিক্ৰেতাসকল

নিৰ্দেশনা , চিনেমেটোগ্ৰাফি আৰু শব্দগ্ৰহণ : যশস্বিনী ৰঘুনন্দন

সম্পাদনা আৰু চাউণ্ড ডিজাইন : আৰতি পাৰ্থসাৰথি

এই চিনেমাখন ডেট ক্লাউড নেভাৰ লেফট্ শীৰ্ষক সংস্কৰণটো ৰটাৰডাম , কাচেল , চাৰজাহ , পেচাৰো আৰু মুম্বাইত ২০১৯ত স্ক্ৰীণিং কৰা হৈছিল আৰু ভালেমান পুৰস্কাৰ আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল তাৰে উল্লেখযোগ্য এটা হৈছে ফ্ৰান্সত অনুষ্ঠিত ফিলাফ চলচ্চিত্ৰ মহোৎসৱত লাভ কৰা গ ল্ড ফিলাফ পুৰস্কাৰ

অনুবাদ: পংকজ দাস

Yashaswini Raghunandan

యశస్విని రఘునందన్ 2017 PARI ఫెలో. బెంగళూరు కేంద్రంగా పనిచేసే చిత్ర నిర్మాత.

Other stories by Yashaswini Raghunandan
Aarthi Parthasarathy

ఆర్తి పార్థసారథి బెంగళూరుకు చెందిన సినీ నిర్మాత, రచయిత. ఆమె అనేక షార్ట్ ఫిల్మ్‌లు, డాక్యుమెంటరీలతో పాటు కామిక్స్, షార్ట్ గ్రాఫిక్ స్టోరీలకు పనిచేశారు.

Other stories by Aarthi Parthasarathy
Translator : Pankaj Das

పంకజ్ దాస్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో అస్సామీ అనువాద సంపాదకుడు. గువాహటీకి చెందిన ఈయన స్థానికీకరణ నిపుణుడు, UNICEFతో కలిసి పని చేస్తున్నారు. idiomabridge.blogspot.com లో పదాలతో ఆడుకోవడాన్ని ఇష్టపడతారు.

Other stories by Pankaj Das