ভাতমুঠিৰ জ্বালাই এটা সময়ত জালাল আলীক বাঁহৰ মাছধৰা সঁজুলি সজা কামটো শিকিবলৈ বাধ্য কৰিছিল।
দিনহাজিৰা কৰি চলি থকা তেতিয়াৰ ডেকাল’ৰাজনে বাৰিষাৰ দিনত কাম বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল: “বাৰিষাৰ দিন পৰিল মানে কেইদিনমান কঠিয়া তোলা, ভূঁই ৰোৱা কাম পায়, তাৰপিছত একো কাম নাথাকে,” তেওঁ কয়।
কিন্তু বাৰিষাৰ দিন আহিলে মাছৰো উজান উঠিছিল। দৰং জিলাৰ মৌসিটা-বালাবাৰী অঞ্চলটোৰ খাল-বিল আদি মাছেৰে উপচি পৰিছিল। সেয়ে মাছ ধৰা সঁজুলিৰো বৰ চাহিদা আছিল। “পৰিয়ালটো পুহিবলৈ বুলি ময়ো মাছধৰা বাঁহৰ সঁজুলি সজা কামটো শিকিবলৈ ল’লো। ভোকত থাকিলে আপুনি যি কামেই সন্মুখত দেখে, সেই কাম কৰিয়ে পেট পুৰোৱাৰ কথা চিন্তা কৰিবলৈ বাধ্য হয়,” পুৰণি দিনবোৰৰ কথা মনত পেলাই হাঁহি মাৰি ষাঠি বছৰীয়া জালালে কয়।
এতিয়া জালাল চেপা, বচনা আৰু বাইৰ - এই তিনিবিধ বিভিন্ন ধৰণৰ মাছধৰা থলুৱা সঁজুলি সাজি উলিওৱা কামত পাকৈত। অসমৰ মৌসিটা-বালাবাৰী বিলৰ কাষতে পূব-পদোখাত গাঁৱৰ নিজ ঘৰতে তেওঁ এই সঁজুলিবোৰ বনায়।
“দুটা দশক আগৰ কথা, আমাৰ গাঁৱৰ লগতে কাষৰ গাওঁবোৰৰ প্ৰতিঘৰ মানুহে মাছ ধৰিবলৈ সঁজুলি (বাঁহৰ) ব্যৱহাৰ কৰিছিল। তেতিয়া মাছ ধৰিবলৈ আছিল বাঁহৰ সঁজুলি নাইবা হাতে বোৱা চিৱ জাল।” তেওঁ স্থানীয় ভাষাত টঙি জাল বা ঝেতকা জাল বুলি কোৱা দীঘল বাঁহৰ ডাং এডালৰ মূৰত লগাই লোৱা চাৰিটা টঙিৰে টানি স্ফীত কৰা এবিধ মাছ ধৰা চাৰিচুকীয়া জালৰ কথা কৈছে।
থলুৱা মাছধৰা সঁজুলিবোৰৰ নাম তাৰ আকাৰ অনুযায়ী ৰখা হয়: “চেপা হৈছে ঢোলৰ দৰে দুই মূৰ চেপেটা দীঘলীয়া পেট ডাঙৰ মাছধৰা সঁজুলি। আকৌ বাইৰ দেখাত একে যদিও আকাৰত ডাঙৰ আৰু বহল। ডাৰকি হৈছে বৰ্গাকাৰ বাকচ এটাৰ দৰে সঁজুলি,” জালালে বুজাই কয়। দুয়েৰ, দিয়াৰ আৰু বচনা - এই তিনিবিধ সঁজুলি বোৱতী পানীত পতা হয়, ঘাইকৈ পানী আবদ্ধ হৈ থকা ধান আৰু মৰাপাটৰ খেতিপথাৰ, সৰু খাল, বিললৈ বৈ যোৱা পানী, জলাশয় বা নদীৰ মোহনা আদিত।
শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ উপত্যকাখন নদী, নদীৰ সৈতে জান-জুৰি আদিৰে সংযোজিত হোৱা জলাশয়, প্লাৱনভূমিৰ জলাশয় আৰু অসংখ্য প্ৰাকৃতিক খাল-বিলেৰে পূৰ্ণ। এই জলাশয়বোৰে স্থানীয় সম্প্ৰদায়ৰ মাছমৰীয়াসকলৰ জীৱিকা অটুট ৰাখিছে। অসমৰ প্ৰায় ৩৫ লাখ লোক মৎস্য উদ্যোগটোৰ লগত জৰিত, এয়া মৎস্য পৰিসংখ্যাৰ হাতপুথি , ২০২২ৰ তথ্য।
বিজ্ঞানীসকলে কয় যে মাছ ধৰাৰ বাণিজ্যিক সঁজুলি যেনে মচুৰি জাল (সৰু পাহৰ জাল বিশেষ) আৰু মেচিনে টনা জালবোৰ মহঙা হোৱাৰ উপৰিও জলজ জীৱৰ বাবে বিপজ্জনক, কিয়নো এনে জালত একেবাৰে সৰু মাছো ধৰা পৰে আৰু পিছলৈ এনে জালৰ টুকুৰাবোৰ পানীত থাকি যায় আৰু পানী প্ৰদূষিত কৰে। কিন্তু স্থানীয়ভাবে সাজি উলিওৱা মাছ ধৰা সঁজুলিবোৰ বাঁহ-বেত আৰু মৰাপাটৰ। এনে সঁজুলিবোৰ স্থানীয় পৰিস্থিতিতন্ত্ৰৰ সৈতে খাপ খোৱাকৈ সজা হয়। এনে সঁজুলিত নিৰ্দিষ্ট আকাৰৰ মাছহে ধৰা পৰে, সেয়ে অপচয় হোৱাৰ সম্ভাৱনাও নাথাকে।
বাণিজ্যিক উদ্দেশ্যত ব্যৱহৃত জালে অত্যধিক মাছ ধৰি পেলায়, ফলত সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হয়, চেণ্ট্ৰেল ইনলেণ্ড ফিছাৰীজ ৰিচাৰ্ছ ইনষ্টিটিউট চমুকৈ আই.চি.এ.আৰ.-ৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী বিশেষজ্ঞই কয়।
তেওঁ কয় যে বানপানীৰ সময়ত পৰা পলসেও প্ৰাকৃতিক খাল-বিল আদিৰ আকাৰ হ্ৰাস কৰিছে। তেনে খাল-বিল আৰু জলাশয়ত আজিকালি কম পানী থাকে, সেয়ে মাছৰ পৰিমাণো কমিছে। এই কথাই দুখেৰে কয় মুকছেদ আলীয়ে: “আগতে আপুনি ব্ৰহ্মপুত্ৰ নদীখনলৈ পানী বৈ যোৱা দেখা পালেহেঁতেন। নদীখন আমাৰ ঘৰৰ পৰা চাৰি কিলোমিটাৰমান দূৰত। মই পথাৰৰ আলিৰ কাষেৰে বৈ যোৱা পানীৰ নলাত বোকামাটিৰে বাট কাটি তাত চেপা আদি পাতিছিলো।” ষাঠি উৰ্ধ লোকজনে কয় যে তেওঁ আজিৰ দিনৰ জালবোৰ মহঙা বাবে কিনিব নোৱাৰিছিল, সেয়ে বাইৰৰ ওপৰতে নিৰ্ভৰ কৰি চলিছিল।
“ছয় কি সাত বছৰ আগতে উভৈনদী মাছ পাইছিলো। কিন্তু এতিয়া মোৰ চাৰিটা বাইৰ মিলি আধাকিলো মাছো নোলায়,” দৰং জিলাৰ চাৰি নং আৰিমাৰি গাঁৱত পত্নীৰ সৈতে বাস কৰা মুকছেদ আলীয়ে কয়।
*****
অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয় - ব্ৰহ্মপুত্ৰ উপত্যকাত ১৬৬ চে.মি. আৰু বৰাক উপত্যকাত ১৮৩ চে.মি.। দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ আগমন ঘটে এপ্ৰিলৰ শেষভাগত আৰু সেয়া অক্টোবৰলৈকে থাকে। জালালে এই বাৰিষাৰ দিনকেইটাতে মাছ ধৰা সঁজুলি সাজে। “মই জস্তি মাস (মে’ৰ মাজভাগ)ত মাছ ধৰা সঁজুলি সাজো আৰু মানুহে আষাঢ় মাহ (জুনৰ মাজভাগ)ৰ পৰা বাইৰ কিনিবলৈ লয়। কিন্তু যোৱা তিনিটা বছৰত দেখিছো যে মানুহে সেইখিনি সময়ত বৰষুণ কমাৰ বাবে মাছধৰা সঁজুলি কিনিবলৈ এৰিছে।”
২০২৩ত প্ৰকাশিত বিশ্ব বেংকৰ এক প্ৰতিবেদন অনুযায়ী অসমে বৰ্দ্ধিত উষ্ণতা, ক্ৰম হ্ৰাসমান বাৰ্ষিক বৃষ্টিপাত আৰু চৰম পৰ্য্যায়ত বানপানীৰ দৰে ঘটনাৰ সন্মুখীন হ’ব। জলবায়ু পৰিৱৰ্তনৰ ফলত জলাশয়বোৰত গেদৰ পৰিমাণ বৃদ্ধি পাব। ফলত জলস্তৰ নামি আহিব আৰু মাছৰ পৰিমাণো কমিব।
১৯৯০ৰ পৰা ২০১৯লৈ গড় সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ বৃদ্ধি আছিল ক্ৰমে ০.০৪৯ আৰু ০.০১৩ ডিগ্ৰী চেলছিয়াছ। এয়া বিধানসভাত উত্থাপিত চৰকাৰী তথ্য । দৈনিক বৃদ্ধি হোৱা উষ্ণতাৰ গড় আছিল ০.০৩৭ ডিগ্ৰী চেলছিয়াছ। এইখিনি সময়ত প্ৰতি বছৰে ১০ মি.মি.কৈ বৃষ্টিপাত কমি আহিছিল।
“আগতে বৰষুণ কেতিয়া হ’ব আমি গম পাইছিলো। কিন্তু এতিয়া বৰষুণৰ ৰেহৰূপ সম্পূৰ্ণ সলনি হৈছে। কেতিয়াবা কম সময়তে ধাৰাসাৰ বৰষুণ হয় আৰু কেতিয়াবা একেবাৰেই নহয়,” জালালে কয়। তিনি বছৰ আগতে তেওঁৰ দৰে বাঁহ-বেতৰ শিল্পীয়ে বাৰিষাৰ দিনত ২০ৰ পৰা ৩০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিছিল।
যোৱাবছৰ তেওঁ ১৫ টা বাইৰ বিক্ৰী কৰিব পাৰিছিল, কিন্তু এইবছৰ জুনৰ মাজভাগৰ পৰা জুলাইৰ মাজভাগলৈ তেওঁ মাত্ৰ পাঁচটা বাইৰ সাজিছে। কিন্তু এইখিনি সময়তে স্থানীয়ভাবে নিৰ্মিত মাছধৰা সঁজুলিৰ চাহিদা থাকে বুলি জালালে কয়।
কেৱল তেওঁৰেই যে আয় কমিছে, এনে নহয়। ওদালগুৰি জিলাৰ জবলা দৈমাৰী (৭৯) চেপা বনোৱাত পাকৈত। তেওঁ কয়, “গছত কঠাল কেইটামানহে আছে, গৰম বেছি পৰিছে আৰু এতিয়ালৈ বৰষুণ নাই। এই বছৰটোত বৰষুণৰ অনুমান কৰিবপৰা নাযাব, সেয়ে অৰ্ডাৰ নোপোৱালৈকে মই চেপা নবনাও।” চেপা এটাৰ কাম শেষ কৰাৰ মুহূৰ্তত দৈমাৰীয়ে পাৰিক এইখিনি কথা কয়। তেওঁ কয় যে চেপা কিনিবলৈ তেওঁৰ তালৈ মানুহ নহাই হৈছে। সেয়ে ২০২৪ৰ মে’ মাহত আমি যেতিয়া তেওঁক লগ পাওঁ, তেওঁ পাঁচটা মাত্ৰ চেপা সাজি থৈছিল।
বালুগাওঁ সাপ্তাহিক বজাৰখন অসমৰ অন্যতম ডাঙৰ বজাৰ, তাতেই সৰ্হাব আলীয়ে বাঁহৰ সামগ্ৰী বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা ভালেকেইটা দশক পাৰ হ’ল। “জুলাইৰ প্ৰথমটো সপ্তাহ পৰিল, এতিয়ালৈ বছৰটোৰ এটাও বাইৰ বিক্ৰী কৰিব পৰা নাই,” তেওঁ কয়।
জালালে তেওঁৰ শিল্প তিল তিলকৈ নাইকিয়া হৈ অহা দেখিছে। “কোনেও মোৰ ওচৰত বাঁহৰ কাম কেনেকৈনো কৰে, চাবলৈ বা শিকিবলৈ নাহে। মাছ নাথাকিলে মাছধৰা সামগ্ৰী সজা কাম শিকি লাভনো কি আছে?” তালিকাভূক্ত নোহোৱা মৌসিটা-বালাবাৰী বিলখনৰ কাষৰে বোকামাটিৰে ভৰা কেঁচা ৰাস্তা এটাৰ কাষত নিজ ঘৰৰ বাৰীত ডাৰকি এটা বনোৱা কাম প্ৰায় শেষ কৰা সুবহনে প্ৰশ্ন কৰে।
*****
“আপুনি এই মাছধৰা সঁজুলি বনাবলৈ হ’লে আমনি কি বস্তু, পাহৰি যাব লাগিব। আকৌ গোটেই সময়খিনি একাণপতীয়াকৈ লাগি কাম কৰিব লাগিব,” মাছধৰা সঁজুলি বনোৱাত মনযোগৰ কিমান প্ৰয়োজন, সেই সম্পৰ্কত জালালে কয়। “আপুনি মানুহৰ কথা শুনিহে থাকিব পাৰিব, কিন্তু কথা পাতিবলৈ গ’লে ইফালে বাইৰৰ গাঁথিত আউল লাগিব।” একেৰাহে লাগি থাকিলে দুদিনত মাছধৰা এবিধ সঁজুলি সাজি উলিয়াব পাৰি। “আপুনি মাজে মাজে জিৰণি লৈ থাকিলে চাৰি-পাঁচদিন লাগিব পাৰে,” তেওঁ কয়।
এই সঁজুলিবোৰ সজাৰ কামটো আৰম্ভ হয় বাঁহ বাচনিৰ পৰা। মাছধৰা সঁজুলি বনোৱাৰ ক্ষেত্রত স্থানীয় লোকে দীঘল পাবৰ থলুৱা বাঁহ ব্যৱহাৰ কৰে। বাইৰ আৰু চেপা দুয়োটাই তিনিৰ পৰা চাৰে-তিনিফুট দীঘল। ভাঁজ কৰিবপৰা গুণ থকা বাবে জাতি বাঁহ যাক স্থানীয় ভাষাত তেওঁলোকে তল্লা বাঁস (Bambusa tulda) বোলে, সেয়া ব্যৱহাৰ কৰে।
“তিনি-চাৰি বছৰত বাঁহ এডাল পুৰঠ হয় আৰু তেনে বাঁহেই মাছধৰা সঁজুলিৰ বাবে উত্তম, নহ’লে সঁজুলিবিধ বেছিদিন নিটিকিব। বাঁহৰ পাববোৰ কমেও ১৮ৰ পৰা ২৭ ইঞ্চি দীঘল হ’ব লাগে। বাঁহডাল কিনি আনোতে মই চকুৰে চাই সেয়া থিৰাং কৰিব লাগিব,” তেওঁ কয়। “মই এটা গাঁথিৰ কাষৰ পৰা আনটো গাঁথিৰ কাষলৈ দীঘল পাব এটা কাটি লওঁ,” হাতেৰে বাঁহৰ পাতল কাঠিবোৰ জোখ কৰা জালালে কয়।
বাঁহবোৰ এবাৰ টুকুৰা কৰি লোৱাৰ পিছত জালালে তাৰপৰা মাছধৰা সঁজুলি ববলৈ পাতলকৈ কাঠি তোলে। “আগতে এই কাঠিবোৰ ববলৈ মই মৰাপাটৰ ৰছী ব্যৱহাৰ কৰিছিলো, কিন্তু এতিয়া মৰাপাটৰ খেতি আমাৰ অঞ্চলত কৰা নহয় বাবে প্লাষ্টিকৰ ৰছী ব্যৱহাৰ কৰোঁ।”
জালালে ৪৮০ ডাল বৰ্গাকৃতিৰ বাঁহৰ কাঠি তুলিব লাগে, সেয়া সাধাৰণতে ১৮ৰ পা ২৭ ইঞ্চি দীঘল থাকে। “এই কামটো বৰ দীঘলীয়া আৰু একাকী কাম,” তেওঁ কয়। “কাঠিবোৰ আকাৰত সমান আৰু মিহি হ’ব লাগে, নহ’লে সঁজুলিবিধৰ বেৰ সমান নহ’ব।” এই কামটোত তেওঁক আধা দিন লাগে।
মাছ যিটো বাটেৰে সোমাব, সেই বাটটো বনোৱা কামটো আটাইতকৈ জটিল। “মই এডাল বাঁহৰ পৰা চাৰিটা বাইৰ বনাব পাৰোঁ। বাঁহডালৰ দাম ৮০ টকামান হয়, আৰু প্লাষ্টিকৰ ৰছীখিনিত ৩০ টকা পৰে,” ডাৰকিটোৰ ওপৰৰ ফালটোত গাঁথি দিবলৈ মুখত গুণা এডাল দাঁতেৰে চেপি ধৰি থকা জালালে কয়।
গোঁঠা আৰু বাঁহৰ কাঠিবোৰ বোৱা কামটোত চাৰিদিন পৰ্য্যন্ত বৰ খাটনি থাকে। “আপুনি কামৰ সময়ত ৰছী আৰু বাঁহৰ কাঠিবোৰৰ পৰা নজৰ আঁতৰাব নোৱাৰে। এডালো যদি কাঠি এৰি গ’ল, তেতিয়া সেইডাল দ্বিতীয়টোত গাঁঠিব লাগিব, এনেকৈ গৈ থাকিলে গোটেইটো খুলি-মেলি আকৌ নতুনকৈ গোঁঠা কামটো আৰম্ভ কৰিব লাগিব,” তেওঁ বুজাই কয়। “জোৰ দি কৰিবলগীয়া কাম নাই, কিন্তু কেতবোৰ নিৰ্দিষ্ট ঠাইত ভালকৈ গাঁথিবোৰ দিব লাগে। ইমান মনযোগেৰে কাম কৰিব লাগে যে কপালৰ ঘাম গৈ মাটিত পৰে।”
বৰষুণ কমি অহাত মাছৰ সংখ্যাও টুটি আহিছে, ফলত মাছধৰা সঁজুলিৰ চাহিদা কমিছে। এনেকৈ এইবিধ বাঁহশিল্পক লৈ জালাল চিন্তিত হৈ পৰিছে। “ইমান ধৈৰ্য্য আৰু খাটনি থকা কাম কোনে চাব বা শিকিব বাৰু?” তেওঁ প্ৰশ্ন কৰে।
এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেচন (এম.এম.এফ.)ৰ ফেল’শ্বিপৰ অধীনত কৰা হৈছে।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি