চাৰিওফালে ‘খেলা হবে’ আৰু ‘অবকি বাৰ ৪০০ পাৰ’ দেখিব ঠিকেই, কিন্তু আমাৰ গৃহৰাজ্যখন যেন ভাৰতৰ এক ক্ষুদ্ৰ প্ৰতিৰূপ। চৰকাৰী যোজনা, চিণ্ডিকেট মাফিয়া, চৰকাৰী অনুদান আৰু অধিকাৰৰ আন্দোলনেৰে পগোৱা যেন খিচিৰি।

চাকৰি আৰু নিয়োগৰ অভাৱত ভোগা নিৰাশ যুৱচাম আৰু গৃহহীন প্ৰব্ৰজনকাৰী, কেন্দ্ৰ আৰু ৰাজ্যৰ যুঁজত বিৰিণা হৈ পৰা সাধাৰণ মানুহ, জলবায়ু পৰিৱৰ্তনে মাধমাৰ শোধোৱা কৃষক আৰু কট্টৰ কথা-বতৰাৰ বিৰুদ্ধে যুঁজি থকা এমুঠি সংখ্যালঘুৰে ভৰা এইখন ৰাজ্য। এফালে অনুভূতিত আঘাত, আনফালে হাড় ভাঙি যোৱা শ্ৰম। জাতি, ধৰ্ম, লিংগ, ভাষা, গোষ্ঠী, সম্প্ৰদায় আৰু ধৰ্মৰ সংঘাতময় পৰিস্থিতিয়ে এক হতাশাৰ পৰিৱেশ জন্ম দিয়া প্ৰতিবেদকে দেখিছে।

এই কোলাহলৰ মাজতো আমি ৰিণি ৰিণি শুনো অসহায়, উন্মাদনাৰ চিকাৰ, অবোধ অথচ নেতাবোৰে কোৱা সঁচা-মিছা বিচাৰ কৰিব পৰা জনতাৰ কণ্ঠ। সন্দেশখালিৰ পৰা হিমালয়ৰ পাহাৰীয়া চাহ বাগিচাবোৰলৈ, কলকাতাৰ পৰা ৰাৰলৈ আমি পাহৰি পেলোৱা গাওঁবোৰলৈ, এই প্ৰতিবেদক আৰু কবিয়ে ক্ষীণ অথচ অহৰহ গুজৰি-গুমৰি থকা জনতাৰ কণ্ঠ শুনিছে।

জশুৱা বোধিনেত্ৰই কবিতাটি আবৃত্তি কৰা শুনক

আমি সন্দেশখালিৰ পৰা আৰম্ভ কৰিলো, পশ্চিমবংগৰ সুন্দৰবন বদ্বীপ এলেকাৰ স্বল্পখ্যাত এখন ঠাই, যিখনত মাটি আৰু মহিলাৰ দেহৰ ওপৰত নিয়ন্ত্ৰণৰ ৰাজনৈতিক খেল চলি থাকে।

দবাখেল

আহিলোঁ, দেখিলোঁ, জয় কৰিলোঁ
এইয়া ‘ইডি’ আহিছে৷
সন্দেশখালি গাৱঁত -
ৰাতিটোৱে হুমুনিয়াহ কাঢ়িছে মাথোন
মাইকী মানুহ মখা, গোটেইবোৰ বন্ধকীত,
টিভিৰ এংক’ৰ কেইজনেও গেঙাই উঠিছে, “ৰাম ৰাম, আলি আলি!”

PHOTO • Smita Khator

মুৰ্শ্চিদাবাদৰ দেৱাল এখনত টিএমচিৰ গ্ৰাফিটি এখনত লিখা আছে – ‘খেলা হবে’

PHOTO • Smita Khator

মুৰ্শ্চিদাবাদৰ দেৱাল এখনত গ্ৰাফিটি এটাত লিখা আছে, ‘তুমি কয়লা আত্মসাৎ কৰিলা, গাইবোৰ চুৰি কৰিলা, আমি বুজিছো, কিন্তু তুমি নদীৰ পাৰৰ বালিখিনিও নেৰিলা, আমাৰ পত্নী আৰু জীয়াৰীবোৰকো ৰেহাই নিদিলা – এয়া সন্দেশখালিৰ কথা’

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: উত্তৰ কলকাতাৰ পুজা পেণ্ডেলত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ বিষয়ত মাত মতা হৈছে: ফান্দি কৰে বান্দি কৰো (তুমি আমাক আভুৱা ভাঁৰি বন্দী বনাইছা)। সোঁফালে: সুন্দৰবনৰ বালি দ্বীপৰ প্ৰাথমিক বিদ্যালয় এখনৰ প্ৰদৰ্শনীত মহিলাৰ প্ৰতি হিংসাৰ বিৰুদ্ধে মাত মতা হৈছে। আমৰা নাৰী, আমৰা নাৰী – নিৰ্যাতান বন্ধ কৰতে পাৰি (আমি নাৰী। নাৰীৰ বিৰুদ্ধে নিৰ্যাতন বন্ধ কৰিব আমিয়েই পাৰিম)

*****

জংগল মহল নামে প্ৰখ্যাত এলেকা পাৰ হৈ আমি বাংকুৰা, পুৰুলিয়া, পশ্চিম মেদিনীপুৰ আৰু ঝাৰগ্ৰাম জিলাৰ মাজেৰে পাৰ হৈ আহি মহিলা খেতিয়ক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকক লগ পালো।

ঝুমুৰ

বাহিৰৰ কাম্‌লাবোৰ আহি
বালিত পোত গ’ল৷
এয়াই আমাৰ পোৰা মাটিৰ দেশৰ সাধু৷
‘পানী’ বুলিলেই ধৰ্ম নিন্দা হ’ব,
তুমি বুলিব লাগিব ‘জল’!
বন মহলৰ হেনো তৃষ্ণা এনেকুৱাই৷

PHOTO • Smita Khator
PHOTO • Smita Khator

পানীৰ তীব্ৰ সংকট, ক্ৰমে শোচনীয় হৈ পৰা খেতি-বাতি, জীৱিকাৰ সংকট আৰু সমস্যাৰ মাজেৰে জীয়াই থকা পুৰুলিয়াৰ মহিলা খেতিয়কসকল

*****

হ’ব পাৰে বিশ্বৰ বাবে দাৰ্জিলিং পাহাৰৰ ৰাণী, কিন্তু সেই বাগিচাবোৰত দিনৰ দিনটো হাড়ভঙা শ্ৰম কৰি থকা আদিবাসী মহিলাৰ বাবে নহয়, তেওঁলোকৰ বাবে যে পেচাব কৰিবলৈও এটুকুৰা ঠাই নাই। সেই ঠাইত মহিলাৰ সংগ্ৰাম আৰু লিংগ বৈষম্যৰ যি পৰিস্থিতি, তাক লৈ তেওঁলোকৰ ভৱিষ্যত শিলত কটা বুলিয়েই ক’ব পাৰি।

ব্লাডী মেৰী

চাহ একাপ খাব নেকি?
হোৱাইট পীয়’নী, উলং?
ৰ’ষ্ট খোৱা, ট’ষ্ট খোৱা ‘আপাৰ ক্লাচ’ বাঙালী৷
একাপ তেজ খাব নে,
নহ’লেবা এজনী আদিবাসী ছোৱালী?
কামেই কাম, ঘামেই ঘাম “আমি কৰিম, আমি কৰিম!”

PHOTO • Smita Khator

দাৰ্জিলিঙৰ এইখন গ্ৰাফিটিত আপোনাৰ চকু নোযোৱাকৈ থাকিব নোৱাৰে

*****

মুৰ্শ্চিদাবাদখন কেৱল বংগৰ সোঁমাজতে নাই, আন এক ধুমুহাৰ মাজতো আছে। সেয়া হৈছে নগদ ধনৰ বিনিময়ত স্কুলীয়া চাকৰি। ৰাজ্যৰ স্কুল সেৱা আয়োগ (এচএচচি)ৰ দ্বাৰা চৰকাৰী আৰু চৰকাৰী অনুদানপ্ৰাপ্ত স্কুলবোৰত শিক্ষক আৰু আন কৰ্মচাৰীৰ চাকৰিত প্ৰৱঞ্চনাৰে বৃহৎ হাৰত কৰা নিয়োগ উচ্চ ন্যায়ালয় এখনে অবৈধ বুলি নিৰ্দেশ জাৰী কৰাৰ পিছত যুৱচামৰ মাজত হতাশাই বিৰাজ কৰিছে। ১৮ বছৰো নোহোৱা বিড়ি বনোৱা ইউনিটবোৰত কাম কৰা ডেকা ডেকা ল’ৰাবোৰৰ শিক্ষাৰ ওপৰত ভৰসা একেবাৰে নাইকিয়া হৈ গৈছে। সিহঁতে কামৰ ভাল সুবিধাৰ সন্ধানত ওলাই যোৱাটোৱেই বিকল্প হিচাপে গ্ৰহণ কৰিছে।

যোগ্য প্ৰাৰ্থী

সিহঁত ধৰ্ণাত বহিল,
‘একনায়কত্ববাদ আৰু নচলিব!’
মিলিটাৰী বুট পিন্ধি পুলিচ আহিল-
চৰকাৰী চাকৰি,
কপাল ঐ, স্বাধীন নহয়!
শাস্তি আৰু পুৰস্কাৰ সকলো একেলগে৷

PHOTO • Smita Khator

মুৰ্শ্চিদাবাদৰ বহুতেই কৈশোৰ বয়সতে পঢ়াশালী এৰি বিড়ি বনোৱা কাৰখানাত সোমাইছে। ‘ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ মানুহ বেকাৰ হৈ বহি আছে। এচএচচিৰ যোগেদি চাকৰি পোৱাবিলাকে চাকৰিত যোগদানৰ বাবে ৰাস্তাত বহি ধৰ্ণা দিছে। সেই শিক্ষাৰে আমি কৰিম কি?’

*****

বছৰৰ যিটো মাহেই নহওঁক, আমি কলকাতাৰ এই ব্যস্ত পথৰ ভিৰ ফালি প্ৰতিবাদী মহিলা য’ত গোট খাইছে, তালৈ যাওঁ। অনুচিত আইন আৰু সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিবলৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা তাত মানুহ গোট খাইছে।

নাগৰিকত্ব

কাগজ লোৱা মানুহটো আহিছে৷
পলোৱা পলোৱা পাৰা যদি পলোৱা, কঠোৰ আদেশ পালিবই লাগিব!
তোমালোকৰ ‘কা’ নেমানো;
আমি কেতিয়াও নপলাওঁ,
বাংলাদেশী! বাংলাদেশী! পাউৰুটীৰ সলনি মিঠা পাউপিঠা?

PHOTO • Smita Khator

২০১৯ত কলকাতাত বিভিন্ন মহিলা সংগঠনৰ দ্বাৰা আয়োজিত মহিলা মাৰ্চৰ কাৰণে সাজু কৰা কাটআউট

PHOTO • Smita Khator

২০১৯ৰ মহিলা মাৰ্চ, কলকাতা: বিভিন্ন সামাজিক স্তৰৰ মহিলাসকলে জাতি-ধৰ্ম আৰু লিংগ বৈষম্য আৰু হিংসাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে

PHOTO • Smita Khator

কলকাতাৰ পাৰ্ক চাৰ্কাচ মৈদানত কা-এনআৰচিৰ বিৰুদ্ধে ওলাই অহা মুছলমান মহিলাৰ প্ৰতিবাদী ধৰ্ণা

*****

বীৰভূমত কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল গাওঁবোৰত আমি ভূমিহীন মহিলা আদিবাসী শ্ৰমিকক কাম কৰি থকা অৱস্থাত লগ পাইছিলো। পৰিয়ালৰ সামান্য মাটি থকা মহিলাইও দুআষাৰ কৈছিল।

শূদ্ৰাণী

অ’ বাবু, এইখন মোৰ বোকা লগা পট্টা- ৰঙা দোপাত্তাৰ দৰে ৰঙীণ আৰু ফটা৷
মোক খুদকণা এটা দিয়া, জীবলে দিয়া,
ময়ো খেতিয়কহে, খেতিয়কৰ পত্নী নহয়৷
মোৰ মাটি-বাৰী উচন গ’ল বাবু,
খৰে উচন কৰিলে সকলো...
মই এতিয়াও খেতিয়কেই, নে এটা চৰকাৰী সন্দেহ?

PHOTO • Smita Khator
PHOTO • Smita Khator

‘আমাৰ নিজা মাটি নাই। আমি সামান্য শস্যৰ বিনিময়ত খেতিপথাৰত কাম কৰোঁ,’ পশ্চিমবংগৰ বীৰভূমৰ খেতিপথাৰত ধান চপাই থকা চাওঁতালী মহিলা শ্ৰমিকে কয়

*****

এই ৰাজ্যৰ সাধাৰণ শ্ৰেণীয়ে উত্তৰ বিচাৰি নিৰ্বাচনলৈ অপেক্ষা নকৰে। দেশব্যাপী আন্দোলনৰ সমৰ্থনত মুৰ্শ্চিদাবাদ, হুগলি, নাদিয়াৰ মহিলাই আকৌ এবাৰ ওলাই আহিছে আৰু সমস্বৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

হাতুৰী

এই যে কন্দুৱা গেছবোৰ
যধেমধে এৰি দিয়ে —
কাৰখানাবোৰ বন্ধ হৈ যায়, মাটি খকুৱাহঁতে পিয়া পি দি ফুৰে৷
ক’লা ক’লা গড়ভেটাবোৰ৷
ন্যূনতম পাওনা -
এনৰেগা আৱদ্ধ গেৰুৱা ধুমুহাত৷

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: অল ইণ্ডিয়া কিষাণ সংঘৰ্ষ কোঅৰ্ডিনেচন কমিটি (এআইকেএছচিচি)ৰ মহিলা কিষাণ দিৱস ৰেলী, ২০২১ৰ ১৮ জানুৱাৰী। সোঁফালে: ‘সিহঁত আমাৰ ওচৰলৈ নাহে। আমাক কি লাগে, সেয়া আমি ক’বলৈ ইয়ালৈ আহিছো!’ অল ইণ্ডিয়া কিষাণ সভা (এআইকেএচ)ৰ ৰেলীত প্ৰতিবাদী কৃষকে কয়, ২০২৩ৰ ১৯ ছেপ্টেম্বৰ


টেক্সট্ অনুবাদ: পংকজ দাস
কবিতাৰ অনুবাদ: ৰুবী বৰুৱা দাস

Joshua Bodhinetra

ஜோஷுவா போதிநெத்ரா, பாரியின் இந்திய மொழிகளுக்கான திட்டமான பாரிபாஷாவின் உள்ளடக்க மேலாளராக இருக்கிறார். கொல்கத்தாவின் ஜாதவ்பூர் பல்கலைக்கழகத்தில் ஒப்பீட்டு இலக்கியத்தில் ஆய்வுப்படிப்பு படித்திருக்கும் அவர், பன்மொழி கவிஞரும், மொழிபெயர்ப்பாளரும், கலை விமர்சகரும், ச்மூக செயற்பாட்டாளரும் ஆவார்.

Other stories by Joshua Bodhinetra
Smita Khator

ஸ்மிதா காடோர், பாரியின் இந்திய மொழிகள் திட்டமான பாரிபாஷாவில் தலைமை மொழிபெயர்ப்பு ஆசிரியராக இருக்கிறார். மொழிபெயர்ப்பு, மொழி மற்றும் ஆவணகம் ஆகியவை அவர் இயங்கும் தளங்கள். பெண்கள் மற்றும் தொழிலாளர் பிரச்சினைகள் குறித்து அவர் எழுதுகிறார்.

Other stories by Smita Khator
Illustration : Labani Jangi

லபானி ஜங்கி 2020ம் ஆண்டில் PARI மானியப் பணியில் இணைந்தவர். மேற்கு வங்கத்தின் நாடியா மாவட்டத்தைச் சேர்ந்தவர். சுயாதீன ஓவியர். தொழிலாளர் இடப்பெயர்வுகள் பற்றிய ஆய்வுப்படிப்பை கொல்கத்தாவின் சமூக அறிவியல்களுக்கான கல்வி மையத்தில் படித்துக் கொண்டிருப்பவர்.

Other stories by Labani Jangi
Editor : Pratishtha Pandya

பிரதிஷ்தா பாண்டியா பாரியின் மூத்த ஆசிரியர் ஆவார். இலக்கிய எழுத்துப் பிரிவுக்கு அவர் தலைமை தாங்குகிறார். பாரிபாஷா குழுவில் இருக்கும் அவர், குஜராத்தி மொழிபெயர்ப்பாளராக இருக்கிறார். கவிதை புத்தகம் பிரசுரித்திருக்கும் பிரதிஷ்தா குஜராத்தி மற்றும் ஆங்கில மொழிகளில் பணியாற்றுகிறார்.

Other stories by Pratishtha Pandya
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das
Translator : Pankaj Das

பங்கஜ் தாஸ், அஸ்ஸாமி மொழியின் மொழிபெயர்ப்பு ஆசிரியராக PARI-ல் உள்ளார். கவுகாத்தியை தளமாகக் கொண்ட அவர், UNICEF உடன் பணிபுரியும் உள்ளூர்மயமாக்கல் நிபுணரும் ஆவார். அவர் idiomabridge.blogspot.com-ல் வார்த்தைகளுடன் விளையாட விரும்புபவரும் கூட.

Other stories by Pankaj Das