ৰীতা আক্কাৰ জীৱনটোৱে আমাক এটাই শিক্ষা দিয়ে যে এই পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন মানুহৰ জীৱনৰে এক বিশেষ উদ্দেশ্য আছে৷ পেছাত এগৰাকী চাফাই কৰ্মচাৰী হিচাপে কৰ্মৰত বিধবা আক্কাই কাণেৰে নুশুনাৰ উপৰি কথাও ক’ব নোৱাৰে৷ তেওঁৰ একমাত্ৰ ১৭ বছৰীয়া ছোৱালীজনীয়েও মাকক অকলশৰীয়া কৰি এৰি আইতাকৰ লগত থাকিবলৈ গুছি গৈছে। ৪২ বৰ্ষীয় ৰীতা আক্কা নিসংগ যদিও তেওঁ এই যুদ্ধত হাৰ মনা নাই।
ওচৰ-চুবুৰীয়াই তেওঁক ‘ৰীতা আক্কা’ বুলিয়েই সম্বোধন কৰে যদিও কিছুমানে তেওঁক ‘উমাছি’ (মূক-বধিৰসকলৰ প্ৰতি ব্যৱহাৰ কৰা ইতিকিংসূচক মাত) বুলিও মাতে৷ ৰীতা আক্কাই কিন্তু এইবোৰক ভ্ৰুক্ষেপ নকৰি প্ৰতিদিন ৰাতিপুৱাই চেন্নাই পৌৰনিগমৰ চাফাই কৰ্মী হিচাবে তেওঁৰ আৱৰ্জনা সংগ্ৰহ কৰা কামতো কৰিবলৈ ঘৰৰ পৰা ওলাই যায়৷ মাজে-সময়ে কেতিয়াবা অত্যধিক শাৰীৰিক পৰিশ্ৰমৰ কাৰণে সন্ধিয়া সময়লৈ গাৰ বিষ অনুভৱ কৰে যদিও তেওঁ নিজৰ কামত কেতিয়াও গাফিলতি নকৰে৷ কামৰ প্ৰতি এনে সমৰ্পণ আক্কাৰ অদ্ভুত ধৰণৰ আৱৰ্জনা কঢ়িওৱা থেলা- ৰিক্সাখন চালেই বুজিব পাৰি৷ ৰিক্সাখনত ৰীতা আক্কাই নিজৰ নামতো বেলেগ বেলেগ ৰঙেৰে তিনিবাৰ ঘঁহি ঘঁহি লিখি লৈছে৷ প্ৰতিটো দিনৰ শেষত গৃহ নিৰ্মাণ আয়োগে কট্টুপুৰাম অঞ্চলত আক্কাৰ নামত দিয়া সৰু নিসংগ কোৱাৰ্টাৰটোলৈ ঘূৰি যায়৷
ৰীতা আক্কাই কুকুৰ-মেকুৰীবোৰক লগ কৰাৰ আগেয়ে সদায় প্ৰথমতে এখন সৰু দোকানৰ পৰা কুকুৰৰ কাৰণে বিস্কুট আৰু এখন মাংসৰ দোকানৰ পৰা মেকুৰীৰ কাৰণে কুকুৰাৰ মাংসৰ ৰৈ যোৱা টুকুৰা কিছুমান কিনি লৈ যায়
নিজৰ অকলশৰীয়া আৰু বিষাদগ্ৰস্ত জীৱনৰ লগত সহবাস নকৰি ৰীতাই ৰাস্তাৰ কুকুৰ-মেকুৰীবোৰৰ লগত থাকি সিহঁতৰ সৈতে কথা পতাত, সিহঁতক নিজ হাতে খাদ্য খুৱাই দিয়াত নিজকে ব্যস্ত কৰি ৰাখে৷ কাৰণ এই কাম কৰি তেওঁ যি মানসিক প্ৰশান্তি লাভ কৰে তাৰ পৰাই নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি পাইছে৷ কট্টুপুৰামৰ ৰাস্তাই-ঘাটে থকা প্ৰতিটো কুকুৰে সন্ধিয়া তেওঁ কাম শেষ কৰি সিহঁতৰ ওচৰলৈ অহালৈ ধৈৰ্য্য ধৰি ৰৈ থাকে৷
ৰীতা আক্কাৰ জন্ম তিৰুভন্নামালাই জিলাৰ এখন সৰু চহৰত (২০১১ চনৰ লোকপিয়লমতে সেইখন জিলাৰ শতকৰা ৮০ শতাংশ মানুহেই গ্ৰাম্যাঞ্চলত বাস কৰে)৷ কিন্তু প্ৰায় দুই দশক পূৰ্বে মাক-দেউতাকৰ লগত ৰীতা আক্কাইও জীৱিকাৰ সন্ধানত চেন্নাইলৈ গুচি আহিছিল৷ চন-তাৰিখ তেওঁৰ সঠিককৈ মনত নাই যদিও তেতিয়াৰ পৰাই অতি কম দৰমহাৰ বিনিময়ত মানুহৰ ঘৰে ঘৰে কাম কৰিব লগা হোৱা কথাতো খুব ভালদৰেই মনত আছে। সাত বছৰমান আগতে তেওঁ চেন্নাই পৌৰনিগমৰ এই ঠিকাভিত্তিক চাকৰিটোত যোগদান কৰিছে৷ প্ৰথমতে দৈনিক ১০০ টকা হাজিৰাত কাম কৰা আক্কাই বৰ্তমান মাহেকত ৮০০০ টকা উপাৰ্জন কৰে৷
জাবৰৰ মোনা, ঝাড়ু আৰু ব্লিছিং পাউদাৰ হাতত লৈ ৰীতা বাইয়ে কট্টুপুৰাম চহৰৰ অতিকমেও ৬টা মান ডাঙৰ ডাঙৰ ৰাস্তা চাফা কৰে৷ এই কামবোৰ কৰোঁতে তেওঁ হাতত কেতিয়াও কোনোধৰণৰ গ্লাভছ পিন্ধি নলয়, ভৰিত জোতাও নিপিন্ধে বা তেনে কোনো অন্য সুৰক্ষামূলক উপকৰণৰো ব্যৱহাৰ নকৰে৷ জাৱৰ- জোঁথৰ আৰু আৱৰ্জনাসমূহ সংগ্ৰহ কৰি তেওঁ ৰাস্তাত থকা নিগমৰ ডাষ্টবিনবোৰত পেলাই দিয়ে, যিবোৰ পিছত পৌৰনিগমৰ গাড়ীবোৰে পুনঃব্যৱহাৰযোগ্য কৰাৰ কাৰণে লৈ যায়৷ দৈনিক ৰাতিপুৱা ৮ টা বজাৰ পৰা কাম আৰম্ভ কৰা ৰীতাৰ কৰ্তব্যৰ সামৰণি পৰে একেবাৰে আবেলি সময়তহে৷ কাম কৰি থাকোঁতে এবাৰ এটা দূৰ্ঘটনাত পতিত হৈ এটা চকুৰে অলপ কম দেখা হৈছে বুলি তেওঁ আমাক কৈছিল৷ আনহাতে ভৰিত জোতা নিপিন্ধাকৈ কাম কৰি থাকে কাৰণে তেওঁৰ ভৰিত কিছুমান ফোঁহাৰ নিচিনাও হৈছে৷ কিন্তু ৰীতা আক্কা নিশ্চিত যে ইয়াতকৈ অধিক স্বাস্থ্যৰ ক্ষতি তেওঁৰ নাই হোৱা৷
তেওঁৰ উপাৰ্জনৰ এটা ডাঙৰ অংশ সদায় কুকুৰ আৰু মেকুৰীৰ কাৰণে খোৱা বস্তু কিনাত খৰচ হয়৷ এই বিষয়ে তেওঁ নিজে কোনোদিনে একোৱেই নকয় যদিও ওচৰ-চুবুৰীয়াই কোৱা মতে তেওঁ দিনে ৩০ টকা মানকৈ সিহঁতৰ খোৱাৰ বাবদ খৰচ কৰে৷
ৰীতা আক্কাই এই পশুবন্ধুবোৰক লগ ধৰিব যোৱাৰ আগতে প্ৰতিদিনে প্ৰথমতে এখন সৰু দোকানৰ পৰা কুকুৰৰ কাৰণে বিস্কুট আৰু এখন মাংসৰ দোকানৰ পৰা মেকুৰীৰ কাৰণে কুকুৰা মাংসৰ মানুহে নোখোৱা অংশ কিছুমান কিনি নিয়ে। আচলতে সেইবোৰক মাংস হিচাপে ধৰিব নোৱাৰি, কাৰণ গ্ৰাহকক বিক্ৰী কৰাৰ সময়ত চাফা কৰি এৰুৱাই দিয়া কুকুৰাৰ ছাল-বাকলি বা পেটুহে তেওঁ নিয়ে, যাক কোঝী চিলৰা বুলি কোৱা হয়৷ মাংসৰ দোকানীয়ে ১০ টকা মান মূল্যত ৰীতা আক্কাৰ নিচিনা গ্ৰাহকক সেইবোৰ বিক্ৰী কৰে৷
ৰীতা আক্কাৰ কাৰণে কুকুৰ-মেকুৰীবোৰৰ লগত সময় কটাই লাভ কৰা সুখানুভূতিৰ মূল্য সিহঁতক খুওৱাৰ নামত খৰছ হোৱা টকাকেইটাতকৈ বহুগুণে বেছি৷
তেওঁৰ স্বামী ঢুকুৱাৰ বহু বছৰ হ’ল। এই বিষয়ে হয়তো তেওঁ পাহৰি গৈছে নাইবা বিষয়টো তেওঁ এৰাই চলিব বিচাৰে। স্বামী ঢুকুৱাৰ পাছৰ পৰাই ৰীতা আক্কাই নিজৰ দায়িত্ব নিজেই লৈছে। ওচৰ-চুবুৰীয়াসকলে কোৱা মতে অৱশ্যে তেওঁৰ স্বামী এজন মদাহী আছিল৷ তেওঁৰ ছোৱালীজনীয়েও খুব কমেইহে মাকক দেখা কৰিবলৈ আহে৷
ইমান নিৰাশা আৰু বিষাদৰ মাজতো কিন্তু ৰীতা আক্কাক সদায় হাঁহি-ফূৰ্তিতে থকা দেখিবলৈ পোৱা যায়৷ নিজৰ পশু-বন্ধুবোৰৰ লগত থকা সময়খিনিত তেওঁৰ মুখখন উজলি থাকে৷
অনুবাদ: ডেইটী