আদিবাসীসকলৰ নিজৰ কিছুমান সীমাবদ্ধতা আছে, কিন্তু এইটোও আমি চাব লাগিব যে তেওঁলোকৰ সম্প্ৰদায়ে কোনো সংস্কৃতিক কেনেদৰে আপোন কৰি লৈছে। উদাহৰণ স্বৰূপে আধুনিক শিক্ষাই তেওঁলোকৰ মাজত এক নতুন ধাৰাৰ জন্ম দিলে, নতুনকৈ শিক্ষাগ্ৰহণ কৰি গঢ়ি উঠা তেওঁলোকৰ মাজৰে সমাজ এখনে তেওঁলোকৰ নিজৰ জনগোষ্ঠীৰ প্ৰতি প্ৰত্যাহ্বান আৰু সংঘৰ্ষৰ সৃষ্টি কৰিছে। আজিকালি আমাৰ মাজৰ কোনো এজন শিক্ষকেই গাঁৱৰ মাটিত ঘৰ নবনায়, তেওঁলোকে ৰাজপিপলাত ঘৰ বনায়। বিদেশী মাটিত ঘৰ বনাই, তাৰেই জীৱনশৈলীৰে জীৱন নিৰ্বাহ কৰে, পাৰম্পৰিক জীৱনশৈলীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক তেনেকৈয়ে চিগে। উখোৱা চাউল হজম কৰাৰ শক্তি এতিয়া তেওঁলোকৰ নাই। চহৰত চাকৰি কৰাৰ সোৱাদ লোৱাৰ সপোন তেওঁলোকে দেখে। দাসত্বৰ এনে ভাৱ আমাৰ সংস্কৃতিৰ অংশ কেতিয়াও নাছিল। এতিয়া তেওঁলোক শিক্ষিত আৰু চহৰত চাকৰি কৰে ঠিকেই, কিন্তু তেওঁলোকে চহৰত থাকিবলৈ ঠাই পোৱা নাই, চহৰৰ মানুহৰ মাজতে তেওঁলোক বহিস্কৃত হৈছে। এই সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ তেওঁলোকে নিজৰ পৰিচয় লুকুৱাবলৈ ধৰিছে। আদিবাসীৰ পৰিচয়ৰ সৈতে যি এই সংঘৰ্ষ, সেয়া অত্যন্ত গভীৰ হৈ পৰিছে।

জীতেন্দ্ৰ বাচাৱাই দেহৱালি ভিলি ভাষাত তেওঁৰ কবিতাটো আবৃত্তি কৰা শুনিব পাৰে

কবিতাটোৰ ইংৰাজী ভাঙনি প্ৰতিষ্ঠা পাণ্ডিয়াই আবৃত্তি কৰা শুনিব পাৰে

অসভ্য মহুৱা

আমাৰ দেশৰ তথাকথিত ভদ্ৰলোকে
যেতিয়াৰ পৰা আমাৰ মহুৱা গছক অসভ্য বুলি ঘোষণা কৰিলে
আমাৰ মানুহবোৰেও নিজকে অসভ্য বুলি অনুভৱ কৰিবলৈ ধৰিলে

তেতিয়াৰ পৰাই মোৰ মায়ে মহুৱাৰ ফুল চুবলৈ সংকোচ কৰে
মোৰ দেউতাই মহুৱাৰ নাম শুনিব নোখোজে
মোৰ ভাইটোৰ চোতালত মহুৱাৰ গছ নাই
তুলসীৰ পুলি লগাই সি নিজকে পৱিত্ৰ অনুভৱ কৰে
যেতিয়াৰ পৰা সিহঁতে আমাৰ মহুৱা গছক অসভ্য বুলি ঘোষণা কৰিলে
আমাৰ মানুহবোৰেও নিজকে অসভ্য বুলি অনুভৱ কৰিবলৈ ধৰিলে

আধ্যাত্মিকতাৰে জীয়াই থকা আমাৰ মানুহবোৰে
তেতিয়াৰে পৰা নদীক পৱিত্ৰ বুলি ভাবিবলৈ এৰিলে
পাহাৰক সেৱা কৰিবলৈ এৰিলে
পূৰ্বপুৰুষক সুঁৱৰিবলৈ এৰিলে
বসুমতীক মা বুলিবলৈ লাজ কৰা হ’ল
নিজৰেই পৰিচয় লুকাই অসভ্য হোৱাৰ চিন এৰি
কোনোবা যদি খ্ৰীষ্টান হৈছে, কোনোবা হিন্দু
কোনোবা জৈন আৰু কোনোবা মুচলমান
যেতিয়াৰ পৰা সিহঁতে আমাৰ মহুৱা গছক অসভ্য বুলি ঘোষণা কৰিলে
আমাৰ মানুহবোৰেও নিজকে অসভ্য বুলি অনুভৱ কৰিবলৈ ধৰিলে

আমাৰ মানুহবোৰে বজাৰ বেয়া পাইছিল
সেই মানুহেই আজি বজাৰেৰে ঘৰ উপচাই পেলাইছে
সভ্যতাৰ কোনো এটা বস্তুও
সিহঁতে আজিকালি নেৰে
সিহঁতে সভ্যতাৰ আটাইতকৈ ডাঙৰ আৱিস্কাৰ - ‘মই’ক লৈ ব্যস্ত হৈ পৰিছে
স্ব-ৰে সমাজ নহয়, স্বাৰ্থক বুজিবলৈ লৈছে
যেতিয়াৰ পৰা সিহঁতে আমাৰ মহুৱা গছক অসভ্য বুলি ঘোষণা কৰিলে
আমাৰ মানুহবোৰেও নিজকে অসভ্য বুলি অনুভৱ কৰিবলৈ ধৰিলে

নিজৰ ভাষাৰ মহাকাব্য, গাথা আদি গাই ফুৰা আমাৰ মানুহে
আজিকালি নিজৰ সন্তানক নিজৰ ভাষা এৰি
ইংৰাজী শিকাবলৈ লৈছে
নিজৰ এই ধৰাৰ পাহাৰ-পৰ্বত, নদী, গছ-লতা
সিহঁতৰ ল’ৰা-ছোৱালীৰ সপোনত আজিকালি নাহে
আমেৰিকা-লণ্ডনৰ সপোন দেখি শোৱে
যেতিয়াৰ পৰা সিহঁতে আমাৰ মহুৱা গছক অসভ্য বুলি ঘোষণা কৰিলে
আমাৰ মানুহবোৰেও নিজকে অসভ্য বুলি অনুভৱ কৰিবলৈ ধৰিলে

অনুবাদ: পংকজ দাস

Poem and Text : Jitendra Vasava

జితేంద్ర వాసవ గుజరాత్‌ రాష్ట్రం, నర్మదా జిల్లాలోని మహుపారా గ్రామానికి చెందిన కవి. ఆయన దేహ్వాలీ భీలీ భాషలో రాస్తారు. ఆయన ఆదివాసీ సాహిత్య అకాడమీ (2014) వ్యవస్థాపక అధ్యక్షులు; ఆదివాసీ స్వరాలకు అంకితమైన కవితా పత్రిక లఖారాకు సంపాదకులు. ఈయన ఆదివాసీ మౌఖిక సాహిత్యంపై నాలుగు పుస్తకాలను కూడా ప్రచురించారు. అతని డాక్టరల్ పరిశోధన, నర్మదా జిల్లాలోని భిల్లుల మౌఖిక జానపద కథల సాంస్కృతిక, పౌరాణిక అంశాలపై దృష్టి సారించింది. PARIలో ప్రచురించబడుతున్న అతని కవితలు, పుస్తకంగా రాబోతున్న అతని మొదటి కవితా సంకలనంలోనివి.

Other stories by Jitendra Vasava
Painting : Labani Jangi

లావణి జంగి 2020 PARI ఫెలో. పశ్చిమ బెంగాల్‌లోని నాడియా జిల్లాకు చెందిన స్వయం-బోధిత చిత్రకారిణి. ఆమె కొల్‌కతాలోని సెంటర్ ఫర్ స్టడీస్ ఇన్ సోషల్ సైన్సెస్‌లో లేబర్ మైగ్రేషన్‌పై పిఎచ్‌డి చేస్తున్నారు.

Other stories by Labani Jangi
Translator : Pankaj Das

పంకజ్ దాస్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో అస్సామీ అనువాద సంపాదకుడు. గువాహటీకి చెందిన ఈయన స్థానికీకరణ నిపుణుడు, UNICEFతో కలిసి పని చేస్తున్నారు. idiomabridge.blogspot.com లో పదాలతో ఆడుకోవడాన్ని ఇష్టపడతారు.

Other stories by Pankaj Das