বিশাল চেগুন গছ এজোপাৰ তলত ফেটী সাপটোৱে কুণ্ডলী পকাই ৰৈছিল। ৰত্তি তোলা গাঁৱৰ বাসিন্দাই বহুবাৰ চেষ্টা কৰিও সাপডালক তাৰপৰা আঁতৰাব পৰা নাছিল।
পাঁচ ঘণ্টা পিছত অসহায় গঞাই বাল্মিকী ব্যাঘ্ৰ সৰংক্ষিত অঞ্চলৰ এসময়ৰ বনৰক্ষী হিচাপে কাম কৰা মুন্দ্ৰিকা যাদৱক মাতিলে। তেওঁ বাঘ, নাহৰফুটুকী, গড় আৰু সাপকে ধৰি ২০০ৰো অধিক বন্যপ্ৰাণী উদ্ধাৰ কৰিছে।
মুন্দ্ৰিকাই উপস্থিত হৈ প্ৰথমে ফেঁটী সাপডালক খেদিবলৈ চেষ্টা কৰিলে, কিন্তু সাপডাল নগ’ল। “মই বাঁহৰ লাঠি এডাল তাৰ মুখৰ ওচৰলৈ নিয়াত সি লাঠিডাল কামুৰি ধৰিলে আৰু মই ৰছীডালত পেচ দিলো। তাৰপিছত তাক বস্তা এটাত ভৰাই হাবিত এৰি দিলো,” ৪২ বৰ্ষীয় মুন্দ্ৰিকাই কয়। “২০-২৫ মিনিটত মই তাক উদ্ধাৰ কৰিলো।”
প্ৰায় ৯০০ বৰ্গকিলোমিটাৰ মাটিকালিৰে বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ এইখন ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ লগতে ৫৪ টা বাঘৰ ঘৰ। “হম স্পট পৰ হি তুৰন্ত জুগাড় বনা লেতে হ্যে (মই থিতাতে জোৰা-ফান্দি মাৰি বন্যপ্ৰাণী উদ্ধাৰৰ কাম কৰোঁ),” উদ্ধাৰৰ কৌশলৰ বিষয়ে মুন্দ্ৰিকাই কয়।
যাদৱ সম্প্ৰদায়ৰ (ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত) মুন্দ্ৰিকাই সেই অৰণ্য আৰু জীৱ-জন্তুৰ মাজতে থাকি ডাঙৰ হৈছে। “মই হাবিলৈ ম’হ চৰাবলৈ যাওতে প্ৰায়ে সাপ ধৰিছিলো। তেতিয়াৰে পৰা বন্যপ্ৰাণীৰ সৈতে মোৰ এক আত্মিক সম্পৰ্ক গঢ়ি উঠিল। সেয়ে ২০১২ত বনৰক্ষীৰ চাকৰিৰ বাবে শাৰীৰিক পৰীক্ষাত মই অৱতীৰ্ণ হ’লো আৰু চাকৰিটো পালো,” পত্নী আৰু জীয়ৰীৰ সৈতে বিজয়পুৰ গাঁৱত বাস কৰা মুন্দ্ৰিকাই কয়।
“গোটেই অৰণ্যখনৰ মানচিত্ৰ মোৰ মুখস্থ। মোক চকুত কাপোৰ বান্ধি যদি এৰি দিয়ে আৰু আপুনি গাড়ী এখনত যায়, মই আপোনাতকৈ আগত অৰণ্যখনৰ পৰা ওলাই আহিব পাৰিম,” প্ৰাক্তন বনৰক্ষীগৰাকীয়ে কয়।
মাহটোৰ দৰমহা প্ৰায়ে পলমকৈ সোমায় যদিও মুন্দ্ৰিকাই আঠ বছৰ বনৰক্ষী হিচাপে কাম কৰিছে। “বন্যপ্ৰাণী আৰু অৰণ্যখন সংৰক্ষণ কৰাৰ প্ৰতি মোৰ ধাউতি আছে,” তেওঁ পাৰিক কয়।
২০২০ত বিহাৰ চৰকাৰে মুকলি পৰীক্ষাৰ যোগেদি বনৰক্ষী বাচনি কৰাৰ নতুন নিয়ম আনে। আগৰ যিসকল বনৰক্ষী আছিল, তেওঁলোকক আন কাম দিয়া হয়। মুন্দ্ৰিকাই এতিয়া বন্যপ্ৰাণী সংৰক্ষিত অঞ্চলত গাড়ীচালকৰ কাম কৰে। “আমাক একাষৰীয়া কৰা হৈছে,” নতুন পদটোক লৈ অসন্তুষ্ট মুন্দ্ৰিকাই কয়। বয়স আৰু শৈক্ষিক অৰ্হতা নথকাত তেওঁ বনৰক্ষীৰ পৰীক্ষাত বহিব নোৱাৰিলে। তেওঁ প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছে যদিও সেয়া বনৰক্ষী পদৰ বাবে পৰ্য্যাপ্ত নাছিল।
পৰিস্থিতি যেতিয়া জটিল আৰু বিপজ্জনক হৈ পৰে, তেতিয়া নতুন বনৰক্ষীসকল মুন্দ্ৰিকাৰ কাষ চাপে। “পৰীক্ষাৰ যোগেদি নিৰ্বাচিত বনৰক্ষীসকলৰ ডিগ্ৰী আছে, কিন্তু তেওঁলোকৰ ব্যৱহাৰিক জ্ঞান নাই,” তেওঁ কয়। “আমাৰ এইখন অৰণ্যতে জন্ম আৰু জীৱ-জন্তুৰ সৈতে থাকি সিহঁতক উদ্ধাৰ কৰাৰ কৌশল আমি আয়ত্ত কৰিছো।”
অনুবাদ: পংকজ দাস