শীতকালীন শস্য চপোৱাৰ সময় আহি পৰিছে মানে কৃষ্ণা আম্বুলকাৰে পুৱা ৭ বজাতে ঘৰে ঘৰে গৈ ৱচুলি কৰাত লাগিছে। ৱচুলি মানে তাত সম্পত্তি আৰু জল কৰ উদ্ধাৰ অভিযান।
“খেতিয়কসকল ইমানেই সম্বলহীন যে ৱচুলিৰ ৬৫ শতাংশ উঠাটোও ডাঙৰ কথা,” জামকলিৰ একমাত্ৰ পঞ্চায়ত কৰ্মীগৰাকীয়ে কয়।
জামকলি নাগপুৰৰ পৰা ৭৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ঘাইকৈ তাত উপান্ত আৰু ক্ষুদ্ৰ খেতিয়ক শ্ৰেণীৰ মানা আৰু গোৱাৰি (অনুসূচিত জনজাতি) লোকৰ বসতি। তেওঁলোকে কপাহ, ছয়াবিন, ৰহৰ মাহ আৰু কুঁৱা বা ব’ৰৱেল থাকিলে ঘেঁহুৰো খেতি কৰে। চল্লিশ বৰ্ষীয় কৃষ্ণা গাওঁখনৰ একমাত্ৰ অনান্য পিছপৰা শ্ৰেণী নাঃভি (নাপিত) সম্প্ৰদায়ৰ লোক।
কৃষিক এইবাৰ বাজেটত গুৰুত্ব দিয়া হৈছে বুলি কৰা নতুন দিল্লীৰ দাবী আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে কৰ ৰেহাই ঘোষণা যদিও কৰা হৈছে, আম্বুলকাৰ পিছে চিন্তিত আন এটা কথাক লৈহে - পঞ্চায়তৰ কৰ উদ্ধাৰ কেনেকৈ কৰা যায়। আনফালে খেতিয়কসকল চিন্তিত হৈছে শস্যৰ নবঢ়া দামক লৈ।
কৃষ্ণাৰ চিন্তাক বৰ সহজে ব্যাখ্যা কৰিব পাৰি: কথাটো হৈছে তেওঁ যদি কৰ সংগ্ৰহত ব্যৰ্থ হয়, তেওঁ পাবলগীয়া ১১,৫০০ টকাৰ দৰমহা নাপাব যিটো পঞ্চায়তৰ ৫.৫ লাখ ৰাজহ কৰৰ পৰা আহে।
![](/media/images/02a-IMG20250203102238-JH-Our_budgets_are_t.max-1400x1120.jpg)
![](/media/images/02b-IMG20250203131606-JH-Our_budgets_are_t.max-1400x1120.jpg)
বাওঁফালে: জামকলি গাওঁ পঞ্চায়তৰ একমাত্ৰ কৰ্মচাৰী কৃষ্ণা আম্বুলকাৰ। তেওঁ পঞ্চায়তৰ কৰ উদ্ধাৰক লৈ চিন্তিত, কিয়নো তেওঁ সংগ্ৰহ কৰা কৰৰ পৰাই তেওঁৰ দৰমহা আহিব। সোঁফালে: জামকলিৰ সৰপঞ্চ শাৰদা ৰাউতে কয় যে তাৰে খেতিয়কসকল মুদ্ৰাস্ফীতি আৰু বৰ্ধিত উত্পাদন ব্যয়ৰ বাবে চলিব নোৱাৰা হৈছে
“আমাৰ উত্পাদন ব্যয় দুগুণ-তিনিগুণ হৈছে। ইফালে বস্তুৰ মহঙা দামে আমাৰ সঞ্চয় শেষ কৰি পেলাইছে,” গোৱাৰি সম্প্ৰদায়ৰ সৰপঞ্চ শাৰদা ৰাউতে কয়। ৪৫ বৰ্ষীয় মহিলাগৰাকীয়ে নিজৰ পৰিয়ালৰ দুই একৰ মাটিত খেতি কৰাৰ লগতে কৃষিশ্ৰমিক হিচাপেও কাম কৰে।
শস্যৰ দাম বাঢ়ক ছাৰি পৰিবহে ধৰিছে। ছয়াবিন এক কুইণ্টলত যি ৪,৮৫০ টকাৰ নূন্যতম সমৰ্থন মূল্য ধৰি দিয়া আছে, তাতকৈ প্ৰায় ২৫ শতাংশ কম দামত বিক্ৰী হৈছে। কপাহৰ দাম প্ৰতি কুইণ্টলত বছৰ বছৰ ধৰি ৭,০০০ টকাই হৈ আছে আৰু ৰহৰ দাইলৰ দাম সাতৰ পৰা চাৰে সাত হাজাৰ প্ৰতি কুইণ্টল বিক্ৰী হৈ আছে, যিটো এমএচপিৰ আশে-পাশে আছে।
আটাইবোৰ উত্স মিলাইও গাঁৱৰ কোনো এটা পৰিয়ালেও বছৰি ১ লাখৰ ওপৰত উপাৰ্জন নকৰে। মন কৰিবলগীয়া কথা যে টেক্স ব্ৰেকেটৰ একেবাৰে তলত থকাচামে সিমানখিনি বচাব পাৰিব বুলি শেহতীয়া কেন্দ্ৰীয় বাজেটত কোৱা হৈছে।
“চৰকাৰৰ বাজেটৰ কথা আমি একো নাজানো, কিন্তু ইমানখিনি জানো যে আমাৰ নিজৰ বাজেট ঘাটি চলি আছে,” শাৰদাই বিজ্ঞলোকৰ দৰে মন্তব্য কৰে।
অনুবাদ: পংকজ দাস