গোপীনাথ নাইকবাড়ী মুম্বাইলৈ পদব্ৰজে হ’বলগীয়া প্ৰতিবাদী সমদলত ভাগ লোৱাৰ বাবে নাচিকলৈ আহিছিল৷ "আমি এবছৰ অপেক্ষা কৰিলো, কিন্তু চৰকাৰে আমাৰ এটাও দাবী পুৰণ নকৰিলে৷ এইবাৰ আমাৰ দাবীসমূহ কাৰ্যকৰ নকৰালৈকে আমি উভতি নাযাও৷" মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ অকোলা তালুকৰ তাম্ভোল গাঁৱৰ ৮৮ বৰ্ষীয় কৃষকজনে ক’লে৷

নাইকবাড়ীয়ে চাৰি একৰ মাটিত খেতি কৰিছিল৷ তাৰে এক একৰ মাটিৰ মালিক তেঁও নিজে আৰু বাকীখিনি মাটি বন বিভাগৰ৷ কিন্তু বিগত এবছৰ ধৰি তেঁও কেৱল এক একৰ মাটিতে খেতি কৰি আহিছে৷ "গাঁৱত পিয়াহৰ পানীটুপিও নাই৷ খেতি ক’ৰপৰা কৰিম?" নাচিক জিলাৰ বিলহোলি গাঁৱৰ দাঁতিত তেঁও মোক এই প্ৰশ্ন কৰিলে৷ তাৰ পৰাই ২১ ফেব্ৰুৱাৰীৰ দিনা দুপৰীয়া ২ বাজি ৩০ মিনিটত হাজাৰ হাজাৰ কৃষকে দুপৰীয়াৰ আহাৰ খোৱাৰ বাবে ৰৈছিল৷ তেঁও নাচিকৰ পৰা ইয়ালৈকে ১০ কিলোমিটাৰ বাট তিনি ঘণ্টাত অতিক্ৰম কৰি আহি এইখিনি পাইছিল৷ অকোলা তালুকৰ প্ৰায় ২৫০ জনমান কৃষক নাইকবাড়ীৰ সৈতে তালৈ আহিছিল৷

তেঁও খেতিত লগোৱা ব’ৰৱেল এবছৰ আগতে শুকাই গ’ল৷ এতিয়া প্ৰতি ছদিনত এবাৰকৈ চৰকাৰী পানীৰ টেংকিৰে গাঁৱত খোৱাপানী দিয়া হয়

নাইকবাড়ী আৰু তেঁওৰ পৰিয়ালে প্ৰতিবছৰে ছয়াবিন, বাদাম, মুগ, মথ, পিয়াজ আৰু বাজৰাৰ খেতি কৰি আহিছিল৷ কিন্তু তেঁওৰ খেতিত লগোৱা ব’ৰৱেলটো এবছৰ আগতে শুকাই গ’ল৷ এতিয়া ছদিনৰ মুৰে মুৰে এদিনকৈ চৰকাৰী পানীৰ টেংকী গাঁৱলৈ খোৱাপানী দিবলৈ আহে৷ নাইকবাড়ীয়ে ২০১৮ত গ্ৰাম সমবায় সমিতিৰ পৰা ২৭ হাজাৰ টকা কৃষি ঋণ লৈছিল৷ "এতিয়া আমি আধা একৰ মাটিত পিয়াজৰ খেতি কৰো৷ কিন্তু পানী এটোপাও নাপাই পিয়াজবোৰ শুকাই গ’ল..." তেঁও কয়৷ ৮৮ বৰ্ষীয় বৃদ্ধ নাইকবাড়ীয়ে ঋণ মাৰিব পাৰিব নে নোৱাৰে তাকে লৈ চিন্তাত পৰিছে৷ "মই কি কৰিম?" তেঁও কপালত চিন্তাৰ ৰেখা৷

নাইকবাড়ীয়ে ২০১৮ত মুম্বাইৰ পৰা নাচিকলৈ দীঘলীয়া মিচিলত ভাগ ল’বলৈ আহিছিল৷ তাৰপিছত নবেম্বৰত কিষাণ মুক্তি মৰ্চাৰ কাৰণে দিল্লীলৈ গৈছিল৷ তেঁওৰ পত্নি বিজলবাঈ এই প্ৰতিবাদী সমদলবোৰত ভাগ ল’ব নোৱাৰিলে৷ কিয়নো "তাই গাঁৱত এজনী গায় আৰু দুটা ছাগলী চোৱাচিতা কৰে," নাইকবাড়ীয়ে কয়৷ তেঁওৰ ল’ৰা বালাচাহেব (৪২) এজন কৃষক৷ দুজনী কন্যা বিঠাবাঈ আৰু জনাবাঈ বিবাহিত আৰু গৃহিণী৷ আৰু দুজনী কন্যা ভাগ্যৰথী আৰু গংগুবাঈৰ মৃত্যু হৈছে৷

এটা দশক আগতে গোপীনাথ আৰু বিজলবাঈয়ে জীৱিকাৰ বাবে নিজৰ গাঁৱতে বিড়ি বনাইছিল৷ "১০০০ বিড়ি বনোৱাৰ বাবদ ঠিকাদাৰে আমাক ১০০ টকা দিছিল৷" এনেকৈ তেঁওৰ মোটামুটি ২০০০ টকা মাহে আয় হৈছিল৷ কিন্তু তেঁও কয় যে বিড়ি বনোৱা পাতৰ অভাৱ হোৱা কাৰণে অকোলা তালুকত প্ৰায় এটা দশক পূৰ্বে বিড়ি উদ্যোগটো বন্ধ হৈ গ’ল৷

PHOTO • Sanket Jain

গোপীনাথ নাইকবাড়ী সেই হাজাৰ কৃষকৰ মাজৰ এজন যিয়ে দ্বিতীয়বাৰ মুম্বাইলৈ দীঘলীয়া প্ৰতিবাদী সমদলত ভাগ ল’বলৈ নাচিকৰ পৰা আহিছে

নাইকবাড়ী এতিয়া মূলত_ পৰিয়ালৰ গৰু-ছাগলীৰ চোৱাচিতা কৰে৷ কেতিয়াবা খেতিৰ কামতো লাগে৷ তেঁওৰ ল’ৰাই মাটিখিনিত খেতি কৰে৷ সঞ্জয় গান্ধী নিৰাধৰ পেঞ্চন যোজনাৰ অধীনত তেঁও মাহে ৬০০ টকাকৈ পায়৷ "এই ৬০০ টকাৰে আমি কি কৰিম?" তেঁও সোধে৷ "আমি দাবী জনাইছো যে আমাৰ পেঞ্চন ৩০০০ টকালৈ বঢ়াওক৷"

"এইবাৰ যদি চৰকাৰে আমাৰ দাবীবোৰ পূৰণ নকৰে, তেন্তে আমি মুম্বাইৰ পৰা উভতি নাহো৷ মুম্বাইতে মৰি যোৱাই ভাল৷ এনেও গাঁৱত খেতিয়েই আমাক মৃত্যুৰ গৰাহলৈ ঠেলি নিছে৷"

পুনশ্চঃ : ২১ ফেব্ৰুৱাৰীৰ দিনা নিশা মিচিলৰ আয়োজক সৰ্বভাৰতীয় কিষাণ সভাই চৰকাৰী প্ৰতিনিধিৰ সৈতে পাঁচ ঘণ্টাজোৰা আলোচনাৰ অন্তত প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে৷ চৰকাৰে কৃষকৰ সকলো দাবী পুৰণ কৰিব বুলি লিখিত অংগীকাৰ কৰাৰ পিছত কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয়৷ ‘আমি নিৰ্ধাৰিত সময়সূচীৰ ভিতৰত প্ৰতিটো সমস্যা সমাধান কৰিম আৰু প্ৰতি দুমাহৰ মুৰে মুৰে অগ্ৰগতিৰ খতিয়ান ৰখাৰ কাৰণে বৈঠক পাতিম,’ জলসম্পদৰ ৰাজ্যিক মন্ত্ৰী গিৰিশ মহাজনে প্ৰতিবাদী দলটোক উদ্দ্যেশী ঘোষণা কৰিলে৷ ‘আপোনালোকে (কৃষক আৰু কৃষিশ্ৰমিক) মুম্বাইলৈ এনেদৰে মুৰৰ ঘাম মাটিত পেলাই আহিবলগীয়া নহয়৷ এই চৰকাৰ হৈছে জনতাৰ কথা শুনা চৰকাৰ৷ আপোনালোকে দুনাইবাৰ যাতে এনেদৰে মৰ্চা উলিয়াবলগা নহয় তাৰ বাবে আমি আমাৰ প্ৰতিশ্ৰুতিসমূহ বাস্তবায়িত কৰিম৷

অনুবাদঃ পংকজ দাস

Sanket Jain

రిపోర్టర్: సంకేత్ జైన్ మహారాష్ట్రలోని కొల్హాపూర్‌కు చెందిన జర్నలిస్టు. ఆయన 2022 PARI సీనియర్ ఫెలో, 2019 PARI ఫెలో.

Other stories by Sanket Jain
Translator : Pankaj Das

పంకజ్ దాస్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో అస్సామీ అనువాద సంపాదకుడు. గువాహటీకి చెందిన ఈయన స్థానికీకరణ నిపుణుడు, UNICEFతో కలిసి పని చేస్తున్నారు. idiomabridge.blogspot.com లో పదాలతో ఆడుకోవడాన్ని ఇష్టపడతారు.

Other stories by Pankaj Das