উজ্জ্বল ৰঙা ৰঙেৰে দোকাখন ৰং কৰা আছে: নাম দিছে কে.এফ.চি.।
এইখন দোকানত পোৱা সুস্বাদু খাদ্যৰ ভাৰ প্ৰয়াত কলনেল চেণ্ডাৰ্ছে লোৱা নাই, য’ত কে.এফ.চি.ৰ কে মানে ‘কেণ্টাকি’। এইজন হৈছে কুলামৰাৰ ৩২ বছৰ বয়সীয়া বিমান দাস, তেওঁ এই ৰেষ্টোঁৰাখন চলায়।
চৰকাৰী নথিত নতুন কুলামৰা চাপৰি বুলি থকা এই গাওঁখন অসমৰ নদীদ্বীপ মাজুলীৰ অন্তৰ্গত। কেৱল কুলামৰা গাঁৱৰ কৃষক আৰু কৃষিশ্ৰমিক হিচাপে জীৱিকা নিৰ্বাহ কৰা ৪৮০ জন মানুহ (২০১১ৰ লোকপিয়ল)ৰ বাদেও মাজুলীলৈ অহা অতিথিয়েও এইখন কে.এফ.চি.ৰ ব্যঞ্জনৰ সোৱাদ লয়। ট্ৰেভেল গাইডবোৰত এইখন দোকানৰ ৰেটিং বহুত ভাল।
“২০১৭ত মই কে.এফ.চি.খন এখন ঠেলাত আৰম্ভ কৰিছিলোঁ,” ২০২২ৰ মে’ মাহৰ গ্ৰীষ্মৰ আবেলি এটাত বিমানে তেওঁৰ ৰেষ্টোঁৰাখনত ৰাতিৰ আহাৰ সাজু কৰাৰ কাৰণে খুলি থাকোতে আমাক কয়। বেৰবোৰ উজ্জ্বল ৰঙা ৰং দিয়া আছে, ভিতৰে-বাহিৰে। ছাগলী, হাঁহ আৰু গৰু-ম’হ বাহিৰৰ তপত ৰ’দত চৰি ফুৰিছে।
বিমানে ঠেলাগাড়ী এখনতে চাওমিন আৰু আন কেইবিধমান খাদ্যবস্তু বিক্ৰী কৰিবলৈ লৈছিল। ২০১৯ত তেওঁ বাৰ্গাৰ, পিজ্জা, পাস্তা, মিল্কশ্বেইক আৰু আন কিবাকিবি বস্তু বিক্ৰী কৰা দহজন বহিব পৰা সুবিধা থকা দোকান এখন আৰম্ভ কৰে।
কে.এফ.চি.খন কেৱল কুলামৰাৰ স্থানীয় লোকৰ মাজতে জনপ্ৰিয় নহয়, সমগ্ৰ বিশ্বৰ পৰা মাজুলী নদীদ্বীপটোলৈ অহা পৰ্য্যটকৰো প্ৰিয়। গুগল ৰিভিউত ৪.৩ ষ্টাৰ ৰেটিং থকাটো ইয়াৰ কাৰণ, তাত কে.এফ.চি.ৰ সোৱাদ আৰু সতেজতাৰ বৰকৈ প্ৰশংসা কৰা হৈছে।
তেন্তে এইখন দোকানখনক কিয় কৃষ্ণ ফ্ৰাইড চিকেন নাম দিয়া হ’ল? বিমানে তেওঁ ফোনটো উলিয়াই তেওঁ, তেওঁ পত্নী দেবজানী আৰু ৭-৮ বছৰীয়া সৰু ল’ৰা এটাৰ ফটো এখন দেখুৱালে। “মই এই দোকানখনৰ নাম মোৰ ল’ৰা কৃষ্ণৰ নামেৰে ৰাখিছো,” গৌৰৱান্বিত পিতৃগৰাকীয়ে মিচিকিয়াই হাঁহি কয়। কৃষ্ণ সদায় স্কুলৰ পিছত কে.এফ.চি.খনত বহে আৰু গৃহকৰ্ম কৰে, আনফালে অভিভাৱকে ভোকাতুৰ গ্ৰাহকক খাদ্য যোগান ধৰে।
দুপৰীয়াৰ আহাৰৰ সময় হৈছে আৰু বিমানে ফ্ৰাইজৰ সৈতে ক্ৰিচপি চিকেন ফ্ৰাই খোৱাৰ পৰামৰ্শ দিছে। কেনেকৈ ৰান্ধে, সেয়াও তেওঁ মোক দেখুৱাইছে। “মোক মানুহে মাজুলীত আটাইতকৈ পৰিস্কাৰ পাকঘৰ থকা বুলি জানে,” তেওঁ তিনিটা কাউণ্টাৰ, এটা ফ্ৰীজ, চৌকা আৰু ডীপ ফ্ৰায়াৰ থকা সৰু ঠাইকণতে বাট উলিয়াই আমাক কয়। কটা পাচলিবোৰ পৰিপাটিকৈ ৰখা হৈছে, কেটচ্চাপৰ বটল আৰু আন চচ আদি পাকঘৰৰ চেলফত শাৰীকৈ থোৱা আছে।
বিমানে ফ্ৰীজৰ পৰা মেৰিনেট কৰি থোৱা চিকেনৰ টোপোলা এটা উলিয়াইছে, ময়দাত সেয়া মিহলি কৰিছে আৰু ডীপ ফ্ৰাই কৰিছে। তেলত চিকেনৰ টুকুৰাকেইটা ভাজি হয় মানে তেওঁ বনকেইটা সেকিছে। ৰান্ধি থকাৰ মাজতে তেওঁ কথা পাতিছে, “মায়ে কামৰ বাবে পুৱাতে ওলাই যাবলগীয়া হৈছিল, সেয়ে মই নিজেই ৰান্ধি খাইছিলো,” কেনেকৈ তেওঁ ১০ বছৰ বয়সতে ৰন্ধা শিকিছিল সেইবিষয়ে তেওঁ কয়। তেওঁৰ মাক ইলা দাস আছিল মাজুলীৰ এগৰাকী কৃষিশ্ৰমিক, দেউতাকে মাছ বিক্ৰী কৰিছিল।
“মায়ে ৰান্ধি থাকোত মই চাই থাকিছিলো আৰু কেনেকৈ দাইল, চিকেন আৰু মাছ বনায় শিকিছিলো,” বিমানে কয়। “মোৰ চুবুৰীয়া আৰু বন্ধুবৰ্গই আমাৰ ঘৰলৈ আহি মোৰ হাতেৰে ৰন্ধা ব্যঞ্জন খাই বৰ ভাল পাইছিল। তেনেকৈয়ে মই ৰন্ধা-বঢ়াৰ বাবে উৎসাহ পাইছিলো।”
ওঠৰ বছৰ বয়সত বিমানে জীৱিকাৰ সন্ধানত ঘৰ এৰিলে। বন্ধু এজনৰ লগত মুম্বাইলৈ আহোতে তেওঁ হাতত আছিল মুঠে ১৫০০ টকা। সম্পৰ্কীয় এগৰাকীয়ে তেওঁক মহানগৰখনৰ এপাৰ্টমেণ্ট কম্প্লেক্স এটাত চিকিউৰিটি গাৰ্ডৰ কাম এটা যোগাৰ কৰি দিলে, কিন্তু তেওঁ সেইটো কামত বেছিদিন নাথাকিল। “সেই কামটো এৰি মই পলাই আহিলো। সেই কাম কৰি মোৰ বৰ বেয়া লাগিছিল, সেয়ে সম্পৰ্কীয়জনলৈ এখন চিঠি লিখিছিলো, কৈছিলো, ‘মোক বিষয়ে বেয়াকৈ নাভাবে যেন। এই কামটো মোৰ বাবে নহয়, সেইকাৰণে মই কামটো এৰিবলগীয়া হ’ল। ইয়াত কাম কৰি মোৰ মনটোৱে শান্তি পোৱা নাই।’’”
সেই কাম এৰাৰ পিছত তেওঁ মুম্বাইৰ ইখনৰ পিছত সিখন ৰেষ্টোঁৰাত পাঞ্জাৱী, গুজৰাটী, ইণ্ড-চাইনীজ, আনকি মহাদেশীয় ব্যঞ্জনো ৰান্ধিবলৈ শিকিছিল। পোনচাটে তেওঁ ৰন্ধাৰ কাম পোৱা নাছিল। “প্ৰথমে মই প্লেট চাফা কৰা আৰু টেবুল সজোৱা কাম কৰিছিলো,” তেওঁ কয়। ২০১০ত বিমানে হায়দৰাবাদত এটিক’ নামে ফুড ক’ৰ্ট এখনত কাম কৰিবলৈ পায়, তাতে তেওঁৰ পদোন্নতি হৈ তেওঁ মেনেজাৰ হয়গৈ।
এইখইনি সময়তে তেওঁ দেবজানীৰ প্ৰেমত পৰে। এতিয়া দেবজানী তেওঁ কে.এফ.চি.খনৰ ব্যৱসায়ীক অংশীদাৰ। তেওঁ সম্পৰ্কীয় ভনী শিৱানী আৰু তাইৰ ভনীয়েক, যাৰ নামো দেবজানী, দুয়ো দোকানখনত সহায় কৰে।
হায়দৰাবাদত কাম কৰাৰ পিছত বিমানে মাজুলীলৈ আহি অসমৰ শিৱসাগৰ জিলাৰ ডিমৌৰ ৰেষ্টোঁৰা এখনত কাম কৰিবলৈ ল’লে। তাৰ মাজতে তেওঁ নিজাকৈ ৰেষ্টোঁৰা এখন খোলাৰ সপোন পুহি ৰাখিছিল। তেনেকৈয়ে তেওঁ সেই সপোনটো এদিন বাস্তৱায়িত কৰিলে। এতিয়া তেওঁৰ নিজা এখন ৰেষ্টোঁৰা আছে। “মই পাকঘৰটো নিজে বনাইছো (ৰেষ্টোঁৰাখন পিছফালে), কিন্তু বহা ঠাইখিনিৰ বাবে মাহে ২৫০০ টকা ভাৰা দিও,” বিমানে কয়।
মই ১২০ টকা দি সুস্বাদু বাৰ্গাৰ আৰু ফ্ৰাইজ খাই তেওঁ কথাবোৰ শুনি গ’লো। আন গ্ৰাহকে ভাল পোৱা খাদ্যৰ ভিতৰত আছে পিজ্জা, দাম ২৭০ টকা, তেওঁ কয়। গুগলত তেওঁ নেমুপানীৰ পানীয়, মিল্ক শ্বেক আৰু ভেজিটেবল ৰ’লৰ বৰ ভাল ৰিভিউ আছে।
বিমান আৰু তেওঁৰ পৰিয়ালটো শেনচোৱাত থাকে, কুলমাৰাৰ পৰা দহ কিলোমিটাৰ দূৰত। তেওঁ প্ৰতিদিন চুইফট্ ডিজায়াৰ চলাই তেওঁৰ ৰেষ্টোঁৰাখনকৈ আহে। “মই পুৱা পাচলি আৰু চিকেন সাজু কৰি পুৱা ৯ বজাতে দিনটো আৰম্ভ কৰোঁ,” বিমানে কয়।
দিন ভাল হ’লে তেওঁ ১০,০০০ টকা উপাৰ্জন কৰে। অক্টোবৰৰ পৰা ডিচেম্বৰ মাহত পৰ্য্যটক অহা দিনবোৰত তেওঁৰ বেপাৰ ভাল হয়। আন দিনত তেওঁ ৫,০০০ মান টকা উপাৰ্জন কৰে, তেওঁ কয়।
তেতিয়াই নিয়মীয়া গ্ৰাহক নিকিতা চেটাৰ্জীয়ে অৰ্ডাৰ দিবলৈ আগবাঢ়িছে। সমাজকৰ্মী নিকিতাই মুম্বাইৰ পৰা মাজুলীলৈ অহা এবছৰো হোৱা নাই। “কে.এফ.চি.য়ে জীৱন বচাইছে,” তাই কয়, “কৃষ্ণ ফ্ৰাইড চিকেনৰ নাম যেতিয়া মই প্ৰথম শুনিছিলো, তেতিয়া মানুহে কৈছিল যে মাজুলী হিচাপত বহুত উন্নত মানৰ খাদ্য কে.এফ.চি.খনে দিছে। কিন্তু খাই গম পালো যে সঁচায়ে বহুত ভাল খাদ্য ইয়াতে পায়।”
বিমানলৈ চাই তাই কয়, “কিছু অভিযোগ মোৰ নথকা নহয়। দুদিনৰ কাৰণে কিয় বন্ধ ৰাখিছিল?” তাই অসমৰ প্ৰমুখ উৎসৱ বিহুৰ বাবে দুটা দিন দোকানখন বন্ধ থকাক লৈ প্ৰশ্ন কৰে।
“আপুনি এই দুটা দিনত ক’ত খালে?” বিমানে ৰগৰ কৰি সুধিলে।
আপুনি যদি কেতিয়াবা নতুন কুলামৰা চাপৰিলৈ আহিছে, তেন্তে কৃষ্ণ ফ্ৰাইড চিকেনত এবাৰ হ ’ লেও খাব। আঙুলি চুপি চুপি খাবলগীয়া খাদ্য ইয়াত পাব।
অনুবাদ: পংকজ দাস