তেওঁলোকে ভাৰতৰ স্বাধীনতাৰ হকে যুঁজ দিছিল। এতিয়া স্বাধীনতাৰ ৭০ বছৰ পিছতো তেওঁলোকৰ যুঁজ শেষ হোৱা নাই। অৱশ্যে এইবাৰ দেশৰ কৃষক আৰু কৃষিশ্ৰমিক শ্ৰেণীৰ ন্যায়ৰ হকে এই যুঁজ।

৯১ বছৰ বয়সত ভৰি দিয়া হৌচাবাঈ পাটিল আছিল মহাৰাষ্ট্ৰৰ চাতাৰা অঞ্চলৰ প্ৰতি চৰকাৰৰ (অস্থায়ী গোপন চৰকাৰ) সশস্ত্ৰ বাহিনী তুফান সেনাৰ এগৰাকী সদস্য। সেই চৰকাৰেই ১৯৪৩ত বৃটিছ শাসনৰ পৰা নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল। ১৯৪৩ আৰু ১৯৪৬ৰ মাজৰ সময়চোৱাত বৃটিছৰ ৰেলগাড়ী, ঔপনিৱেশিক ভড়াল আৰু ডাকঘৰ আদি আক্ৰমণ কৰা বিপ্লৱী সদস্যসকলৰ মাজৰ এজন আছিল হৌচাবাঈ।

ৰামচন্দ্ৰ শ্ৰীপতি লাড় আছিল তুফান সেনাৰ ফিল্ড মাৰ্ছাল। তেওঁ কেপ্টেইন ভাউ নামেৰেহে জনপ্ৰিয় আছিল (ভাউ মানে মাৰাঠী ভাষাত ককায়েক)। বৃটিছ প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ দৰমহা কঢ়িয়াই নি থকা পুণে-মিৰাজ ৰেলগাড়ীখনত ১৯৪৩ৰ ৭ জুনত লাড়ৰ নেতৃত্বত চলা আক্ৰমণ স্মৰণীয় হৈ ৰয়।

আমি যেতিয়া ২০১৬ৰ ছেপ্টেম্বৰত লাড়ক লগ পাইছিলো, তেতিয়া তেওঁৰ বয়স আছিল ৯৪, তেঁৱেই নিশ্চিত কৰিছিল “যাতে টকাখিনি কাৰো জেপত নোসোমায়, প্ৰতি চৰকাৰে পায়। আমি অভাৱী আৰু দৰিদ্ৰজনক সেই টকা দিছিলো।”

কৃষি সংকটক লৈ ২১ দিনীয়া বিশেষ সংসদীয় অধিৱেশনৰ দাবী জনোৱা কৃষক আৰু কৃষিশ্ৰমিকে ২০১৮ৰ ২৯ আৰু ৩০ নৱেম্বৰত দিল্লীলৈ বুলি কৰা কিষাণ মুক্তি মিচিললৈ কেপ্টেইন ভাউ আৰু হৌচাবাঈয়ে সমৰ্থন আগবঢ়াইছিল।

কৃষকৰ আত্মহত্যা কিমান লজ্জাজনক, তাকে এই ভিডিঅ’কেইটাত কেপ্টেইন ভাউৱে কৈছে। আনহাতে কৃষকসকলক তেওঁলোকৰ শস্যৰ উচিত মূল্য নিশ্চিত কৰাৰ লগতে দৰিদ্ৰজনৰ হৈ কাম কৰিবলৈ সাৰ পাবলৈ চৰকাৰক হৌচাবাঈয়ে আহ্বান জনাইছে।

অনুবাদ: পংকজ দাস

Bharat Patil

భారత్ పాటిల్ పీపుల్స్ ఆర్కైవ్ అఫ్ రూరల్ ఇండియాలో వాలంటీర్ గా పనిచేస్తున్నారు.

Other stories by Bharat Patil
Translator : Pankaj Das

పంకజ్ దాస్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో అస్సామీ అనువాద సంపాదకుడు. గువాహటీకి చెందిన ఈయన స్థానికీకరణ నిపుణుడు, UNICEFతో కలిసి పని చేస్తున్నారు. idiomabridge.blogspot.com లో పదాలతో ఆడుకోవడాన్ని ఇష్టపడతారు.

Other stories by Pankaj Das