মহানগৰৰ পৰা উভতিব ধৰা প্ৰব্ৰজিত শ্ৰমিকৰ খবৰ সকলো সংবাদমাধ্যমতে প্ৰকাশ পোৱাৰ সময়তে ঘৰমুৱা শ্ৰমিকৰ দুখ-কষ্ট দাঙি ধৰাৰ বাবে সৰু চহৰ, আনকি গ্ৰামীণ পৰ্যায়ৰ সাংবাদিকেও যথাসাধ্য চেষ্টা কৰিছে। বিলাসপুৰৰ এগৰাকী জ্যেষ্ঠ ফটো সাংবাদিক সত্যপ্ৰকাশ পাণ্ডেয়েও দূৰণিবটীয়া বাট বুলা ভগনীয়া শ্ৰমিকৰ ফটো তুলিছে। এই প্ৰতিবেদনত সত্যপ্ৰকাশে ৫০ জন শ্ৰমিকৰ দল এটাই ছত্তিশগড়ৰ ৰায়পুৰৰ পৰা ঝাৰখণ্ডৰ গাৰ্হৱা জিলাৰ বিভিন্ন গাঁৱলৈ উভতি যোৱাৰ সময়ৰ ফটো লৈছে।

ৰায়পুৰ আৰু গাৰ্হৱাৰ মাজত দূৰত্ব ৫৩৮ কিলোমিটাৰ।

‘তেওঁলোকে খোজকাঢ়িয়েই গৈছে,’ তেওঁ কয়। ‘ইতিমধ্যে তেওঁলোকে ১৩০ কিলোমিটাৰ বাট (ৰায়পুৰ আৰু বিলাসপুৰৰ মাজৰ দূৰত্ব)  অতিক্ৰম কৰিছে। তেওঁলোকে অহা দুই-তিনি দিনত ঘৰ পাবগৈ বুলি আশা কৰিছে।’ (সত্যপ্ৰকাশে ফেচবুকত দিয়া প’ষ্ট এটাই তেওঁলোকৰ দুৰ্দশাৰ প্ৰতি সমাজকৰ্মীৰ দৃষ্টি আকৰ্ষণ কৰে আৰু অম্বিকাপুৰৰ পৰা তেওঁলোকৰ বাবে বাছসেৱাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক সমাজকৰ্মীসকলে অনুৰোধ জনায়। ঘৰলৈ যাবলৈ তেওঁলোকক দৃঢ়প্ৰতিজ্ঞ যেন লাগিছিল, লাগিলে গোটেই বাট খোজকাঢ়িয়েই যাব।)

ঘৰলৈ উভতা শ্ৰমিকৰ মাজৰে এজন, ৰফিক মিয়াই তেওঁক কয়ঃ ‘এই দেশত দৰিদ্ৰতা এক অভিশাপ, ছাৰ।’

প্ৰচ্ছদ আলোকচিত্ৰঃ সত্যপ্ৰকাশ পাণ্ড বিলাসপুৰৰ এগৰাকী জ্য়েষ্ঠ সাংবাদিক তথা বন্যপ্ৰাণী ফটোগ্ৰাফাৰ।

PHOTO • Satyaprakash Pandey

তেওঁলোকে ২-৩ দিনত ইতিমধ্যে ১৩০ কিলোমিটাৰ বাট অতিক্ৰম কৰিছে (ৰায়পুৰ আৰু বিলাসপুৰৰ মাজৰ দূৰত্ব)’

অনুবাদঃ পংকজ দাস

Purusottam Thakur

పురుషోత్తం ఠాకూర్ 2015 PARI ఫెలో. ఈయన జర్నలిస్ట్, డాక్యుమెంటరీ చిత్ర నిర్మాత. ప్రస్తుతం అజీమ్ ప్రేమ్‌జీ ఫౌండేషన్‌తో కలిసి పనిచేస్తున్నారు. సామాజిక మార్పు కోసం కథలు రాస్తున్నారు

Other stories by Purusottam Thakur
Translator : Pankaj Das

పంకజ్ దాస్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో అస్సామీ అనువాద సంపాదకుడు. గువాహటీకి చెందిన ఈయన స్థానికీకరణ నిపుణుడు, UNICEFతో కలిసి పని చేస్తున్నారు. idiomabridge.blogspot.com లో పదాలతో ఆడుకోవడాన్ని ఇష్టపడతారు.

Other stories by Pankaj Das