“এইখন মোৰ নহয়,” কিষাণ ভোপিয়ে তেওঁৰ পত্নী বাবুৰি ভোপিৰ সৈতে লগ লাগি অলপ আগতে বনাই উঠা ৰাৱণহাত্থাখন হাতত লৈ কয়।

“হয়, মই বজাও, কিন্তু এইখন মোৰ নহয়,” কিষাণে কয়, “এয়া ৰাজস্থানৰ গৌৰৱ।”

ৰাৱণহাত্থা হৈছে এডাল তাঁৰ আৰু বাঁহৰ ধেনুৰ বাদ্যযন্ত্ৰ। কিষাণৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই বাদ্যযন্ত্ৰ বনাই আৰু বজাই আহিছে। তেওঁ হিন্দুসকলৰ ৰূপকথামূলক কাব্য ৰামায়ণৰ সময়তে এই বাদ্যযন্ত্ৰবিধৰ উপস্থিতিৰ কথা কয়। ৰাৱণহাত্থা নামটো আহিছে লংকাৰ ৰজা ৰাৱণৰ পৰা। বুৰঞ্জীবিদ আৰু লিখকমহল এই কথাত একমত আৰু কয় যে ৰাৱণে শিৱক সন্তুষ্ট কৰি বৰদান ল’বলৈ এই বাদ্যযন্ত্ৰ বজাইছিল।

ৰাৱণহাত্থা: এপিক জাৰ্নি অৱ এন ইনষ্ট্ৰুমেণ্ট ইন ৰাজস্থান (২০০৮)ৰ ৰচক ড. সুনীৰা কাচলিৱালে কয়, “ধেনুৰে বনোৱা বাদ্যযন্ত্ৰৰ ভিতৰত ৰাৱণহাত্থা আটাইতকৈ প্ৰাচীন।” ভায়’লিনৰ দৰে লৈ বজোৱা হয় কাৰণে বহু গৱেষক পণ্ডিতে ভাবে যে এয়া ভায়’লিন আৰু চেলোৰ দৰে বাদ্যযন্ত্ৰৰ পূৰ্বৰূপ।

কিষাণ আৰু বাবুৰিয়ে এই বাদ্যযন্ত্ৰবিধৰ নিৰ্মাণ কৰাটো তেওঁলোকৰ দৈনন্দিন জীৱনৰ সৈতে ওতঃপ্ৰোতভাবে জৰিত হৈ আছে। উদয়পুৰ জিলাৰ গিৰৱা টেহচিলৰ বাৰগাওঁ গাঁৱত থকা তেওঁলোকৰ ঘৰখন কাঠৰ টুকুৰা, নাৰিকলৰ খোলা, ছাগলীৰ ছাল আৰু ডোলেৰে ভৰি আছে, যিবোৰ সামগ্ৰী ৰাৱণহাত্থা বনোৱাত ব্যৱহৃত হয়। তেওঁলোক নায়ক সম্প্ৰদায়ৰ, ৰাজস্থানত অনুসূচিত জাতি হিচাপে তেওঁলোক অন্তৰ্ভূক্ত।

দুকুৰি বয়সৰ দম্পতিহালে উদয়পুৰ চহৰৰ এক জনপ্ৰিয় পৰ্য্যটনস্থলী গংগৌৰ ঘাটলৈ পুৱা পাঁচ বজাতে যায়। বাবুৰিয়ে তাত গহণা বেচে, কিষাণে কাষতে বহি ৰাৱণহাত্থা বজাই গ্ৰাহকক আকৰ্ষিত কৰে। সন্ধিয়া ৭ বজাত তেওঁলোক ঘৰত থৈ অহা পাঁচটা ল’ৰা-ছোৱালীৰ কাষ চাপে।

এই তথ্যচিত্ৰখনত কিষাণ আৰু বাবুৰিয়ে কেনেকৈ ৰাৱণহাত্থা বনায়, কেনেকৈ এই বাদ্যযন্ত্ৰবিধে তেওঁলোকৰ জীৱন গঢ় দিছে আৰু এই শিল্পক জীয়াই ৰখাত কি প্ৰত্যাহ্বানৰ সন্মুখীন তেওঁলোক হৈছে, সেয়া দৰ্শোৱা হৈছে।

তথ্যচিত্ৰখন চাওক: ৰাৱণ ৰক্ষা

অনুবাদ: পংকজ দাস

ఊర్జా పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియా, వీడియో విభాగంలో సీనియర్ అసిస్టెంట్ ఎడిటర్. డాక్యుమెంటరీ చిత్ర నిర్మాతగా ఆమె వృత్తి నైపుణ్యాలు, జీవనోపాధి, పర్యావరణాల గురించి పనిచేయడంలో ఆసక్తిని కలిగివున్నారు. ఊర్జా PARI సోషల్ మీడియా బృందంతో కూడా కలిసి పనిచేస్తున్నారు.

Other stories by Urja
Text Editor : Riya Behl

రియా బెహల్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియా (PARI)లో సీనియర్ అసిస్టెంట్ ఎడిటర్. మల్టీమీడియా జర్నలిస్ట్‌గా ఆమె జండర్, విద్య గురించి రాస్తారు. PARI కోసం నివేదించే విద్యార్థులతోనూ, PARI కథనాలను తరగతి గదిలోకి తీసుకువెళ్ళడం కోసం అధ్యాపకులతో కూడా రియా సన్నిహితంగా పనిచేస్తారు.

Other stories by Riya Behl
Translator : Pankaj Das

పంకజ్ దాస్ పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియాలో అస్సామీ అనువాద సంపాదకుడు. గువాహటీకి చెందిన ఈయన స్థానికీకరణ నిపుణుడు, UNICEFతో కలిసి పని చేస్తున్నారు. idiomabridge.blogspot.com లో పదాలతో ఆడుకోవడాన్ని ఇష్టపడతారు.

Other stories by Pankaj Das