২০১৮ত যেতিয়া গাড্ডিমিড়ি ৰাজেশ্বৰী মাটিৰ মালিক হয়, তেওঁ খুবেই আনন্দিত হৈছিল। “মই বৰ উৎসাহিত হৈছিলো! ভাবি ভাল লাগিছিল যে মহিলা হৈ মই মাটিৰ গৰাকী হ’ব পাৰিছিলো।”
নিজৰ নামত থকা পট্টাখন হাতত লৈ তেওঁ গৌৰৱেৰে তেনেকৈ অন্ততঃ ভাবিব পাৰিছিল।
পাঁচ বছৰ পাৰ হৈ গ’ল, এতিয়াও তেওঁ নিজ গাওঁ ইংকেপাল্লেৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ বাৰৱাদত থখা নিজৰ ১,২৮ একৰ মাটিৰ মালিকীস্বত্ত্বৰ চৰকাৰী স্বীকৃতিৰ বাবে ৰৈ আছে। যিখিনি মাটিৰ বাবে তেওঁ ৩০,০০০ টকা পৰিশোধো কৰিছিল।
মাটিখিনি কিনাৰ কেইমাহমানৰ ভিতৰতে ৰাজেশ্বৰীয়ে স্বত্বাধিকাৰীৰ দলিল, ভাৰ প্ৰবিৱৰণ (এনকাম্বেঞ্চ ষ্টেটমেণ্ট) আৰু সকলো নথি-পত্ৰ, যিখিনিৰে পট্টাধাৰীৰ পাছবুকখন পাব পাৰি। কিন্তু সেই কামটোৱে একপ্ৰকাৰ অসম্ভৱ হৈ পৰিল। “পাঁচ বছৰ হৈ গ’ল, এতিয়াও মই মোৰ মাটিৰ পট্টাৰ পাছবুকখন পোৱা নাই। সেইখন নোহোৱাকৈ মাটিখিনি সঁচায়ে মোৰ হৈ আছেনে?”
স্বত্বাধিকাৰীৰ দলিলখনে মাটিৰ মালিকীস্বত্ব হস্তান্তৰ কেনেকৈ হৈছে, সেয়া দৰ্শায়, আনহাতে পট্টাদাৰ পাছবুকখনত মালিকস্বত্বৰ বিষয়ে অধিক তথ্য সম্বলিত হৈ থাকে। পাছবুকত পট্টাধাৰীৰ নাম, চাৰ্ভে নম্বৰ, মাটিৰ প্ৰকৃতি আৰু বিভিন্ন কথা থাকে। তাত মাটিৰ মালিকৰ পাছপ’ৰ্ট ফটো আৰু টেহচিলদাৰ (ৰাজহ বিষয়া)ৰ স্বাক্ষৰো থাকে।











