“গাত ৰং কৰাটো বৰ টান কাম হৈ পৰে। গোটেই ৰাতি সাৰে থাকিব লাগে (ৰং কৰা আৰু শুকুওৱাৰ বাবে),” প্ৰথমবাৰৰ বাবে গাত তেল ৰং লগাই থকা আয়ুস নায়কে কয়। “গোটেই গাটো পোৰে। যিমান পাৰি সোনকালে ৰংবোৰ শুকুৱাবলৈ যত্ন কৰোঁ,” ১৭ বৰ্ষীয় আয়ুসে কয়।
দুৰ্গোৎসৱ আৰু জন্মাষ্টমীৰ সময়ত আয়োজিত পিলি ভেশা (হুলি ভেশা নামেও জনা যায়)ৰ প্ৰস্তুতিৰ সময়ত গাত উজ্জ্বল ৰঙৰ পটি আকি বিশেষ লোকনৃত্য প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলোৱা কৰ্ণাটকৰ উপকূলীয় অঞ্চলৰ চেঙেলীয়া ল’ৰা-ছোৱালীৰ মাজৰ আয়ুসো এজন। এইবিধ নৃত্য প্ৰদৰ্শনৰ সময়ত গুমগুমাই যোৱা টাচাৰ চেৱে চেৱে তেওঁলোকে বাঘৰ মুখা পিন্ধি নাচে আৰু গোঁজৰে।
উপকূলীয় কৰ্ণাটকৰ স্থানীয় টুলু ভাষাত পিলি মানে বাঘ আৰু ভেশা মানে প্ৰসাধন। “কাৰো পৰা একো শিকিবলগীয়া নহয়। এয়া আমাৰ তেজত আছে,” যোৱা ২২ বছৰ ধৰি পিলি ভেশা প্ৰদৰ্শন কৰি অহা বীৰেন্দ্ৰ শেট্টিগাৰে কয়। “টাচাৰ শব্দ আৰু পৰিৱেশটোৱে সৃষ্টি কৰা প্ৰবল শক্তিয়ে গাত জোৰ আনে আৰু আমি টাচাৰ তালে তালে নাচিবলৈ লওঁ,” তেওঁ কয়। ৩০ বৰ্ষীয় বীৰেন্দ্ৰই আমাজনৰ বিতৰক হিচাপে কাম কৰে আৰু গাঁৱৰ ল’ৰা-ছোৱালীক এই নৃত্যত ভাগ লোৱাৰ বাবে উৎসাহ যোগায়।
শিল্পীসকলে গোটেই গাত হালধীয়া আৰু মুগা পানীৰঙেৰে পটি বোলাই দেখাত বাঘ, নাহৰফুটুকী আৰু পেন্থাৰৰ দৰে ৰূপ ধৰে। আগতে ছাই, শিপা আৰু ভেঁকুৰ আদিৰ উজ্জ্বল ৰং গাত বোলাই তেওঁলোকে দেখাত বাঘৰ দৰে ৰূপ লৈ নাচিছিল।
আজিকালি এই নৃত্য অধিক জংগী হৈ পৰিছে আৰু বিভিন্ন দুঃসাহসিক ক্ৰীড়া-কৌশল যেনে পিছফালে আৰু আগফালে শূন্যতে ঘূৰি জাপ মৰা, মূৰত নাৰিকল ভঙা, জুইৰে খেল দেখুওৱা আদি এই নৃত্যৰ অংশ হৈ পৰিছে। এই নৃত্যৰ প্ৰস্তুতি আৰু প্ৰযোজনাত ডাঙৰে কৰিব নোৱাৰা হৈছে, সেয়ে সৰু ল’ৰা-ছোৱালীক এই পৰম্পৰা অব্যাহত ৰখাৰ দায়িত্ব দিছে।
এই পৰম্পৰাগত নৃত্যৰ প্ৰস্তুতি পৰিৱেশলৰ আগদিনাৰ পৰাই আৰম্ভ হয়। গাত আৰু মুখত ৰং বোলাবলৈ কেবাঘণ্টা লাগে আৰু সেয়া উৎসৱ শেষ নোহোৱালৈকে ৰাখিব লাগে। “প্ৰথমে বৰ টান যেন লাগে। কিন্তু টাচাৰ মাত শুনাৰ পিছত আপোনাৰ গা নিজে নাচিবলৈ ধৰে,” দ্বাদশ শ্ৰেণীত অধ্যয়নৰত আয়ুসে কয়।
টাচা (ঢোলজাতীয় এবিধ বাদ্য)ৰ তালৰ সৈতে মিলাকৈ মানুহে গাত পিলিৰ দৰে দেখাকৈ ৰং সানি লয় আৰু মানুহক মনোৰঞ্জন দিয়াৰ লগতে পৰম্পৰাবিধৰ প্ৰতি ভক্তিভাৱ ৰাখি নাচে। ল’ৰাবোৰে বাঘৰ দৰে দেখিবলৈ গোটেই গাত ৰহন সানে যদিও ছোৱালীবোৰে কেৱল মুখত ৰং সানে আৰু কপাহী কাপোৰেৰে চিলোৱা বাঘৰ কষ্টিউম পিন্ধি লয়। পিলি ভেশাত ছোৱালীৰ অংশগ্ৰহণ শেহতীয়াকৈ বাঢ়িছে।
এই নৃত্য পৰিৱেশন কৰা গোটক দৰ্শকে আগতে চাউল আৰু ধান আদি দিছিল। সেয়া উপকূলীয় কৰ্ণাটকত সততে উপজা ফচল। আজিকালি চাউলৰ ঠাই টকাই লৈছে। প্ৰতিটো গোটৰ নৃত্যশিল্পীয়ে গাইপতি দুদিনীয়া পৰিৱেশনৰ বাবদ ২,৫০০ মান টকা লয়। দুঃসাহসিক ক্ৰীড়া আৰু নৃত্য প্ৰদৰ্শন কৰাসকলে এই দুদিনীয়া উৎসৱত পৰিৱেশন কৰি অতিৰিক্ত ৬,০০০ টকা পায়। “ইমান মানুহে একেলগে পিলি ভেশা নাচি থকা দেখিলে আপোনাৰো গাটো নিজে নিজে নাচিবলৈ ধৰিব,” আয়ুসে কয়।
প্ৰদৰ্শনী সাধাৰণতে হাউছিং কলনিৰ কমিটিয়ে আয়োজন কৰে। আয়ুস আৰু তেওঁৰ লগৰীয়াবোৰ য়ুবা টাইগাৰ্চ মাঞ্চি গোটৰ সদস্য। এই গোটে গোটেই বছৰটোত উডুপিৰ মণিপালত অনুষ্ঠিত হোৱা পিলি ভেশা উৎসৱৰ পূঁজি যোগাৰ কৰে। এই উৎসৱ আয়োজনৰ বাবে ২ লাখৰো অধিক টকাৰ প্ৰয়োজন হয়। চিত্ৰশিল্পী আৰু নৃত্যশিল্পীক পইচা দিব লাগে। তেওঁলোকৰ যাতায়ত, খাদ্য, ৰং যোগান আৰু কষ্টিউম আদিৰো খৰছ তাৰ পৰাই আহে।
দৰ্শকক আনন্দ দিয়াটোৱে নৃত্যশিল্পীসকলৰ মূল উদ্দেশ্য যদিও এই শতিকা পুৰণি পৰম্পৰাৰ ক্ষেত্ৰত নিয়ম-নীতিখিনিও তেওঁলোকে মানি চলে যাতে সেয়া ভৱিষ্যতলৈ সংৰক্ষিত হৈ ৰয়। দিনটোৰ শেষত, “আমাৰ গা বহুত বিষায়, কিন্তু আমি মানুহক মনোৰঞ্জন যোগাই যাওঁ আৰু এই পৰম্পৰাক বচাই ৰাখো,” আয়ুসে কয়।
অনুবাদ: পংকজ দাস