মই সৱৰপাড়া গৈ পাওঁ মানে ৰাতি হৈছিল। মূল পথৰ পৰা আঁতৰত, বান্দুৱান তালুকৰ কুঁচিয়া গাঁৱৰ দাঁতিত পাৰাটোৰ এঘাৰটা ঘৰ – যিবোৰ সৱৰ (সবৰ বুলিও কোৱা হয়) সম্প্ৰদায়ৰ লোকসকলৰ সৰু সৰু কেঁচাঘৰৰ এটা চুবুৰী।
আন্ধাৰত আধা লুকাই থকা তেওঁলোকৰ ঘৰবোৰৰ পৰাই অৰণ্যখনৰ আৰম্ভণি, আগুৱাই যোৱাৰ লগে লগে যিখন অধিক ঘন হৈ পৰে আৰু ক্ৰমাৎ দুৱাৰসিনী পাহাৰত মিলি যায়। শাল, চেগুন, পিয়াল আৰু পলাশ গছেৰে ভৰা এই অৰণ্যখন ফল-মূল, ফুল আৰু শাক-পাচলিকে আদি কৰি নানাবিধ খাদ্যৰ উৎস – লগতে জীৱিকাৰো।
সৱৰ সম্প্ৰদায়ক পশ্চিমবংগত ডি-নটিফাইড ট্ৰাইব (ডিএনটি) আৰু অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ ক্ৰিমিনেল ট্ৰাইবেল এক্ট (চিটিএ) -এ ‘অপৰাধী’ বুলি নামাংকৃত কৰি থৈ যোৱা বহুকেইটা জনজাতিৰ মাজত সৱৰ সম্প্ৰদায় অন্যতম। ১৯৫২ চনত ভাৰত চৰকাৰে এই আইনখন বাতিল কৰে আৰু বৰ্তমান সেই জনজাতিসমূহক ডি-নটিফাইড ট্ৰাইব (ডিএনটি) বা অঘৰী জনজাতি (এনটি) বুলি কোৱা হয়।
সবৰপাড়াৰ (সবৰপাৰা বুলিও কোৱা হয়) পৰিয়ালসমূহে এতিয়াও জীৱিকাৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰে। ২৬ বছৰীয়া নেপালি সবৰ তেওঁলোকৰে মাজৰ এগৰাকী। তেওঁ পুৰুলিয়া জিলাত তেওঁৰ স্বামী ঘল্টু, দুজনী জীয়ৰী আৰু এটি পুত্ৰৰে সৈতে এটা কেঁচা ঘৰত বাস কৰে। আটাইতকৈ ডাঙৰ ছোৱালীজনী ন বছৰীয়া আৰু তাই প্ৰথম শ্ৰেণীত পঢ়ি আছে। মাজৰটো ল’ৰা। আৰু একেবাৰে সৰুজনী এতিয়াও কোলাৰ কেঁচুৱা। পৰিয়ালটোৰ উপাৰ্জন শাল গছৰ পাতৰ ওপৰত নিৰ্ভৰশীল।
গাঁওখনৰ এঘাৰটা পৰিয়ালৰ ভিতৰত সাতটা পৰিয়ালে শাল পাতেৰে থালি বনাই বিক্ৰী কৰে। শাল পাতবোৰ তেওঁলোকে গাঁওখনৰ সীমা নিৰ্ধাৰণ কৰা পাহাৰবোৰলৈকে বিয়পি থকা দুৱাৰসিনী অৰণ্যৰপৰা আনে। “ইয়াৰ পৰা আমি ন বজাত ওলাই যাওঁ। দুৱাৰসিনী পাবলৈ এঘণ্টা লাগে,” নেপালিয়ে কয়।
দুয়ো অৰণ্যলৈ যোৱাৰ আগেয়ে ৰন্ধা-মেলা কৰি থৈ যাব লাগিব, আৰু নেপালিয়ে ঘৰৰ আগ চোতালত কাম কৰি আছে। ল’ৰা ছোৱালীকেইটাক আৰু স্বামীক খাবলৈ দিবলৈ আছে, ডাঙৰ ছোৱালীজনীক স্কুললৈ পঠিয়াবলৈ আছে, একেবাৰে সৰুটোক কণমানি মাজু ছোৱালীজনীৰ লগত থৈ যাব লাগিব। চুবুৰীয়া থাকিলে তেওঁলোকক তাইৰ ল’ৰা ছোৱালীকেইটাৰ ওপৰত চকু ৰাখিবলৈ ক’ব পৰা যাব।
দুৱাৰসিনী অৰণ্য গৈ পোৱাৰ লগে লগে গিৰিয়েক-ঘৈণীয়েক হাল কামত লাগি যায়। ৩৩ বছৰীয়া ঘল্টুৱে গছত উঠি সৰু ছুৰি এখনেৰে সৰু-বৰ পাতবোৰ কাটিবলৈ আৰম্ভ কৰি দিয়ে। ইফালে নেপালিয়েও আশে পাশে থকা গছবোৰৰ হাতেৰে ঢুকি পোৱা অৱস্থাত থকা পাতবোৰ ছিঙিবলৈ ধৰে। “আমি বাৰ বজালৈকে পাত ছিঙো। দুই-তিনি ঘণ্টা লাগে,” তাই কয়। তেওঁলোক দুপৰীয়ালৈ ঘৰলৈ উভতে।
“ঘৰ আহি পাই আমি আকৌ এবাৰ খাওঁ।” তাৰ পাছত ঘল্টুক অলপ জিৰাবলৈ লাগে। তেওঁক অকণমান ভাত-ঘুমটিৰ দৰকাৰ। নেপালিয়ে অৱশ্যে কাচিৎহে আৰাম কৰিবলৈ পায়। খোৱাৰ পাছতে তাই পাতখিনিৰে থালি বনোৱাৰ কাম আৰম্ভ কৰে। বাঁহৰ কাঠিৰে জোৰা লগাই থালি এখন বনাবলৈ আঠ-দহখন শাল পাতৰ আৱশ্যক হয়। “মই বাঁহ কিনিবলৈ বজাৰলৈ যাওঁ। এডাল বাঁহত ৬০ টকাকৈ পৰে আৰু তিনি-চাৰিমাহ যায়। বাঁহডাল ফালে কিন্তু নেপালিয়ে,” ঘল্টুৱে কয়।
এখন থালি তৈয়াৰ কৰি উলিয়াবলৈ নেপালিক এক বা দুই মিনিট সময় লাগে। “আমি এদিনত ২০০-৩০০ খন খালী পট্টা বনাব পাৰোঁ,” তাই কয়। পাতল থালিবোৰৰ কথা বুজাবলৈ সবৰসকলে খালী পট্টা বা থালা শব্দকেইটা ব্যৱহাৰ কৰে। দিনটোত আঠ ঘণ্টা দিব পাৰিলে নেপালিয়ে ইমানখিনিৰ লক্ষ্য পূৰাব পাৰে।
নেপালিয়ে থালিবোৰ তৈয়াৰ কৰে আৰু ঘল্টুৱে তাক বিক্ৰী কৰাৰ দায়িত্বখিনি লয়
“আমি বেছি পইচা নাপাওঁ। ১০০ খন থালিত ষাঠি টকাকৈ আমি দিনটোত ১৫০ ৰপৰা ২০০ টকাহে উপাৰ্জন কৰোঁ। মানুহ এজন আহি থালিবোৰ ঘৰৰ পৰা কিনি লৈ যায়,” ঘল্টুৱে জনায়। প্ৰতিখন থালিত ৬০ৰপৰা ৮০ পইচাকৈ দুয়োজনে মিলি দিনটোত মাত্ৰ ২৫০ টকা উপাৰ্জন কৰে, যিটো ৰাজ্যখনত মনৰেগাৰ অধীনৰ অদক্ষ শ্ৰমিকৰ যি পুতৌলগা দৈনিক হাজিৰা, তাতোকৈও কম।
নেপালিয়ে ইমান বেছি কষ্ট কৰে বুলি মোৰ আশ্চৰ্য দেখি তাই ঘল্টুৰ প্ৰতি প্ৰায় ৰক্ষণাত্মক হৈ উঠে, “তেৱোঁ সহায় কৰে, তেওঁ এজন পাচলি বেপাৰীৰ বাবেও কাম কৰে। সদায় নহয়, কিন্তু যেতিয়াই সিহঁতে মাতে, তেতিয়া যায় আৰু সেইদিনা ২০০ টকা পায়। সপ্তাহটোত দুই-তিনিবাৰ যায় তেনেকৈ,” তাই কয়।
“এই ঘৰটো মোৰ নামতে আছে,” নেপালিয়ে লৰালৰিকৈ যোগ দিয়ে। এটা চুটি বিৰামৰ পাছত তাইৰ হাঁহিৰ খলকনি শুনা যায় আৰু সৰু কেঁচা ঘৰটোৰ প্ৰতিবিম্ব তাইৰ উজলি উঠা চকুহালত ফুটি উঠে।
অনুবাদ: সৃষ্টি শ্ৰেয়ম