মছৱড় মোৰ শৈশৱৰ ঠাই। পানীৰ বাবে প্ৰতিদিনে হাহাকাৰ কৰা মানুহবোৰৰ সংগ্ৰাম মই নিজ চকুৰে দেখিছো।
মহাৰাষ্ট্ৰৰ মূল ভূ-ভাগত অৱস্থিত মন দেশত ধনগৰ এক যাযাবৰ জাতিৰ গৰখীয়াই বহু শতাব্দী ধৰি ভ্ৰমি ফুৰিছে৷ দাক্ষিণাত্য মালভূমি অঞ্চলৰ এই আৰ্দ্ৰ ভূমিত পানীৰ উৎস বিচাৰিবলৈ তেওঁলোকে শতিকাজুৰি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আয়ত্ত্ব কৰা পৰম্পৰাগত কৌশলৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হৈ আহিছে।
বছৰ বছৰ ধৰি মই মহিলাসকলক পানী সংগ্ৰহৰ বাবে শাৰী পতা দেখিছো৷ ৰাজ্য চৰকাৰে বাৰ দিনৰ মূৰে মূৰে মাত্ৰ এঘণ্টাৰ বাবে পানীৰ যোগান ধৰে৷ কৃষকসকলৰ সাপ্তাহিক বজাৰত আলোচনাৰ এটাই বিষয়, কুঁৱা খান্দিও পানী নোপোৱাৰ হা-হুমুনিয়াহ। পানী পালেও সেয়া দূষিত হোৱাৰ বাবে বৃক্কৰ পাথৰকে ধৰি বিভিন্ন বেমাৰে দেখা দিয়ে৷
এই বিষম পৰিস্থিতিত খেতি উপাৰ্জনেৰে কোনোবা চলিব পাৰিব, সেয়া সম্ভৱ নহয়। গাঁৱৰ যুৱচামে কামৰ সন্ধানত মুম্বাইৰ দৰে ডাঙৰ মহানগৰীসমূহলৈ ঢাপলি মেলিছে৷
কাৰখেলৰ কৃষক গাইকোৱাডে তেওঁৰ আটাইকেইটা গৰু বিক্ৰী কৰি দিছে। মাথোঁ কেইটামান ছাগলী ৰাখিছে৷ তেওঁৰ খেতিপথাৰখন পানীৰ অভাৱত ছিৰাল ফাঁট দিছে। খৰাঙে কোঙা কৰা এইজন খেতিয়কৰ সন্তানকেইজন উপায়হীন হৈ দিনহাজিৰা কৰিবলৈ মুম্বাইলৈ গৈছে৷ ষাঠিৰ দেওনাত উপনীত হোৱা গাইকোৱাডে এতিয়া তেওঁৰ পত্নী আৰু নাতিয়েকহঁতৰ সৈতে থাকে। এই দুনীয়াখন এৰাৰ আগেয়ে তেওঁ পানীৰ অভাৱ দূৰ হোৱাৰ সপোন দেখে। তেওঁলোকে বাচন-বৰ্তন আৰু কাপোৰ ধুবলৈ গা ধোওতে ব্যৱহাৰ কৰা পানীকে কামত লগায়৷ এই একেখিনি পানী তেওঁলোকে ঘৰৰ সন্মুখৰ আমগছডালৰ গুৰিতো দিয়ে৷
সাতাৰা জিলাৰ মান অঞ্চলত ঘূৰি-ফুৰি অঞ্চলটোৰ তীব্ৰ জলসংকটত ভোগা মানুহৰ দুখ-দুৰ্দশাৰ কাহিনী আৰু পানী যোগান ব্যৱস্থাক কেন্দ্ৰ কৰি ‘পানীৰ সন্ধানত’ শীৰ্ষক এই তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে।
অনুবাদক: মনোৰঞ্জন মজুমদাৰ