“ম’বাইল-টিভি, ভিডিঅ’ গেমচ্ অহাৰ পিছত পুতলা নাচ, কাহিনী কথন আদি পৰম্পৰাগতভাবে চলি অহা অনুষ্ঠানবোৰ ক্ৰমাৎ নাইকিয়া হৈ আহিব ধৰিছে।” ৰাজস্থানৰ সিকৰ জিলাৰ দান্তা ৰামগঢ়ৰ পুতলা নাচৰ শিল্পী পুৰণ ভাটে কয়। এসময়ত মইনামেল, বিয়া-সবাহ আৰু চৰকাৰী অনুষ্ঠানৰ বাবে নিজাকৈ পুতলা বনাই পুতলানাচ দেখুওৱা দিনবোৰৰ কথা মনত পেলায় ৩০ বৰ্ষীয় শিল্পীগৰাকীয়ে।

“আজিকালি মানুহক বিভিন্ন কাৰুকাৰ্য্য কৰি দেখুৱাব লাগে। আগতে মহিলাই ঢোলক বজাই গীত গাইছিল। কিন্তু মানুহে হাৰমনিয়ামত হিন্দী গান বিচৰা হ’ল। কোনোবাই সহায় কৰিলে আমি আমাৰ ককাদেউতাৰ দিনৰ পৰা চলি অহা এই পৰম্পৰাক আগবঢ়াই নিব পাৰিম,” তেওঁ কয়।

ভাটক লগ পাইছিলো এইবছৰ (২০২৩) আগষ্টত, তিনি দশক পুৰণি জয়পুৰৰ কলা কেন্দ্ৰত। ৰাজস্থানৰ বিভিন্ন ঠাইৰ পৰা লোকশিল্পীসকল ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত উৎসৱত ভাগ ল’বলৈ আহিছিল, তাতেই চৰকাৰে জীৱিকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা শিল্পীসকলৰ বাবে এক নতুন আঁচনিৰ ঘোষণা কৰে।

মুখ্যমন্ত্ৰী লোক কলাকাৰ প্ৰোৎসাহন যোজনা নামে এই আঁচনিৰ অধীনত প্ৰতিগৰাকী লোকশিল্পীক নিজৰ নিজৰ ঠাইত দিনে ৫০০ টকা পাৰিতোষিকৰ ১০০ দিনৰ নিশ্চিত নিয়োগ প্ৰদানৰ ঘোষণা চৰকাৰে কৰে। পূৰ্বৰ ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি, ২০০৫ৰ পৰা অনুপ্ৰাণিত হৈ এই আঁচনি চৰকাৰে নিৰ্ধাৰণ কৰিছিল।

শিল্পকৰ্মী আৰু কাৰুশিল্পীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশ্বকৰ্মা যোজনাখন ২০২৩ৰ ছেপ্টেম্বৰত মুকলি কৰা আন এখন আঁচনি আছে যদিও কলাকাৰ যোজনাখন সুকীয়। এইখন কালবেলিয়া, তেৰাহ তালি, বহুৰূপীয়া আৰু আন বিভিন্ন লোকশিল্পীৰ বাবে প্ৰথমখন এনে সুকীয়া আঁচনি। সমাজকৰ্মীসকলে কৰা হিচাপ মতে ৰাজস্থানত প্ৰায় ১ৰ পৰা ২ লাখ লোকশিল্পী আছে। অৱশ্যে মুঠ কিমান হ’ব, সেয়া কোনেও সম্পূৰ্ণকৈ হিচাপ কৰা নাই। এই আঁচনিৰ অধীনত গিগ ৱৰ্কাৰ (পৰিবহন আৰু ডেলিভাৰীৰ কামত নিয়োজিত)সকলৰ লগতে ৰাস্তাৰ কাষৰ বিক্ৰেতাসকলকো এই সামাজিক সুৰক্ষাবেষ্টনীত অন্তৰ্ভুক্ত কৰা হৈছে।

Artist Lakshmi Sapera at a gathering of performing folk artists in Jaipur.
PHOTO • Shalini Singh
A family from the Kamad community performing the Terah Tali folk dance. Artists, Pooja Kamad (left) and her mother are from Padarla village in Pali district of Jodhpur, Rajasthan
PHOTO • Shalini Singh

বাওঁফালে: জয়পুৰৰ লোকশিল্প প্ৰদৰ্শনীস্থলত শিল্পী লক্ষ্মী সপেৰা। সোঁফালে: কামদ সম্প্ৰদায়ৰ পৰিয়াল এটাই তেৰাহ তালি লোকনৃত্য পৰিৱেশন কৰিছে। শিল্পী পূজা কামদ (বাওঁফালে) আৰু তেওঁৰ মাতৃৰ ঘৰ ৰাজস্থানৰ যোধপুৰৰ পালি জিলাৰ পদৰলা গাঁৱত

Puppeteers from the Bhaat community in Danta Ramgarh, Sikar district of Rajasthan performing in Jaipur in August 2023.
PHOTO • Shalini Singh
A group of performing musicians: masak (bagpipe), sarangi (bow string), chimta (percussion) and dafli (bass hand drum)
PHOTO • Shalini Singh

বাওঁফালে: ৰাজস্থানৰ সিকৰ জিলাৰ দান্তা ৰামগঢ়ৰ ভাট সম্প্ৰদায়ৰ পুতলানাচৰ শিল্পীসকলে ২০২৩ৰ আগষ্টত জয়পুৰত পুতলানাচ প্ৰদৰ্শন কৰিছে। সোঁফালে: মশক (একধৰণৰ পেঁপা), চিমতা (ঘাতবাদ্য) আৰু দাপলি (ঢোলসদৃশ ঘাতবাদ্য)সহ লোকশিল্পীৰ এটা দল

“আমি কেৱল বিয়া-সবাহ থকা কেইটামান মাহতহে কাম পাওঁ, বছৰৰ বাকীকেইটা দিন ঘৰত বহি থাকিবগীয়া হয়। এই আঁচনিৰে আমি নিয়মীয়াকৈ উপাৰ্জন কৰিব পাৰিম বুলি আশা কৰিছো,” লক্ষ্মী সপেৰাই কয়। জয়পুৰৰ মহলান গাঁৱৰ কালবেলিয়া পৰিৱেশক ২৮ বৰ্ষীয় শিল্পীগৰাকী আশাবাদী যদিও তেওঁ কয়, “মোৰ ল’ৰা-ছোৱালীয়ে নিবিচাৰিলে পৰিয়ালৰ এই শিল্প পৰম্পৰা আদৰি ল’বলৈ মই জোৰ নকৰো। সিহঁতে পঢ়ি-শুনি চাকৰি-বাকৰি পালে ভাল।”

“লোকশিল্পীসকলৰ অৱস্থা আটাইতকৈ বেছি শোচনীয় হৈ পৰিছিল ২০২১ত, মহামাৰীৰ সময়ত। তেওঁলোকক লাগিছিল চৰকাৰী সহায়ৰ হাত, নহ’লে তেওঁলোকে শিল্প এৰি এনৰেগাৰ কামত ধৰিলেহঁতেন,” জৱাহৰ কলা কেন্দ্ৰৰ সঞ্চালক প্ৰধান গায়ত্ৰী এ. ৰাথোড়ে কয়। ক’ভিডৰ সময়ত নৈশ অনুষ্ঠানবোৰ বন্ধ হৈ গৈছিল আৰু এই লোকশিল্পীসকলৰ আৰ্থিক অৱস্থা জুৰুলা হৈ পৰিছিল।

“মহামাৰীৰ সময়ত আমাৰ উপাৰ্জন কমি গ’ল। এই শিল্পী কাৰ্ডখনেৰে কিবা এটা ভাল হ’ব যেন লাগিছে,” পূজা কামদে কয়। ২৬ বৰ্ষীয় পূজা যোধপুৰৰ পালি জিলাৰ পদৰলা গাঁৱৰ এগৰাকী তেৰাহ তালি পৰিৱেশক।

“লোকশিল্পী যেনে মগনিয়াৰ (পশ্চিম ৰাজস্থানৰ পুৰণি সংগীতজ্ঞ সম্প্ৰদায়ৰ শিল্পী)সকলৰ এক শতাংশইহে বিদেশলৈ শিল্প পৰিৱেশনৰ বাবে যায়, ৯৯ শতাংই একো নাপায়,” মুকেশ গোস্বামীয়ে কয়। কালিবেলিয়া (আগতে বাজীকৰ আৰু নাচনি বুলি কোৱা যাযাবৰ সম্প্ৰদায়ৰ লোক)সকলৰ ৫০ শতাংশমানেহে কাম পায় আৰু বাকীসকলে ঘৰতে বহি থাকিবলগীয়া হয়।

‘মহামাৰীৰ সময়ত আমাৰ উপাৰ্জন প্ৰায় নাইকিয়া হৈ গৈছিল। এই শিল্পী কাৰ্ডখনকে আশা কৰিছো,’ পালি জিলাৰ পদৰলাৰ তেৰাহ তালি শিল্পী পূজা কামদে কয়

ভিডিঅ’টো চাওক: ৰাজস্থানৰ লোকশিল্পী একগোট হৈছে

গোস্বামী মজদুৰ কিষাণ শক্তি সংগঠন (এম.কে.এছ.এছ.)ৰ এগৰাকী কৰ্মী। তেওঁ কয়, “লোকশিল্পীসকলে কেতিয়াও বছৰজজোৰা কাম নাপায়… এয়া তেওঁলোকৰ জীৱিকা আৰু মৰ্য্যাদাৰক্ষাৰ বাবে প্ৰয়োজনীয় আছিল,” মধ্য ৰাজস্থানত নব্বৈৰ দশকৰ পৰা শ্ৰমিক আৰু কৃষক শ্ৰেণীৰ সবলীকৰণৰ বাবে এম.কে.এছ.এছ.য়ে কাম কৰি আহিছে।

উপান্ত শ্ৰেণীৰ শিল্পীয়ে সামাজিক সুৰক্ষা আৰু জীৱিকাৰ মৌলিক সুবিধা চৰকাৰৰ পৰা পাব লাগে, যাতে তেওঁলোকে আন চহৰলৈ প্ৰব্ৰজন কৰিবলগীয়া নহয়। “মজদুৰি ভী কলা হ্যে (দিনহাজিৰা কৰাটোও এক শিল্প),” গোস্বামীয়ে কয়।

নতুন আঁচনিৰ অধীনত তেওঁলোকে শিল্পী হিচাপে এখন পৰিচয় পত্ৰ পাব। তেওঁলোকে চৰকাৰী অনুষ্ঠানত পৰিৱেশনৰ বাবে যোগ্য বিবেচিত হ’ব আৰু স্থানীয় গাওঁবুঢ়াই সত্যাপন কৰি দিয়াৰ পিছত প্ৰাপ্য পাৰিতোষিক তেওঁলোকৰ খাতাত সোমাব।

“হম বহুৰূপী ৰূপ বদলতে হ্যে,” বহুৰূপী পৰিৱেশনত কেনেদৰে অভিনেতাসকলে একাধিক ধৰ্মীয় আৰু কিংবদন্তি চৰিত্ৰৰ ৰূপ সলাই থাকিব লাগে, সেই সম্পৰ্কে বহুৰূপী শিল্পী আক্ৰাম খানে কয়। এই শিল্পৰ জন্ম ৰাজস্থানত বুলি কোৱা হয়, নেপাল আৰু বাংলাদেশলৈকে ই বিয়পি আছে। “পৰম্পৰাগতভাবে আমাক আমাৰ পৃষ্ঠপোষকসকলে বিভিন্ন জন্তুৰ ৰূপ লৈ (তেওঁলোকৰ মনোৰঞ্জনৰ হেতু) আহিবলৈ কয় আৰু বিনিময়ত আমাক খাদ্য, থাকিবলৈ ঠাই দিয়ে আৰু আমাৰ চোৱাচিতা কৰে,” তেওঁ কয়।

খানে আনুমানিক হিচাপ এটা দি কয় যে তেওঁৰ দৰে হিন্দু আৰু মুছলিম দুয়োটা সম্প্ৰদায়ে পৰিৱেশন কৰা বহুৰূপী শিল্পবিধ জীয়াই ৰখা শিল্পীৰ সংখ্যা কেৱল ১০,০০০ মানহে হ’ব।

Left: The Khan brothers, Akram (left), Feroze (right) and Salim (middle) are Bahurupi artists from Bandikui in Dausa district of Rajasthan.
PHOTO • Shalini Singh
Right: Bahurupi artists enact multiple religious and mythological roles, and in this art form both Hindu and Muslim communities participate
PHOTO • Shalini Singh

বাওঁফালে: খান ভাতৃত্ৰয় আক্ৰাম (বাওঁফালে), ফিৰোজ (সোঁফালে) আৰু চালিম (মাজত) ৰাজস্থানৰ দৌচা জিলাৰ বান্দিকুইৰ বহুৰূপী শিল্পী। সোঁফালে: বহুৰূপী শিল্পীয়ে বিভিন্ন ধৰ্মীয় আৰু পৌৰাণিক চৰিত্ৰ ৰূপায়ণ কৰে, এই শিল্পবিধত হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে

Left: Members of the Bhopas community playing Ravanhatta (stringed instrument) at the folk artists' mela
PHOTO • Shalini Singh
Right: Langa artists playing the surinda (string instrument) and the been . Less than five artists left in Rajasthan who can play the surinda
PHOTO • Shalini Singh

বাওঁফালে: ভোপা সম্প্ৰদায়ৰ সদস্যসকলে লোকশিল্পীৰ মেলাত ৰাৱণহাত্থা (এবিধ তন্ত্ৰীবাদ্য) বজাইছে। সোঁফালে: লাংগা শিল্পীসকলে সুৰীন্দা (এবিধ তন্ত্ৰীবাদ্য) আৰু বীণা বজাইছে। সুৰীন্দা বজাব পৰা শিল্পীৰ সংখ্যা এতিয়া ৰাজস্থানত পাঁচগৰাকীৰো কম আছে

“এয়া (আঁচনিখন) আইনলৈ ৰূপান্তৰিত কৰিব লাগে যাতে চৰকাৰ সলনি হ’লেও কামৰ গেৰাণ্টি থাকে,” এম.কে.এছ.এছ.ৰ এগৰাকী কৰ্মী স্বেতা ৰাওৱে কয়। তেওঁ কয় যে পৰিয়ালে প্ৰতি ১০০ দিনৰ পৰিৱৰ্তে শিল্পীয়ে প্ৰতি ১০০ দিনৰ নিয়োগ নিশ্চিত হোৱা উচিত। “কোনোবা ভিতৰুৱা গাঁৱত শিল্প পৰিৱেশন কৰি থকা আচল শিল্পীগৰাকীক আঁচনিয়ে ঢুকি পাব লাগিব আৰু তেওঁলোকে সুবিধা পাব লাগে।”

২০২৩ৰ মে’ আৰু আগষ্টত প্ৰায় ১৩,০০০ৰ পৰা ১৪,০০০ শিল্পীয়ে এই নতুন আঁচনিৰ অধীনত আবেদন দাখিল কৰিছিল। আগষ্টলৈকে প্ৰায় ৩,০০০য়ে অনুমোদন লাভ কৰিছে আৰু উৎসৱৰ শেষত আবেদনকাৰীৰ সংখ্যা ২০ৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি পাইছিল।

প্ৰতিটো শিল্পী পৰিয়ালক বাদ্যযন্ত্ৰ কিনাৰ বাবে এককালীনভাবে ৫,০০০ টকাকৈ দিয়া হৈছে। “আমি কাৰ্য্যসূচীৰ এখন কেলেণ্ডাৰ বনাব লাগিব, কিয়নো শিল্পীসকলৰ নিজ নিজ ঠাইত কলা আৰু সংস্কৃতিৰ উপস্থিতি তেনেই কম, আৰু তেওঁলোকৰ স্থানীয় ভাষা আৰু শিল্পৰ যোগেদি চৰকাৰী বাৰ্তা মানুহৰ মাজলৈ প্ৰেৰণ কৰিব লাগিব,” ৰাথোড়ে কয়।

লোককলা পৰিৱেশনৰ এক প্ৰতিষ্ঠানৰো দাবী তোলা হৈছে য’ত জ্যেষ্ঠ শিল্পীসকলে তেওঁলোকৰ সম্প্ৰদায় মাজত আৰু বাহিৰত নিজৰ অভিজ্ঞতা আৰু জ্ঞান বিলাব পাৰিব। ইয়ে শিল্পীসকলৰ কৰ্ম সংৰক্ষিত কৰিব আৰু সেই জ্ঞান হেৰাই নোযোৱাটো নিশ্চিত কৰিব।

অনুবাদ: পংকজ দাস

Shalini Singh

ஷாலினி சிங், பாரி கட்டுரைகளை பதிப்பிக்கும் CounterMedia Trust-ன் நிறுவன அறங்காவலர் ஆவார். தில்லியை சேர்ந்த பத்திரிகையாளரான அவர் சூழலியல், பாலினம் மற்றும் பண்பாடு ஆகியவற்றை பற்றி எழுதுகிறார். ஹார்வர்டு பல்கலைக்கழகத்தின் 2017-18ம் ஆண்டுக்கான Niemen இதழியல் மானியப்பணியில் இருந்தவர்.

Other stories by Shalini Singh
Video Editor : Urja

உர்ஜா, பாரியின் மூத்த உதவி காணொளி தொகுப்பாளர். ஆவணப்பட இயக்குநரான அவர் கைவினையையும் வாழ்க்கைகளையும் சூழலையும் ஆவணப்படுத்துவதில் ஆர்வம் கொண்டிருக்கிறார். பாரியின் சமூக ஊடகக் குழுவிலும் இயங்குகிறார்.

Other stories by Urja
Editor : PARI Desk

பாரி டெஸ்க், எங்களின் ஆசிரியப் பணிக்கு மையமாக இருக்கிறது. இக்குழு, நாடு முழுவதும் இருக்கிற செய்தியாளர்கள், ஆய்வாளர்கள், புகைப்படக் கலைஞர்கள், பட இயக்குநர்கள் மற்றும் மொழிபெயர்ப்பாளர்களுடன் இணைந்து இயங்குகிறது. பாரி பதிப்பிக்கும் எழுத்துகள், காணொளி, ஒலி மற்றும் ஆய்வு அறிக்கைகள் ஆகியவற்றை அது மேற்பார்வையிட்டு கையாளுகிறது.

Other stories by PARI Desk
Translator : Pankaj Das

பங்கஜ் தாஸ், அஸ்ஸாமி மொழியின் மொழிபெயர்ப்பு ஆசிரியராக PARI-ல் உள்ளார். கவுகாத்தியை தளமாகக் கொண்ட அவர், UNICEF உடன் பணிபுரியும் உள்ளூர்மயமாக்கல் நிபுணரும் ஆவார். அவர் idiomabridge.blogspot.com-ல் வார்த்தைகளுடன் விளையாட விரும்புபவரும் கூட.

Other stories by Pankaj Das