২০০৫ চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰ প্ৰতিযোগিতা এখনত খালী ভৰিৰে দৌৰিবলৈ যোৱা মহাৰাষ্ট্ৰৰ ২৫ বৰ্ষীয় মাৰাথান খেলুৱৈ ললিতাক আয়োজক বৰ্গই অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিল। তাকে দেখি ললিতাই তেওঁৰ জন্মভূমি সাতাৰা জিলাৰ এখন স্থানীয় দোকানলৈ গৈ জীৱনৰ প্ৰথমযোৰ জোতা কিনি আনে৷ সতীৰ্থ দৌৰবিদসকলে কোনটো ব্ৰেণ্ডৰ জোতা পিন্ধে, সেই বিষয়ে কোনো ধাৰণা নাছিল কাৰণে ললিতাই নিজৰ পকেট খালী কৰি ১২০০ টকীয়া এযোৰ সাধাৰণ জোতা কিনি আনে।

২০১৪ চনৰ জানুৱাৰী মাহৰ এটা দেওবাৰে অনুষ্ঠিত হোৱা মুম্বাই মাৰাথানত একেৰাহে তৃতীয়বাৰ জয়ী হৈ হেট্ৰিক অৰ্জন কৰা পিচত ললিতাই কৈছিল - “মই আনকি এডিডাচ, পুমা, ৰি-ব’ক আদি কোম্পানীৰ নামেই শুনা নাছিলো। মোৰ জীৱনৰ প্ৰথম জোতাযোৰ পামা নামৰ এটা স্থানীয় কোম্পানীৰ আছিল, সেইযোৰ জোতাৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো৷ তাৰ বহুবছৰ পাছতহে মই দৌৰাৰ কাৰণে এই ব্ৰেণ্ডবোৰে বিশেষভাবে প্ৰস্তুত কৰা জোতা কিনিবলৈ লৈছিলো,” সেইবাৰ মাৰাথান সম্পূৰ্ণ কৰিবলৈ তেওঁ সৰ্বমুঠ ২ ঘণ্টা ৫০ মিনিট আৰু ৩১ ছেকেণ্ড সময় লোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলীট হিচাপে এক অভিলেখ ৰচনা কৰে। এই জয়ৰ এদিন পিছত তেওঁলৈ অহা প্ৰতিটো শুভেচ্ছাবাৰ্তা আৰু ফোনকলৰ যথাযথ উত্তৰ অতি ভদ্ৰ আৰু নম্ৰ ভাষাৰে দি ললিতাই নিজৰ অমায়িক চৰিত্ৰৰ পৰিচয় দিছিল৷ ললিতাই সেই মাৰাথানত পুৰস্কাৰ হিচাপে লাভ কৰা পইচাখিনি নিজৰ সৰু ভায়েকটোৰ শিক্ষাৰ নামত খৰচ কৰিবলৈ মনস্থ কৰে৷

মহাৰাষ্ট্ৰৰ সাতাৰা জিলাৰ খৰাংপীড়িত  মান তালুকৰ অৰ্ন্তভুক্ত মোহি গাঁৱৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ললিতাই সৰুৰে পৰাই দুখ-কষ্টৰ মাজেৰে জীৱন কটাইছে৷ পিছে নিজৰ প্ৰতিভাবান কন্যাই ক্ৰীড়া জগতখনৰ উচ্চ শিখৰত উপনীত হোৱাত যাতে কোনোধৰণৰ বাধাৰ সন্মুখীন নহয়, তাৰবাবে ললিতাৰ পিতৃ-মাতৃয়ে যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল৷ চাৰিটা সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰ ললিতাই কোৱা মতে, “মোক ভোকত নাৰাখিবলৈ যদি মোৰ মা-দেউতাই নিজে এসাজ নোখোৱাকৈও আছিল, সেই বিষয়ে তেওঁলোকে কিন্তু মোক কোনোদিন জানিবলৈ দিয়া নাছিল।”

Within two days of winning the gold at the Mumbai Marathon in 2014, Lalita Babar was back at her job as a ticket collector at Ghatkopar railway station
PHOTO • Sukhada Tatke

২০১৪ চনৰ মুম্বাই মাৰাথানত সোণৰ পদক লাভ কৰাৰ মাত্ৰ দুদিনৰ ভিতৰতে ললিতা বাবৰে নিজৰ কৰ্মস্থলী ঘাটকুপাৰ ৰেলৱে ষ্টেচনত টিকট সংগ্ৰাহকৰ চাকৰিটোত পুনযোগদান কৰে

দৌৰাৰ সৈতে ললিতাৰ সৰুতেই সম্পৰ্ক স্থাপন হৈছিল৷ ঘৰৰ পৰা ৪ কিঃমিঃ দূৰত থকা স্কুলখনলৈ দৌৰি দৌৰি যোৱা অভ্যাসৰ পৰাই ললিতা দৌৰাৰ প্ৰতি আগ্ৰহান্বিত হৈ পৰিছিল। তেওঁ কয়,“একেবাৰে সৰুকালিৰ পৰাই মোৰ খেলা-ধূলাৰ প্ৰতি যথেষ্ট ৰাপ আছিল, প্ৰথমতে মই খো-খো খেলিছিলোঁ যদিও পিছলৈ একক ক্ৰীড়া প্ৰতিযোগীতাসমূহত যোগদান কৰিব বিচাৰিছিলো৷ মই সদায় ঘৰৰ পৰা স্কুললৈ আৰু স্কুলৰ পৰা ঘৰলৈ দৌৰি অহা-যোৱা কৰি ভাল পাইছিলো৷ মোৰ মা-দেউতা বৰ সহজ-সৰল মানুহ, তেওঁলোকৰ ক্ৰীড়া- ক্ষেত্ৰখনৰ ওপৰত বিশেষ জ্ঞান নাছিল৷ কিন্তু মোৰ খুৰাই দৌৰাৰ কাৰণে মোক উৎসাহিত কৰাৰ লগতে উপযুক্ত প্ৰশিক্ষণো দিবলৈ আৰম্ভ কৰিছিল৷”

বাবৰে প্ৰথমতে স্কুলত আৰু পিছলৈ জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত এথলেটিকচ খেলিবলৈ আৰম্ভ কৰে৷ ২০০৫ চনত পূণেত অনুষ্ঠিত হোৱা ২০-অনুৰ্দ্ধ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ জীৱনৰ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছিল৷ তাৰ পিছতে তেওঁ ভাৰতীয় ৰেলৱেত টিকট-সংগ্ৰাহকৰ পদবীটোত নিযুক্ত হয়৷ ২০০৬ চনৰ পৰা বেংগালুৰুৰ ৰাষ্ট্ৰীয় শিবিৰত প্ৰশিক্ষণৰত ললিতাই কয়, “এটা সুস্থিৰ চৰকাৰী চাকৰিৰ অৰ্থ সুস্থিৰ দৰমহা, যাৰ কিছু অংশ মাহেকৰ মূৰত ঘৰলৈ পঠিয়াব পাৰো৷” এইবছৰ অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছ্ আৰু এছিয়ান গেমছত উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ বাবে ললিতাই নিজক সাজু কৰাত গুৰুত্ব দিছে৷

মুম্বাই ৰেলৱেত কনিষ্টবল হিচাপে কৰ্মৰত ললিতাৰ ভনীয়েক জয়শ্ৰীয়েও জীৱনত যুঁজি যাবলৈ নিজৰ বায়েকৰ পৰা অপৰিসীম প্ৰেৰণা লাভ কৰা বুলি কয়৷ “মোৰ বাইদেউৰ কথা ভাবিলে মনটো সাহসেৰে ভৰি পৰে আৰু তাইক দৌৰা দেখিলে মোৰো মন যায় বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত ভাগ ল’বলৈ৷ সেই কাৰণে আৰক্ষী বাহিনীয়ে অনুষ্ঠিত কৰা সকলোবোৰ প্ৰতিযোগিতামূলক ক্ৰীড়ানুষ্ঠানতে মই অংশগ্ৰহণ কৰোঁ৷”

কৃষিকৰ্মত ব্যস্ত থকা ললিতাৰ পিতৃ- মাতৃয়ে নিজৰ দৰিদ্ৰ অৱস্থাৰ কাৰণে জীয়েকে পৃথিৱীৰ বিভিন্ন দেশত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি বিজয়ী হোৱা ক্ষণবোৰ উপভোগ কৰিবলৈ কেতিয়াও যাব নাই পৰা৷ ললিতাই কয়, “তেওঁলোকে কিন্তু মোৰ খেলসমূহ সদায় টেলিভিচনত উপভোগ কৰে। মোৰ মাতৃয়ে বিভিন্ন বাতৰি-কাকতৰ পৰা মোৰ ফটোবোৰ কাটি কাটি সংগ্ৰহ কৰি এটা ফাইল বনাই ৰাখিছে৷ মই ঘৰলৈ যোৱাৰ সুযোগ ডেৰ বছৰমানৰ মূৰত এবাৰহে পাওঁ, তাকো অতি কম দিনৰ কাৰণে৷ সেইকেইদিন মই মোৰ পৰিয়ালৰ লগত সময় কটাই ভাল পাওঁ যদিও গাঁৱৰ প্ৰত্যেকজন মানুহেই মোক দেখা কৰিবলৈ আহে।”

পুনঃসংযোজন: ৰিঅ’ অলিম্পিক ২০১৬ত ভাগ লোৱাৰ পথত: ২০১৫ চনৰ জুন মাহত চীনৰ য়ুহানত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপত ষ্টেপলচেজ প্ৰতিযোগীতাত সোণৰ পদক লাভ কৰি বিজয়ী হ’বলৈ ললিতাই মাত্ৰ ৯:৩৪.১৩সময় লৈ ইতিহাস ৰচে৷ ইয়াৰ পাছতেই তেওঁ ৰিঅ’ অলিম্পিক খেলাৰ কাৰণে যোগ্যতা অৰ্জন কৰে৷ তেওঁ ষ্টেপলচেজ আৰু মাৰাথন দুয়োটা দৌৰ প্ৰতিযোগীতাতে অংশগ্ৰহণ কৰাৰ কাৰণে যোগ্যতা অৰ্জন কৰিছে; কিন্তু কোনটো প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰিব সেয়া এতিয়াও স্থিৰ হোৱা নাই৷ ললিতাই ২০১৫ বৰ্ষত আগষ্ট মাহত বেইজিঙত অনুষ্ঠিত হোৱা ১৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় এছ’চিয়েশ্যন অৱ এথলেটিকছ ফেডাৰেচন বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ৮ম স্থান দখল কৰিবলৈ সক্ষম হয় আৰু ফাইনেলত প্ৰবেশ কৰা প্ৰথম গৰাকী ভাৰতীয় ক্ৰীড়াবিদ হিচাপে বিশ্ব অভিলেখ ৰচে৷

এই বাতৰিতো দা হিন্দু কাকতখনত ২০১৪ চনৰ ২২ জানুৱাৰীত প্ৰকাশ পাইছিল।

অনুবাদ: ডেইটী

Sukhada Tatke

சுகஹதா தட்கே ஹவுஸ்டன், டெக்சாசில் வசிக்கும் தனித்து இயங்கும் பத்திரிக்கையாளர். இதற்கு முன்னர் அவர் மும்பையில் தி டைம்ஸ் ஆப் இந்தியா, தி இந்து ஆகிய நாளிதழ்களில் வேலை பார்த்தார். அவரின் கட்டுரைகள் டெக்சாஸ் மன்த்லி, ஹவுஸ்டன் கிரானிக்கிள், ஸ்க்ரோல்.இன் ஆகிய இதழ்களில் அவரின் கட்டுரைகள் வெளிவந்துள்ளன.

Other stories by Sukhada Tatke
Translator : Deity

Deity is a translator and writer from Guwahati. She wants to live like a free bird.

Other stories by Deity