এয়া এটা ভগা-ছিগা ঘৰৰ জকা। চাতাৰা জিলাৰ কাটগুণ গাঁওবাসীৰ কাৰণে এই ঘৰটো গৌৰৱৰ প্ৰতীক হ'ব লাগিছিল আৰু সম্ভৱতঃ তেঁওলোকে এয়া উপলব্ধিও কৰে। ইয়াত গাঁও পঞ্চায়ত আছে, ততস্বত্বেও এই সৰু ঘৰটোৰ বিশেষ একো গুৰুত্ব দিয়া হোৱা নাই। মহাৰাষ্ট্ৰ চৰকাৰৰো এই ঘৰটোৰ প্ৰতি কাণসাৰ নাই।

এয়া মহান সমাজ সংস্কাৰক জ্যোতিবা ফুলেৰ পিতৃপ্ৰদত্ত ঘৰ। তেঁওৰ ককাকে এই ঘৰটো সাজিছিল। এতিয়া এই ঘৰটোৰ অৱস্থা তেনেই জৰ্জৰ। চাদখনৰ পৰা প্লা্ষ্টাৰ টুকুৰা-টুকুৰকৈ খহিছে। গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকৰ কাৰণে মুকলি কৰা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ তৰফৰ পৰা আমি ভাল ভাল ঘৰ সজা দেখিছো। এনে লাগে যেন এই ঘৰটো এই যোজনাৰ অধীনতে পুনৰাই সাজি তোলা কামটো বৰ নিম্ন ধৰণে কৰা হৈছে।

দৰাচলতে এই ঘৰটো ইমানেই সৰু যে ঘৰটোৰ মেৰামতি আৰু চাফ-চিকুণতা ইমান এটা ডাঙৰ কাম নহয়। এই কামটোৰ কাৰণে আহিলা-পাতিও আছে। ঘৰৰ পিছফালে পঞ্চায়তে এটা আটকধুনীয়া জিমো সাজিছে। ঘৰৰ সমুখতে ফুলেৰ নামেৰে এটা তথৈবচ ঘৰত শৈক্ষিক সন্থা এটাও চলি আছে। ৰাস্তাটোৰ কাষতে এখন মুকলি মঞ্চ তৈয়াৰ কৰা হৈছে।

PHOTO • P. Sainath

পুতৌলগা উপস্থাপনঃ মন কৰিব যে ফুলেৰ নামৰ তুলনাত পৃষ্ঠপোষকৰ নামক অধিক গুৰুত্ব দিয়া হৈছে

মঞ্চৰ আগফালে শীৰ্ষত এখন ডাঙৰ ব'ৰ্ড আছে য'ত মহাত্মা জ্যোতিবা ফুলেৰ নামতকৈ ডাঠ আৰু ডাঙৰকৈ বৰফলাৰ আখৰেৰ পৃষ্ঠপোষকৰ নাম লিখা হৈছে আৰু যিটো তেনেই দৃষ্টিকটু দেখা গৈছে। ইয়ে আজিৰ কৰ্পৰেট যুগটোকে প্ৰতিনিধিত্ব কৰিছে। ফুলে জীয়াই থকা হ'লে তেঁও নিজেই তেঁওৰ সমাজ সংস্কাৰ আন্দোলনৰ সমৰ্থনৰ পুৰ্বে 'ৰাজহ আৰ্হি' প্ৰদৰ্শন কৰিবলগীয়া হ'লহেঁতেন। ফুলেৰ আৰ্হি ন্যায়, মানবধিকাৰ, শিক্ষা, জাতিগত উত্পীড়নৰ বিৰুদ্ধে আৰু মৰ্যাদাৰ কাৰণে কৰা সংঘৰ্ষৰ ওপৰত আধাৰিত। ইয়াৰ বিপৰীতে জনচন টাইলচয়ে 'বিশ্বজুৰি জীৱনশৈলীৰ পুনৰ্পৰিভাষিত' কৰাৰ দাবী কৰে। ফুলেৰ প্ৰতিমাটোৱে ফুলেৰ ক্ষুদ্ৰ পৈতৃক ঘৰটোৰ প্ৰতি পিঠি দি থিয় হৈ আছে, এনে লাগে যেন ঘৰটোৰ দশা আৰু এই গাঁৱৰ পানীৰ সমস্যাক লৈ বিৰোধ প্ৰদৰ্শন কৰিছে।

কাটগুণত ৩ হাজাৰ ৩০০ জনসংখ্যাৰ কাৰণে ২০ কিলোমিটাৰ দুৰৈত নেৰ বান্ধ আৰু জলাশয় থকাৰ পিছতো অঞ্চলটোৱে পানীৰ গুৰুতৰ সমস্যাৰ সমুখীন হ'বলগীয়া হৈ আছে। এইখন গাঁও খাটৱ টেহচিলৰ অন্তৰ্গত। খাটৱ তিনিখন জিলাৰ সেই ১৩ খন টেহচিলৰ এখন য'ত খৰাঙৰ কাৰণে পানীৰ সৈতে জৰিত সমস্যাৰ ওপৰত আলোচনা কৰাৰ উদ্দ্যেশে দুষ্কাল পৰিষদ গঠন কৰা হৈছে। পুৰণি মহাবলেশ্বৰৰ পৰা কৃষ্ণা নদীৰ উত্সৰ পৰা আমি ভুস্থলেৰে ভটিয়ালী যাত্ৰা কৰি কাটগুণাত উঠিছোহি।

PHOTO • P. Sainath

ঘৰৰ ভিতৰৰ চাদৰ পৰা প্লাষ্টাৰ টুকুৰা-টুকুৰকৈ খহিছে। সোঁফালে- নিজৰ ঘৰৰ পিছফালে জ্যোতিবাৰ মূৰ্ত্তি স্থাপন কৰা হৈছে। এনে লাগে যেন তেঁও ঘৰটোৰ দশা আৰু এই গাঁৱৰ পানীৰ সমস্যাক লৈ বিৰোধ প্ৰদৰ্শন কৰি আছে

কেৱল জ্যোতিবাৰ পৈতৃক ঘৰটোৰে অৱস্থা যে বেয়া এনে নহয়। কাটগুণৰ বাসিন্দাসকলৰ অৱস্থাও ঠিক এটা ভাল নহয়। বুজন সংখ্যক লোকে কামৰ সন্ধানত চহৰলৈ ঢাপলি মেলিছে, কিন্তু তাৰে কিছুমান আকৌ উভতিও আহিব ধৰিছে।

মই মাহে ১৫ হাজাৰ টকা উপাৰ্জন কৰিছিলো, মুম্বাইৰ এগৰাকী প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাৰ গাড়ীচালকৰ কাম কৰা গৌতম জাৱলেয়ে কয়। বাহিৰৰ পৰা অহা কোনো লোকে চহৰত ইমান কম টকাত কেনেকৈ চলিব পাৰিব? এফালে মই বিএমডব্লিউ আৰু মাৰ্চিডিজৰ দৰে গাড়ী চলাও, আনফালে মৌলিক বস্তুখিনিও নিজৰ বাবে যোগাৰ কৰিব নোৱাৰিছিলোঁ। সেয়ে ঘুৰি আহিলো- গৌতমে ভাঙি-পাতি ক'লে।

জাৱলে আমাৰ সৈতে সেই জৰ্জৰ ঘৰটোৰ সমুখত কথা পাতিছে। ঘৰটোৰ দুৱাৰত 'ফুলে নিবাস' বুলি লিখা আছে। এইটো জ্যোতিবাৰ পৈতৃক ঘৰ আছিল। কিন্তু এইখন তেঁওৰ জন্মস্থানো আছিলনে? এই কথা এতিয়ালৈ স্পষ্ট হৈ নুঠিল। আমি ইমানখিনি জানো যে এয়া তেঁওৰ আজোককাৰ সম্পত্তি। ফুলেৰ জন্মস্থানক লৈ বিভিন্ন ক্ষেত্ৰৰ পৰা পোৱা তথ্যৰ মাজত পৰস্পৰ বিৰোধ আছে। কিছুমানৰ মতে তেঁও জন্ম কাটগুণতেই হৈছিল আৰু তেঁওৰ পৰিয়ালে দমনকাৰী বিষয়াৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ তাৰ পৰা আঁতৰি গৈছিল। কিছুমানে দাবী কৰে যে পুণে জিলাৰ খানৱাড়ীত তেঁওৰ জন্ম হৈছিল। ভালেকেইখন প্ৰকাশিত সূত্ৰমতে তেঁওৰ জন্মস্থান পুণে বুলি জনা যায়। কোৱা হয় যে তেঁওৰ পিতৃ পুণেত আহি নিগাজি হৈছিল।

তেঁওৰ জন্মস্থান সম্পৰ্কত আমি নিশ্চিতভাবে একো নাজানো। আমি ইমানখিনি জানো যে সম্প্ৰতি কাটগুণ গাঁওখনত ফুলেৰ জ্ঞান, শিক্ষা আৰু ন্যায়ৰ তৃষ্ণা নাই। তৃষ্ণা আছে যদি কেৱল পানীৰ কাৰণে।

অনুবাদঃ পংকজ দাস

పి సాయినాథ్ పీపుల్స్ ఆర్కైవ్స్ ఆఫ్ రూరల్ ఇండియా వ్యవస్థాపక సంపాదకులు. ఆయన ఎన్నో దశాబ్దాలుగా గ్రామీణ విలేకరిగా పని చేస్తున్నారు; 'Everybody Loves a Good Drought', 'The Last Heroes: Foot Soldiers of Indian Freedom' అనే పుస్తకాలను రాశారు.

Other stories by P. Sainath
Translator : Pankaj Das

పంకజ్ దాస్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో అస్సామీ అనువాద సంపాదకుడు. గువాహటీకి చెందిన ఈయన స్థానికీకరణ నిపుణుడు, UNICEFతో కలిసి పని చేస్తున్నారు. idiomabridge.blogspot.com లో పదాలతో ఆడుకోవడాన్ని ఇష్టపడతారు.

Other stories by Pankaj Das