১৯৪৭ চনৰ ১৫ আগষ্টৰ কথা, গোটেই দেশখনে স্বাধীনতা দিৱস উদযাপন কৰি আছিল। তেলাংগনাৰ মাল্লু স্বৰাজ্যম আৰু তেওঁ বিপ্লৱী সহযোদ্ধাই তেতিয়াও হায়দৰাবাদৰ নিজামৰ ৰক্ষীবাহিনী আৰু পুলিচৰ বিৰুদ্ধে যুঁজি আছিল। এই ভিডিঅ’টোত আমি এই সাহিয়াল মুক্তিযোদ্ধাজনৰ বিষয়ে সামান্য জানিবলৈ পাম যিজনক ধৰি দিব পাৰিলে চৰকাৰে তেতিয়াৰ দিনত ১০,০০০ টকাৰ ইনাম ঘোষণা কৰিছিল। সেইখিনি টকাৰে আপুনি সেই যুগত ৮৩,০০০ কিলোগ্ৰাম চাউল পালেহেঁতেন।

ভিডিঅ’টোত তেওঁৰ ৮৪ বছৰ বয়সৰ আৰু ৯২ বছৰ বয়সৰ ক্লিপ যোগ দিয়া হৈছে। আজি আমি ১৫ আগষ্টৰ দিনা এই ভিডিঅ’টো আপোনালৈ আগবঢ়াই সেইগৰাকী মহান মুক্তিযোদ্ধাক শ্ৰদ্ধা নিবেদন কৰিছো। এইবছৰ ১৯ মাৰ্চত এইজন মুক্তিযুঁজাৰুৰ মৃত্যু হৈছিল। পেংগুইন প্ৰকাশনৰ দ্বাৰা প্ৰকাশ পাবলগীয়া পাৰিৰ প্ৰতিষ্ঠাপন সম্পাদক পি. সাইনাথৰ দা লাষ্ট হিৰ : ফুটচ লজাৰ্চ অৱ ইণ্ডিয়ান ফ্ৰীডম গ্ৰন্থখনত আপুনি মল্লু স্বৰাজ্যমৰ বিষয়ে বহলাই পঢ়িবলৈ পাব।

ভিডিঅ’টো চাওক: মুক্তিযুঁজাৰু মল্লু স্বৰাজ্যম: ‘পুলিচ ভয়তে পলাইছিল’

অনুবাদ : পংকজ দাস

Translator : Pankaj Das

పంకజ్ దాస్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో అస్సామీ అనువాద సంపాదకుడు. గువాహటీకి చెందిన ఈయన స్థానికీకరణ నిపుణుడు, UNICEFతో కలిసి పని చేస్తున్నారు. idiomabridge.blogspot.com లో పదాలతో ఆడుకోవడాన్ని ఇష్టపడతారు.

Other stories by Pankaj Das