সস্তীয়া উদ্ভাৱনীৰ এক সুন্দৰ নিদৰ্শন বুলি ক’বলৈ মন যাব পাৰে। কিন্তু ৬৫ বছৰ বৰ্ষীয় নাৰায়ন দেশাই ইয়াক তেওঁৰ শিল্পকলাৰ মৃত্যু বুলি কয়। ইয়াত তেওঁ শ্বেহনাইৰ নিৰ্মাণশৈলী আৰু কৌশলৰ পৰিৱৰ্তনৰ কথা কৈছে, যিটো বজাৰ চাই তেওঁ কৰিবলৈ বাধ্য হৈছে। এনেকৈ তেওঁৰ শিল্পই অস্তিত্ব সংকটত ভুগিবলৈ ধৰিছে বুলি তেওঁ বুজিছে।

শ্বেহনাই হৈছে এক সুষিৰ বাদ্য, অৰ্থাৎ বতাহ বলাই বজোৱা বাদ্যযন্ত্ৰ। বিয়া-সবাহ আৰু স্থানীয় অনুষ্ঠান আদিত শ্বেহনাই বজোৱা হয়।

দুবছৰ আগলৈকে দেশাইয়ে নিৰ্মাণ কৰা প্ৰতিটো শ্বেহনাইৰে শেষৰফালে পিতলৰ এটা ঘণ্টা লাগি আছিল। পৰম্পৰাগতা হস্তিনিৰ্মিত শ্বেহনাইত এই মেলাহি অংশটো, যাক মাৰাঠীত ভাতি বুলি কোৱা হয়, সি বাদ্যযন্ত্ৰবিধৰ কাঠৰ অংশটোৰ পৰা ওলোৱা সুৰক তীক্ষ্ণ আৰু শ্ৰুতিমধুৰ কৰি তোলে। সত্তৰৰ দশকত তেওঁৰ কৰ্মজীৱনৰ সোণালী কালচোৱাত নাৰায়নৰ হাতত সকলো সময়তে এক ডজন পিতলৰ ঘণ্টা থাকিছিল, সেয়া তেওঁ আনিছিল কৰ্ণাটকৰ বেলাগাভি জিলাৰ চিকোডি চহৰৰ পৰা।

কিন্তু শেহতীয়া বছৰবোৰত দুটা কাৰণত অৰ্ধশতিকাৰ অভিজ্ঞতাৰে নিখুঁত হৈ উঠা তেওঁৰ হাতদুখনে বাদ্যযন্ত্ৰবিধ নিৰ্মাণৰ কৌশল সলনি কৰিবলৈ বাধ্য হৈছে। এটা হৈছে কাঁহৰ ঘণ্টাৰ বৰ্ধিত দাম আৰু দ্বিতীয়টো হৈছে গ্ৰাহকৰ ফালৰ পৰা এটা ভাল শ্বেহনাইৰ বিনিময়ত যিমানখিনি পইচা দিব লাগে, সেয়া দিয়াত অনিচ্ছা।

“মানুহে এতিয়া ৩০০ৰ পৰা ৪০০ টকাত শ্বেহনাই বিচৰা হৈছে,” তেওঁ কয়। পিতলৰ ঘণ্টাটোতে ৫০০ টকা লাগে, মানুহে বিচাৰিলে দিয়াটো টান বুলি তেওঁ কয়। ভালেকেইটা সাম্ভাব্য অৰ্ডাৰ হাতৰ পৰা ওলাই যোৱাত নাৰায়নে এটা উপায় বিচাৰি উলিয়াইছে। “গাঁৱৰ মেলাৰ পৰা প্লাষ্টিকৰ পেঁপা আনি তাৰ পিছফালটো কাটি পেলালে সেয়া দেখাত ঘণ্টা যেন হয়, সেয়াই পিতলৰ ঘণ্টাৰ ঠাইত লগাই দিয়া কৰিলো।”

“সুৰৰ ওপৰত প্ৰভাৱ পৰে ঠিকেই, কিন্তু সেয়াই আজিকালি মানুহক লাগে,” তেওঁ দুখ কৰি কয়। জনা-বুজা ক্ৰেতাক তেওঁ নিজাকৈ ভাতি লগাই দিয়ে। প্লাষ্টিকৰ ঘণ্টাটোত মুঠে ১০ টকা খৰছ হয়, কিন্তু তেওঁৰ নিজৰ শিল্পৰ সৈতে কৰা আপোচ কৰাৰ ফলত তেওঁৰ মনটো সেমেকে।

Narayan shows the plastic trumpet (left), which he now uses as a replacement for the brass bell (right) fitted at the farther end of the shehnai
PHOTO • Sanket Jain
Narayan shows the plastic trumpet (left), which he now uses as a replacement for the brass bell (right) fitted at the farther end of the shehnai
PHOTO • Sanket Jain

শ্বেহনাইৰ মূৰটোত ব্যৱহাৰ কৰা পিতলৰ ঘণ্টাৰ (সোঁফালে) ঠাইত লগোৱা প্লাষ্টিকৰ ঘণ্টা (বাওঁফালে) নাৰায়নে দেখুৱাইছে

তথাপি তেওঁ স্বীকাৰ কৰে যে এই কৌশল খটুওৱা নহ’লে শ্বেহনাই নিৰ্মাণৰ শিল্প মহাৰাষ্ট্ৰৰ সীমান্তত লাগি থকা উত্তৰ কৰ্ণাটকৰ ৮৩৪৬ জনসংখ্যা (২০১১ৰ লোকপিয়ল)ৰ মানকাপুৰ গাঁৱত মৃত্যু ঘটিলহেঁতেন।

যিমানদূৰ তেওঁৰ মনত পৰে, বেলাগাভিত আৰু ওচৰৰ মহাৰাষ্ট্ৰত বিয়া-সবাহ আৰু মল্লযুঁজৰ দৰে শুভ অনুষ্ঠানত শ্বেহনাই বজোৱা হয়। তেওঁ গৌৰৱেৰে কয়, “আজিও আমাক মল্লযুঁজৰ খেলত [পৰিৱেশনৰ বাবে) আমন্ত্ৰণ জনোৱা হয়। এই পৰম্পৰা সলনি হোৱা নাই। শ্বেহনাই বাদক নাথাকিলে খেল আৰম্ভ নহয়।”

৬০ আৰু ৭০ৰ দশকত তেওঁৰ পিতৃ টুকাৰামে প্ৰতিমাহে ১৫ টাতকৈও অধিক শ্বেহনাইৰ অৰ্ডাৰ পাইছিল। দূৰ-দুৰণিৰ পৰা অৰ্ডাৰ আহিছিল। পাঁচটা দশক পাৰ হ’ল, এতিয়া নাৰায়নে মাহত কোনোমতে দুটামানহে অৰ্ডাৰ পায়। “সস্তীয়া বিকল্প বজাৰত উভৈনদী, তাৰ দাম এইবোৰৰ আধা,” তেওঁ কয়।

ডেকাসকলৰ মাজত শ্বেহনাইৰ প্ৰতি বিৰাগ ভাব প্ৰসংগত তেওঁ অৰ্ক্টেষ্ট্ৰা, মিউজিকেল বেণ্ড আৰু ইলেকট্ৰনিক সংগীতত দোষ দিয়ে। যুৱচামৰ মাজত শ্বেহনাইৰ জনপ্ৰিয়তা হ্ৰাসৰ এইবোৰ কাৰণ বুলি তেওঁ কয়। তেওঁৰ যৌথ পৰিয়ালটোত আছে ২৭ বছৰীয়া তেওঁৰ ভতিজা অৰ্জুন জাভিৰ, তেওঁ মানকাপুৰত শ্বেহনাই বজায়। শ্বেহনাই আৰু বাঁহী দুয়োবিধে হাতেৰে সাজিব পৰা লোক মানকাপুৰত কেৱল দুজনেই আছে।

*****

নাৰায়ন কেতিয়াও স্কুললৈ নগ’ল। দেউতাক আৰু ককাক দাত্তুবাৰ সৈতে গাঁৱৰ মেলাবোৰত সংগ দিওতে তেওঁ শ্বেহনাই বনোৱা শিকিলে। তেতিয়া বেলাগাভি জিলাৰ আটাইতকৈ সুনিপুণ শ্বেহনাই শিল্পী আছিল। “তেওঁলোকে শ্বেহনাই বজাইছিল, মই নাচিছিলো,” ১২ বছৰমান বয়সতে পৰিয়ালকেন্দ্ৰীক এই ব্যৱসায়ত তেওঁ সোমোৱা বুলি কয়। “সৰুতে বাদ্যযন্ত্ৰ এটা দেখিলে চুই চাব মন যায়, জানিবলৈ মন যায় কেনেকৈনো সেইটো বজাব পাৰি। তেনেই উৎসুকতা মোৰ মনত আছিল,” তেওঁ কয়। তেওঁ নিজে শ্বেহনাই আৰু বাঁহী বজাব শিকিছিল। “কেনেকৈ বজায়, সেয়া নাচালে বজোৱা কেনেকৈ শিকিব?” তেওঁ হাঁহি এটা মাৰি কথাখিনি কয়।

Some of the tools that Narayan uses to make a shehnai
PHOTO • Sanket Jain

শ্বেহনাই বনাবলৈ নাৰায়নে ব্যৱহাৰ কৰা কেইপদমান সঁজুলি

Narayan inspecting whether the jibhali ( reed) he crafted produces the right tones
PHOTO • Sanket Jain

জিভালি (বাঁহীৰ মুখখন)খনৰ পৰা ভালকৈ সুৰ ওলাইছে নে নাই, সেয়া নাৰায়নে পৰীক্ষা কৰিছে

নাৰায়নৰ বয়স তেতিয়া ১৮ বছৰ, তেওঁৰ দেউতাক ঢুকায় আৰু তেওঁৰ হাতত এৰি যায় তেওঁৰ শিল্প আৰু বংশৰ পৰম্পৰা। পিছলৈ নাৰায়নে তেওঁৰ শহুৰ আৰু মানকাপুৰৰ দক্ষ শ্বেহনাই আৰু বাঁহী নিৰ্মাতা প্ৰয়াত আনন্দ কেনগাৰৰ তত্ত্বাৱধানত শ্বেহনাই বনোৱা শিকে।

নাৰায়নৰ পৰিয়ালটো হোলাৰ সম্প্ৰদায়ৰ। অনুসূচিত জাতিৰ হোলাৰসকলে পৰম্পৰাগতভাবে শ্বেহনাই আৰু দাফৰা (টেম্বৰিন)বাদক হিচাপে খ্যাত। এই সম্প্ৰদায়ৰ কিছুমান যেনে দেশাই পৰিয়ালে বাদ্যযন্ত্ৰও নিৰ্মাণ কৰে। এই শিল্প অৱশ্যে পুৰুষকেন্দ্ৰীক। “আৰম্ভণিৰ পৰাই কেৱল পুৰুষেই আমাৰ গাঁৱত শ্বেহনাই বনোৱা কাম কৰি আহিছে,” নাৰায়নে কয়। তেওঁৰ মাতৃ প্ৰয়াত তাৰাবাই আছিল কৃষিশ্ৰমিক। বছৰৰ ছটা মাহ স্বামীয়ে বিয়া-সবাহ আৰু মল্লযুঁজৰ অনুষ্ঠানত শ্বেহনাই বজাবলৈ যোৱাৰ সময়ত তেঁৱেই অকলে ঘৰ-পথাৰ চলাইছিল।

জীৱনৰ সোণালী দিনবোৰত তেওঁ প্ৰতিবছৰে প্ৰায় ৫০খন বেলেগ বেলেগ গাঁৱৰ যাত্ৰাত চাইকেল চলাই গৈছিল। “মই দক্ষিণে গোৱালৈ আৰু বেলাগাভি (কৰ্ণাটকৰ) আৰু চাংলি আৰু ক’লহাপুৰৰ (মহাৰাষ্ট্ৰৰ) গাওঁবোৰ ঘূৰিছিলো,” তেওঁ কয়।

শ্বেহনাইৰ চাহিদা কমি অহাৰ পিছতো নাৰায়ণে এতিয়াও নিজৰ এটা কোঠাৰ ঘৰৰ গাতে লাগি থকা ৮X৮ ফুটৰ ৱৰ্কশ্বপটোত দীঘলীয়া সময় কটায়। কোঠাটো চেগুন, বাবুল, দেৱদাৰু আৰু আন কাঠৰ সুগন্ধিৰে ভৰি থাকে। তেওঁ কয়, “মই ইয়াত বহি ভাল পাওঁ, মোৰ শৈশৱৰ কথা মনত পৰে। দশক দশক পুৰণি দুৰ্গা আৰু হনুমানৰ পোষ্টাৰে কুঁহিয়াৰ আৰু জোৱাৰৰ ঠাৰিৰে নিৰ্মিত বেৰবোৰ শুৱনি কৰিছে। ৱৰ্কশ্বপৰ ঠিক মাজত থকা এডাল ডিমৰু গছ টিনৰ চালি পাৰ হৈ গৈছে।

এইখিনি ঠাইতে তেওঁ যোৱা পাঁচটা দশক ধৰি প্ৰায় পাঁচ হাজাৰৰো অধিক শ্বেহনাই বনাইছে। এই শিল্পবিধত তেওঁ ৩০ হাজাৰৰো অধিক ঘণ্টা কটাইছে। আৰম্ভণিতে এটা শ্বেহনাই নিৰ্মাণত তেওঁক ছঘণ্টা সময় লাগিছিল যদিও এতিয়া তেওঁ চাৰিঘণ্টাত এটা শ্বেহনাই সম্পূৰ্ণ কৰিব পাৰে। প্ৰক্ৰিয়াটোত জৰিত সকলো খুটি-নাতি তেওঁ ভালকৈয়ে জানে। তেওঁৰ হাত আৰু মগজু সমানে চলে। “টোপনিতো মই শ্বেহনাই বনাব পাৰো,” তেওঁ এই বুলি কৈ শ্বেহনাই এটা বনোৱা কাম আৰম্ভ কৰিলে।

After collecting all the raw materials, the first step is to cut a sagwan (teak wood) log with an aari (saw)
PHOTO • Sanket Jain

আটাইবোৰ কেঁচামাল সংগ্ৰহ কৰাৰ পিছত প্ৰথম কামটো হৈছে চেগুন কাঠবোৰ টুকুৰা কৰা

Left: After cutting a wood log, Narayan chisels the wooden surface and shapes it into a conical reed.
PHOTO • Sanket Jain
Right: Narayan uses a shard of glass to chisel the wood to achieve the required smoothness
PHOTO • Sanket Jain

বাওঁফালে: কাঠৰ টুকুৰা কৰাৰ পিছত নাৰায়নে বটালিৰে টুকুৰাটো মসৃণ কৰে আৰু শংকু আকৃতিৰ বগনলৰ ৰূপ দিয়ে। সোঁফালে: নাৰায়নে আইনাৰ টুকুৰা এটাৰে কাঠৰ টুকুৰাটো মিহি কৰিছে

প্ৰথমে তেওঁ কৰত এখনেৰে কাঠৰ দীঘল টুকুৰাটো কাটে। আগতে তেওঁ খেইৰ, চন্দন আৰু চিচু আৰু চন্দন কাঠ ব্যৱহাৰ কৰিছিল, সেই কাঠৰ শ্বেহনাইৰ সুৰ ভাল আছিল। “তিনি দশক আগতে মানকাপুৰ আৰু ওচৰৰে গাওঁবোৰত এনে বহুত গছ আছিল। এতিয়া তেনেবোৰ গছ বিৰল হ’ল,” তেওঁ কয়। এক ঘনফুট খেইৰৰ পৰা অতিকমেও পাঁচটা শ্বেহনাই বনাব পাৰি। ৪৫ মিনিট ধৰি তেওঁৰ কাঠৰ টুকুৰাটো ৰেন্দা মাৰি চাঁচি মিহি কৰে। “ক’ৰবাত ভুল কৰিলে সুৰৰ বিসংগতি হ’ব,” তেওঁ কয়।

কিন্তু কেৱল ৰেন্দাৰে চাঁচিলেই নাৰায়নে বিচৰাধৰণৰ মিহি নহ’ব। তেওঁ ৱৰ্কশ্বপটো খুঁচৰি বগা বস্তা এটা টানি আনিছে। তাত থকা আইনাৰ বটল এটা হাতত লৈছে। মজিয়াত সেইটো ভাঙিছে। তাৰপৰা আইনাৰ টুকুৰা এটা লৈ আকৌ কাঠৰ টুকুৰাটো ঘঁহিছে। এই আহিলাবিধক তেওঁ ‘জুগাৰ’ বুলি কৈ হাঁহিছে।

পৰৱৰ্তী কামটো হৈছে চাঁচি মিহি কৰা কলডিলীয়া কাঠৰ টুকুৰাটোৰ দুয়োটা মূৰত গিৰ্মিট এডাল ব্যৱহাৰ কৰি ফুটা কৰিছে। নাৰায়নে ইমৰি এটাত (মহাৰাষ্ট্ৰৰ ইচালকাৰাঞ্জিৰ পৰা ২৫০ টকা দি কেওঁ কিনি অনা স্মাৰ্টফোন এটাৰ সমান ডাঙৰ গ্ৰাইণ্ডিং ষ্ট’নটো) ৰডডাল ধাৰ কৰিছে। তেওঁ কয় যে ধাৰ কৰিলে নচলে বাবে তেওঁ ভালেমান ধাতুৰ সামগ্ৰী নিজেই তৈয়াৰ কৰে। তেওঁ কাঠৰ টুকুৰাটোৰ দুয়োটা মূৰে গিৰ্মিটডাল ভৰাইছে। অকণমান ভুল হোৱা মানেই তেওঁৰ আঙুলিত আঘাত পাব পাৰে, কিন্তু তেওঁৰ মনত অকণো ভয় নাই। তেওঁ কেইছেকেণ্ডমানৰ কাৰণে ফুটা কৰিছে। সেইখিনিক লৈ সন্তুষ্ট হোৱাৰ পিছত তেওঁ আটাইতকৈ টান কামটোৰ বাবে আগবাঢ়িছে। সেয়া হৈছে টুকুৰাটোত সাতটা ফুটা কৰা।

“আনকি এক মিলিমিটাৰৰ ভুলেও সুৰৰ বিসংগতি ঘটাব,” তেওঁ কয়। লগতে ইয়াকো কয় যে “এই ভুলৰ শুধৰণি নাই।” সেয়ে তেওঁ মেচিনচালিত শালত ব্যৱহৃত প্লাষ্টিকৰ মাকোৰ ওপৰত তিনিটা নক্সা বনায়। তাৰপিছত তেওঁ মাটিৰ চৌকাত ১৭ চেণ্টিমিটাৰ দীঘল লোৰ ৰডডাল গৰম কৰে। “ড্ৰিলিং মেচিন মই কিনিব নোৱাৰো। সেয়ে এই পৰম্পৰাগত পদ্ধতিয়ে ব্যৱহাৰ কৰো।” এই গিৰ্মিটেৰে কাম কৰা ইমান সহজ নাছিল। এই কামটোত বহুবাৰ আঘাত পোৱাৰ কথা তেওঁ মনত পেলায়। “কটা-চিঙা আৰু হাত জ্বলাটো আমাৰ বাবে স্বাভাৱিক কথা হৈ পৰিছিল,” তিনিডাল ৰড গৰম কৰি ফুটাবোৰ কৰি থকাৰ মাজতে তেওঁ কয়।

এই কামটোত প্ৰায় ৫০ মিনিট লাগে, সেইখিনি সময়ত তেওঁ যিমান ধোঁৱা খাব লাগে, তেওঁৰ কাঁহ উঠে। কিন্তু তেওঁ কামৰ মাজত নৰখে। “এই কাম ততালিকে শেষ কৰিব লাগে। নহ’লে ৰডবোৰ ঠাণ্ডা হৈ যাব আৰু ধোঁৱা বাঢ়িব।”

সেই ফুটাকেইটা হোৱাৰ পিছত তেওঁ শ্বেহনাইটো ধোৱে। “এই কাঠবিধত পানী নোসোমায়। এটা শ্বেহনাই বনালে সেয়া অতিকমেও বিশ বছৰ চলে,” তেওঁ গৌৰৱেৰে কয়।

Narayan uses an iron rod to drill holes as he can't afford a drilling machine. It takes him around 50 minutes and has caused third-degree burns in the past
PHOTO • Sanket Jain
Narayan uses an iron rod to drill holes as he can't afford a drilling machine. It takes him around 50 minutes and has caused third-degree burns in the past
PHOTO • Sanket Jain

ড্ৰিলিং মেচিন কিনাৰ সামৰ্থ্য নথকাত নাৰায়নে লোৰ ৰড এডালেৰে ফুটা কৰা কামটো কৰে। এই কামটোত তেওঁৰ ৫০ মিনিটমান সময় লাগে আৰু আগতে এই কামটোত হাত পুৰিছিল

Narayan marks the reference for tone holes on a plastic pirn used in power looms to ensure no mistakes are made while drilling the holes. 'Even a one-millimetre error produces a distorted pitch,' he says
PHOTO • Sanket Jain
Narayan marks the reference for tone holes on a plastic pirn used in power looms to ensure no mistakes are made while drilling the holes. 'Even a one-millimetre error produces a distorted pitch,' he says
PHOTO • Sanket Jain

নাৰায়নে বৈদ্যুতিক তাঁতশালত ব্যৱহৃত প্লাষ্টিকৰ মাকোৰে স্বৰছিদ্ৰবোৰ দাগ দিছে, যাতে ছিদ্ৰ কৰাৰ সময়ত ভুল-ক্ৰুটি নহয়। ‘এক মিলিমিটাৰৰ পাৰ্থক্য হ’লেও স্বৰৰ বিসংগতি ঘটিব,’ তেওঁ কয়

এতিয়া শ্বেহনাইৰ জিভালি (মুখখন) তৈয়াৰ কৰা কাম কৰা হ’ব। এইটোত মাৰাঠী ভাষাত কোৱা তাড়াচা পান নামে এবিধ চিৰহৰিত বেত ব্যৱহাৰ কৰা হয়। এতিয়া কাঠৰ নলডাল ২০-২৫ দিনলৈ শুকুৱাব লাগিব আৰু উৎকৃষ্ট মানৰ বেতবোৰ বাচি বাচি সেয়া ১৫ ছেণ্টিমিটাৰ দীঘল কৰি কটা হয়। বেলাগাভিৰ আদি গাঁৱত এনে এটা ১৫ ছেণ্টিমিটাৰৰ টুকুৰাত ৫০ টকা লাগে। “ভাল বেত বিচাৰি পোৱাটোও বৰ কঠিন কাম হৈ পৰিছে,” তেওঁ কয়।

তেওঁ বৰ সাৱধানতাৰে নলটো দুবাৰ ভাঁজ দিয়ে, তাৰপিছথ আধাঘণ্টাৰ বাবে সেয়া পানীত তিয়াই থয়। সম্পূৰ্ণ হোৱা শ্বেহনাই এটাত এই দুটা ভাঁজেই ইটোৱে সিটোৰ বিপৰীতে কঁপি কঁপি কাংক্ষিত সুৰ সৃষ্টি কৰে। তাৰপিছথ তেওঁ দুয়োটা মূৰ মাপ অনুসৰি কাটে আৰু সেয়া কপাহী সূতাৰে বান্ধি ৰাখে।

জিভালিক আকাৰ দিয়াটো অতি কঠিন কাম, তেওঁ কয়। তেওঁৰ বলিৰেখাৰে আগুৰা কপালত ঘামৰ টোপালবোৰ কপালৰ ফোটটোৰ সৈতে মিহলি হৈ গৈছে, তাৰ মাজতে তেওঁ সুক্ষ্ম কামটো মনযোগেৰে কৰিছে। চোকা ব্লেডখনৰ আঘাতৰ চিন তেওঁৰ আঙুলিত স্পষ্ট, কিন্তু সিয়ে তেওঁৰ মনযোগ আঁতৰাব পৰা নাই। “কটা-চিঙালৈ যদি ভ্ৰুক্ষেপ কৰোঁ, তেন্তে শ্বেহনাই কেনেকৈ বনাম?” তেওঁ হাঁহি মাৰি কয়। নলডাল মনৰ পচন্দত আকাৰ দিয়াৰ পিছত তেওঁ শ্বেহনাইৰ মুখখনত প্লাষ্টিকৰ ঘণ্টা লগাই দিয়ে, পৰম্পৰাগত প্ৰক্ৰিয়াত ইয়াৰ ঠাইত পিতলৰ ঘণ্টা লগোৱা হৈছিল।

নাৰায়নে তিনিটা ভিন্নদৈৰ্ঘ্যৰ শ্বেহনাই বনায় - ২২, ১৮ আৰু ৯ ইঞ্চি। ইয়াৰ দাম ক্ৰমে ২০০০, ১৫০০ আৰু ৪০০ টকা। “২২ আৰু ১৮ ইঞ্চিৰ অৰ্ডাৰ একেবাৰেই বিৰল, শেষ অৰ্ডাৰটো পাইছিল ১০ বছৰ আগেয়ে,” তেওঁ জনায়।

Narayan soaks tadacha paan (perennial cane) so it can easily be shaped into a reed. The reed is one of the most important element of shehnais, giving it its desired sound
PHOTO • Sanket Jain
Narayan soaks tadacha paan (perennial cane) so it can easily be shaped into a reed. The reed is one of the most important element of shehnais, giving it its desired sound
PHOTO • Sanket Jain

নাৰায়নে তাড়াচা পান (চিৰহৰিত বেত)ৰ টুকুৰা পানীত তিয়াই ৰাখিছে, যাতে সহজে তাক নলৰ আকাৰ দিব পৰা যায়। শ্বেহনাইৰ নলটো তাৰ এক গুৰুত্বপূৰ্ণ অংশ, কাংক্ষিত স্বৰ এই নলৰ অভিঘাতৰ পৰা পোৱা যায়

Left: Narayan shapes the folded cane leaf into a reed using a blade.
PHOTO • Sanket Jain
Right: He carefully ties the reed to the mandrel using a cotton thread
PHOTO • Sanket Jain

বাওঁফালে: ব্লেডেৰে চাঁচি চাঁচি ভাঁজ কৰা বেতৰ টুকুৰাটিক নলৰ আকাৰ দিছে নাৰায়নে। সোঁফালে: অতি সাৱধানতাৰে নলটো কপাহী সূতাৰে গাঁথি দিয়া হয়

হস্তনিৰ্মিত বাঁহীৰো চাহিদা কমি আহিছে। “আজিকালি কোনেও কাঠৰ বাঁহী নিবিচাৰে, দাম বহুত বুলি কয়।” সেয়ে তিনিবছৰ আগতে তেওঁৰ পিভিচি (পলিভিনাইল ক্ল’ৰাইড)ৰ পাইপেৰে বাঁহী বনোৱা আৰম্ভ কৰে। পিভিচিৰে বনোৱা বাঁহী ৫০ টকাত বিক্ৰী হয়, ইফালে আকৌ কাঠৰ গুণগত মান আৰু তাৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি কাঠৰ বাঁহীৰ দাম ১০০ টকাৰ পৰা আৰম্ভ হয়। কিন্তু নাৰায়নে এনেদৰে তেওঁৰ শিল্পৰ লগত আপোচ কৰিবলগীয়া হোৱাক লৈ সুখী নহয়। “কাঠৰ আৰু পিভিচিৰ বাঁহীৰ মাজত কোনো কাৰণতে তুলনা নহয়,” তেওঁ জনায়।

হস্তনিৰ্মিত প্ৰতিটো শ্বেহনাই তৈয়াৰ কৰোঁতে হাড়ভঙা পৰিশ্ৰম হয়, চৌকাৰ ধোঁৱা সহ্য কৰিব লাগে, বেতৰ কাম কৰোঁতে দীঘলীয়া সময়ৰ বাবে হাউলি থকাত হোৱা পিঠিৰ বিষ, মুনাফা কমি অহা আদি বিভিন্ন কাৰণত নতুন প্ৰজন্মই এই কামৰ প্ৰতি আগ্ৰহী হৈ উঠা নাই, নাৰায়নে মন কৰে।

শ্বেহনাই বনোৱাটো যেনেদৰে সহজ কাম নহয়, তেনেদৰে ইয়াত সুৰ দিয়াটোও সহজ নহয়। ২০২১ চনত তেওঁক ক’লহাপুৰৰ জ্যোতিবা মন্দিৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ কয়, “এঘণ্টাৰ ভিতৰতে মই ঢলি পৰিলো আৰু মোক চেলাইন দিবলগীয়া হ’ল। সেই ঘটনাৰ পিছত তেওঁ শ্বেহনাই বজোৱা এৰে। “এয়া সহজ নহয়। প্ৰতিটো পৰিৱেশনৰ পিছত উশাহ ল’বলৈ কষ্ট পোৱা শ্বেহনাই বাদক এজনৰ মুখখন চালেই বুজিব যে ই কিমান কঠিন।”

কিন্তু শ্বেহনাই বনোৱা কাম তেওঁ বন্ধ নকৰে। “কালেট সুখ আহে (মনটোৱে সুখ পায়),” তেওঁ কয়।

Left: Narayan started making these black and blue PVC ( Polyvinyl Chloride) three years ago as demand for wooden flutes reduced due to high prices.
PHOTO • Sanket Jain
Right: He is cutting off the extra wooden part, which he kept for margin to help correct any errors while crafting the shehnai
PHOTO • Sanket Jain

বাওঁফালে: নাৰায়নে নীলা পিভিচি পাইপেৰে তিনিবছৰ আগতেই বাঁহী বনোৱা আৰম্ভ কৰিছিল, কাঠৰ বাঁহীৰ চাহিদা কমি অহাৰ কাৰণে তেওঁ এনে কৰিবলগীয়া হৈছিল। সোঁফালে: শ্বেহনাই বনাওতে যাতে মাপৰ খেলি-মেলি নহয়, তাৰবাবে তেওঁ কাঠৰ অতিৰিক্ত অংশটো কাটি পেলাইছে

Left: Narayan has made more than 5000 shehnais , spending 30,000 hours on the craft in the last five decades.
PHOTO • Sanket Jain
Right: Arjun Javir holding a photo of Maruti Desai, his late grandfather, considered one of the finest shehnai players in Manakapur
PHOTO • Sanket Jain

বাওঁফালে: নাৰায়নে ৫০০০ৰো অধিক শ্বেহনাই বনাইছে, এই কামটোত তেওঁ যোৱা পাঁচটা দশকত ৩০ হাজাৰ ঘণ্টা খৰছ কৰিছে। সোঁফালে: প্ৰয়াত মাৰুতি দেশাইৰ ফটো এখন দেখুৱাইছে অৰ্জুন জাভিৰে, তেওঁ মানকাপুৰ গাঁৱৰ শ্ৰেষ্ঠ শ্বেহনাইবাদক হিচাপে পৰিচিত

*****

নাৰায়নে জনা বহুদিন হ’ল যে তেওঁ কেৱল শ্বেহনাই আৰু বাঁহীৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিব নোৱাৰে। সেইবাবেই তিনি দশকৰ আগতে তেওঁ নিজৰ উপাৰ্জনৰ পৰিপূৰক হিচাপে ৰঙীন চৰকী নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। “গাঁৱৰ মেলাত এতিয়াও চৰকীৰ চাহিদা আছে কাৰণ সকলোৱে গেম খেলাৰ বাবে স্মাৰ্টফোন এটা কিনিব নোৱাৰে।” ১০ টকাকৈ এই কাগজৰ শিল্পকৰ্মই মানুহৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনে, আনফালে নাৰায়নৰ ঘৰলৈ দুপইচা আহে।

সহজেই বনাব পৰা পিনহুইলৰ উপৰিও তেওঁ সৰু সৰু স্প্ৰিঙৰ খেলনা আৰু পুল-আপ খেলনাও তৈয়াৰ কৰে। ২০ ধৰণৰ ৰঙীন অৰিগেমি চৰাইও তেওঁ বনাইছে, চৰাইবোৰ ১০-২০ টকাত বিক্ৰী হয়। “মই কেতিয়াও আৰ্ট স্কুললৈ যোৱা নাছিলো। কিন্তু এবাৰ হাতত কাগজ ল’লেই তাৰ পৰা কিবা এটা বনাব নোৱাৰালৈকে মই নেৰো,’ তেওঁ কয়।

ক’ভিড মহামাৰী আৰু তাৰ ফলস্বৰূপে গাঁৱৰ মেলা আৰু ৰাজহুৱা সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰাটোৱে এই ব্যৱসায়ৰ একেবাৰে কঁকাল ভাঙি পেলালে। তেওঁ কয়, “দুবছৰ ধৰি মই এটাও চৰকী বিক্ৰী কৰিব পৰা নাছিলো। ২০২২ চনৰ মাৰ্চ মাহতহে মানকাপুৰৰ মহাশিৱৰাত্ৰি যাত্ৰাৰ সময়ত কাম পুনৰ আৰম্ভ হয় ৷ কিন্তু হৃদৰোগৰ পিছত স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁৰ ভ্ৰমণত অসুবিধা হোৱাৰ বাবে এতিয়া তেওঁ নিজৰ চৰকী বিক্ৰী কৰিবলৈ এজেণ্টৰ ওপৰত নিৰ্ভৰশীল। তেওঁ কয়, ‘প্ৰতিটো চৰকীৰ বিপৰীতে এজেণ্টক কমিচন হিচাপে তিনি টকা দিব লাগে। কষ্টেৰে মাহে পাঁচ হাজাৰ উপাৰ্জন কৰা নাৰায়নে কয়, “সন্তুষ্টি নাপালেও কিছু টকা হাতলৈ আহে।”

Left: Sushila, Narayan's wife, works at a brick kiln and also helps Narayan in making pinwheels, shehnais and flutes.
PHOTO • Sanket Jain
Right: Narayan started making colourful pinwheels three decades ago to supplement his income
PHOTO • Sanket Jain

বাওঁফালে: নাৰায়ণৰ পত্নী সুশিলাই ইটাৰ ভাতীত কাম কৰে আৰু লগতে চৰকী, শ্বেহনাই আৰু বাঁহী বনোৱাতো নাৰায়ণক সহায় কৰে। সোঁফালে: নাৰায়ণে নিজৰ উপাৰ্জনৰ পৰিপূৰক হিচাপে তিনি দশকৰ আগতেই ৰঙীন চৰকী বনাবলৈ আৰম্ভ কৰিছিল

Narayan marks the tone holes (left) of a flute using the wooden reference scale he made and then checks if it is producing the right tones (right)
PHOTO • Sanket Jain
Narayan marks the tone holes (left) of a flute using the wooden reference scale he made and then checks if it is producing the right tones (right)
PHOTO • Sanket Jain

নিজের তৈরি কাঠের স্কেল দিয়ে বাঁশির উপর স্বরছিদ্রের দাগ (বাঁদিকে) দিচ্ছেন নারায়ণ, তারপর পরীক্ষা করছেন (ডানদিকে) তাতে ঠিক ঠিক স্বর বেরোচ্ছে কিনা

দুকুৰি বয়সৰ সুশীলাই ইটাৰ ভাতীত কাম কৰে, লগতে চৰকী বনোৱাত নাৰায়নক সহায় কৰে। কেতিয়াবা, তেওঁ নাৰায়নক শ্বেহনাই আৰু বাঁহী বনোৱাতো সহায় কৰে, যুগ যুগ ধৰি পুৰুষৰ দখলত থকা শিল্পকৰ্মবিধত এনেকৈ নাৰায়নৰ পত্নীৰ সামান্য যোগদান হৈছে। নাৰায়ণে কয়, “সুশীলাই মোক সহায় নকৰিলে এই বৃত্তিটো কেইবাবছৰ আগতেই এৰিবলগীয়া হ’লহেঁতেন। “তেওঁ আমাৰ পৰিয়ালটো চলোৱাত সহায় কৰে।”

“ইমান বেছি দক্ষতা মোৰ নাই। মই মাত্ৰ এঠাইত বহি লৈ ইটো-সিটো বনাই থাকো,” তেওঁ বিনয় ভাৱত কয়। “এই শিল্পবিধ মোৰ লগত মৰিব,” শ্বেহনাই বজাই থকা দেউতাক আৰু ককাকৰ বন্ধোৱা ফটো এখন লৈ তেওঁ কয়।

এই ষ্ট’ৰিটো সংকেত জৈনে মৃণালিনী মুখাৰ্জী ফাউণ্ডেচনৰ সহযোগত গ্ৰামাঞ্চলৰ শিল্পীৰ ওপৰত প্ৰস্তুত কৰা ধাৰাবাহিক প্ৰতিবেদনৰ এক অংশ।

অনুবাদ: পংকজ দাস

Sanket Jain

சங்கேத் ஜெயின் மகாராஷ்டிரா மாநிலம் கோலாப்பூரில் உள்ள பத்திரிகையாளர். அவர் 2022ம் ஆண்டில் PARI மூத்த மானியப் பணியாளராக இருக்கிறார். 2019-ல் PARI-ன் மானியப் பணியில் இணைந்தார்.

Other stories by Sanket Jain
Editor : Sangeeta Menon

சங்கீதா மேனன், மும்பையில் வாழும் எழுத்தாளர், எடிட்டர், தகவல் தொடர்பு ஆலோசகர்.

Other stories by Sangeeta Menon
Translator : Pankaj Das

பங்கஜ் தாஸ், அஸ்ஸாமி மொழியின் மொழிபெயர்ப்பு ஆசிரியராக PARI-ல் உள்ளார். கவுகாத்தியை தளமாகக் கொண்ட அவர், UNICEF உடன் பணிபுரியும் உள்ளூர்மயமாக்கல் நிபுணரும் ஆவார். அவர் idiomabridge.blogspot.com-ல் வார்த்தைகளுடன் விளையாட விரும்புபவரும் கூட.

Other stories by Pankaj Das